উত্তৰ-পূবৰ বাবে সুকীয়া টাইম জ’নৰ প্ৰয়োজনীয়তা

কর্মসূত্ৰে আমি মহাৰাষ্ট্ৰৰ পুনেত অৰ্থাৎ ভাৰতবর্ষৰ পশ্চিম প্ৰান্তত বসবাস কৰোঁ৷ শীতকালি যেতিয়া আবেলি ৪ বজাত এই প্ৰান্ত ৰ’দৰ পোহৰৰে চিকমিকাই থাকে, সেই সময়ত আমাৰ গৃহৰাজ্য অসমত বেলি ডুবি গধূলি হ’বলৈ আৰম্ভ কৰে৷ মহাৰাষ্ট্ৰ-গুজৰাটৰ মানুহ যি সময়ত নিজ নিজ কর্মক্ষেত্ৰত উদ্যমেৰে লাগি থকা পৰিলক্ষিত হয়, সেই সময়ত অসমত কর্মচাৰীয়ে অফিচ-কাছাৰীক দিনটোলৈ বিদায় দি ঘৰমুৱা হ’বলৈ ধৰে৷ তেনে সময়তে মনলৈ চিন্তা আহে যে অসম তথা উত্তৰ–পূবৰ ভৌগোলিক অৱস্থানৰ প্ৰতি লক্ষ্য ৰাখি এক সুকীয়া টাইম জ’ন (time zone)-ৰ প্ৰয়োজন আছে নেকি? সময়ে সময়ে এনে দাবী উত্থাপন নোহোৱাও নহয়৷ শেহতীয়াকৈ কিছু দিনৰ আগতে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে এই বিষয়ে দাবী তুলি দৃষ্টি আকর্ষণ কৰিছিল৷ কিন্তু বিষয়টো বিশেষ আগবঢ়া পৰিলক্ষিত নহ’ল৷ ভৌগোলিক দিশৰ পৰা চাবলৈ গ’লে পূবৰ অৰুণাচল প্ৰদেশ আৰু পশ্চিমৰ গুজৰাটৰ মাজৰ দূৰত্ব প্ৰায় ৩,০০০ কিঃমিঃ৷ দুয়োখন ৰাজ্যৰ সূর্যোদয় আৰু সূর্যাস্তৰ সময়ৰ মাজত পার্থক্য প্ৰায় দুঘণ্টা৷ সেই দিশৰ পৰা চাবলৈ গ’লে অসমত ১০ বজাত চৰকাৰী কাৰ্যালয় খোলাৰ সময়লৈ আমি দুঘণ্টা সময়ৰ দিনৰ পোহৰ (Daylight) অপচয় কৰিছোঁ৷ সূর্যাস্তৰ ক্ষেত্ৰতো একেই কথা খাটে৷ বিশেষকৈ শীতকালি ৪ বজাতে গধূলি হোৱাৰ লগে লগে পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ কেৱল ৬ ঘণ্টাহে কর্মসময় আমি লাভ কৰোঁ৷ পশ্চিম ভাৰতৰ মানুহে যি সময়ত ৮-৯ ঘণ্টাকৈ কাম কৰিবলৈ সুযোগ পায়, সেই সময়ত দিনৰ পোহৰৰ অপচয় কৰি আমি আমাৰ কর্মসময় হ্ৰাস কৰি আনিছোঁ৷

উত্তৰ-পূবৰ বাবে সুকীয়া টাইম জ’নৰ দাবী আজিৰ পৰা প্ৰায় ১৬ বছৰ পূর্বে ২০০১ চনতেই আৰম্ভ হৈছিল৷ কংগ্ৰেছ চৰকাৰৰ দিনত তদানীন্তন বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কপিল ছিবালে এই বিষয়টোক সম্পূর্ণৰূপে খাৰিজ কৰি ভাৰতীয় নির্ধাৰিত সময় মতেই চলি যোৱাৰ পৰামর্শ দিছিল৷ ২০০৬ চনত পৰিকল্পনা আয়োগ (বর্তমানৰ নিটি আয়োগ)-এ বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰি উত্তৰ-পূবৰ বাবে সুকীয়া টাইম জ’নৰ পোষকতা কৰিছিল৷ পূর্বৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও অসমৰ চৰকাৰী কর্মচাৰীৰ কর্মসংস্কৃতি হ্ৰাস পোৱাৰ বাবে দিনৰ পোহৰৰ অপচয়কে দোষাৰোপ কৰি এক সুকীয়া টাইম জ’নৰ দাবী তুলিছিল৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ অনীহা তথা অসহযোগিতাৰ বাবে বিষয়টোৱে সাফল্য লাভ কৰিবলৈ সক্ষম নহ’ল৷

লক্ষণীয়ভাৱে, ব্ৰিটিছৰ শাসনকালত ভাৰতবর্ষত তিনিটা টাইম জ’ন আছিল— বম্বে টাইম জ’ন, কলিকতা টাইম জ’ন আৰু বাগান টাইম জ’ন৷ ইয়াৰে বাগান টাইম জ’ন আজিও চাহ বাগানত প্ৰচলিত৷ ভাৰতীয় নির্ধাৰিত সময় (IST)ৰ পৰা ই এঘণ্টা আগবঢ়া৷ এই বাগান টাইম জ’নকে অসমৰ আনুষ্ঠানিক টাইম জ’ন হিচাপে ব্যৱহাৰ কৰিবলৈ তৰুণ গগৈয়ে প্ৰস্তাৱ দিছিল৷ তেনে কৰা হ’লে অসমৰ কর্মসময় আৰু এঘণ্টা বৃদ্ধি হ’লহেঁতেন৷ ভাৰতবর্ষৰ বিকশিত চহৰ আৰু ৰাজ্যসমূহ, যেনে— মুম্বাই, বেংগালুৰু, হায়দৰাবাদ, দিল্লী আদিয়ে দিনৰ পোহৰক সঠিকভাৱে ব্যৱহাৰ কৰি উন্নয়নৰ জখলাত আগবাঢ়িব পাৰিছে৷ উত্তৰ-পূর্বাঞ্চল ঔদ্যোগিক তথা অর্থনৈতিকভাৱে পিছপৰি থকাৰ ইয়ো এক অন্যতম কাৰণ৷ দিনৰ পোহৰৰ সঠিক ব্যৱহাৰ নোহোৱাৰ বাবেই ভালেসংখ্যক ঔদ্যোগিক প্ৰতিষ্ঠানে অসমত উদ্যোগ স্থাপন কৰাৰ ক্ষেত্ৰত অনীহা প্ৰকাশ কৰি আহিছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুই প্ৰান্তৰ মাজত দূৰত্ব প্ৰায় ৪,৫০০ কিঃমিঃ৷ সূর্যোদয়-সূর্যাস্তৰ পার্থক্যৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাত ৪টাকৈ টাইম জ’ন আছে৷ তেনেস্থলত ভাৰতবর্ষত অন্ততঃ দুটা টাইম জ’নৰ সৃষ্টি কৰাত অসুবিধা ক’ত? শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ নির্দেশনা বিচাৰি দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদন নাকচ কৰিছে৷ ন্যায়ালয়ৰ যুক্তি অনুসৰি দুটা ভিন্ন টাইম জ’নে বিশৃংখলতাৰ সৃষ্টি কৰিব৷ বিশেষকৈ ট্ৰেইন চলাচলৰ ক্ষেত্ৰত ই এক সমস্যাৰ সৃষ্টি কৰিব আৰু দুর্ঘটনাৰ সম্ভাৱনা বৃদ্ধি পাব৷ কিন্তু এনে জটিলতাক আতঁৰ কৰিব পৰাটো সম্ভৱ, প্ৰয়োজন মাথোঁ আন্তৰিকতাৰ৷

