নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

উপন্যাসৰ আলোকত সতী জয়মতী জুৰী বৰা বৰগোহাঞিৰ ‘নাং-ফা’

উপন্যাসৰ আলোকত সতী জয়মতী জুৰী বৰা বৰগোহাঞিৰ ‘নাং-ফা’

একবিংশ শতিকাৰ পৰিৱৰ্তিত চিন্তাধাৰা, আধুনিক সমাজ ব্যৱস্থা তথা তথ্য-প্রযুক্তিৰ উদ্ভাৱনী ব্যৱহাৰে অসমীয়া সাহিত্য জগতলৈ এক নতুন জোৱাৰ আনিছে। বৰ্তমান সময়ত সাহিত্যৰ বিষয়বস্তু, গঠনৰীতি, দৃষ্টিভংগী আৰু আদৰ্শ সকলোতে নতুনত্বই প্রভাৱ বিস্তাৰ কৰিছে। এই সময়ছোৱাত ঘটি যোৱা বহুতো ঘটনাই অসমীয়াৰ জাতীয়তাবাদী চিন্তাক নকৈ উদ্বুদ্ধ কৰিছে। ইয়ে সাম্প্ৰতিক লেখক-লেখিকাসকলক অসমৰ গৌৰৱময় ইতিহাস তথা অতীতৰ সমাজ ব্যৱস্থাক সাঙুৰি এক ঐতিহ্য চেতনা আৰু দেশপ্রেমৰ চিন্তাধাৰাক প্ৰৱাহিত কৰাত প্রেৰণা যোগাইছে। এই সময়ছোৱাত ৰচনা কৰা বহুকেইখন বুৰঞ্জীমুলক অসমীয়া উপন্যাসে ইতিমধ্যে পাঠকৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত ভিন্ন পটভূমিৰ কেইবাখনো উপন্যাসেৰে পাঠকৰ মাজত বহুল সমাদৃত জুৰী বৰা বৰগোহাঞিৰ নাৰী চৰিত্রৰ প্রাধান্যৰে নাৰীৰ দেশপ্রেমক প্রতিফলিত কৰা উপন্যাস ‘নাং-ফা’ অন্যতম।

আহোমৰ ৰাজত্ব কালৰ ৰাজনৈতিক, সমাজিক আৰু সাংস্কৃতিক দিশৰ ওপৰত প্রতিষ্ঠিত উপন্যাস ‘নাং-ফা’ অসমৰ গৌৰৱ সতী জয়মতীৰ জীৱন গাথাৰ এক জীৱন্ত দলিলস্বৰূপ। ‘নাং-ফা’— এটা টাই ভাষাৰ শব্দ, ইয়াৰ অৰ্থ— ৰাজকুমাৰী। এই উপন্যাসখনৰ জৰিয়তে লেখিকাই জয়মতী সন্দৰ্ভত চলি থকা কিংবদন্তী, লোককথা আৰু বিতৰ্কবোৰক চালিজাৰি চাই নানা সামাজিক ঘটনা-পৰিঘটনাৰ অলিখিত ইতিহাসক সাঙুৰি এখন গৱেষণামুলক উপন্যাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে। বিষয়বস্তুৰ গভীৰতা আৰু স্বকীয় উপস্থাপন শৈলীৰ বাবে উপন্যাসখন সুখপাঠ্য হৈ উঠিছে। কাহিনীৰ ব্যাপ্তি আৰু চৰিত্রসমুহৰ অন্তৰ্দ্বন্দ্ব তথা মানসিক জগতখনৰ সৈতে লেখিকাই খুব সচেতনভাৱে পাঠকক মুখামুখি কৰাত সফল হৈছে।

আৰু পঢ়িব পাৰে

প্রকাশক প্রদ্যুৎ হাজৰিকা (বনলতা, নতুন বজাৰ, ডিব্রুগড়-১)ৰ মতে— নাং-ফা যদিও এখন উপন্যাস, তাত পাদটীকা উল্লেখ কৰাটো লেখিকাৰ এক সু-প্রচেষ্টা, যাৰ বাবে পাঠকে চিন্তা কৰিবলৈ আৰু আলোচনা কৰিবলৈ সমল বিচাৰি পাব। উপন্যাসখন পঢ়ি উঠাৰ পাছত প্রতিজন পাঠকৰে অনুভৱ হ’ব যে ‘নাং-ফা’ এখন ঐতিহাসিক সমলেৰে স্বকীয় আংগিক বজাই ৰখা এখন সফল উপন্যাস।

জয়মতীৰ চৰিত্রটো লেখিকাই সূক্ষ্ম বিশ্লেষণেৰে এক জীৱন্ত ৰূপত দাঙি ধৰিছে। তেখেতে কি এক অতুলনীয় ৰূপত নায়িকাৰ সৌন্দৰ্য বৰ্ণনা কৰিছে যেন সাক্ষাৎ জয়মতীয়েই আহি অৱস্থান কৰিছে পাঠকৰ সন্মুখত। সেই সময়ত ছোৱালীৰ ঘৰুৱা কাম-বন শিকাৰ লগতে তাঁত শিকাও যে বাধ্যতামুলক আছিল, তাকো উল্লেখ কৰি গৈছে উপন্যাসখনত। সামাজিক নীতি-নিয়মসমুহ ছোৱালীৰ পুষ্পিতাকালত কেনেদৰে পালন কৰিছিল, সেইখিনি অতি সাৱলীলকৈ উপস্থাপন কৰিছে নায়িকাৰ চৰিত্রটোত।

জয়মতীৰ পিতৃ লাইথেপেনা বৰগোহাঁই আহোম সাম্রাজ্যৰ এজন সুদক্ষ মন্ত্রী আছিল। নিজৰ দেশৰ বাবে প্রাণ আহুতি দিবলৈ জয়মতীয়ে যে পিতৃসুত্রে এটা সুন্দৰ ঘৰুৱা পৰিৱেশ পাইছিল, সেই বিষয়ে খুব সুন্দৰকৈ বৰ্ণনা কৰাত সফল হৈছে লেখিকা। উপন্যাসখনৰ আৰম্ভণিতে তাৰ উমান দিছে এনেদৰে—

‘জয়মতী হয়তো আন ছোৱালীৰ দৰে একোকে নজনা এজুপি মাধৈমালতী লতা নহয়। অথবা অলকা মাহীআইতাকহঁতৰ দৰে ল’ৰামতীয়া নহয়। তাইৰ বুদ্ধিমত্তা আছে। বুজন ক্ষমতা আছে। তাতকৈ ডাঙৰ কথা, জয়মতীৰ ৰাজনীতিৰ জ্ঞান আছে। এইখন ঘৰৰ সকলোৱে জানে সেই কথা। দেশৰ কথা জানিব- বুজিব পৰা হ’বলৈকে জয়মতীৰ স’তে আপুতিয়েকে সকলো কথাই আলোচনা কৰিছে। সেয়ে আন ছোৱালীৰ দৰে তাইৰ জীৱন নহয়।‘

জয়মতীৰ বুদ্ধিদীপ্ততাত আপুতিয়েক (মানে দেউতাক)ৰ চকু থৰ হৈ ৰৈছিল। তাইক ছোৱালী হোৱাতকৈ ল’ৰা হৈ জন্ম লোৱাই ভাল আছিল বুলি মনে মনে ভাবে দেউতাকে।

গদাপাণি আৰু জয়মতীৰ প্রথম দৰ্শনে হৃদয়ত প্রৱাহিত কৰা প্রেমৰ খৰস্ৰোতা সুঁতিক এক অনন্য ৰূপত সজাই তুলিছে উপন্যাসখনত। সম্পূৰ্ণ ৰাজকীয় পৰম্পৰাৰে সম্পন্ন হোৱা বিবাহৰ বৰ্ণনাই পাঠকক আপ্লুত কৰিছে। সদ্যবিবাহিত গদাপাণি আৰু জয়মতীৰ বাৰ্তালাপত প্রতিফলিত হোৱা আহোম ৰাজ্যৰ অনেক ৰাজনৈতিক আৰু সামাজিক টুকুৰা ছবিয়ে পাঠকক সেই সময়ৰ সমাজনীতি আৰু ৰাজনীতিৰ জ্ঞান আয়ত্ব কৰাত যথেষ্ট সহায় কৰিছে।

শাহু-বোৱাৰীৰ মাজত সশ্রদ্ধ স্নেহ প্রকট হৈ উঠিছে জয়মতী আৰু সিদ্ধেশ্বৰী কুঁৱৰীৰ মাজৰ সম্পকৰ্ত। সন্তানসম্ভৱা জয়মতীক তেওঁলোকৰ পুলিন পু-থা-ও (পুৰ্ব পুৰুষ)ৰ সাহস আৰু বীৰত্বৰ কাহিনী শাহুৱেকে কোৱাৰ চলেৰে আহোম সাম্রাজ্যৰ বহুখিনি কথা পাঠকৰ আগত দাঙি ধৰাৰ চেষ্টা শলাগ ল’বলগীয়া। সময়ৰ লগে লগে কুটিল ৰাজনীতিৰ কৱলত পৰি ইজনৰ পিছত সিজনকৈ চাওফা (স্বৰ্গদেউ)ৰ মৃত্যু আৰু লগতে একে কু-চক্রান্তৰ বলি হৈ গদাপাণিৰ পিতৃ গোবৰ কোঁৱৰৰ মৃত্যুলৈকে— এই আটাইখিনি কথা পাঠকৰ মানসপটত তুলি ধৰাত লেখিকাই বিশেষ পাৰদৰ্শিতা দেখুৱাইছে।

কেইজনমান বিষয়াৰ আত্মস্বাৰ্থৰ অভিসন্ধিত কেনেদৰে, ক’ত গদাপাণি পলাই থাকিব লগা হৈছিল? এই পৰিস্থিতিৰ বাবে জয়মতীয়ে নিজক আৰু শাহুৱেকক কেনেদৰে প্রস্তুত কৰিছিল? দুই পুত্ৰ— লাই আৰু লেচাইৰ জীৱন সুৰক্ষিত কৰিবলৈ জয়মতীয়ে মায়া-মোহ সকলো ত্যাগ কৰাৰ মৰ্মান্তিক ঘটনাখিনি অধিক মনোগ্রাহীকৈ প্রকাশ কৰাত লেখিকা সৰ্বতোপ্রকাৰে সফল হৈছে। বুৰঞ্জীমূলক পটভূমিৰ এটা কাহিনীক উপন্যাসৰ আকাৰে সজাওঁতে বহুখিনি সীমাবদ্ধতা আহি পৰে। এই ক্ষেত্রত প্রয়োজন হয় লেখিকাৰ প্রচুৰ অধ্যয়ন আৰু মানসিক প্রস্তুতিৰ, ‘নাং-ফা’ৰ জৰিয়তে তেনে অধ্যয়ন আৰু চৰিত্রৰ মাজত জুৰী বৰা বৰগোহাঞিৰ বিচৰণ সুন্দৰভাৱে প্রতিভাত হৈছে।

গদাপাণিক বিচাৰি নাপাই আহোম ৰাজবংশৰ ৰমণী, তুংখুঙীয়া ফৈদৰ গদা কোঁৱৰৰ কুঁৱৰী, লাইথেপেনা সলাল গোহাঁইৰ জীয়ৰী জয়মতীক ৰজাৰ ৰাজসভাত হাজিৰ কৰাবলৈ আদেশ দিয়ে চাওফাদেৱে। জয়মতীয়েও আদেশ পালন কৰি যথা সময়ত দেশৰ সকলো নিয়ম ভঙ্গ কৰি ৰাজসভাত থিয় হয়। অপৰাধী হৈ হাজিৰ হোৱা জয়মতীয়ে মূৰৰ ওপৰত থকা সকলো ৰজাঘৰীয়া সন্মান খহাই পেলাইছে। এই সময়ত ৰাজমাৱে এই খবৰ পাই বাটলুগুটি খেলা বয়সৰ পুতেকটোক ৰজাৰ আসনত বহুওৱাৰ মূৰ্খামিত নিজে অসহায়বোধ কৰাকে ধৰি ধৰ্মকান্ত ন্যায়সোধা ফুকনৰ ভীষণ মানসিক দ্বন্দ্বক সুন্দৰকৈ অংকন কৰিছে। ইফালে ভাৱলেশহীনভাৱে সাতখলপীয়া সিংহাসনত বহি থকা নাবালক চাওফাদেও আৰু লালুকসোলা বৰফুকনৰ চকুত চিকমিকাই থকা চিকাৰ ধৰা আনন্দৰ লগতে সমস্ত ৰাজচ’ৰাৰ অতুলনীয় বৰ্ণনাত বাংময় হৈ উঠিছে উপন্যাসখন।

জয়মতীৰ মুখৰ পৰা গদাপাণিৰ একো খবৰ উলিয়াব নোৱাৰি জেৰেঙা পথাৰত জয়মতীক বান্ধি ৰখা হৈছিল কোঁটকোৰা গছত। সৌকাৰ কোব, চোৰাত পাতৰ ভকভকনি— এই সকলোবোৰে যেন হাৰ মানিছিল জয়মতীৰ অটল সিদ্ধান্তত। এসময়ত গদাপাণিৰ আগমনত তেওঁৰ যন্ত্রণাবিদ্ধ শৰীৰৰ ওপৰিও চকুহালত আকূতি আৰু দেশ ৰক্ষাৰ ভাব প্রকট হৈ আছিল। এইখিনি সময়ত লেখিকাই শব্দৰ সুন্দৰ বিন্যাসেৰে সাৱলীলকৈ বৰ্ণনা কৰা এটা এটা কথাই পাঠকৰ হৃদয়ত সৃষ্টি কৰিব পৰা হাহাকাৰৰ অনুভৱৰ কথা উল্লেখনীয়।

চ’ত মাহৰ বাৰ তাৰিখ, শুকুৰবাৰ। পুৱাৰ পোহৰৰ জিলিঙনি আহি জয়মতীৰ শৰীৰত পৰিছিলহি। দুটামান দীঘল দীঘল উশাহ লৈ জেৰেঙা পথাৰৰ মাজতে জয়মতীৰ তেজ-মঙহৰ শৰীৰ চিৰদিনৰ কাৰণে নিথৰ হৈ পৰিল। কাকো একো নোকোৱাকৈ, কাৰো ওপৰত অভিমান নকৰাকৈ বৰ কষ্টেৰে সকলো অত্যাচাৰ মূৰ পাতি লৈ শেষ হৈ গ’ল জয়মতী কুঁৱৰী,— লাইথেপেনাৰ আদৰৰ জী জয়া, গদা কোঁৱৰৰ মৰমৰ কুঁৱৰী জয়মতী, সিদ্ধেশ্বৰী কুঁৱৰীৰ মৰমৰ প্লাউ (বোৱাৰী), লাই-লেচাই ফুলকুমলীয়া ল’ৰা দুটাৰ চেনেহৰ আইতাক (মাক) আৰু গৰ্ভত থকা পৃথিৱীৰ পোহৰ নেদেখা এটা সন্তান। চাউদাঙৰ লগতে থৰ লাগি চাই ৰৈছিল গিদাগাঁঠি হাজৰিকা আৰু লালুকসোলা বৰফুকনে।

কোনেও নাজানিলে চৰম সত্যটি— কোনে, ক’ত জয়মতী কুঁৱৰীক মৈদাম দিলে। সোণ, ৰূপ, লগুৱা-লিকচৌৰে মৈদাম দিব লগা তুংখুঙীয়া কুঁৱৰীৰ শেষ শয়ন যে জেৰেঙাৰ কোনোবা পিতনিত, সেই কথা কোনেও নাজানিলে। একমাত্র লালুকসোলাৰ বাদে সেই সময়ত যে তাত কোনোৱেই উপস্থিত থাকিব পৰা নাছিল! অচিন-অজ্ঞাত স্থানত শেষ শয়ন কৰিলে গদাধৰৰ প্রাণৰো প্রাণৰ পত্নী সতী জয়মতীয়ে।
উপন্যাসখনত ৰোমাঞ্চ আছে, চাঞ্চল্য আছে, গভীৰ মনস্তাপ আছে, শত্রুৰ ভয়াবহতা আছে আৰু আছে আহোম ৰাজত্ব কালৰ পৰিৱেশৰ নিখুঁত প্রকাশ। মানৱীয় প্রেম আৰু ৰাজভোগৰ চৰম লোলুপতা উভয়েই সুন্দৰকৈ ফুটি উঠিছে বুলিব পাৰি। চৰিত্রৰ যথাৰ্থ অংকন আৰু সংলাপৰ যথাৰ্থতাই উপন্যাসখনত সোণত সুৱগা চৰাইছে। পাঠকে অতি উৎকণ্ঠাৰে সৈতে উপন্যাসখনৰ শেষ শব্দটোলৈকে পঢ়িবলগীয়া হোৱাটো উপন্যাসখনৰ অন্যতম বৈশিষ্ট্য।

Nang Fa book cover
নাং-ফা

সমাজত প্ৰচলিত কিংবদন্তী, লোককথাৰ আলমত জয়মতীৰ জীৱন কাহিনীক উপন্যাসৰ ৰূপ দিবলৈ যাওঁতে লেখিকাই ইতিহাসৰ ধাৰাটোৰ ক্ষেত্ৰত কিছু এৰা-ধৰা কৰা পৰিলক্ষিত হৈছে। লেখিকাই অৱশ্যে এই বিষয়ে পাতনিত উল্লেখ কৰিছে যে বুৰজ্ঞীসমূহৰ সমলবোৰ সাধ্যানুসাৰে খোকোজা নলগাকৈ ৰাখি যাবলৈ যত্ন কৰা হৈছে। সকলো দিশ বিশ্লেষণ কৰি এক কথাত ক’বলৈ গ’লে, অসমীয়া সাহিত্যক সমৃদ্ধ কৰিব পৰাকৈ ‘নাং-ফা’ এখন উল্লেক্ষণীয় গ্রন্থ।

নাং-ফা: জুৰী বৰা বৰগোহাঞিৰ উপন্যাস

  • প্ৰকাশক: বনলতা, নতুন বজাৰ, ডিব্রুগড়-১
  • ষষ্ঠ প্ৰকাশ: মাৰ্চ ২০১৬
  • পৃষ্ঠা সংখ্যা: ৩৯৪
  • মূল্য: ২৮০ টকা
  • ISBN: 978-81-7339-499-7
HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক