শ্ৰী ৰঘুপতি: দৰ্শক হিচাপে কিছু ক’বলগীয়া

শ্ৰী ৰঘুপতি: দৰ্শক হিচাপে কিছু ক’বলগীয়া
  • 16 Jun, 2023

বি গত কিছুদিন ধৰি ইখনৰ পাছত সিখন ছবিৰ বাণিজ্যিক সফলতাই অসমীয়া ছবি জগতলৈ আশাৰ ৰেঙণি কঢ়িয়াই অনাটো নিশ্চিতভাৱে এক ইতিবাচক দিশ। বহুদিন ধৰি স্থবিৰ হৈ থকা চিনেমা উদ্যোগটোক জুবিন গাৰ্গৰ ‘মিছন ছাইনা’ই বাণিজ্যিক সফলতা আৰু নতুনত্ব প্ৰদান কৰিলে৷ পৰৱৰ্তী সময়ত ‘ৰত্নাকৰ’, ‘কাঞ্চনজংঘা’ৰ পৰা ‘ডাঃ বেজবৰুৱা ২’লৈকে কেইবাখনো অসমীয়া ছবিয়ে এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি অসমীয়া ছবি উদ্যোগটো জীপাল কৰি তুলিছে বুলি ক’ব পৰা যায়৷

অতি সম্প্ৰতি অসমীয়া ছবি উদ্যোগটোলৈ নতুন জোৱাৰ কঢ়িয়াই আনিছে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ কাহিনী, চিত্ৰনাট্য, অভিনয় আৰু যুৱ পৰিচালক সুব্ৰত কাকতিৰ পৰিচালনাৰে নিৰ্মিত চলচ্চিত্ৰ ‘শ্ৰী ৰঘুপতি’য়ে৷ মুক্তিৰ দিনাৰ পৰাই আজিকোপতি অসমৰ প্ৰতিটো চিত্ৰগৃহতে হাউছফুল এই ছবিখন ইতিমধ্যে চুপাৰহীট অসমীয়া ছবি হিচাপে পৰিগণিত হৈছে৷ ৰাইজ হিলদ’ল ভাঙি ওলাই আহিছে ছবিখন উপভোগ কৰিবলৈ৷ ইতিমধ্যে ছবিখনে ব্যৱসায়িকভাৱে প্ৰায় চাৰি কোটিৰো অধিক টকা উপাৰ্জন কৰিছে৷ আটাইতকৈ সুখবৰটো হৈছে, প্ৰতিটো প্ৰজন্মৰ মাজতে ছবিখন জনপ্ৰিয় হৈছে৷ ৰাইজে বাছভাড়া কৰি অসমীয়া চিনেমা চোৱাৰ পৰিৱেশ পুনৰ ঘূৰি আহিছে৷ নিশ্চিতভাৱে ই এক শুভলক্ষণ৷

ছবিখন উপভোগ কৰাৰ পাছত দৰ্শক হিচাপে একেষাৰেই ক’ব পাৰি যে এইখন এখন উন্নত মানৰ, শেহতীয়া প্ৰযুক্তি, কলা-কৌশল সমৃদ্ধ পৰিয়ালৰ সকলোৰে উপভোগ্য এখন ভাল ছবি। ছবিখন যিহেতু বৰ্তমানেও ছবিঘৰত চলি আছে, সেয়ে ছবিখনৰ স্বাৰ্থত কাহিনীটো সম্পূৰ্ণকৈ বৰ্ণনা কৰাৰ পৰা বিৰত থাকি এটা কথাই কওঁ যে এটি সুন্দৰ পৰিপাটি কাহিনী যুৱ প্ৰজন্মৰ এগৰাকী সুদক্ষ, জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই আগবঢ়াই নিছে ‘শ্ৰী ৰঘুপতি’ৰ মাজেৰে। আমাৰ সাম্প্ৰতিক সমাজখনৰ কিছু জীয়া সমস্যাক ‘শ্ৰী ৰঘুপতি’ ছবিখনত অতি সাহসিকতাৰে অংকন কৰিছে।

