অভিজিত্‍ কুমাৰ হাজৰিকাৰ কবিতা

প্ৰকাশ: ১৪ জুলাই, ২০১২ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১

spl poem 100117উন্মাদনা

শ্বহীদ স্তম্ভবোৰ
এতিয়া গোহালি
মাৰ্বলৰ আধাৰশিলাবোৰ
একোএকোখন
সুৰাৰ বিপনী।

মানৱতা থাকে হেনো
ৰাজনীতিত
সততা মৰসাহ আজি
মানুহবোৰ সলনি হ'ল

মাথোঁ সময় একেদৰেই ৰ'ল
কালিটো আজি আৰু আজিটো কাইলৈ

নিলিখিবা, নিলিখিবা কবিতা
একো লাভ নাই
সপোনো আজি ভেজাল হ'ল।

«

এতিয়া মোৰ দুখ

এটা অনুভূতি
যি বাস্তৱত অসম্ভৱ
এতিয়া মোৰ দুখৰ কাৰণ

এটা অনুভূতি
এতিয়া মোৰ সপোন
লিৰিকি বিদাৰি মোৰ সমস্ত দেহা
বিধ্বস্ত কৰে মাথোঁ
মই মই হৈ
ফুলিব খোজা
মোৰ হৃদয়ৰ সমস্ত মাদকতাক।

জীৱনৰ কোনোবা এটা প্রহৰত
বহি আছোঁ এটা অনুভূতি সাবটি
অসম্ভৱবোৰক বাস্তৱ কৰি দিয়াৰ বাবে
মন্দিৰত এগছ চাকি জ্বলাই
ঈশ্বৰক প্রাৰ্থনা কৰি

যি প্রাৰ্থনা
এতিয়া মোৰ দুখ…।

নীলা চৰাই . জুলাই ২০১২

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts