অনুজ কুমাৰ শৰ্মাৰ কবিতা

আমন্ত্ৰণ

তোমাৰ কলিজাৰ ফুলপাহ
ধূপ হৈ জ্বলিছে
মোৰ সমগ্ৰ সত্তাত
সুগন্ধ বিয়পিছে।

ৰ'দে বৰষুণে তুমি
মোৰ কাষতে থকাৰ কথা
ধান পকোঁতেই তুমি গুচি গ'লা
পাৰিলে ন-সাজ খাবলৈ আহিবা।

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz