কিম্বদন্তী-ইতিহাসৰ পৰা সাহিত্য-সংস্কৃতিলৈ বৈ থকা বৰলুইত

প্ৰকাশ: ১৬ মে, ২০১৮ | অন্তিম সম্পাদনা: ২ নৱেম্বৰ, ২০২১

যিকোনো দেশৰ বা জাতিৰ সভ্যতাৰ বুৰঞ্জী অধ্যয়ন কৰিলে দেখা যায় যে সেই সভ্যতা গঢ়ি উঠাৰ ক্ষেত্ৰত প্ৰকৃতিৰ গুৰুত্বপূৰ্ণ অৱদান থাকে। প্ৰকৃতিৰ অৱদানৰ ভিতৰত নদ-নদীৰ অৱদানেই অতি গুৰুত্বপূৰ্ণ।

এতিয়ালৈকে যিবোৰ প্ৰাচীন সভ্যতা আৱিষ্কাৰ হৈছে, সেই সকলোবোৰেই কোনো নদী অৱবাহিকাত গঢ়ি উঠা সভ্যতা। প্রাচীন মিচৰীয় সভ্যতা গঢ়ি উঠিছিল নীল নৈৰ পাৰত। সেয়ে সেই সভ্যতাক নীল নৈৰ দান (Gift of the Nile) বুলি কোৱা হয়। ইউফ্রেটিছ আৰু টাইগ্ৰিছ নৈৰ পাৰত জন্ম হৈছিল বেবিলনীয় আৰু এচিৰীয় সভ্যতাৰ। ভাৰতীয় প্রাক-আৰ্য সভ্যতাৰো উৎপত্তি হৈছিল সিন্ধু নৈৰ উপত্যকাত। পাছলৈ আৰ্যসকলে ক্ৰমে গংগা, যমুনা তথা ব্ৰহ্মপুত্ৰ উপত্যকা আগুৰি ধৰে।

অসমৰ সভ্যতা-সংস্কৃতিৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ নদৰ অৱদান গুৰুত্বপূৰ্ণ। একেষাৰে ক’বলৈ গ’লে অসমৰ সভ্যতা, সংস্কৃতি, অসমৰ জনজীৱন আৰু সামাজিক জীৱনৰ গতি নিয়ন্ত্ৰণ কৰিছে ব্ৰহ্মপুত্র-লৌহিত্য-লোহিত্য বা লুইতে। অৱশ্যে ‘ব্ৰহ্মপুত্ৰ’ শব্দতকৈ ‘লুইত’ আৰু ‘লৌহিত্য’ শব্দৰ প্ৰয়োগ আগতীয়া।

ব্ৰহ্মাৰ পুত্ৰ হোৱা বাবে এই নদৰ নাম ‘ব্ৰহ্মপুত্ৰ’। কিন্তু ব্ৰহ্মাই নিজে তেওঁৰ পুত্ৰৰ নাম ৰাখিছে লৌহিত। লোহিত সৰোবৰৰ পৰা ওলোৱা কাৰণে ইয়াৰ নাম হৈছে ‘লোহিত্য’। ডঃ সুনীতি কুমাৰ চেটাৰ্জীয়ে ভাষাতাত্ত্বিক বিশ্লেষণ কৰি কৈছে— ‘লুইত’ৰ পৰা সংস্কৃতত আর্য প্ৰভাৱ পৰি লৌহিত্য হৈছে। আমাৰ গীতি-সাহিত্যসমূহত ‘লুইত’ শব্দৰ ব্যৱহাৰহে অধিক।

বড়ো ভাষাত ‘বুল্লুনবুথুৰ’ (‘Bullunbuthur) শব্দৰ অৰ্থ হৈছে ‘River of bubbling water’ আৰু ইয়ে ব্ৰহ্মপুত্ৰক বুজায়। ঠিক তেনেদৰে টাই ভাষাত ব্ৰহ্মপুত্ৰৰ নাম— ‘নাম-ডাওফি’ (Nam-Dau-Phi), অৰ্থ হৈছে ‘River of the star-God’। তেনেকৈ লুইত বুজোৱা টাই ভাষাৰ শব্দ হৈছে— ‘খে-নাম-টি-লাও’। ডঃ চেটাৰ্জীয়ে তেখেতৰ ‘The Place of Assam in the History and Civilisation of India’ নামৰ গ্ৰন্থত উপৰিউক্ত কথাখিনি উল্লেখ কৰিছে, আৰু অসমৰ চিনাকি দিছে ‘Assam is the land of the Brahmaputra’ বুলি।

‘নদী’ শব্দ স্ত্রীলিঙ্গ বাচক। পৃথিবীৰ প্ৰায়বােৰ নদীয়েই স্ত্রীলিঙ্গৰ। কিন্তু ব্যতিক্ৰম আমাৰ ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত। ব্ৰহ্মপুত্র স্ত্রী নহয়, পুৰুষহে; সেয়ে ব্ৰহ্মপুত্ৰ নদহে, নদী নহয়।

ব্ৰহ্মপুত্ৰৰ জন্ম ৰহস্য অধ্যয়ন কৰিলেই ইয়াৰ গূঢ়াৰ্থ জানিব পৰা যায়। পদ্মপুৰাণ আৰু কালিকা পুৰাণত ব্ৰহ্মপুত্ৰৰ জন্ম কাহিনী আছে। গ্ৰন্থ দুখনত বর্ণিত জন্ম কাহিনীৰ মাজত কিছু কিছু অমিলো আছে। যিহেতু কালিকাপুৰাণ কামৰূপত ৰচিত, এতেকে এই গ্ৰন্থত বর্ণিত কাহিনীকে আমি ইয়াত উদ্ধত কৰিলো— কৈলাশৰ ওচৰৰ মৰ্যদা পৰ্বতত শান্তনু ঋষিয়ে সপত্নীক বাস কৰিছিল। ঋষি পত্নীৰ নাম অমােঘা। এদিন ঋষি ফল-মূল আহৰণৰ বাবে আশ্ৰমৰ বাহিৰলৈ যায়। তেনে সময়তে ব্ৰহ্মা আহি আশ্রমত অমোঘাক অকলশৰীয়া অৱস্থতি দেখা পাই তেওঁৰ ৰূপ-লাৱণ্যত মোহিত হৈ সম্ভোগ কৰিবলৈ উদ্যত হ’ল। তেতিয়া অমোঘাই ব্ৰহ্মাৰ আলিঙ্গন প্ৰত্যাখান কৰি ভিতৰ সোমাই দুৱাৰত দাং দিলে আৰু ব্ৰহ্মাক শাপ দিব খুজিলে। শাপৰ ভয়ত ব্ৰহ্মা আশ্রম এৰি গুচি গ’ল যদিও অতিশয় কামোন্মত্ত হোৱাত ব্ৰহ্মাৰ বীৰ্য স্খলিত হ’ল। অলপ পাছত শান্তনু ঋষি ঘূৰি আহি চোতালত হাঁহৰ খোজ (ব্ৰহ্মাৰ বাহন ৰাজহংস) আৰু তেজোময় বীৰ্য ভূতলত পৰি থকা দেখি পত্নীক তাৰ কাৰণ সুধিলে। অমোঘাই সবিশেষ জনালত ঋষিয়ে ধ্যান কৰি জানিব পাৰিলে যে জগতৰ হিতৰ কাৰণেই ব্ৰহ্মা আশ্রমত উপস্থিত হৈ ঋষিৰ প্ৰতি কৃপা পৰবশ হৈ অমোঘাক বলাৎকাৰ নকৰি ব্ৰহ্মবীৰ্য ত্যাগ কৰি গ’ল। তেতিয়া ঋষিয়ে অমোঘাক সেই বীৰ্য পান কৰিবলৈ আদেশ দিলে। পতিপৰায়ণা অমোঘাই পৰবীৰ্য পান কৰিবলৈ আৰু আনহাতে স্বামীৰ আদেশ লঙ্ঘন কৰিবলৈ টান পালে। তেওঁ ঋষিক সেই বীৰ্য পান কৰি উচ্ছিষ্ট প্ৰসাদ ৰূপে দিবলৈ প্ৰাৰ্থনা জনোৱাত ঋষিয়ে সেই বীৰ্য পান কৰিলে আৰু পাছত অমোঘাৰ গৰ্ভ সঞ্চাৰ ঘটোৱালে। কালক্ৰমত অমোঘাই এটি জলপিণ্ড প্রসৱ কৰিলে আৰু সেই জলপিণ্ডৰ মাজতেই ৰত্নমালা বিভূষিত, নীলবস্ত্ৰ পৰিহিত, কিৰিটিধাৰী, ৰক্তগৌৰবৰ্ণ, চতুৰ্ভূজ, পদ্ম-বিদ্যা-ধ্বজ শক্তিধাৰী শিশু, ব্ৰহ্মাৰ পুত্ৰক দেখা পালে। এইদৰে জন্ম হোৱা ব্ৰহ্মপুত্ৰক শান্তনু ঋষিয়ে তেতিয়া কৈলাশ, গন্ধমাদন, জাৰুধি আৰু সম্বর্তক— এই চাৰি পৰ্বতৰ মাজত জগতৰ মঙ্গলৰ হেতু স্থাপন কৰে। ব্ৰহ্মাৰ পুত্ৰ এই জলপিণ্ডৰ মাজত সোমাই থাকিল। চাৰি পৰ্বতৰ মাজৰ এই জলৰাশিৰ নামেই হ’ল ব্ৰহ্মপুত্ৰ।

হিন্দু শাস্ত্ৰই অৱতাৰবাদ বিশ্বাস কৰে। ভগৱানৰ ষষ্ঠ অৱতাৰ হ’ল পৰশুৰাম। পৰশুৰামৰ পিতৃৰ নাম জমদগ্নি। এদিন জমদগ্নিয়ে তেওঁৰ স্নানৰ বাবে পানী আনিবলৈ পত্নী ৰেণুকাক গংগালৈ পঠালে। ৰেণুকা গংগাৰ পাৰলৈ গ’ল আৰু গংগাত চিত্ৰৰথে কামিনীসকলৰ সৈতে জলকেলি কৰি থকা দৃশ্যত বিমোহিত হৈ পৰাত পানী অনা পলম হ’ল। ইফালে জমদগ্নিয়ে ধ্যান কৰি পত্নীয়ে জলকেলি উপভোগ কৰি থকাৰ কথা জানিব পাৰি খঙত বিতত হৈ পুত্ৰসকলক মাকক হত্যা কৰিবলৈ আদেশ দিলে। তেতিয়া প্ৰথম চাৰি পুত্ৰ অমান্তি হ’ল আৰু পঞ্চম পুত্ৰ পৰশুৰামে হাতৰ পৰশু কুঠাৰেৰে মাকৰ মূৰ কাটি পেলালে। মাতৃহত্যা পাপত পতিত হোৱাত তেওঁৰ হাতৰ পৰা কুঠাৰখন নেৰোৱা হ’ল। পিতৃ জমদগ্নিয়ে পৰশুৰামৰ কাৰ্যত সন্তুষ্ট হৈ অজেয় বীৰ হ’বলৈ আশীৰ্বাদ দিলে আৰু কি বৰ লাগে সুধিলে। তেতিয়া পৰশুৰামে মাতৃ আৰু জ্যেষ্ঠ ভাতৃৰ জীৱন প্ৰাৰ্থনা কৰাৰ লগতে মাতৃ হত্যাৰ পাপ মোচনৰ উপায় খুজিলে। জমদগ্নিয়ে তেতিয়া পৰশুৰামক তপস্বী বেশেৰে তীর্থসমূহ ভ্ৰমণ কৰিবলৈ আদেশ দিলে। পৰশুৰামে তেতিয়া সকলো তীৰ্থ ভ্ৰমণ কৰি ব্ৰহ্মকুণ্ড পালেহি আৰু সেই কুণ্ডৰ পাৰ কাটি পানীধাৰা বোৱাই দি তাত স্নান কৰিলে আৰু লগে লগে হাতৰ কুঠাৰখন খহি পৰিল আৰু কঠাৰখন সোঁতে উটুৱাই নিলে। পৰশুৰাম মাতৃহত্যা পাপৰ পৰা মুক্ত হ’ল। পৰশুৰামে স্নান কৰা সেই পৱিত্র কুণ্ডৰ নাম হ’ল পৰশুকুণ্ড।

ইফালে হাতৰ পৰা সৰি পৰা কুঠাৰখন বিচাৰি নােপোৱাত পৰশুৰামে খঙত সেই ব্ৰহ্মপুত্ৰক মল-মূত্র বাহিনী হ’বলৈ শাপ দিলে। তেতিয়া ব্ৰহ্মপুত্ৰই নিজ ৰূপ ধৰি পৰশুৰামক সেৱা জনালে আৰু শাপৰ পৰা পৰিত্ৰাণ বিচাৰিলে। তেতিয়া পৰশুৰামে বৰ দিলে যে বসন্তকালৰ অশোকাষ্টমী তিথিত গংগা থিত দিবহি আৰু সেইদিনা যিয়েই ব্ৰহ্মপুত্ৰত স্নান কৰিব, তেৱেঁই সর্বপাপৰ পৰা মুক্তি পাব আৰু পৰম পদ লাভ কৰিব। বিশেষকৈ উত্তৰ ধাৰাটো গংগা ধাৰা বুলি শাস্ত্রোক্তি আছে— “ব্ৰহ্মপুত্ৰস্যোত্তৰ ভাগে যদা বহন্তি জাহ্নবী।” গতিকে ব্ৰহ্মপুত্ৰৰ উত্তৰ কুলত স্থান কৰাৰ নিয়ম।

ভাৰতীয় সংস্কৃতিৰ নিয়মানুযায়ী সেয়েহে চ’তৰ অশোকাষ্টমীত পৰশুকুণ্ডত স্নান কৰিবলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা লোকাগমন হয়। ব্ৰহ্মপুত্ৰতো সেইদিনা স্নান কৰি মন্ত্ৰ উচ্চাৰণ কৰে— “ব্ৰহ্মপুত্ৰ মহাবাহু শান্তনোঃ কুলনন্দন। অমোঘা গৰ্ভসম্ভুত সর্ব পাপং লৌহিত্য সে হৰ।”

কালিকা পুৰাণে কৈছে, চ’ত মাহৰ অশোকাষ্টমীত হেনাে ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ লগত সকলো নদ-নদী, সাগৰাদিৰ জলৰাশি সম্মিলিত হয়—
“পৃথিব্যাং যানি তীৰ্থানি সৰিতঃ সাগৰাদয়ঃ।
সর্বে লৌহিত্যমায়ান্তি চৈত্রে মাসি সিতাষ্টমী।।
চৈত্রে মাসি সিতাষ্টম্যাং যো নৰো নিয়তেন্দ্ৰিয়ঃ।
স্নাতি লৌহিত্যতােয়েষু স যাতি ব্ৰহ্মণঃ পদম্।।”

অসমৰ লোক-সংস্কৃতি বিষয়ত বহুতো মূল্যবান গ্ৰন্থ প্ৰকাশ পাইছে। অসমৰ সংস্কৃতি বিষয়ত গৱেষণা কৰা প্ৰথিতযশা পণ্ডিতসকলৰ ভিতৰত ডঃ বাণীকান্ত কাকতি, ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা, ডঃ প্ৰফুল্ল দত্ত গোস্বামী, ডঃ নিৰ্মলপ্ৰভা বৰদলৈ, ডঃ নবীন চন্দ্ৰ শৰ্মা, ডঃ লীলা গগৈ, ডঃ মহেশ্বৰ নেওগ, ডঃ সত্যেন্দ্ৰনাথ শৰ্মা আদি পণ্ডিতসকলৰ নাম ল’ব পাৰি। এখেতসকলে প্ৰণয়ন কৰা গ্ৰন্থত সংস্কৃতিৰ বিভিন্ন দিশ আলোচনা কৰিছে। কিন্তু দুখৰ বিষয় যে এই লেখকসকলৰ কোনো এখন গ্ৰন্থতেই ‘ব্ৰহ্মপুত্ৰ পূজা’ৰ উল্লেখ নাই। অথচ অতি প্রাচীন কালৰ পৰা ব্ৰহ্মপুত্ৰৰ পূজা
প্রচলন থকাৰ কথা জনা যায়।

ব্ৰহ্মপুত্ৰ দেৱতাৰ পূজাত নিম্নোক্ত ধৰণে ব্ৰহ্মপুত্ৰৰ ৰূপ ধ্যান কৰা হয়—
“লৌহিত্যং ৰক্তগৌৰাঙ্গ নীল-বস্ত্ৰ বিভূষিতম্।
ৰত্নমালা সমাযুক্তং চতুর্বাহু সমন্বিতম্॥
পুস্তকং শ্বেতপদ্মঞ্চ বিভ্ৰতং দক্ষিণে কৰে।
বামে শক্তিধ্বজঞ্চৈব শিশুমাবস্থিতং শুভম্।।”

লিখিত সাহিত্য সৃষ্টি হোৱাৰ আগতেই গীতি-সাহিত্যৰ সৃষ্টি হৈছিল; যিবোৰক পাছলৈ লিখিত ৰূপ দিয়া হ’ল। বিহুগীতসমূহ এই গীতি সাহিত্যৰে এক অঙ্গ। এই গীতি-সাহিত্যতো গোৱা হয়— “উটুৱাই নিনিবা ব্ৰহ্মপুত্ৰ দেৱতা, তামোল দি মাতোঁতা নাই”।

প্রাক আহোম যুগৰ বৰ্মন বংশীয় আৰু শালস্তম্ভ বংশীয় ৰজাসকলৰ তাম্রশাসনত লুইতৰ উল্লেখ পোৱা যায়। উদাহৰণ স্বৰূপে, বনমালদেৱৰ তেজপুৰ তাম্ৰ শাসনত উল্লেখ থকা প্ৰশস্তি মন কৰিবলগীয়া— “অলপ বয়সীয়া কুমাৰীসকলৰ দৰে শব্দ কৰি থকা কিঙ্কিনীযুক্ত; কৰ্ণাট দেশীয় তিৰোতাৰ দৰে অভিঘাত পালে বেগ বর্ধিত হোৱা বাৰঙ্গনাৰ দৰে চামৰযুক্ত, ৰাৱণৰ অন্তঃপুৰস্থা (ৰাক্ষসী)ৰ নিচিনা ৰঙা বৰণৰ আৰু বিশাল দাঁত থকা, বায়ু তিৰোতাৰ দৰে অতি বেগবান, ৰমণীয় দলুহাঙ্গনাসকলৰ দৰে সকলোৰে মনোব্যঞ্জক, নর্তক পুৰুষসকলৰ দ্বাৰা আক্ৰান্ত হোৱা নটীসকলৰ দৰে কঁপনি বাঢ়ি যোৱা, দুৰ্গত দেৱতাসকলৰ দৰে সদায় উচ্চস্থান অভিলাষী নাওবিলাকৰ দ্বাৰা অলংকৃত— এনেকুৱা নদীপ্ৰধান লৌহিত্যৰ দ্বাৰা ৰক্ষিত সেই হাৰুপেশ্বৰৰ পৰা পৰম শৈৱ পিতৃ-মাতৃৰ পদানুশৰণকাৰী, মহাদেৱাসক্ত মহাৰাজাধিৰাজ শ্ৰীবনমালদেৱৰ কুশল হওক।”

কালিদাস বিৰচিত ‘ৰঘুবংশ’ত লৌহিত্যৰ উল্লেখ পোৱা যায় (ৰঘুবংশ ৪।৮১)।

‘তীর্থ-কৌমুদী’ গ্ৰন্থত উল্লেখ আছে— “অশ্বকান্তৰ পৰা মণিকূট পৰ্বতলৈ (হাজো) ব্ৰহ্মপুত্ৰৰ গৰ্ভত হেনো ভালেমান তীর্থক্ষেত্র অন্তৰ্হিত হৈ আছে। ইয়াৰ কিমান হাত অন্তৰে অন্তৰে কি কি তীৰ্থ আছে আৰু সেইবোৰত স্নান-দান কৰিলে কি ফল হয়, সেইবোৰৰ বহল বর্ণনাও লগতে পোৱা যায়।”

স্মৰণাতীত কালৰে পৰাই বহুতো কিম্বদন্তী তথা জনশ্ৰুতিৰ লগত আমাৰ লুইতখন জড়িত। প্রাক ঐতিহাসিক কালৰে পৰা নানা উপাখ্যান, কাহিনী, ৰূপকথা লুইতখনক লৈ সৃষ্টি হৈছে আৰু সময়ৰ কৰাল গ্রাসত হেৰাই গৈছে, তাৰ আদি-অন্ত নাই।

img
কলিয়াভোমোৰা দলং | ছবি: কংকণ হাজৰিকা

প্রাচীন প্ৰাগজ্যোতিষপুৰ, শোণিতপুৰ, হাৰুপেশ্বৰ বা হাটকেশ্বৰ আৰু দুর্জয়া নামৰ প্ৰসিদ্ধ নগৰী ব্ৰহ্মপুত্ৰৰ পাৰতেই গঢ়ি উঠিছিল। এই ব্ৰহ্মপুত্ৰৰ পাৰতেই বাণ ৰজাই দ্বিতীয় কাশীক্ষেত্ৰ পাতিব খুজি বিফল হৈছিল, তাৰে ইতিহাস বহন কৰি আছে দুইমুনি (কুমুদ আৰু কৌস্তভ মুনি) শিলাই। বাবা বিশ্বনাথ তাৰেই সাক্ষী। এই লুইতৰ বুকুতেই উমানন্দই মহাদেৱৰ গৰিমা বিস্তাৰ কৰিছে। প্রসিদ্ধি আছে— কুণ্ডিল ৰজা ভীষ্মকৰ জীয়ৰী ৰুক্মিণীক দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণই হৰণ কৰি ঘূৰি যোৱা কালত ব্ৰহ্মপুত্ৰৰ পাৰৰ অশ্বক্লান্তত জিৰণি লৈছিল।

অসমীয়া সাহিত্যৰ লিখিত ৰূপৰ নিদৰ্শন চৰ্যাপদসমূহে বহন কৰিছে। এই চৰ্যাপদসমূহ ৰচনা কৰিছিল তিব্বতীয় বৌদ্ধ সিদ্ধাচাৰ্যসকলে। তিব্বতৰ ৮৪জন সিদ্ধাচাৰ্যৰ ভিতৰত প্ৰাচীন কামৰূপৰ ভালেকেইজনৰ নাম পোৱা যায়। তাৰে ভিতৰত মীননাথ অন্যতম। এই সিদ্ধাচার্যজনৰ জন্মৰহস্যৰ সৈতে লুইতৰ, উমানন্দৰ আৰু শিৱ-পাৰ্বতীৰ সম্পর্ক আছে। বৌদ্ধাচাৰ্যসকলৰ লেখনি আৰু তন্ত্র সাধনাৰ ক্ষেত্ৰত কামৰূপ প্রসিদ্ধ ক্ষেত্ৰ আছিল। লুইতৰ উল্লেখো পোৱা যায়। অাচাৰ্য মীননাথৰ নিম্নোক্ত চৰ্যাটিয়েই অসমীয়া সাহিত্যৰো প্ৰথম নিদৰ্শন—
“কাআ তৰুবৰ পঞ্চবিডাল
চঞ্চল সিএ পইঠো কাল।”

কিম্বদন্তী আছে— এটা সময়ত বিশ্বনাথক্ষেত্ৰ লুইতৰ দক্ষিণ কুলৱতী হ’ব; দুইমুনি শিনা উত্তৰ পাৰ হ’ব; ব্ৰহ্মপুত্ৰই চম্পাৱতীক বিয়া কৰাব অর্থাৎ চম্পাৱতী (চাপানলা) নৈৰ সৈতে সংযোগ ঘটিব। ব্ৰহ্মপুত্ৰৰ পাৰতেই সাত ম্লেছৰ ৰণ হ’ব আৰু সেই ৰণত তেজৰ স্ৰোত বৈ দুইমুনি শিলাক স্পৰ্শ কৰিলে শাপগ্রস্ত দুয়োজনা ঋষিয়ে মুক্তি পাব।

চম্পাৱতীৰ সৈতে ব্ৰহ্মপুত্ৰৰ বিয়াৰ উপাখ্যানক লৈ এটি গীতৰ প্ৰচলন আছে। সম্পূৰ্ণকৈ গীতটি উদ্ধাৰ হােৱা নাই। গীতটি উদ্ধাৰ কৰিব পাৰিলে সুখৰ কথা হ’ব।

অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সামাজিক ৰীতি-নীতিৰ লগতো ব্ৰহ্মপুত্ৰৰ সম্বন্ধ নিবিড়। যজ্ঞানুষ্ঠানৰ পৱিত্ৰ জল আহৰণ, পিণ্ডাদি দান, অস্থি সঞ্চয়ন আদি লুইতৰ লগত জড়িত ধৰ্মানুষ্ঠান। সামাজিক ৰীতি মতে পিতৃ-মাতৃৰ বিয়োগৰ পৰা এবছৰলৈ ব্ৰহ্মপুত্ৰ পাৰ নোহোৱা নিয়ম, অশৌচিয়া, বিশুদ্ধি আৰু জন্মাশৌচ কালত কোনো তিৰোতা মানুহ লুইত পাৰ নোহোৱা নিয়ম। মানুহৰ ডিঙি ফুলা ৰোগত ব্ৰহ্মপুত্ৰত হাঁহকণী দান দিয়া নিয়ম প্ৰসিদ্ধ আছিল। আধুনিক যুগ আগবঢ়াৰ লগে লগে এই ধৰণৰ সংস্কৃতিৰো অৱলুপ্তি আৰম্ভ হৈছে।

আৰু পঢ়ক:  ই-বুক ডাউনলোড: বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘অসমীয়া কৃষ্টিৰ চমু আভাস’

অসমৰ সাংস্কৃতিক দিশত সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মাজুলীৰ অৱদান সর্বজন স্বীকৃত। পৃথিবীৰ বৃহত্তম নদীদ্বীপ অসমৰ মাজুলী ব্ৰহ্মপুত্ৰৰেই অৱদান নহয় জানো? প্ৰাগজ্যোতিষপুৰ, কামৰূপ বা অসম মুলুকৰ চিনাকি কিহত? এই প্ৰশ্নৰে সমাধান বিচাৰি পাওঁ লুইতৰ চিনাকিৰেই।

ৰামায়ণৰ আদিকাণ্ডত আছে— “তত্ৰ প্ৰাগজ্যোতিষং নাম জাতৰূপময়ং পুৰম্, তস্মিন্ বসতি দুষ্টাত্মা নৰকো নাম দানৱঃ।… মাগবান্ দণ্ডকুলাংশ্চ বঙ্গানঙ্গাংস্তথৈব চ, মহানদঃ চ লৌহিতং শৈল-কানন-শোভিতম্।” অর্থাৎ প্ৰাগজ্যোতিষপুৰ নামে জাতিষ্কাৰ ৰূপময় নগৰ আছে, তাতে দুষ্টাত্মা নৰক নামৰ দানৱে বাস কৰে।… মগধদেশ, দণ্ডকুল, বঙ্গ আদি দেশ আৰু পাৰ্বত্য বন-জঙ্ঘল, শিল আদিৰে শোভিত লৌহিত্য। অসমৰ বাহিৰৰ মানুহে অসমক যে জঙ্ঘলৰ দেশ বুলিবলৈ প্ৰয়াস কৰে, তাৰ ধাৰণাটো ৰামায়ণৰ কালতে সৃষ্ট।

তেনেকৈ বায়ু পুৰাণত পোৱা যায়— “লৌহিত্য হেমশৃঙ্গস্তু গিৰিঃ সূৰ্য্য প্ৰভো মহান্। তস্য পাদে মহাদিব্যং লোহিতঃ নামতঃ সৰঃ।”— সূর্যৰ দৰে প্ৰভাযুক্ত, সুবৰ্ণৰ দৰে শৃংগযুক্ত গিৰিৰ নাম লোহিত। তাৰ পাদদেশত লোহিত নামে মহাদিব্য সৰোবৰ আছে। এই পুৰাণৰে ৪৭ সংখ্যক অধ্যায়ত মহানদ লুইতৰ পাৰত ‘দেৱৰণ্য’ আৰু ‘বিশোক’ নামে দুখন ডাঠ অৰণ্য থকাৰ উল্লেখ পোৱা যায়।

কালিকা পুৰাণতো প্রাচীন প্ৰাগজ্যোতিষপুৰ বা কামৰূপৰ চিনাকি লুইতেৰেহে দিয়া আছে— “তত্ৰৈব দশদিক পালাঃ স্বে পীঠে ব্যৱস্থিতাঃ। অত্ৰাস্তি নদৰাজোহয়ং লৌহিত্যা ব্ৰহ্মণঃ সুতঃ।। অত্র স্বয়ং মহাদেৱো ব্ৰহ্মাচাহং হি সৰ্বদা।।”

যোগিনীতন্ত্ৰতো কামৰূপৰ সীমা নিৰূপণ গ্রসঙ্গতে ব্ৰহ্মপত্ৰৰো উল্লেখ কৰিছে— “কৰতােয়াং সমাশ্ৰিত্য যাবদ্দিক্কৰ বাসিনীম। উত্তৰস্যাং কুঞ্জগিৰিঃ কৰতোয়া তু পশ্চিমে। তীর্থশ্রেষ্ঠা দিক্ষুনদী পূর্বস্যাং গিৰিকন্যকে। দক্ষিণে ব্ৰহ্মপুত্ৰস্য লাক্ষায়াঃ সঙ্গমাবধি। কামৰূপ ইতি খ্যাতঃ সৰ্বশাস্ত্ৰেষু নিশ্চিতঃ।”

মহাকবি কালিদাসেও ৰঘুবংশত লুইতেৰেহে এই দেশৰ চিনাকি দিছে—
“চকম্পে তীৰ্থ লৌহিত্য তস্মিন্ প্ৰাগজ্যোতিষশ্বেৰঃ।
তদ গজালানতাং প্রাস্তৈঃ সহ কালাগুৰুদ্রুমৈঃ।।”
(ভাবাৰ্থ— তেওঁ অর্থাৎ মহাৰাজ ৰঘুৱে যেতিয়া লৌহিত্য অর্থাৎ ব্ৰহ্মপুত্ৰ পাৰ হৈছিল, তেতিয়াই দিগ্বিজয়ৰ কাৰণে তেওঁৰ আগমনৰ কথা জানি প্রাগজ্যোতিষপুৰ ৰাজ্যৰ অধিপতি ভয়তে কঁপিছিল। ৰজা ৰঘুৰ হাতীবোৰৰ বন্ধনস্তম্ভ ৰূপে ব্যৱহাৰ হোৱা ক’লা অগৰু গছবোৰৰ লগতে প্ৰাগজ্যোতিষপুৰৰ ৰজাও কঁপিছিল।)

এনেদৰে লুইতখনক লৈ কিমান যে চিনাকি আছে, তাৰ সম্পূৰ্ণ বিৱৰণ দিবলৈ যোৱাটো এই খুদীয়া প্ৰবন্ধত সম্ভৱ নহয়।

যুগে যুগে ব্ৰহ্মপুত্ৰয়েই আমাৰ স্বাধীনতা অক্ষুণ্ণ ৰাখি জাতিটোক জীয়াই ৰাখিছে। অসমৰ বুৰঞ্জীসমূহ অধ্যয়ন কৰি চালেই তাৰ প্ৰমাণ পাওঁ।

বঙ্গদেশৰ শাসনকৰ্তাৰ সেনাপতি বক্তিয়াৰ খিলিজিয়ে কামৰূপ আক্ৰমণ কৰা কালত অৱশেষত ব্ৰহ্মপুত্ৰৰ ওপৰত থকা শিলৰ সাঁকো এখনৰ সহায়তহে প্ৰাণ লৈ পলাবলৈ বাধ্য হৈছিল। কনকলাল বৰুৱাৰ ‘Early History of Kamrupa‘ গ্ৰন্থত ইয়াৰ বিৱৰণ আছে।

মিৰজুমলাই সন্ধি কৰিবলৈ বাধ্য হোৱাৰ প্ৰধান কাৰণ আছিল ব্ৰহ্মপুত্ৰৰ বন্যাই তেওঁলোকক বাৰে বাৰে বিপদত পেলোৱাটো।

জাতীয় বীৰ লাচিত বৰফুকনেও ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ বাণী শিৰোগত কৰি শৰাইঘাটৰ ৰণত শেষবাৰৰ বাবে মুছলমানক পৰাস্ত কৰিব পাৰিছিল মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত হোৱা নৌযুঁজৰ দ্বাৰাহে। এই ৰণৰ মুছলমানৰ সেনাপতি বীৰ ৰামসিংহই অসমীয়া জাতিৰ শৌৰ্য-বীৰ্যৰ যি প্ৰশংসা কৰি গ’ল,— সিও সম্ভৱ হ’ব পাৰিছিল বৰলুইতৰ কাৰণেই।

আহােম স্বৰ্গদেউসকল ব্ৰহ্মপুত্ৰক পূজা-নৈবেদ্যৰে সন্তুষ্ট ৰাখিবলৈ সদা সচেষ্ট আছিল আৰু ব্ৰহ্মপুত্ৰৰ তীৰতেই অসংখ্য মঠ-মন্দিৰ স্থাপন কৰাৰ উপৰিও ৰণজয়ৰ শিলালিপি ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে খোদিত কৰাইছিল।

দেওধাই অসম বুৰঞ্জীত পাওঁ— শৰাইঘাটৰ ৰণৰ আগতে স্বৰ্গদেৱে ব্ৰহ্মপুত্ৰৰ পূজা কৰোৱাইছিল— “লুইতকো পূজিলা ম’হ চাৰি হাল, হাঁহ, পাৰ, ছাগ আৰু আনো উপহাৰ বস্তুদ্রব্য দি পূজা কৰি ৰাজাদেৱে প্ৰাৰ্থনা কৰি বুলিলে— মোৰ সম্বন্ধি সুপ্ৰসন্ন হৈ জতকৰাৰ সুঁতি তৰ পেলোৱা। পাছে ৰাজাদেৱৰ প্ৰাৰ্থনাত থাকি ব্ৰহ্মপুত্ৰে হাজাৰ সুঁতি তৰ পেলাই বঙ্গালৰ বৰ নাও য’তে আছিল ত’তে তৰ পৰি নাও লাগি থাকিল।” আহোম স্বৰ্গদেউ তথা আন অক্ৰমণকাৰীয়েও কোনো প্ৰতিজ্ঞা কৰিব লগা হ’লে লুইতৰ দৃঢ়তাৰ লগত নিজৰ তুলনা কৰে।

অসমৰ প্ৰতিখন বুৰঞ্জীতেই লুইতৰ বিপুল বিৱৰণ লিপিবদ্ধ আছে। ‘ভোমোৰাগুৰিৰ শিলালিপি’ দুইমুনি শিলাৰ ওচৰত হোৱা ৰণৰ জয়ৰ চিন স্বৰূপে আহোম সেনাপতি ভণ্ডাৰী বৰুৱাই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে খোদিত কৰােৱাইছিল। এতিয়া নিৰ্মিত হোৱা কলিয়াভোমোৰা দলঙৰ উত্তৰত এই শিলালিপি সংৰক্ষিত হৈ আছে।

ওপৰৰ আলোচনাত ব্ৰহ্মপুত্ৰৰ অৱদানৰ প্ৰাচীন ধাৰা আৰু ঐতিহাসিক মূল্যায়ন কিছু কৰা হ’ল। এতিয়া অসমীয়া ভাষা-সাহিত্যৰ বিভিন্ন দিশত বৰলুইতৰ অৱদানৰ বিষয়ে এক বিহঙ্গম দৃষ্টিপাত কৰা যাওক। লিখিত সাহিত্য সৃষ্টিৰ বহুকাল আগৰে পৰা বনগীত, বিহুগীতবোৰে আমাৰ জনজীৱনৰ সাংস্কৃতিক দিশটো পুষ্ট কৰি ৰাখিছে। এই দিশতে লুইতখনেই প্রধান ভূমিকা লৈছে।

বিহুবলীয়া ডেকাটোৱে ‘লুইত পাৰ হ’ই দিখৌ পাৰ হ’ই’ অঘৰীৰ দৰে ঘূৰি ফুৰিছে। অসমৰ সৌন্দৰ্যপ্ৰাণ ডেকা-গাভৰুৱে লুইতখনক কেনেকৈ শুৱনি কৰিছে চাওক— ‘লুইতৰ শুৱনি গঙাকৈ চিলনী’, ‘লুইতৰ শুৱনি মাজুলী চাপৰি/ সৰগৰ শুৱনি তৰা’, লুইতৰে বালি বগী ঢকেঢকী/ কাছই কণী পাৰে লেখি’। এই লুইতৰ পাৰতে নেতাইৰ দৰে ধুবুনীয়ে কাপোৰ ধোৱে— ‘চিৰিপ্ চিৰিপ্ কৰি কাপোৰ ধুই আছিলো ছিৰি লুইতলৈ চাই’।

ডঃ মহেশ্বৰ নেওগে বৰলুইত সম্বন্ধে লিখা কথাখিনি এইখিনিতেই উল্লেখ কৰিলো— “কিমান মৰমৰ এই লুইতখন। বুঢ়া লুইতৰ সাৰকণ পায়ে অসমৰ সংস্কৃতি গজালি মেলি বৰগছ হৈছে। ‘লুইত’ বা ‘ছিৰি লুইত’ নামটোৱেই তাৰ সাক্ষী নহয় জানো? কোন কাহানিবাই ক’ৰ অষ্ট্ৰিক জাতিয়ে ইয়াৰ কাষতে বসতি কৰি ‘নিৰিমল পানী’ৰ বৰনৈক নাম দিলে ‘লাও-টু’ নে ‘টি-লাও’, ডঃ কাকতিয়ে বুজাই দিছে— ‘ফটিক পানীৰ নৈ’। সেয়েহে ‘ছিৰি লুইত’। এই নামকে আকৌ ‘শ্ৰী’ দি ‘জোৰু-ফোটা-মাৰি’ জাতত তোলা হ’ল— শ্ৰীলোহিত, শ্ৰীলৌহিত্য। সোণৰ জখলাই নামি অহা টাইসকলে সৰগৰ শুৱনি তৰাৰ লেখিয়া মাজুলি চাপৰিৰে শুৱনি বৰনৈক নতুন নাম দিব খুজিছিলা— ‘নাম-ডাও-ফি’, তৰা দেৱতাৰ নৈ। সেই নাম নৰ’ল, বৰনৈয়ে উটুৱাই নিলে;— ‘তামোল দি মাতোঁতা নাই’ বাবে নে? বিষ্ণু ৰাভাই আকৌ কৈছে, ‘ব্ৰহ্মপুত্ৰ’ও বোলে মূলতে কছাৰীহে— ‘বুল্লুম্ বুথুন্’— বুৰবুৰণি, ঔ ফুলীয়া ভুমুক তুলি বৈ যােৱা নৈ। হ’বওতো পাৰে। অসমৰ কমবোৰ নৈৰ নাম জানো মূলতে বড়ো।”

বিয়ানামত গায়— ‘লুইতৰ চপৰা দৰাটো জপৰা, বহি ফটা কঁথা শিয়ে; আমাৰে আইদেউ সর্বাঙ্গ সুন্দৰী, বটীয়া বাতিব দিয়ে।’ তেনেকৈ আইনামত গোৱা হয়—
‘কামাখ্যাৰ মুখতে নাও ভৰা দিলে
লুইতৰ মুখলৈ চাই।
বাটত লগ পাই গণেশে সুধিলে
কি ফুল ভৰা দিছা আই।।’

মণিকোঁৱৰৰ গীতত আছে—
‘লুইতে এৰিলে দীঘলে এসুঁতি
দিহিঙে এৰিলে কুল।
কাচন কুঁৱৰী ফুলতে বাৰী হ’ল
হালধীৰ নুগুচিল বোল।’

অসমীয়া কাব্য, উপন্যাস, গল্প, নাটক— সাহিত্যৰ এনে দিশ নাই, য’ত লুইতে স্থান দখল কৰা নাই। বিহগী কবি ৰঘুনাথ চৌধাৰীৰ কাব্যত লুইতে উপযুক্ত মৰ্যাদা পাইছে। ‘গিৰিমল্লিকা’ কবিতাত পোৱা যায়—
‘অয়ি অনবগুণ্ঠিতা ফুল্লশিখৰিণী
ৰঞ্জি মণিকর্ণিকাৰ হৰিত মেখলা,
আছা শোভি শুভ্ৰবেশে, কৰি সুৰভিত
লৌহিত্যৰ তীৰভূমি শ্যামল বননি।’

লক্ষ্মীনাথ বেজবৰুৱাইও তেখেতৰ কাব্যত লুইতক যথোচিত স্থান দিছিল— ‘আমাৰ জন্মভূমি’ কবিতাত কৈছে— “লুইতৰ দৰে বৰনৈ ক’ত আছে কোৱা। ঘূৰি আহাঁ বসুমতী, তথাপি নোপোৱা।” এই লুইতৰ পাৰতে ধনবৰ ৰতনীৰ বেজাৰত জহা নাছিল জানো? বেজবৰুৱাই কীৰ্তনৰ সুৰত ৰচনা কৰা ‘ব্ৰহ্মপুত্ৰ সংগীত’ কবিতাটোৱে বৰলুইতৰ গৌৰৱ-গৰিমা প্ৰচাৰ কৰিছে—
“লুইত হেৰা তুমিয়েই নে সেই
লৌহিত্য নৈ খনি—
(যাৰ) বহল বুকুৰ নিৰ্মল জলত
স্নানিছিল বশিষ্ঠ মুনি?”

আকৌ—
“কোৱা হে বিচক্ষণ
শান্তনুকুলনন্দন।
তোমাৰ তীৰত মাধৱদেৱে ৰচিছিল যে ঘোষাখনি?
তোমাৰ তীৰত শংকৰ-মাধৱৰ হৈছিল যে মিলনি?
শুনা হেৰা ব্ৰহ্মপুত্ৰ।
সোণৰ অসমৰ প্ৰাণচিত্ৰ
(যেন) খেলাৰ শেষত তোমাৰ বুকুত
মাৰ যায় মোৰ জীৱন-তৰণী।
লুইত হেৰা! তুমিয়েই নে
সেই লৌহিত্য নৈখনি?”

বেজবৰুৱাৰ বৰলুইতলৈ এক বিশেষ প্ৰাণৰ টান আছিল। এই ব্ৰহ্মপুত্ৰৰ বুকুতেই আহঁতগুৰিত মাঘৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা লক্ষ্মীনাথে ভূমিষ্ঠ নহৈ নৌকাষ্ঠ হৈহে জন্মগ্ৰহণ কৰিছিল।

| আৰু পঢ়ক: শশী শৰ্মাৰ লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়াত লিখিলেও সাধুকথাবোৰ সমগ্ৰ বিশ্ববাসীৰে উপযোগী

অসমীয়া কাব্য সাহিত্যৰ অনেক কাব্যকাৰৰ হাতত ব্ৰহ্মপুত্ৰৰ জয়গান ঘোষিত হৈছে। আমাৰ উপন্যাস সাহিত্যতাে ব্ৰহ্মপুত্ৰৰ বিশেষ অৱদান আছে। অসমীয়া উপন্যাস সাহিত্যৰ সম্ৰাট স্বৰূপ ৰজনীকান্ত বৰদলৈৰ প্ৰায়বোৰ উপন্যাসতে বৰলুইতে বিশেষ স্থান দখল কৰিছে। বৰদলৈৰ একমাত্ৰ সামাজিক উপন্যাস ‘মিৰি জীয়ৰী’ৰ নায়ক-নায়িকা জঙ্কি আৰু পানৈয়ে অৱশেষত এই লুইতৰ বুকুতেই আশ্ৰয় ল’বলৈ বাধ্য হৈছিল। পৰৱৰ্তী কালতো অনেক উপন্যাসত লুইতৰ উল্লেখ আছে।

এইখিনিতেই এটা দিশ উনুকিয়াব খুজিছোঁ। প্রখ্যাত ইংৰাজ ঔপন্যাসিক টমাছ হাৰ্ডি (Thomas Hardy)ৰ ‘Return of the Native’ উপন্যাসৰ পটভূমি ‘এগডন হিথ’ (Egdon Heath) নামৰ এখন ঠাই। উপন্যাসখনত এগডন হিথে এটা মানবীয় চৰিত্ৰৰ দৰে সমস্ত উপন্যাসখনত প্রধান ভূমিকা গ্ৰহণ কৰিছে। অামাৰ বৰলুইতে আমাৰ জনজীৱনত ইমান গভীৰ প্ৰভাৱ বিস্তাৰ কৰি থকা সত্ত্বেও কোনো এখন উপন্যাসতে লুইতক এগডন হিথৰ পৰ্যায়লৈ তুলিব পৰা নাই। ই আমাৰ সাহিত্য তথা জাতিটোৰ বাবেই দুখৰ কথা।

‘কত শত বছৰৰ কত শত বেদনাৰ কথা’ বৰলুইতৰ লগত জড়িত হৈ আছে। আমাৰ কৃষি ভিত্তিক অর্থনীতি, উদ্যোগ, যাতায়াত আদিৰ ক্ষেত্ৰত প্রধান ভূমিকা লৈ জাতীয় জীৱনৰ তপত তেজৰ ধমনী হৈ ব্ৰহ্মপুত্ৰ বহ্নিমান হৈ আছে। গীত সৃষ্টিৰ ক্ষেত্ৰত লুইতৰ অৱদান জানো কম? গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱা, ডঃ ভূপেন হাজৰিকাই গীতৰ ছন্দেৰে ব্ৰহ্মপুত্ৰৰ মহতো মহীয়ান গৰিমা বিশ্বত প্ৰচাৰ কৰিছে— “মোৰ বুকুৰ আপোন ব্ৰহ্মপুত্ৰ। মহামিলনৰ তীর্থ। দুয়োপাৰে কতনা অতিথি আদৰিলে, অথচ যেন কোনােবাই ব্ৰহ্মপুত্ৰক বাৰুকৈয়ে জোকালে— আজি ব্ৰহ্মপুত্ৰ হ’ল বহ্নিমান। মনৰ দিগন্তত ধোঁৱা উৰে, আকাশত পপীয়া তৰা ঘূৰে, পদে পদে কৰে কাক অপমান, আজি ব্ৰহ্মপুত্ৰ হ’ল বহিমান।” “পুৰণি চামে বহুতো কাম কৰিব নোৱাৰিলে। নকৰিলে। নতুন পুৰুষে নতুন উদ্যমেৰে লাগিব লাগিব— লুইতপৰীয়া ডেকা বন্ধু, তোমাৰ তুলনা নাই, জীয়াই থকাৰ যুঁজত নামিছা, মৃত্যু শপত খাই।”

| আৰু পঢ়ক: ডঃ গকুল গোস্বামীৰ লিপিবদ্ধ ‘অসম-অসমীয়া’ শব্দৰ উদ্ভৱৰ সন্ধানত

নতুন পুৰুষে এই ব্ৰহ্মপুত্ৰৰ পাৰতেই মহামিলনৰ ক্ষেত্ৰ গঢ়ি তুলিব লাগিব— “মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীর্থ, কত যুগ ধৰি আহিছে প্ৰকাশি সমন্বয়ৰ অৰ্থ, মহাবাহু ব্ৰহ্মপুত্ৰ…।”

আমি আমাৰ সংস্কৃতিক যি ৰূপতেই নগঢ়োঁ কিয়, জাতি-উপজাতি, জনজাতিৰ সমন্বয়ত সৃষ্ট অসমীয়া সংস্কৃতিলৈ বৰলুইতৰ অৱদান ঋণ স্বীকাৰ কৰিব নোৱৰাকৈয়ে বিশাল আৰু বিৰাট।

“নমস্তে ব্ৰহ্মপুত্ৰায় নমঃ শান্তনু সুনবে।
ত্ৰিজন্মজঞ্চ যৎ পাপং তৎ সর্বং হৰ মে প্রভো।” |

Featured Image by Donvikro/Wikimedia Commons [CC BY-SA]

লেখকৰ ঠিকনা: নবীন বৰঠাকুৰ, দুলাল মাধৱ, কলিয়াবৰ

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts