উত্তৰ-পূবৰ গেৰুৱা ৰাজনীতিত ‘গো-সংৰক্ষণ বিধেয়ক ২০২১’-এ প্ৰভাৱ পেলাব নেকি

উত্তৰ-পূবৰ গেৰুৱা ৰাজনীতিত ‘গো-সংৰক্ষণ বিধেয়ক ২০২১’-এ প্ৰভাৱ পেলাব নেকি
  • 31 Jul, 2021

হা জাৰ বছৰ পুৰণি ভাৰতীয় সাংস্কৃতিক ইতিহাস মতে বৈদিক যুগৰ পৰা মানুহে অঘৰী জীৱন এৰি খেতি কৰি জীৱন নিৰ্বাহ কৰিবলৈ শিকিছিল। সেই সময়ত গৰুৱেই একমাত্ৰ প্ৰাণী আছিল, যাক মানুহে অতি সহজে বস কৰি বনৰীয়াৰ পৰা ঘৰচীয়া প্ৰাণীত পৰিণত কৰিব পাৰিছিল। পৰৱৰ্তী সময়ত গৰুক নানা কৃষিকাৰ্যত ব্যৱহাৰ কৰাৰ উপৰিও যাতায়াত আৰু সামগ্ৰী সৰবৰাহৰ বাবে গাড়ী টনা আদি কামতো ব্যৱহাৰ কৰা হৈছিল। বৰ্তমানো সীমিত হ’লেও ইয়াৰ প্ৰভাৱ আছে। গৰুৰ গোবৰৰ পৰা মূত ভাৰতীয় খেতিয়কে পথাৰত মুখ্য সাৰ হিচাপে ব্যৱহাৰ কৰিছিল আৰু বৰ্তমানো ইয়াৰ ব‍্যতিক্ৰম হোৱা নাই। ভাৰতৰ দৰে এখন কৃষিপ্ৰধান দেশত, য’ত ৭০ শতাংশ মানুহ কৃষিজীৱী আৰু ২১ শতাংশ মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে, কৃষিজীৱী লোকসকলৰ বাবে গৰুৱেই আজিও কৃষিৰ মূল আহিলা হিচাপে চিহ্নিত হৈ আহিছে। সেয়েহে, সংবিধানৰ ৪৮ নং অনুচ্ছেদত আছে যে ৰাজ্যসমূহে কৃষিৰ প্ৰসাৰৰ বাবে গো-হত্যা বন্ধ কৰিব আৰু উন্নত প্ৰজাতিৰ গৰুৰ বৃদ্ধিৰ বাবে উচিত পদক্ষেপ ল’ব৷

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৪৮-ত কৃষি আৰু পশু পালনক সংগঠিত ৰূপত গঢ়িবলৈ নিৰ্দেশনা দিছে— ৰাজ্যই আধুনিক আৰু বিজ্ঞানসন্মত প্রণালীৰে কৃষি আৰু পশু পালন কৰিবলৈ প্ৰয়াস কৰিব; বিশেষকৈ গাই আৰু পোৱালি আৰু অন্যান্য খীৰতী আৰু ভাৰ টনা গৰু-ম’হ আদিৰ বধ প্রতিৰোধ কৰিবলৈ আৰু বংশ বৃদ্ধিৰ ব‍্যৱস্থা অধিক উন্নত কৰিবলৈ ব্যবস্থা গ্রহণ কৰিব।
(“The State shall endeavour to organise agriculture and animal husbandry on modern and scientific lines and shall, in particular, take steps for preserving and improving the breeds, and prohibiting the slaughter of cows and calves and other milch and draught cattle.“)

ভাৰতৰ বিভিন্ন ঠাইত গৰুক লৈ বিভিন্ন উৎসৱ পতা হয় আৰু এই উৎসৱসমূহক হিন্দুধৰ্মৰ লগত জড়িত বুলি অনুভৱ কৰাতকৈ ভাৰতীয় সংস্কৃতি তথা কৃষিকৰ্মৰ লগতহে জড়িত থকা বুলি অনুভৱ কৰা যায়৷ উদাহৰণ স্বৰূপে— মধ্যপ্ৰদেশত পতা গোবৰ্ধন পূজা; তামিলনাডুৰ জালিকাট্টু; মহাৰাষ্ট্ৰ, মধ্যপ্ৰেদশ, বিহাৰ, ৰাজস্থান, ছট্টিছগড় আদিত পতা ‘বেল পোলা মেলা’ আৰু আমাৰ অতিকৈ আপোন ব’হাগ বিহুত পতা গৰু বিহু, য’ত গৰুৰ বাবে এটা বিশেষ দিন মানুহে উছৰ্গা কৰে। এই উৎসৱসমূহ সংস্কৃতিৰ লগতহে জড়িত, হিন্দুধৰ্মৰ লগত জড়িত নহয়৷ অসমীয়া হিন্দু আৰু অসমীয়া মুছলমান— উভয়ে গৰু বিহু পালন কৰে৷ অৱশ‍্যে সংবিধানত গো-ম’হ হত‍্যা বন্ধ কৰাৰ কথা উল্লেখ থাকিলেও ইয়াক নিৰ্দেশাত্মক নীতিৰহে অন্তৰ্ভুক্ত কৰা হৈছে, কাৰণ ভাৰতত তাহানিৰে পৰা গৰু আৰু ম’হক খাদ‍্য হিচাপে গ্ৰহণ কৰি অহা হৈছে। এই প্ৰচলিত খাদ‍্যাভাসৰ বিপৰীতে সংবিধানে অতি কঠোৰ স্থিতি গ্ৰহণ কৰিব পৰা নাই। যদি এই প্ৰথা বাৰণ কৰিব লগা আছিল, ইয়াক মূল সংবিধানতে অন্তৰ্ভুক্ত কৰিব পাৰিলেহেঁতেন; কিন্তু তাকে কৰিবলৈ গ’লে সংবিধানৰ মৌলিক অধিকাৰৰে সংঘাত অপৰিহাৰ্য‍। সেয়ে, নিৰ্দেশাত্মক নীতিৰ জৰিয়তে গো-ৰক্ষাৰ এক কচৰৎ কৰা দেখা গ’ল!

গো-ৰক্ষাৰ কচৰতক এক নতুন মাত্ৰা দিয়াত উঠি-পৰি লাগিছে অসম চৰকাৰ আৰু এই বিষয়ত ‘গো-সংৰক্ষণ বিধেয়ক ২০২১’ উত্থাপন কৰিছে। কিন্তু এই বিধেয়কখন আইনত পৰিণত হোৱাৰ লগে লগে মৌলিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগে নিশ্চয়কৈ এক সুকীয়া বাতাবৰণ সৃষ্টি কৰিব— এই ধৰণৰ এক আশংকা ঘনীভূত হৈছে। তদুপৰি, অসমৰ বিধেয়কখনে উত্তৰ-পূৰ্বাঞ্চলতো বিশেষ প্ৰভাৱ পেলাব। ৰাজনৈতিকভাৱেও ই ভাৰতীয় জনতা পাৰ্টীক কিমান সহায় কৰে, সি বৰ্তমান ৰাজনৈতিক বিশ্লেষকসকলৰ বিশেষভাবে দৃষ্টি আকৰ্ষণ কৰিছে।

১২ জুলাইত অসম বিধান সভাৰ মজিয়াত শাসকীয় বিজেপি দলে ‘গো-সংৰক্ষণ বিধেয়ক ২০২১’ (Cattle Preservation Bill 2021) উত্থাপন কৰিছিল৷ কিন্তু এই বিধেয়কখনে প্ৰভাৱ পেলাব পাৰে উত্তৰ-পূবত গেৰুৱা দলৰ শেহতীয়া উত্থানত৷ কাৰণ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত গো-মাংস এবিধ জনপ্ৰিয় খাদ্য ৷ ইয়াৰ উপৰিও এই বিধেয়কে উত্তৰ-পূবৰ অৰ্থনীতিকো প্ৰভাৱান্বিত কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে৷

বিধেয়কখনত কোৱা হৈছে যে কেৱল গো-হত্যা বন্ধ কৰাই নহয়, এই বিধেয়কৰ জৰিয়তে অসম চৰকাৰে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ গৰুৰ অবৈধ সৰবাৰহ ৰোধৰ বাবেও চেষ্টা চলাব৷ অসমৰ মাজেৰে গৰুৰ সৰবৰাহ বন্ধই অন্যান্য উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্য— মেঘালয়, নগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাক প্ৰভাৱান্বিত কৰিব৷ কাৰণ অসম কেৱল উৎসই নহয়, ই অন্য ৰাজ্যলৈ গৰু সৰবৰাহৰ ট্ৰানজিট ৰুট (Transit route)৷ অৱশ্যে এই বিধেয়ক সন্দৰ্ভত মিজোৰাম, নাগালেণ্ডৰ দৰে গো-মাংসৰ উপভোক্তা অধিক পৰিমাণে থকা খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ ৰাজ্যই এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷

মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে জনাইছে যে অসমৰ এই বিধেয়কে মেঘালয়ৰ অৰ্থনীতিত প্ৰভাৱ পেলালে তেওঁলোকে এই ক্ষেত্ৰত কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিব৷ বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফ-এ এই বিধেয়কখনৰ বিৰোধিতা কৰিছে৷ তাৰ সমান্তৰালকৈ নগালেণ্ড কংগ্ৰেছেও এই বিধেয়কে সমগ্ৰ উত্তৰ-পূবৰ সহজাত বাণিজ্য আৰু খাদ্যাভাসৰ প্ৰতি ভাবুকি আনিব বুলি মন্তব্য কৰিছে৷ বিধেয়কখন সন্দৰ্ভত মন্তব্য কৰি নগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি কে থেৰীয়ে কৈছে— “ই শান্তিপূৰ্ণ সহাৱস্থানৰ প্ৰতি ভাবুকি৷ এই বিধেয়কখন ভাৰতৰ গো-সংৰক্ষণ বিধেয়কৰ অনুকৰণ৷ যিহেতু আমি মূল ভূখণ্ডৰ সৈতে মিলিবলৈ আমাৰ খাদ্যাভাস আৰু সংস্কৃতি সলনি কৰিব নোৱাৰোঁ, গতিকে আমি সহনশীল হোৱা জৰুৰী৷” তেওঁ লগতে কয়— “অসমৰ নিজৰ বাবে আইন প্ৰণয়ন কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে, কিন্তু চৰকাৰখনে পাহৰি যোৱা উচিত নহয় যে আমি ঐক্যৰাজ্য আৰু আমি অৰ্থনৈতিকভাৱে এখন আনখনৰ ওপৰত নিৰ্ভৰশীল।”

“…এই বিধেয়কখন ভাৰতৰ গো-সংৰক্ষণ বিধেয়কৰ অনুকৰণ৷ যিহেতু আমি মূল ভূখণ্ডৰ সৈতে মিলিবলৈ আমাৰ খাদ্যাভাস আৰু সংস্কৃতি সলনি কৰিব নোৱাৰোঁ, গতিকে আমি সহনশীল হোৱা জৰুৰী৷…”

এইখিনিতে উল্লেখ কৰিব লাগিব যে অৰুণাচল প্ৰদেশ, মিজোৰাম, মেঘালয়, নগালেণ্ড আৰু ত্ৰিপুৰাত এই পৰ্যন্ত গো-হত্যা নিষিদ্ধ কৰা হোৱা নাই৷ ই কেৱল অসমতেই এগৰাকী পশু চিকিৎসকৰ দ্বাৰা জাৰি কৰা গো-হত্যাৰ বাবে উপযুক্ত প্ৰমাণ পত্ৰৰ অধীনত নিয়ন্ত্ৰিত হৈ আছে৷ যদিও ১৯৩৯ চনত তেতিয়াৰ মণিপুৰৰ ৰজাই ৰাজ্যখনত গো-মাংস নিষিদ্ধ কৰিছিল, তথাপি গো-মাংস ভক্ষণৰ স্বাধীনতা থকাৰ বাবে এই আদেশক কাৰ্যতঃ ৰূপায়ণ কৰিব পৰা হোৱা নাছিল।

যদিও অসম, অৰুণচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰাত বিজেপি দল শাসনত আছে, কিন্তু নগালেণ্ড, মিজোৰাম, মেঘালয়ত গেৰুৱা দলটোৱে এতিয়াও নিজৰ ভেটি শক্তিশালী কৰিবলৈ সক্ষম হোৱা নাই৷ ২০১৮ চনৰ মিজোৰামৰ বিধান সভা নিৰ্বাচনত গেৰুৱা দলটোৱে কেৱল এখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ আনহাতে, একেটা বছৰতে অনুষ্ঠিত মেঘালয় আৰু নগালেণ্ডৰ বিধান সভা নিৰ্বাচনত ক্ৰমে দুখন আৰু ১২খন আসন লাভ কৰিছিল বিজেপিয়ে ৷

❧ | আৰু পঢ়ক: বিজেপিয়ে হিন্দু ধর্মৰ ক্ষতি কৰি আছে

তিনিখনকৈ অনা বিজেপি শাসিত ৰাজ্য— মেঘালয়, মিজোৰাম আৰু নগালেণ্ডৰ ২০২৩ চনত হ’বলগীয়া বিধান সভা নিৰ্বাচন আৰু মণিপুৰৰ সমাগত ২০২৩ চনৰ বিধান সভা নিৰ্বাচনত গেৰুৱা দলটোৱে অসমত গো-সংৰক্ষণ আইন গ্ৰহণৰ জৰিয়তে সন্মুখীন হ’বপৰা পৰিস্থিতিক কেনেদৰে নিয়ন্ত্ৰণ আৰু নিজৰ ফলীয়া কৰি ৰাখে, সেয়া লক্ষণীয় হ’ব।

উত্তৰ-পূবৰ গেৰুৱা ৰাজনীতিত ‘গো-সংৰক্ষণ বিধেয়ক ২০২১’-এ প্ৰভাৱ পেলাব নেকি | ৰূপজ্যোতি গোস্বামী

Follow Nilacharai on Facebook