স্বাধীনতাৰ পাছৰে পৰাই উত্তৰ-পূর্বাঞ্চল ভাৰতৰ মূলসুঁতিৰ পৰা কিছু পৃথক তথা এলাগী হৈ আছে৷ বিভিন্ন কেন্দ্ৰীয় চৰকাৰেও উত্তৰ-পূবক মাহীআইৰ দৃষ্টিৰে চাই আহিছে বুলি নিয়মিত অভিযোগ উত্থাপন হয়৷ এনে পৰিস্হিতিত উত্তৰ-পূবৰ বাবে এক সুকীয়া টাইম জ’ন প্ৰৱর্তন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ আন্তৰিকতাৰ অভাৱ৷ সেয়েহে এই বিষয়টো কেন্দ্ৰৰ কোনেও আজিকোপতি গুৰুত্বসহকাৰে গ্ৰহণ কৰা নাই আৰু ৰাজ্য চৰকাৰসমূহেও ইয়াক সজোৰে উত্থাপন কৰাত ব্যর্থ হৈছে৷ তদুপৰি সুকীয়া টাইম জ’ন প্ৰৱর্তন কৰিলে উত্তৰ-পূব অঞ্চল মূলসুঁতিৰ ভাৰতৰ পৰা অধিক বিচ্ছিন্ন হৈ পৰা তথা এক সুকীয়া স্বাধীনতা লাভ কৰি বিদ্ৰোহী তথা উগ্ৰপন্থী সংগঠনসমূহ অধিক সক্ৰিয় হৈ পৰিব পাৰে বুলিও কেন্দ্ৰীয় চৰকাৰ কিছু পৰিমাণে শংকিত৷ কিন্তু অসম তথা উত্তৰ-পূবৰ ৰাইজে ভালদৰেই জানে যে অঞ্চলটোৰ প্ৰধান সমস্যা হৈছে অর্থনৈতিকভাবে এই অঞ্চল যথেষ্ট পিছপৰা৷ সুকীয়া টাইম জ’নে এই সমস্যা সমাধান কৰাত বহু পৰিমাণে সহায় কৰিব৷ দিনৰ পোহৰৰ অপচয় ৰোধৰ দ্বাৰা বিদ্যুৎ সংকটত জুৰুলা হোৱা অসমৰ দৰে ৰাজ্য এখনত বিদ্যুতৰ নাটনিৰ পৰিমাণ বহু পৰিমাণে হ্ৰাস কৰিব পৰা যাব৷ সূৰ্যাস্তৰ পাছত অতিৰিক্ত বিদ্যুৎ খৰচ কৰি উদ্যোগ চলাওঁতে বহু প্ৰতিষ্ঠান সমস্যাৰ সন্মুখীন হয়৷ সেই সম পৰিমাণৰ খৰচ প্ৰতিষ্ঠানৰ উৎপাদন বঢ়োৱাত সহায়ক হ’ব৷ তেনে পৰিস্থিতিত বাহিৰৰ বহু প্ৰতিষ্ঠানো অসমত উদ্যোগ স্থাপনৰ বাবে আগ্ৰহী হ’ব৷ সুকীয়া টাইম জ’নৰ দ্বাৰা সময়ৰ অপচয় ৰোধ হোৱাৰ উপৰিও বিদ্যুৎ ৰাহিকে ধৰি অন্যান্য খৰচ-পাতিও হ্ৰাস পাব তথা উৎপাদন বৃদ্ধি পাব৷

২০১২ চনত এক গৱেষণা পত্ৰৰ দ্বাৰা National Institute of Advanced Studies-ৰ এদল বিজ্ঞানী তথা গৱেষকে প্ৰমাণ কৰি দেখুৱাইছিল যে ভাৰতীয় নির্ধাৰিত সময় যদি আধা ঘণ্টাও আগুৱাই আনে, তেন্তে ভাৰতবর্ষত প্ৰতি বছৰে ১৭-১৮% শক্তি অর্থ্যাৎ ২.১৭ বিলিয়ন kWh (Kilowatt hour) বিদ্যুৎ ৰাহি কৰিব পৰা যাব৷ অসম তথা উত্তৰ-পূবৰ ক্ষেত্ৰত এই পৰিমাণ আৰু অধিক হ’ব৷

উত্তৰ-পূর্বাঞ্চলৰ অর্থনৈতিক উন্নয়নৰ বাবে সুকীয়া টাইম জ’নৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ আছে৷ অসমৰ জাতীয় সংগঠনসমূহেও বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰিব পৰা নাই বা ইয়াক লৈ সক্ৰিয়তা প্ৰদর্শন কৰা নাই৷ আগন্তক দিনত ৰাজ্য চৰকাৰসমূহে সক্ৰিয়তাৰে বিষয়টো আগবঢ়াই নি কেন্দ্ৰীয় চৰকাৰক এই বিষয়ত অধ্যয়ন কৰিবলৈ হেঁচা প্ৰয়োগ কৰিব লাগিব৷ ইংৰাজীত কোৱাৰ দৰে, “Nothing valuable can be lost by taking time”৷ সময় আৰু শক্তিৰ অপচয় ৰোধ কৰিব নোৱাৰিলে অনাগত দিনত যে অসম তথা উত্তৰ-পূর্বাঞ্চল অর্থনৈতিকভাবে অধিক অগ্ৰসৰ হ’ব নোৱাৰিব সেয়া নিশ্চিত৷

লেখক পুনে (মহাৰাষ্ট্ৰ)ৰ আই বি এম (IBM)-অত তথ্য-প্ৰযুক্তি বিশেষজ্ঞ হিচাপে কৰ্মৰত।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz