ফাগুনৰ গান

ফাগুন যেন মিঠা প্রেমৰ এটা গুণগুণ সুৰ
যি সুৰে লঠঙা ডালত ৰং সানে
মন হৈ পৰে উন্মন

বতাহত কঁপি থকা
মোৰ হৃদয়ৰ বতৰা বিচাৰি
ৰিঙা ৰিঙা এই মায়াসনা দুপৰীয়া
কোনেনো বজায়
উদং পথাৰত ফাগুনৰ সুহুৰি
পাখি মেলি সপোন এজাক
উৰা মাৰে গোপনে গোপনে।

ছবি: কংকণ হাজৰিকা

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

avatar