২০ টকাৰ কাৰণে ২২ বছৰ

২০ টকাৰ কাৰণে ২২ বছৰ
  • 13 Aug, 2022

জন মানুহৰ পৰা ৰেল ষ্টেচনৰ কর্মচাৰীয়ে ৰেলৰ টিকটৰ দাম ২০ টকা বেছিকৈ লোৱাৰ প্ৰতিবাদত মানুহজনে ২২ বছৰ ধৰি আদালতত গোচৰ চলাই জয়লাভ কৰিছে৷

সংবাদ প্ৰতিষ্ঠান বিবিচিয়ে এই বছৰৰ আগষ্ট মাহত দিয়া এক বাতৰি অনুসৰি তুংগনাথ চতুর্বেদী নামৰ উত্তৰ প্ৰদেশৰ এজন আইনজীৱীয়ে ১৯৯৯ চনত এদিন উত্তৰ প্ৰদেশৰ মথুৰা ষ্টেচনত দুটা ৰেলৰ টিকট কিনোতে তেওঁৰ পৰা ৰেলৰ কর্মচাৰীজনে অধিক ধন লৈছিল৷ আইনজীৱীজনে সুদীর্ঘ ২২ বছৰ ধৰি গোচৰ চলোৱাৰ পাছত আগষ্ট মাহৰ এটা দিনত এক কনজিউমাৰ আদালতে ৰেল বিভাগক সুদে-মূলে বেছিকৈ লোৱা ধনখিনি ঘূৰাই দিবলৈ নির্দেশ দিছে৷

চতুর্বেদীয়ে এদিন মথুৰাৰ পৰা মোৰাদাবাদলৈ কিনা দুটা টিকটৰ দাম আছিল ৩৫ টকাকৈ আৰু তেওঁ এখন এশটকীয়া নোট টিকট কাউণ্টাৰৰ কর্মচাৰীক দিছিল৷ কর্মচাৰীজনে কেৱল দহ টকাহে চতুর্বেদীক ঘূৰাই দিয়ে, অর্থাৎ দুটা টিকটৰ বাবদ কর্মচাৰীজনে ৭০ টকাৰ সলনি ৯০ টকা লয়৷

চতুর্বেদীয়ে লগে লগে ৰেল কর্মচাৰীজনক কথাটো আঙুলিয়াই দিছিল, কিন্তু কোনো পইচা তেওঁ ঘূৰাই নাপালে৷

ইয়াৰ পিচত চতুর্বেদীয়ে মথুৰাৰ এক উপভোক্তা আদালতত গোৰখপুৰ ৰেলৱে আৰু টিকট দিয়া কর্মচাৰীজনৰ বিৰুদ্ধে গোচৰ তৰে৷ ৰেল বিভাগে তেওঁলোকৰ বিৰুদ্ধে উপভোক্তা আদালতৰ সলনি ৰেলৱে ক্লেইমচ ট্ৰিবিউনেলতহে গোচৰ তৰিব লাগে বুলি যুক্তি দেখুৱায়৷

ইয়াৰ পাছত চতুর্বেদীয়ে সহায় লয় উচ্চতম ন্যায়ালয়ৰ ২০২১ চনৰ এক ৰায়ৰ, যি ৰায়ৰ সহায়ত ৰেল বিভাগৰ বিৰুদ্ধে উপভোক্তা আদালততো গোচৰ তৰিব পৰা যায় বুলি প্ৰতিপন্ন হয়৷ কিন্তু ইয়াৰ মাজতে একাধিকবাৰ বিচাৰকৰ অনুপস্থিতিৰ বাবে শুনানি স্থগিত কৰা হৈছিল বুলি চতুর্বেদীয়ে কয়৷

অৱশেষত এক দীঘলীয়া আইনী যুঁজৰ অন্তত আদালতে ৰায় দিয়ে যে চতুর্বেদীক ৰেল বিভাগে ১৫,০০০ টকাৰ জৰিমনা আদায় দিয়ক, লগতে ১৯৯৯ চনৰ পৰা ২০২২ চনলৈকে বছৰি বাৰ শতাংশ হাৰত সুদসহ ৰেল বিভাগে চতুর্বেদীক তেওঁৰ ২০ টকা ওভতাই দিয়ক৷ যদিহে এই ধন আদালতে নির্ধাৰণ কৰা সময়সীমাৰ ভিতৰত পৰিশোধ নহয়, তেন্তে সুদৰ হাৰ ১৫ শতাংশলৈ বৃদ্ধি হ’ব বুলিও আদালতৰ ৰায়ত কোৱা হৈছে৷

৬৬ বছৰীয়া চতুর্বেদীয়ে বিবিচিক কয় যে তেওঁ এই গোচৰটোৰ সংক্ৰান্তত ১০০তকৈয়ো অধিক শুনানিত উপস্থিত থাকিবলগীয়া হৈছিল অৰু তেওঁ ব্যয় কৰা সময় আৰু শক্তিৰ মূল্য নিৰূপণ কৰা সম্ভৱ নহয়৷

আমাৰ দেশত বিভিন্ন সেৱাৰ ক্ষেত্ৰত দেখা দিয়া বিবাদ বা আসোঁৱাহ নিষ্পত্তিৰ বাবে উপভোক্তা বা কনজিউমাৰ আদালত আছে যদিও এনে আদালতসমূহত অত্যধিক সংখ্যক গোচৰ জমা হয় বাবে সঠিক সময়ত ৰায়দান কৰিবলৈ আদালত অপাৰগ হৈ পৰে৷

চতুর্বেদীয়ে কয় যে তেওঁৰ মানসিক হাৰাশাস্তিৰ তুলনাত ক্ষতিপূৰণ সামান্য, বহু সময়ত তেওঁৰ পৰিয়ালৰ লোকেও গোচৰটো পৰিহাৰ কৰিবলৈ তেওঁক বুজনি দিছিল, কিন্তু চতুর্বেদীয়ে এই আইনী যুঁজক ন্যায়ৰ হকে চলোৱা যুঁজ বুলি গণ্য কৰি গোচৰ প্ৰত্যাহাৰ নকৰিলে৷ টকাৰ পৰিমাণেই সকলো নহয় বুলি উল্লেখ কৰি চতুর্বেদীয়ে কয় যে তেওঁ নিজে এজন অধিবক্তা হোৱা হেতুকে আন অধিবক্তাক মাননি দি নিয়োগ কৰিব লগা হোৱা নাছিল, আনকি আদালতলৈ অহা-যোৱা কৰাৰ খৰচৰ পৰাও তেওঁ ৰেহাই পাইছিল, অন্যথা ই এক ব্যয়বহুল প্ৰক্ৰিয়া হ’লগৈহেঁতেন৷

চতুর্বেদীয়ে লগতে কয় যে পদমর্যাদাৰ বলতে এজন লোকে অন্যায়ৰ শাস্তিৰ পৰা ৰেহাই পাব নোৱাৰে যদিহে তেনে অন্যায়কাৰীৰ বিৰুদ্ধে জনসাধাৰণ সজাগ আৰু সক্ৰিয় হয়৷

🗞️ | আৰু পঢ়ক:

টকাৰ কাৰণে ২২ বছৰ | ধ্ৰুৱ শইকীয়া
Follow Nilacharai on Facebook