ভৱিষ্যতলৈ এখন চিঠি

ভৱিষ্যতলৈ এখন চিঠি
  • 25 Jan, 2021

জাক মানুহে এটা পাহাৰ বগাই ওপৰলৈ উঠিছে। তেওঁলোক সংখ্যাত এশমান হʼব। ট্ৰেকিং নহয়, নাইবা কোনো আমোদ-প্ৰমোদৰ বাবেও নহয় এই যাত্ৰা। চিন্তিত, দুঃখিত, ভাৰাক্ৰান্ত মন তেওঁলোকৰ। কাৰো কাৰোৰ চকুত চকুপানী। কাৰো কাৰো হাতত একোখন প্লেকাৰ্ড। কোনোখন প্লেকাৰ্ডত লিখা ৰৈছে— ‘আপদকালীন লেকাম টানক’ (Pull the emergency brake), কোনোখনত লিখা ৰৈছে— ‘শান্তিত থাকক’ (RIP- Rest in peace)। হয়, এক শোকযাত্ৰা এয়া। অভূতপূৰ্ব আৰু অবিস্মৰণীয় এক শোকযাত্ৰা। শোকযাত্ৰাত চামিল হৈছে সাধাৰণ নাগৰিক, ৰাজনীতিক, শিক্ষক, ছাত্ৰ, শিশু-কিশোৰ, বিজ্ঞানী, ভূতত্ত্ববিদ, ৰাষ্ট্ৰসংঘৰ বিষয়া আৰু এখন দেশৰ প্ৰধান মন্ত্ৰী আৰু আন এখন দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী!

প্ৰিয় পাঠক, আপুনি হয়তো ভাবিছে,— এটা শোকযাত্ৰাৰ বৰ্ণনা কিয়? কিয়েই বা প্ৰাসংগিকতা? কিয়েই বা তাৰ অনিবাৰ্য প্ৰয়োজনীয়তা?

প্ৰয়োজন আছে। আহিবলগা দিনবোৰ ভাল কৰি তোলাৰ স্বাৰ্থতে এই শোকযাত্ৰাৰ বিষয়ে পৃথিৱীৰ সকলো দেশৰ, সকলো স্তৰৰ মানুহে জনাটো বৰ প্ৰয়োজন। এই শোক দেশ-জাতি নেওচি সাৰ্বজনীন শোক হৈ পৰাটো অতীব প্ৰয়োজন। এই অভূতপূৰ্ব আৰু অবিস্মৰণীয় শোকযাত্ৰাৰ অভিঘাতটোক বুজি উঠাটো বিৰাট প্ৰয়োজন!

okjokull-funeral

কিন্তু কোন সেই ব্যক্তি, যাৰ মৃত্যুত সাধাৰণ নাগৰিকৰ পৰা দেশৰ প্ৰধান মন্ত্ৰীলৈকে সকলোৱে শোকাৰ্ত হৈ শিলাময় বাট ভাঙিছে, জ্বালামুখী পাহাৰ বগাইছে?

২.
সুমেৰুৰ ওচৰত থকা এখন ইউৰোপীয় দ্বীপৰাষ্ট্ৰ হৈছে আইচলেণ্ড। নামটো শুনিলে বৰফৰে আবৃত্ত এখন অতি ঠাণ্ডা দেশ যেন লাগিলেও দেশখন আচলতে তেনেকুৱা মুঠেও নহয়। আইচলেণ্ড প্ৰকৃতিগতভাৱে অতি বৈপৰীত্বৰে ভৰা এখন দেশ। ইয়াৰ জলবায়ু নাতিশীতোষ্ণ পৰ্যায়ৰ। সুখী দেশৰ তালিকাৰ চতুৰ্থ স্থান (২০১৮)ত থকা আইচলেণ্ডক জুই আৰু বৰফৰ দেশ বুলি কোৱা হয়। দেশখনত একে সময়তে লুপ্ত-সুপ্ত-জীৱন্ত আগ্নেয়গিৰি আৰু অলেখ হিমবাহৰ ৰাজত্ব। ১,০৩,০০০ বৰ্গকিলোমিটাৰ মাটিকালিৰ দেশখনৰ চাৰি ভাগৰ এভাগ ভূমিহে গছ-বন গজাৰ উপযোগী। মুঠ মাটিকালিৰ ১ শতাংশ ভূমিত কৃষিকাৰ্য হয়। দেশখনৰ বাকী থকা ভূমিত হয় বৰফৰ স্তুপ (Icecap), হিমবাহ (Glacier) নহয় আগ্নেয়গিৰি (Volcano)।

নিজৰ ভৰতে প্ৰৱহমান হʼবলৈ বাধ্য হোৱা বৰফৰ স্তুপক হিমবাহ বা গ্লেচিয়াৰ বুলি কোৱা হয়। হিমবাহবিলাকেই মূলতঃ সাগৰ-মহাসাগৰ অভিমুখী নদীবোৰৰ জন্মদাত্ৰী। পৃথিৱীৰ জলবায়ুৰ অতি জটিল ব্যৱস্থাপনাটোত হিমবাহবিলাকেও অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নদী-সাগৰৰ জলস্তৰ বহুলাংশে হিমবাহৰ ওপৰত নিৰ্ভৰশীল। আৰু এই জলস্তৰৰ ওপৰত নিৰ্ভৰশীল মানুহৰ জীৱনযাত্ৰা আৰু সভ্যতা।

okjokull

প্ৰায় তিনিশ বৰফৰ স্তুপ আৰু হিমবাহে দেশৰ মুঠ মাটিকালিৰ ১১ শতাংশ অধিকাৰ কৰি থকা আইচলেণ্ডৰ অক পৰ্বতৰ খলা-বমা গাইদি আগবাঢ়িছে প্ৰায় এশ মানুহৰ সেই শোকযাত্ৰা!

৩.
ব্যাপক নগৰীকৰণ আৰু ঔদ্যোগীকৰণে পৃথিৱীৰ জলবায়ুত ব্যাপক ঋণাত্মক প্ৰভাৱ পেলাইছে। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাচ অক্সাইড আদি গ্ৰীণহাউচ গেছৰ ক্ৰমবৰ্ধমান পৰিমাণে পৃথিৱীৰ জলবায়ুৰ উষ্ণতা ক্ৰমে বৃদ্ধি কৰি আনি আছে। এইবোৰে কেনেকৈ পৃথিৱীখনক উষ্ণ কৰিছে? সৰলভাৱে কʼবলৈ গʼলে, এই গেছবোৰে তাপ ধৰি ৰাখিব পাৰে, গতিকে এই গেছবোৰৰ পৰিমাণ বৃদ্ধি হোৱা মানে পৃথিৱীৰ তাপো বৃদ্ধি হোৱা। দেখা গৈছে যে বায়ুমণ্ডলত এই গেছবোৰৰ বৃদ্ধিৰ বাবে বহুলাংশে মানুহেই দায়ী। কল-কাৰখানা, যান-বাহন যিমানে বাঢ়িছে, সিমানে বাঢ়িছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ। তাৰ সমান্তৰালভাৱে ব্যাপক বন ধ্বংসইও কাৰ্বন ডাই অক্সাইড বৃদ্ধিত অৰিহণা যোগাইছে।

পৃথিৱীৰ উষ্ণতা বৃদ্ধিয়ে প্ৰকৃতি জগতত ইতিমধ্যেই ঋণাত্মক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। এই ধাৰা অব্যাহত থাকিলে আমি কল্পনা কৰিব নোৱৰা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হʼব যে লাগিব, ই ধুৰূপ। উষ্ণতা বৃদ্ধিয়ে মেৰু অঞ্চলৰ বৰফবোৰ গলাই পেলাব, বৰফগলা পানীবোৰ গৈ সাগৰত মিলিব, ইয়ে সাগৰৰ জলস্তৰ বৃদ্ধি কৰিব আৰু সাগৰৰ জলস্তৰ বৃদ্ধিয়ে প্ৰত্যক্ষ আৰু পৰোক্ষ অনেক ধৰণে মানুহ আৰু জীৱ-জন্তুৰ জীৱনযাত্ৰাত প্ৰভাৱ পেলাব। সাগৰৰ ওচৰৰ ঠাইবোৰৰ অসংখ্য মানুহ গৃহহীন হʼব, সাগৰ তীৰৱৰ্তী নগৰ-চহৰ উচন হʼব। সেইদৰে বৰফ স্তুপ বা হিমবাহৰ গলিত জলস্ৰোতে পৰ্বত নিবাসী মানুহ আৰু জন্তুক অঘৰী কৰিব। ইতিমধ্যে বংগোপসাগৰৰ জলস্তৰ বছৰি ৩.১৪ মিলিমিটাৰকৈ বাঢ়ি আছে। পৃথিৱীৰ উষ্ণতা বৃদ্ধি অব্যাহত হৈ থাকিলে বাংলাদেশ, পশ্চিমবংগৰ সুন্দৰবন আদি অঞ্চল সমুদ্ৰত যে জাহ যাব, তাত কোনো সন্দেহ নাই। আনকি ভাৰতৰ সমুদ্ৰ তীৰৱৰ্তী অনেক চহৰ-নগৰ আৰু ব্ৰহ্মপুত্ৰ, গঙ্গা আদি নদীৰ উপত্যকা অঞ্চলো প্ৰভাৱিত হʼব অতি সহজেই। নিয়ন্ত্ৰণহীন প্ৰব্ৰজনকে একো একোখন দেশ বা ঠাই আৰু জাতি-জনগোষ্ঠীৰ চেহেৰা বদলাই পেলাব।

বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিয়ে প্ৰকৃতিক অনেক প্ৰকাৰে প্ৰভাৱিত কৰিছে, কৰিব। অতিবৃষ্টি, অনাবৃষ্টি, ঘূৰ্ণি বতাহ আদি থাওকতে উল্লেখ কৰিব পৰা দুটামান ফলশ্ৰুতি। অতিবৃষ্টি, অনাবৃষ্টিয়ে কৃষিকাৰ্যত পোনপটীয়াকৈ প্ৰভাৱ পেলাব আৰু সিয়ে অৰ্থনীতিত প্ৰভাৱ পেলাব। মুঠ কথাত, জলবায়ু পৰিৱৰ্তনে পৃথিৱীক এক ভয়াবহ ভৱিষ্যতলৈ আগবঢ়াই নি আছে।

৪.
জলবায়ু পৰিৱৰ্তনৰ দৰে এটা ভয়ংকৰ বিপদক যিধৰণে গুৰুত্ব দি তাক প্ৰতিৰোধ কৰাৰ চেষ্টা হʼব লাগিছিল, সেয়া হৈ উঠা নাই। জলবায়ু পৰিৱৰ্তনত ভূমিকা লোৱা অলেখ কাৰক থাকিলেও উন্নত আৰু উন্নয়নশীল দেশবোৰৰ ব্যাপক ঔদ্যোগীকৰণ, নগৰীকৰণেই মূল দায়ী বুলি চিহ্নিত হৈছে যদিও ইয়াক যৎপৰোনাস্তি নিয়ন্ত্রণ কৰিবলৈ সংশ্লিষ্ট দেশবোৰৰ ৰাষ্ট্রপ্রধানসকলৰ কোনো ধৰণৰ বাস্তৱিক আঁচনি চকুত পৰা হোৱা নাই। ডাঙৰ কথাটো হʼল, বহু প্ৰভাৱশালী দেশৰ প্ৰধানসকলক চকুত আঙুলি থৈ সমস্যাটো দেখুৱাব খুজিলেও তেওঁলোকে ইয়াক তুলুঙা কথা বা আচৰণেৰে তৰল কৰি পেলাবলৈহে চেষ্টা কৰা পৰিলক্ষিত হৈছে। উদাহৰণ স্বৰূপে, ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্ব্যৰ্থহীন ভাষাত জলবায়ুৰ পৰিৱৰ্তন নাই হোৱা, আমাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতাহে কমিছে বোলা মন্তব্য আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কিশোৰী পৰিৱেশকৰ্মী গ্ৰেটা থুনবাৰ্গৰ আহ্বানৰ প্ৰতি প্ৰদৰ্শন কৰা ভেঙুচালিলৈ আঙুলিয়াব পাৰি। পৰিৱেশ ৰক্ষাৰ বাবে ৰাষ্ট্ৰপ্ৰধানসকলৰ অনীহাৰ কাৰণ হিচাপে মিলিয়নাৰ-বিলিয়নাৰ উদ্যোগপতি আৰু অন্যান্য স্বার্থজড়িত মহলৰ স্বাৰ্থ জড়িত আছে বুলি পৰিৱেশকৰ্মী আৰু সচেতন মহলে কʼব বিচাৰে। দেখা গৈছে, বৰ বৰ কথাৰ ফুলজাৰীৰে ৰাষ্ট্ৰপ্ৰধানসকলে পৃথিৱীৰ জীৱন-মৰণৰ সমস্যাক উপেক্ষা কৰি থাকিব বিচাৰে।

একে ধৰণেই সাধাৰণ জনগণৰ সিংহভাগেই জলবায়ু পৰিৱৰ্তনৰ ভয়াবহতা সম্পৰ্কে উপলব্ধি কৰি উঠিবগৈ পৰা নাই। যি ক্ষুদ্ৰ এটা অংশই বিষয়টো সম্পৰ্কে বুজি উঠিছে, তেওঁলোকেও পৰিস্থিতিটোত তেওঁলোকৰ ভূমিকা কি হʼব বা কি হোৱা উচিত তাক নিৰ্ধাৰণ কৰিবগৈ পৰা নাই। ভাৰতৰ পটভূমিত বিষয়টো আৰু গম্ভীৰ। সকলো ধৰণৰ কথা-বতৰা, সমস্যাক ধৰ্মীয় দৃষ্টকোণেৰে চোৱাৰ এটা কু- অভ্যাস বা প্ৰৱণতা ভাৰতীয় সমাজখনত দেখা পোৱা যায়। শেহতীয়া দিনবোৰত এই প্ৰৱণতা অধিক বৃদ্ধি পাইছে। দীপাৱলীত ফটকা, ফুলজাৰী আদি প্ৰদূষক ব্যৱহাৰ নিয়ন্ত্ৰিত ৰূপত কৰাৰ আবেদন জনালে তাক হিন্দু উৎসৱ-মুছলমান উৎসৱৰ লেতেৰা তৰ্কলৈ পৰিৱৰ্তিত কৰি পেলোৱা হয়। ধৰ্মৰ নামত নদ-নদী প্ৰদূষিত কৰা হয়। পৰিৱেশকৰ্মী, বিজ্ঞানীক ঠাট্টা-মস্কৰা কৰা হয়, তেওঁলোকক হতোদ্যম কৰা হয়। বিজ্ঞানক সমাধি দি অপ-বিজ্ঞানৰ ব্যাখ্যাৰে পৰিৱেশ-বিৰোধী কৰ্ম-কাণ্ডক গৰিমামণ্ডিত কৰা হয়।

বিষয়টো কিমান গম্ভীৰ, সেইটো উপলব্ধি কৰিব পাৰিলে ব্যক্তিগত পৰ্যায়ত অতি ক্ষুদ্ৰ পদক্ষেপেও ইয়াত প্ৰভাৱ পেলাব বুলি আশা কৰাটো যুগুত হʼব। গাড়ী-মটৰৰ ব্যৱহাৰ কমোৱা, ব্যক্তিগত বাহনৰ পৰিৱৰ্তে ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰি ইন্ধন জ্বলোৱা অলপ হʼলেও কমোৱা, অদৰকাৰী পণ্য নিকিনাকৈ থাকি উৎপাদনত জ্বালানি-শক্তিৰ ব্যৱহাৰ কমোৱা আদি ক্ষুদ্ৰ পদক্ষেপ কিছুমান যেতিয়া বহুত মানুহে গ্ৰহণ কৰিব, সিয়ে নিশ্চিতভাৱে প্ৰভাৱ পেলাব। হয়তো সেয়া আজি, এই মুহূৰ্ততে চকুত নপৰিব, কিন্তু শেষ বিচাৰত হয়তো প্ৰভাৱশালী হʼব। দৈনন্দিন জীৱনযাত্ৰাত এনে অভ্যাস গ্ৰহণীয় হোৱাটো নিজৰ বাবেই, নিজৰ পৃথিৱীখনৰ বাবেই জৰুৰী। আৰু জৰুৰী ডাল-পাতত পানী নিদি সকলো দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলে সমূহীয়াভাৱে সমস্যাটো মোকাবিলা কৰিবলৈ যত্ন কৰাটো।

৫.
পৃথিৱীক বচোৱাৰ জৰুৰী বাৰ্তা লৈয়ে লেখাৰ প্ৰথমতে কৈ অহা শোকযাত্ৰাটো আইচলেণ্ডৰ অক পৰ্বতেদি আগবাঢ়িছে। দিনটো ২০১৯ চনৰ ১৮ আগষ্ট। সেইদিনাই জলবায়ু পৰিৱৰ্তনৰ ফলশ্ৰুতিত মৃত্যুবৰণ কৰা আইচলেণ্ডৰ ৭০০ বছৰ বয়সীয়া অক হিমবাহ (ʼঅকয়োকুলʼ— Okjokull)-ৰ অন্ত্যেষ্টিক্ৰিয়া (Funeral) অনুষ্ঠান অনুষ্ঠিত কৰা হয়। পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ বাবে মৃত্যুমুখত পৰা অক হৈছে পৃথিৱীৰ প্ৰথম হিমবাহ। ১৮৯০ চনত ১৬ বৰ্গকিলোমিটাৰ বিস্তৃত হৈ থকা আৰু ১৬৪ ফুটতকৈও গভীৰতাৰ অক হিমবাহে বৰ্তমান ০.৭ বৰ্গকিলোমিটাৰ ঠাই জুৰি আছে, যাক নাই বুলিবই লাগে। হিমবাহ বুলিলে যাক বুজা যায়, সেয়া অকে কেতিয়াবাই হেৰুৱাইছিল আৰু ভূতত্ত্ববিদসকলে ২০১৪ চনতে অকে হিমবাহৰ চৰিত্ৰ হেৰুৱাইছিল বুলি ঘোষণা কৰিছিল। পৃথিৱীৰ জলবায়ু পৰিৱৰ্তনে কি সাংঘাটিক ধৰণে বিপৰ্যয় নমাই আনিব পাৰে, সেই বাৰ্তাটো বিয়পাই দিবলৈকে যেন অক হিমবাহৰ অন্ত্যেষ্টিক্ৰিয়াৰ আয়োজন!

okjokull

আইচলেণ্ডৰ প্ৰধান মন্ত্ৰী কেটৰিন য়াকবচডটিৰ (Katrín Jakobsdóttir), আয়াৰলেণ্ডৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মেৰি ৰবিনচন উপস্থিত থকা অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানতে একালৰ প্ৰায় দুশ ফুট গভীৰতাৰ অক হিমবাহ থকা আৰু এতিয়া কেৱল শিল আৰু শিলাময় মাটি থকা ঠাইত এখন ব্ৰঞ্জৰে নিৰ্মিত ফলক স্থাপন কৰা হয়। ভূতত্ত্ববিদ, বিজ্ঞানী, ৰাজনীতিক, ছাত্ৰ-শিক্ষক, নতুন প্ৰজন্মৰ প্ৰায় অবোধ শিশুৰ হাতৰ স্পৰ্শ লগা সেই ব্ৰঞ্জৰ ফলকত উৎকীৰ্ণ হৈ আছে এখন অমোঘ আৰু কৰুণ চিঠি। ভৱিষ্যতলৈ এখন চিঠি— A letter to the future!

কি কোৱা হৈছে সেই চিঠিত?

ভৱিষ্যতলৈ এখন চিঠি

অক হৈছে আইচলেণ্ডৰ প্ৰখম হিমবাহ, যি হিমবাহ-সত্তা হেৰুৱালে।
অহা ২০০ বছৰৰ ভিতৰত আমাৰ সকলোবোৰ হিমবাহৰে একে গতি হʼব যেন ধাৰণা হয়।
এই স্মাৰক-ফলকে ইয়াকে সোঁৱৰায় যে কি ঘটি আছে সেয়া আমি জানো আৰু আমাৰ কৰণীয় কি সেয়াও জানো।
সেয়া আমি কৰিলো নে নাই সেয়া মাথোঁ তুমি জানা।

আগষ্ট ২০১৯
৪১২ পিপিএম কাৰ্বন ডাই অক্সাইড”

| আৰু পঢ়ক: হাও দেয়াৰ ইউ!

ভৱিষ্যত প্ৰজন্মৰ বাবে লিখিত এই চিঠিত বৰ্তমানৰ সময়ক চিহ্নিত কৰা হৈছে ৪১২ পিপিএম বুলি। আগষ্ট মাহ (২০১৯)ত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ আছিল প্ৰতি নিযুতত ৪১২ ভাগ (PPM- Parts per million), সেয়াই উৎকীৰ্ণ হৈ ৰʼল স্মৃতি ফলকত। বতাহত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা প্ৰবল বেগত বাঢ়িছে। ২০১৩ চনত ৪০০ পিপিএমৰ ঘৰ স্পৰ্শ কৰাৰ পাছত মাথোন ৬ বছৰত ১২ পিপিএম কাৰ্বন ডাই অক্সাইড বাঢ়িল। এই গতিত পৃথিৱী জলবায়ু-পৰিৱৰ্তন ৰূপী দৈত্যৰ গ্ৰাসলৈ গৈ থাকিলে ভৱিষ্যতৰ চিঠিখন পঢ়িবলৈ কোনোবা থাকিবগৈনে?

ভৱিষ্যতলৈ এখন চিঠি | পল্লৱপ্ৰাণ গোস্বামী