অসমীয়া কৃষ্টিৰ চমু আভাস (৭)

পূৰ্বৰ খণ্ড: ইয়াত পঢ়ক

আদিম প্রস্তৰ যুগত যেতিয়া আদিম অসমীয়াই টিঙিৰি ঘঁহি অগ্নি পালে, নব্য প্রস্তৰযুগৰ শেষ ভাগত তাপ নিয়ন্ত্রণ বুজিলে, শেহত কৃষি আৰু কুমাৰৰ মাটিৰ শিল্পৰ বাহিৰেও ধাতুৰ আৱিষ্কাৰ কৰিলে, সেই ধাতু যুগতে তাম-কাঁহাৰ পিছত তিৰুৱাল শ্রেণীৰ জন্ম হল। বড়ো খছাৰীৰ এই তিৰুৱাল শ্রেণীয়ে লো উলিয়াবলৈ শিকিলে। তাৰ পিছত ঠেঙাল বা ৰূপোৱাল শ্রেণী এটা ওলাল। এই শ্রেণীয়ে মাটিৰ বুকুৰ পৰা ৰূপ উলিয়াবলৈ জানিলে। অৱশেষত সেই খছাৰীৰে এটা শ্রেণী ওলাল, যাৰ নাম হল সোনোৱাল আৰু যাৰ কাম হ’ল অসমৰ নৈবিলাকৰ হিয়াৰ পৰা সোণ উলিওৱা। সেই কাৰণে অসমত বৈজ্ঞানিক প্রথা মতে তাম, কাঁহ, লোহা, ৰূপ আৰু সোণৰ অভাৱ অতীজৰে পৰাই নাছিল। আদি যুগৰ পৰা অসমীয়াই তামৰ ফলি পাইছে, কাঁহৰ মূৰতি, বাচন আদি গঢ়িছে, লোৰ অস্ত্ৰ-শস্ত্র তৈয়াৰ কৰিছে, ৰূপৰ সজুলি, গহনা গঢ়িছে আৰু সোণৰ অলংকাৰ সাজি পিন্ধিছে। সেই কাৰণে আজিও অসমীয়াৰ ঘৰত বিচাৰিলে তামৰ সজুলি পাওঁ, কাঁহৰ বাচন-বৰ্ত্তন, মূৰতি, তাল, বৰকাঁহ, ভোৰতাল, শৰাই দেখোঁ; ৰূপৰ সৰঞ্জাম লাৰি-পিটিকি চাওঁ; লোৰ দা, কুঠাৰ, কোৰ, জাঠি, জোং, কাঁৰ, কাৰফাই ধনু, গোলা গুলি, বন্দুক, বৰটোপ, লৈ যুঁজা অস্ত্ৰ-শস্ত্র মামৰ ধৰি চুকে-কোণে পৰি থকা দেখোঁ আৰু আয়তীসকলে সোণৰ কেৰু, লংকৌ, নেজাপতা, থুৰীয়া, বাখৰুৱা লুকাপাৰ, সোনা কাণত গামখাৰু, খুচুৰীয়া আৰু হাতত গেজেৱা, গলপতা, সাতসৰি, জোনবিৰী, মাদুলী-মণি, ঢৰিয়া মণি, শিলিখা মণি; ডিঙিত চিৰিপতা আঙঠি, বাখৰুৱা আঙঠি আঙুলিত পিন্ধা দেখি ৰং পাওঁ। তদুপৰি মীনা কৰা কাজ আছেই। ৰূপ-সজ্জাৰ এনে অলঙ্কাৰ শিল্প আৰু কলা-কৃষ্টিৰ আৰু অসমীয়া সভ্যতাৰ চিনাকি কেনে ভাবে দিয়ে, ৰাইজেই ভাবি চাব। আজিও ৰংপুৰীয়া শিৱদেউৰ সোণৰ-কলচীয়ে সোণোৱালৰ কীৰিতীৰ শ্রেষ্ঠ ধাতু সোণৰ বিজয় গৌৰৱ ঘোষণা কৰিয়েই আছে।

বাস্তুবিদ্যা আৰু কাৰুকার্য্যৰ কলা সত্ৰ-নামঘৰৰ দুৱাৰত আৰু কাঠৰ বেৰত নানান লতা, পুলি আৰু মূৰুতিৰ কটা ছবি দেখা যায়। পুৰণি ঘৰ-দুৱাৰতো ইয়াৰ যথেষ্ট নিদর্শন দেখা যায়।

স্থাপত্য কলা

স্থাপত্য কলাৰ বিষয়ে আলোচনা কৰা যাওক। আদি প্রস্তুৰ যুগৰ উলঙ্গ, বৰ্ব্বৰ অসমীয়াই যেতিয়া পৰ্ব্বতৰ গিৰি গহ্বৰত বাস কৰিছিল, সেই যুগৰে পাছত নব্য-প্ৰস্তৰ যুগৰ প্ৰাৰম্ভতে আদিম অসমীয়াই গছৰ পাত-ডাল ভাঙি-ছিঙি কোনোমতে ছালি বান্ধি আছিল। কিন্তু ধাতু যুগৰ প্ৰাৰম্ভৰ লগে লগে যেতিয়া ধাতুৰ অস্ত্রেৰে অসমীয়াই কাটিবলৈ শিকিলে, তেতিয়া হাবিৰ পৰা বাঁহ, খেৰ, বেত কাটি আনি কোৰেৰে মাটি চাচি ঘৰ বান্ধিবলৈ ধৰিলে। সেই খেৰ, বাঁহ, বেতৰ ঘৰৰ নিৰ্ম্মাণ প্রণালী ক্রম বিকাশৰ ফলত আজি গাঁৱে-ভূয়ে অসমীয়াৰ ঘৰ বহু উন্নত ধৰণৰ দেখোঁ। আজি অসমীয়া-কৃষ্টিৰ সহায় লৈ অসমীয়া ঠাচৰ এই কেইটা ঘৰ আমি দেখোঁ— মাৰল-ঘৰ, বৰ-ঘৰ, চ’ৰা-ঘৰ, বাটচ’ৰা, ৰোহ ঘৰ, ভঁৰাল ঘৰ, ছোঁ-ঘৰ, ঢেকীশালী, গোহালী ঘৰ, নামঘৰ, ভাঁজ-ঘৰ ইত্যাদি। এই ঘৰবিলাক সাজিবলৈ মুধৰ খুঁটা, কুমৰখুঁটা, পানী পচা, খুঁটা, বৰ-চটি, ফুল-চটি, ফৌকাম, চটিৰ পৰা মাৰলী থিয় কৰিবলৈ দমৰা বা মুৰীয়া, ৰুৱা বা মৰলী ৰুৱাৰ মাজে মাজে জেঠি-শলি, মুধচ, কাৰ, দবা, বেৰৰ চুকৰ পোলা, কোবা, কামোড়া, হলা-বোৱা বেৰ, গথা বেৰ, ঘুৰ্ ঘুৰী, খবুৰা, দাংদিয়া, ঢকা দিয়া, শলখা-দিয়া দুৱাৰ, জালি কটা খিৰিকী, জোলোঙা— আৰু যে কত কি লাগে, ভঁৰাল ঘৰ সাজিবলৈ গা-ধৈ-চাং, জোং গড়, বৰঘৰৰ ভিতৰত পানী চাং, ধোৱা-চাং; এইবিলাকৰ ঘৰ সাজি আঁৰ-বেৰ বান্ধি বাৰী কেউপিনে চকোৱা-টাটিৰে আবৰি থকা, আগফালে বাটৰ পিনে পদূলি মুখ, নঙলা-মুখ, বাটচ’ৰা। এইবিলাক দেখিলেই বুজিব পাৰি অসমীয়াৰ ঘৰ, অসমীয়াৰ দুৱাৰ, অসমীয়াৰ বাৰী। তাতে আকৌ তামোল-পাণ, বাঁহৰ চুপা, কলনি আৰু বিধে বিধে গছ, নাদ-খাল ইত্যাদি। এইয়া হ’ল পঁজা-ঘৰৰ ক্রম বিকাশ। এই ক্রম বিকাশৰ পৰিণতি হল কীৰ্ত্তন ঘৰ, নামঘৰ, ভাঁজ ঘৰ। কিন্তু ঘৰ সজাৰ আৰু এটা শিল্প ওলাল, যাৰ নাম হল স্থাপত্য-শিল্প। এই শিল্পৰ সহায়েৰে বৰ বৰ কাৰেং ঘৰ, বৰ বৰ মন্দিৰ সজা হৈছিল। ডিমাপুৰৰ ভগ্নাৱশেষ, শদীয়াৰ ভীষ্মক নগৰ বা পৃথিমী নগৰ, তেজপুৰৰ বামুণী পাহাৰৰ ধ্বংসাৱশেষ, শিলৰ ইটাৰ মন্দিৰ-দেউল, হাজো, কামাখ্যা, শুক্লেশ্বৰ, উমানন্দ, মহাভৈৰৱ, তাম্ৰেশ্বৰী, শিৱ-দেউল, মায়াৰংঘৰ, শিলৰ সাঁকো ইত্যাদি কোচ, খছাৰী, আহোম ৰজাৰ দিনৰ মন্দিৰ দেউল, তলা-তল, কাৰেং, ৰংঘৰ ইত্যাদিয়ে দেখুৱায় অসমীয়াই স্থাপত্য কৃষ্টিতো কেতিয়াও পিছপৰা নাছিল।

ৰন্ধন শিল্প

ৰন্ধন শিল্পতো অসমীয়া নাৰীৰ দান সামান্য নহয়। এই ৰন্ধনৰ ঘাই আলম হৈছে তেল। অসমীয়া তিৰোতাই নিজে তেল পেৰে। প্রথমে সৰিয়হ গৰম কৰি বেতেৰীত ভৰাই সেই বেতেৰী বহনা কাঠৰ ওপৰত ওভোতাই বহুৱাই তাৰ ওপৰেদি এটা খোৰোঙত লং-পাত সোমাই আনমূৰে আয়তীসকলৰ দেহাৰ ভৰ দি তেল পেৰা হয়। সেই তেলেৰে শাক-পাচলি ৰন্ধা হয়, মাছ-মঙহ ভজা হয়, বিধে বিধে পিঠা-পনা, জা-জলপান কৰা হয়। তাৰ উপৰি কাহুদি আৰু খাৰলি আছে; কল পুৰি তাৰ ছাই তিয়াই ছাকি পোৱা খাৰ আছে। মুঠতে জুটি সোৱাদ লগাই আঞ্জা, শাক-তৰকাৰীৰে আহাৰ খাবলৈ অসমীয়াই জানে। এই আহাৰ অসমীয়াৰ নিজস্ব বস্তু। অসমীয়া আহাৰৰ লগত ভাৰতীয় আহাৰৰ কোনো সামঞ্জস্য নাই। এই ৰন্ধন-বিদ্যাতো অসমীয়া তিৰোতাই পিছ হুহকা নাছিল।

ৰূপ সজা

ৰূপ-সজ্জাতো অসমীয়া তিৰোতা কম পাকৈত নাছিল। অসমীয়া গাভৰুৱে হাঁহিলে হীৰাপতীয়া, ডালিমগুটিয়া, মুকুতাপতীয়া দাঁতৰ পাৰি জিলিকি উঠে; তাতে আকৌ ওঠ-অধৰ লালেং টেপৰ বা দেৱা গছৰ ছালৰ ছালিৰে তামোল খাই সেলেঙী লগাই ৰঙা পিকৰ বোল বুলায়; ৰংঢালী পিক্‌ ঢালী, সৰব্-বহী তেজী-ৰঙা মুখত কেতেকী ফুলৰ সুগন্ধি ৰেণু-গুৰি সানে, খকালি-নকীয়া নাকৰ ওপৰত দুটা ধনু-ভিৰীয়া চেলাউৰীৰ মাজত সোণ-পোক বা সেন্দূৰ ফোঁট পিন্ধে; ঔ বখলা গালৰ চকলা বা মিৰি-চাঙৰ সোলেং বা সুমথিৰা টেঙাৰ নিচিনা গাল দুপাত তেজৰ কোবত ৰহণাই উঠে; গুৱালা, বাবৰীয়া, ঢেকীয়াপতীয়া লিহিৰি লিহিৰি গোন্ধ তেল ঘঁহা চুলিৰে; গুথা নেঘেৰী ঘিলা, কলডিলীয়া খোপাত কপৌ ফুল আদি ফুলে শুৱাই ধৰে; মৃণাল ভূজীয়া, হাতীশুঁৰীয়া হাতত চিৰী খাৰু, পতীয়া খাৰু, মুঠি-খাৰু, গোটা-খাৰু, খুচুৰীয়া খাৰুই শোভা পায়; হাঁহিনীৰ বা শামুকৰ দৰে ডিঙিত গলপতা, জোন-বিৰী, মাদুলী-মণি, গেজেৰা, টৰীয়া দুগ্ দুগী, শিলিখা সাতসৰী শুৱাই ধৰে; শকুনিৰ নিচিনা কাণৰ লেতুত সোণা কেৰু, থুৰীয়া, লুংকেৰু, লুকা-পাৰ, ওলমি জিলিকি থাকে; পাজী-সেৰীয়া, চম্পাকলীয়া আঙুলিত চিৰা-পতা বা বাখৰুৱা আঙঠিয়ে বিজুলীৰ ছাট্ মাৰে; খামুচীয়া এমুঠি কঁকালৰ পৰা খাৰু গাঁথিলৈকে খিংখাপ, গোমচেং, কপাহী, এড়ি, মুগা আদিৰ পাট মেখেলাই লিপিট খাই ধৰে, চাতোনৰ কেচ-দিয়া ৰিহা কপাহীয়েই হওক কিংবা পাটৰেই হওক কিংবা মুগাৰেই হওক গাত আটি ধৰে; নাৰিকল বা ইন্দ্ৰধনু যঁতৰৰ নিচিনা বুকুৰ ওপৰেদি মৰা মেঠনীয়ে মেট মেটাই থাকে। মুঠতে অসমীয়া তিৰোতাই ভিতৰৰ চৰাত গাভৰু মেলত বহি প্রসাধন শিল্পৰ বিষয়েও যথেষ্ট আলোচনা কৰিছিল। (ক্ৰমশঃ)

(ছপাৰ ভুল বুলি অনুভৱ কৰা অশুদ্ধি শুধৰোৱাৰ বাহিৰে ৰচনাৰ বানান পদ্ধতিত হাত দিয়া হোৱা নাই)


কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কনিহা ছাত্ৰ সন্মিলনীৰ সভাপতি হিচাপে প্ৰদান কৰা ভাষণটি পিছত ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ নামেৰে পুস্তিকা আকাৰে ছপা হৈ ওলাইছিল। যদিও বৰ্তমানে ৰাভাদেৱৰ ৰচনা আৰু সৃষ্টিসমূহৰ স্বত্ত্ব উকলি যোৱা নাই, জাতীয় স্বাৰ্থত বৰ্তমানে প্ৰায় দুষ্প্ৰাপ্য হৈ পৰা পুস্তিকাখনি ধাৰাবাহিক ৰূপত ‘নীলা চৰাই’ত প্ৰকাশ কৰা হৈছে। এই সম্পৰ্কত কাৰোবাৰ কিবা আপত্তি থাকিলে অনুগ্ৰহ কৰি আমাক জনালে (editor@nilacharai.com) প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব। —সম্পাদক, নীলা চৰাই

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

Leave a Reply

2 Comments on "অসমীয়া কৃষ্টিৰ চমু আভাস (৭)"

avatar
Sort by:   newest | oldest | most voted
trackback

[…] পৰৱৰ্তী খণ্ড: ইয়াত পঢ়ক […]

trackback

[…] পূৰ্বৰ খণ্ড: ইয়াত পঢ়ক […]

wpDiscuz