জ্ঞানপীঠ বঁটা আৰু এই বঁটা বিজয়ী সাহিত্যিকসকল

জ্ঞানপীঠ বঁটা আৰু এই বঁটা বিজয়ী সাহিত্যিকসকল
  • 07 Dec, 2021

ভা ৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান হিচাপে জ্ঞানপীঠ বঁটা (Jnanpith Award) ‘ভাৰতীয় জ্ঞানপীঠ’-এ ১৯৬৫ চনৰ পৰা প্ৰদান কৰি আহিছে। ভাৰতীয় জ্ঞানপীঠ অনুষ্ঠানটি বিশিষ্ট উদ্যোগপতি সাহু শান্তি প্ৰসাদ জৈনে ১৯৪৪ চনত প্ৰতিষ্ঠা কৰিছিল।

ভাৰতীয় ২৩টা সংবিধান স্বীকৃত ভাষাৰ সাহিত্য-ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা লেখকক এই বঁটা প্ৰদান কৰা হয়। ১৯৮১ চনলৈকে লেখকৰ কোনো এখন গ্ৰন্থৰ বাবে এই বঁটা আগবঢ়োৱা হৈছিল যদিও পৰৱৰ্তী সময়ত লেখকৰ সামগ্ৰিক সাহিত্যিক অৱদানৰ ভিত্তিত জ্ঞানপীঠ বঁটা আগবঢ়োৱা পৰম্পৰা প্ৰচলন কৰা হয়।

জ্ঞানপীঠ বঁটাত মানপত্ৰ, নগদ অৰ্থমূল্য আৰু সৰস্বতীৰ এটি ব্ৰঞ্জৰ মূৰ্তি প্ৰদান কৰা হয়। বিভিন্ন সময়ত পুৰস্কাৰৰ অৰ্থমূল্য নতুনকৈ নিৰ্ধাৰিত কৰা হৈ অহা জ্ঞানপীঠ বঁটাৰ অৰ্থমূল্য ২০১৫ চনত ১১ লাখ টকালৈ বৃদ্ধি কৰা হয়।

২৩টা ভাষাৰ ভিতৰত এতিয়ালৈকে ১৬টা ভাষাৰ লেখকে জ্ঞানপীঠ বঁটা লাভ কৰিছে। অসমীয়া ভাষাৰ তিনিজন লেখকে জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছে। তেখেতসকল হৈছে— বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (১৯৭৯), ড° ইন্দিৰা গোস্বামী (মামণি ৰয়ছম গোস্বামী) (২০০০) আৰু নীলমণি ফুকন (২০২০/ ঘোষণা ২০২১ চনত কৰা হয়)।

ভাষা ভিত্তিক জ্ঞানপীঠ পুৰস্কাৰৰ সংখ্যা:

ভাষাজ্ঞানপীঠৰ সংখ্যা
হিন্দী১১
কন্নড়
মালায়ালম
বাংলা
গুজৰাটী
উৰ্দু
ওড়িয়া
মাৰাঠী
তেলুগু
অসমীয়া
তামিল
পঞ্জাবী
কোংকনি
কাশ্মীৰি
সংস্কৃত
ইংৰাজী
মুঠ৬২

জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিকসকল:

চনসাহিত্যিকৰ নামভাষা
১৯৬৫জি শঙ্কৰ কুৰুপমালয়ালম
১৯৬৬তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়বাংলা
১৯৬৭উমাশঙ্কৰ যোশীগুজৰাটী
১৯৬৭কে ভি পুট্টাপ্পাকন্নড়
১৯৬৮সুমিত্ৰানন্দন পন্তহিন্দী
১৯৬৯ফিৰাক গোৰখপুৰীউৰ্দু
১৯৭০ভি সত্যনাৰায়ণতেলুগু
১৯৭১বিষ্ণু দেবাংলা
১৯৭২আৰ এচ দিনকৰহিন্দী
১৯৭৩দি আৰ বেন্দ্ৰেকন্নড়
১৯৭৩গোপীনাথ মোহান্তিওড়িয়া
১৯৭৪ভি এচ খান্দেকাৰমাৰাঠী
১৯৭৫পি ভি অকিলানডামতামিল
১৯৭৬আশাপূৰ্ণা দেবীবাংলা
১৯৭৭কে এচ কাৰান্থকন্নড়
১৯৭৮এচ এইছ ভি অজ্ঞেয়হিন্দী
১৯৭৯বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যঅসমীয়া
১৯৮০এচ কে পোট্টেক্কাট্টমালয়ালম
১৯৮১অমৃতা প্ৰীতমপঞ্জাবী
১৯৮২মহাদেৱী বৰ্মাহিন্দী
১৯৮৩মাস্তি ভি আয়েঙ্গাৰকন্নড়
১৯৮৪থাকাজি এচ পিল্লাইমালয়ালম
১৯৮৫পান্নালাল পটেলগুজৰাটী
১৯৮৬সচ্চিদানন্দ ৰাউতৰয়ওড়িয়া
১৯৮৭ভি ভি এচ কুসুমাগ্ৰজমাৰাঠী
১৯৮৮চি নাৰায়ণ ৰেড্ডীতেলুগু
১৯৮৯কুৰেটুলেন হাইদাৰউৰ্দু
১৯৯০ভি কে গোকককন্নড়
১৯৯১সুভাষ মুখোপাধ্যায়বাংলা
১৯৯২নৰেশ মেহতাহিন্দী
১৯৯৩সীতাকান্ত মহাপাত্ৰওড়িয়া
১৯৯৪ইউ আৰ অনন্তমূৰ্তিকন্নড়
১৯৯৫এম টি বাসুদেৱন নায়াৰমালয়ালম
১৯৯৬মহাশ্বেতা দেৱীবাংলা
১৯৯৭আলি সৰদাৰ জাফ্ৰিউৰ্দু
১৯৯৮গিৰিশ কাৰ্ণাডকন্নড়
১৯৯৯নিৰ্মল বাৰ্মাহিন্দী
১৯৯৯গুৰদয়াল সিংপঞ্জাবী
২০০০ইন্দিৰা গোস্বামী (মামণি ৰয়ছম গোস্বামী)অসমীয়া
২০০১ৰাজেন্দ্ৰ শ্বাহগুজৰাটী
২০০২ডি জয়কান্তনতামিল
২০০৩বিন্দা কৰন্দিকাৰমাৰাঠী
২০০৪ৰহমান ৰাহিকাশ্মীৰি
২০০৫কুঁৱৰ নাৰায়ণহিন্দী
২০০৬ৰবীন্দ্ৰ কেলেকাৰকোংকনি
২০০৬সত্যব্ৰত শাস্ত্ৰীসংস্কৃত
২০০৭অ’ এন ভি কুৰুপমালয়ালম
২০০৮শাহৰিয়াৰউৰ্দু
২০০৯অমৰকান্তহিন্দী
২০০৯শ্ৰীলাল শুক্লাহিন্দী
২০১০চন্দ্ৰশেখৰ কম্বাৰকন্নড়
২০১১প্ৰতিভা ৰায়ওড়িয়া
২০১২ৰাভুৰি ভৰত্বাজতেলুগু
২০১৩কেদাৰনাথ সিংহিন্দী
২০১৪ভালচন্দ্ৰ নেমাডেমাৰাঠী
২০১৫ৰঘুবীৰ চৌধৰীগুজৰাটী
২০১৬শংখ ঘোষবাংলা
২০১৭কৃষ্ণা চোবতিহিন্দী
২০১৮অমিতাভ ঘোষইংৰাজী
২০১৯অক্কিতমমালয়ালম
২০২০নীলমণি ফুকনঅসমীয়া
২০২১দামোদৰ মাওজোকোংকনি
জ্ঞানপীঠ বঁটা আৰু এই বঁটা বিজয়ী সাহিত্যিকসকল | তপোবন মিশ্ৰ

Follow Nilacharai on Facebook