ছবিখনত উপস্থাপিত হৈছে এজন এডিচি পৰ্যায়ৰ চৰকাৰী বিষয়াই নিজৰ চৰকাৰী পোচাক দলিয়াই নিজৰ ভনীয়েকৰ ন্যায়ৰ বাবে দিয়া সততা আৰু সাহসৰ যুঁজৰ কাহিনী। এটা কথা ক’ব লাগিব যে ছবিখনৰ কাহিনীটো গতানুগতিক যদিও উপস্থাপন শৈলীয়ে কাহিনীটোক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। কিদৰে সমাজৰ ৰক্ষকসকলেই আজিৰ তাৰিখত ভক্ষক হৈ থিয় দিছে, কিদৰে ৰংচঙীয়া পৃথিৱীৰ আঁৰত সংগোপনে চলি আছে কদৰ্যময় বেহা আৰু কিদৰে শিশু আৰু নাৰী দেহ ব্যৱসায়ীৰ কবলত পৰি মাত্ৰ কেইটামান মাহতে কম বয়সীয়া ছোৱালীবোৰ পূৰ্ণাংগ গাভৰুলৈ ৰূপান্তৰিত হৈ পণ্য সামগ্ৰীৰ দৰে বিক্ৰী হৈ আছে, সেয়াই ছবিখনৰ কাহিনীৰ মূল উপজীৱ্য বুলি ক’ব পাৰি। অসমৰপৰা বহুতো কম বয়সীয়া ছোৱালী বাহিৰলৈ নি নাৰী দেহ ব্যৱসায়ীৰ হাতত বিক্ৰী কৰাৰ বৃহৎ চক্ৰটোৰ লগতে ড্ৰাগছৰ নিষিদ্ধ জগতখনৰ ভিতৰুৱা কথাবোৰো চলচ্চিত্ৰখনৰ যোগেদি অতি সাহসেৰে উদঙাই দেখুওৱাত সফল হৈছে কাহিনীকাৰ তথা পৰিচালক।

আনহাতে, চলচ্চিত্ৰখনত হিন্দু-মুছলমানৰ এক সুন্দৰ সমন্বয়ৰ ছবিও অংকন কৰা হৈছে। তৰাৰ দেউতাকে তৰাক আলহীৰ সমুখত টেবুলখন দিবলৈ কৈ তাইৰ মুছলমান বান্ধৱীগৰাকীক ভিতৰৰ পৰা বিস্কুটৰ প্লেটখন আনিবলৈ কোৱা কথাষাৰেও এক সুন্দৰ বাৰ্তা দিছে৷ চহৰৰ মোহ এৰি গাঁৱৰ সাধাৰণ ল’ৰা-ছোৱালীক পঢ়াবলৈ দেখুওৱা আগ্ৰহে শিক্ষয়িত্ৰীগৰাকীৰ দায়িত্ব আৰু কৰ্তব্যবোধক সুন্দৰভাৱে ফুটাই তুলিছে৷ শিক্ষয়িত্ৰীগৰাকীৰ লগত দুই ছাত্ৰী অকলশৰীয়া নিৰ্জন পথছোৱাৰে খোজকাঢ়ি আহি থাকোঁতে তৰাহঁতে কৈছিল— ইয়াত বাঘ ওলায়, সেইকাৰণে ঘৰৰ মানুহে এইফালে অকলে আহিবলৈ নিদিয়ে। সঁচাকৈয়ে কেইটামান মুহূৰ্তৰ পাছতে কেইটামান দুঠেঙীয়া বাঘে সিহঁতৰ সপোনবোৰ নিমিষতে মষিমূৰ কৰি পেলালে৷ এয়া এক সুন্দৰ প্ৰতীক।

শক্তিশালী সংলাপসমূহো ছবিখনৰ যোগাত্মক দিশ বুলি ক’ব লাগিব। ছবিখনৰ কিছু সংখ্যক সংলাপে মন প্ৰাণ চুই গৈছে। বিশেষকৈ, ‘এগৰাকী ছোৱালীৰ যেতিয়া ধৰ্ষণ হয়, কেৱল তাইৰ শৰীৰটোৱেই ধৰ্ষিতা নহয়,— ধৰ্ষণ হয় তাইৰ মাকৰ কষ্টৰ, দেউতাকৰ সপোনৰ আৰু এটা পৰিয়ালৰ আশাৰ’— এনে ধৰণৰ সংলাপে এখন ছবিৰ সৈতে দৰ্শকক আবেগিক ৰূপত সংপৃক্ত কৰি তোলে৷ আকৌ বহুকেইটা সংলাপ ইতিমধ্যে সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা গৈছে। এয়াও নিশ্চিতভাৱে ভাল খবৰ।

কাহিনীৰ পিছতেই ছবিখনৰ আন এক উল্লেখনীয় দিশ হৈছে অভিনেতা-অভিনেত্ৰীসকলৰ সুন্দৰ আৰু সুদক্ষ অভিনয়। অভিনয়ৰ প্ৰসংগত এটা কথা উল্লেখ কৰিবই লাগিব যে ছবিখনৰ অভিনয় শিল্পীসকলৰ প্ৰতিজনৰে অভিনয় জড়তাবিহীন, কাৰোৰেই অভিনয় আৰু সংলাপ প্ৰক্ষেপণত অতিৰঞ্জিত প্ৰকাশভংগী নাই। বলিষ্ঠ অভিনেতা ৰবি শৰ্মাৰ জীৱনৰ সকলোতকৈ পৈণত, পৰিশীলিত আৰু সংযমী অভিনয় ৰঘুপতিৰ ৰূপত দৰ্শকে লাভ কৰিছে বুলি একাষাৰে ক’ব পাৰি। অভিনয়ৰ ক্ষেত্ৰত তেওঁৰ ক’তো অকণমানো অতিৰিক্ততা নাই। কেইটামান দৃশ্যৰ কোনো কোনো বিষাদৰ মুহূৰ্তত তেওঁৰ মুখৰ অভিব্যক্তি সঁচাই হৃদয়স্পৰ্শী হৈছে।

সাধাৰণতে গহীন-গম্ভীৰ ব্যক্তিৰ অভিনয় কৰা প্ৰৱীণ বলিষ্ঠ অভিনেতা অৰুণ নাথৰ ব্যতিক্ৰমী নতুন ৰূপে ইতিমধ্যেই দৰ্শকক আচৰিত কৰি তোলাৰ লগতে ব্যাপক চৰ্চা লাভ কৰিছে। তেওঁৰ দৰে সহজ-সৰল অভিনেতাজনক স্পাইকি চুলিৰে ‘য়ৌ য়ৌ’ ৰূপত কল্পনা কৰি তাক ছবিখনত সফলভাৱে উপস্থাপন কৰাৰ কৃতিত্ব নিশ্চিতভাৱে পৰিচালক সুব্ৰত কাকতিৰ। বিশেষকৈ চকীৰ খুঁটাত লাগি থকা জুইৰে চিগাৰেট জ্বলোৱা দৃশ্যটো খুবেই আমোদজনক। লগতে ‘থেংক ইউ দিব নালাগে দে, বিয়েৰ এটাকে খুৱাই দিবি’ সংলাপটোৱে ইতিমধ্যে নৱপ্ৰজন্মৰ মাজত ব্যাপক সমাদৰ লাভ কৰিছে।

বহু দিনৰ বিৰতিত অভিনয় জগতলৈ উভতি অহা বৰ্ণালী পূজাৰীয়েও সুন্দৰ অভিনয় কৰিছে৷ কল্যাণ দত্তৰ চৰিত্ৰত জনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰবাৰী আউটপ’ষ্ট’ৰ কে কে খ্যাত সিদ্ধাৰ্থ শৰ্মাৰ অভিনয়ে মন চুই গ’ল। চলচ্চিত্ৰখনৰ প্ৰথম ভাগত তেওঁৰ অভিনয়ে দৰ্শকক আমোদ দিছে যদিও শেষৰপিনে তেওঁৰ কৰুণ তথা ছিৰিয়াছ অভিনয়ে দৰ্শকৰ চকু সেমেকাইছে। তেখেতে প্ৰথমৰ পৰা শেষলৈ চৰিত্ৰটো কেৱল ধৰি ৰখাই নহয়, চৰিত্ৰটোক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। ছবিখনৰ নায়িকা প্ৰীতি কংকণা আৰু নায়কৰ ভনীয়েকৰ চৰিত্ৰত অভিনয় কৰা প্ৰিয়ম পল্লৱীৰ অভিনয়ে দৰ্শকৰ মন জয় কৰিছে।

নেত্ৰকাইখ্যাত জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাই বিধায়কৰ চৰিত্ৰটোত কৰা অভিনয় উৎসাহজনক নহ’লেও নিৰাশ কৰা বিধৰো নহয়। প্ৰকৃতাৰ্থত চৰিত্ৰটো তেওঁৰ বাবে উপযুক্ত নাছিল বুলি আমাৰ ভাব হৈছে। ৰঘুপতিৰ মাকৰ চৰিত্ৰত যশস্বী অভিনেত্ৰী ৰীণা শৰ্মাই সাৱলীল অভিনয় কৰিছে। সেইদৰে, ৰঘুপতিৰ দেউতাকৰ চৰিত্ৰত প্ৰৱীণ অভিনেতা হৰিপ্ৰসাদ বৰঠাকুৰ আৰু অটোচালকৰ চৰিত্ৰত বৰ্ষীয়ান অভিনেতা পৰাণ বৰঠাকুৰৰ অভিনয় আশাপ্ৰদভাৱে সুন্দৰ হৈছে। দুয়োটা চৰিত্ৰই ৰাইজৰ হৃদয়ত সাঁচ বহুৱাবলৈ সক্ষম হৈছে। মূল খলনায়কৰ চৰিত্ৰত বলিষ্ঠ অভিনেতা ৰাজ শৰ্মাই সবল অভিনয় কৰিছে। অন্যান্য চৰিত্ৰসমূহত সঞ্জীৱ বুঢ়াগোহাঁই, খঞ্জন নাথ, কোকিল শইকীয়া, সিদ্ধাৰ্থ মুখাৰ্জী, হিল্লোল কুমাৰ পাঠক, ৰাজীৱ ক্ৰ’, সীমা বৰুৱা, চুমকি কছাৰী, মনজিৎ শৰ্মা আদি প্ৰতিগৰাকী শিল্পীয়ে সাৱলীল অভিনয়ৰে ছবিখন সফল হোৱাত অৰিহণা যোগালে।

ছবিখনৰ কিছু দৃশ্যৰ উপস্থাপনে ছবিখনৰ চিত্ৰনাট্যখনৰ কিছু দুৰ্বল দিশ উন্মোচিত কৰিছে। বিশেষকৈ বিধায়কৰ চৰিত্ৰটোৰ উপস্থাপনত পৰিচালকে কৰবাত যেন উজুটি খাইছে। দুই-এটা দৃশ্যৰ উপস্থাপনে বিধায়ক এগৰাকীৰ গাম্ভীৰ্য কিছু হ্ৰাস কৰা যেন লাগিল। দ্বিতীয়তে, মূল খলনায়ক বা ভিলেইনৰ চৰিত্ৰটো যিমান শক্তিশালী ৰূপত উপস্থাপন কৰিব লাগিছিল, সিমান যেন শক্তিশালী নহ’ল। ইয়াৰ উপৰি শেষৰ ফালে বয়সস্থ ৰূপটোত চুলি-দাঢ়িৰ বগা ৰং অপ্ৰাকৃতিক যেন লাগিল। বগা ৰং নেদেখুৱা হ’লেও গ্ৰহণযোগ্য হ’লহেঁতেন। আকৌ, কল্যাণ দত্ত নামৰ চৰিত্ৰটো অকাৰণতে সোনকালে মাৰি পেলোৱা যেন অনুভৱ হ’ল। অন্ততঃ শেষলৈকে থকা হ’লে বেছি ভাল লাগিলহেঁতেন।

ৰঘুপতিৰ প্ৰেমৰ পৰিণতি কি হ’ল, মাক-দেউতাকৰ অৱশেষ স্থিতি কি হ’ল আৰু নাৰী দেহ আৰু ড্ৰাগছৰ চক্ৰটোৰ সৈতে জড়িত মূল অপৰাধীজনক ৰঘুপতিয়ে বিনাশ কৰিলেও তাৰ সৈতে জড়িত চৰকাৰ বা প্ৰশাসনৰ মানুহবোৰৰ কি হ’ল— সেই সম্পৰ্কীয় কথাখিনি অস্পষ্ট হৈ ৰ’ল। কিন্তু এনে সৰু-সুৰা খুটি-নাতি থাকিলেও এক কথাত ক’ব পাৰি, নাৰীৰ ওপৰত অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে ‘শ্ৰী ৰঘুপতি’ এক সাহসী আৰু সৱল প্ৰতিবাদ৷

সংগীতৰ ক্ষেত্ৰত কাহিনীৰ গতিশীলতাত বাধা হ’ব পৰাকৈ গীত নাই, যিকেইটি গীত আছে, সেই কেইটি গীতৰ কথা, সুৰ, সংগীত সজ্জা খুবেই সুন্দৰ। আৱহ সংগীতেও ছবিখনৰ সফলতাত ইন্ধন যোগাইছে। এই দিশত অভিজ্ঞ সংগীত পৰিচালক প্ৰণয় দত্ত প্ৰশংসাৰ পাত্ৰ। গীতসমূহৰ লোকেশ্যন, দৃশ্যায়ন সঁচাই অতুলনীয় হৈছে। ডানিছ আহমেদৰ কথাৰে ‘নাৰায়ণ’ গীতটোৱে ছবিখনক অধিক উপভোগ্য কৰি তোলাই নহয়, দৰ্শকক আৱেগিক কৰিও তুলিছে।

শ্ৰী ৰঘুপতি চিনেমা ৰবি শৰ্মা

‘শ্ৰী ৰঘুপতি’ৰ সফলতাৰ অন্যতম কাৰক হৈছে একশ্যনৰ দৃশ্যসমূহ৷ বহুকেইটা একশ্যনৰ দৃশ্য আৰু বিশেষকৈ গীতৰ চিত্ৰগ্ৰহণ এক কথাত হিন্দী ছবি বা দক্ষিণৰ ছবিৰ সৈতে ফেৰ মাৰিব পৰা ধৰণৰ হৈছে। ছবিখন বাণিজ্যিকভাৱে সফল হোৱাৰ ইও এটা প্ৰধান কাৰক হ’ব পাৰে বুলি আমাৰ ভাৱ হয়। সম্প্ৰতি বিভিন্ন উন্নত প্ৰযুক্তি, থ্ৰী ডি, ফ’ৰ ডি চলচ্চিত্ৰ উপভোগ কৰা অসমীয়া দৰ্শক, বিশেষকৈ যুৱ প্ৰজন্মই যে কেৱল অসমীয়া ছবি হোৱা বাবেই ‘শ্ৰী ৰঘুপতি’ চাবলৈ গৈছে, সেই কথা নহয়, ছবিখনৰ মান, কাৰিকৰী প্ৰযুক্তি, কেমেৰাৰ ব্যৱহাৰ, কাহিনী, সংলাপ— এইবোৰত বিচৰাখিনি নাপোৱা হ’লে এনেদৰে কেতিয়াও ছবিঘৰলৈ হিলদ’ল ভাঙি নাযায়, গতিকে এই দিশবোৰ যথেষ্ট ভাল হোৱাৰ বাবেই ছবিখন ইতিমধ্যেই এখন বাণিজ্যিকভাৱে সফল ছবি হিচাপে পৰিগণিত হৈছে। প্ৰকৃতপক্ষে পৰিচালকৰ লগতে ৰবি শৰ্মাইও এই দিশতো যথেষ্ট সচেতনতা আৰু দক্ষতাৰ পৰিচয় দিছে বুলি ক’ব লাগিব। এক সন্তুলিত ৰূপত দৰ্শকে এক মুহূৰ্তও আমনি নোপোৱাকৈ কাহিনী আগুৱাই নিয়াত যুৱ পৰিচালক সুব্ৰত কাকতি সম্পূৰ্ণৰূপে সফল হৈছে বুলি ক’ব পাৰি। তেওঁৰ পৰা আমি আগলৈও ভাল ভাল ছবি আশা কৰিব পাৰোঁ৷

শেষত আশা কৰিছোঁ, ‘শ্ৰী ৰঘুপতি’য়ে অসমৰ ছবি উদ্যোগটোলৈ যি এক জোৱাৰ আনিলে, আশাৰ বতৰা কঢ়িয়াই আনিলে,— সেয়া স্থায়ী হওক। অসমীয়া ছবিৰ ঐতিহাসিক পৰিক্ৰমাত আহিবলগীয়া দিনত বহু নতুন ছবিয়ে এনে নতুন নতুন অভিলেখ গঢ়ক। অসমীয়া ছবিৰ ভাল দিনবোৰ আকৌ ঘূৰি আহক।

❧ | আৰু পঢ়ক:

শ্ৰী ৰঘুপতি: দৰ্শক হিচাপে কিছু ক’বলগীয়া | হিমাংশু ৰণ্‌জন ভূঞা