অনুৰাগ

প্ৰকাশ: ১৭ অক্টোবৰ, ২০১২ | অন্তিম সম্পাদনা: ২২ মে, ২০২০

নিশাৰ ৰাগিনীত শিহৰণৰ ফুল সিঁচি
উমাল হয় দাপোনমতীৰ বুকুৰ পথাৰ।
সোঁৱৰণিৰ সেমেকা আন্ধাৰত তোমাৰ মুখ
হৃদয়ৰ গোপন আবেগ ঢাকিবলৈ অসমৰ্থ ৰাতিটোৱে
কতবাৰ সপোনৰ বুকুত খোদিত কৰিছে তোমাক,
তোমাৰ শুভকামনাৰ প্ৰতিটো স্তৱকে
মোৰ বাবে কতবাৰ কঢ়িয়াই আনিছে
জীৱনৰ নতুন উন্মাদনা!

তোমাৰ আকুল আমন্ত্ৰণত
অনন্ত বিষাদৰ মাজেৰে গৈ গৈ
যাতনাৰ চহৰখনত দেখিছিলো
তোমাৰ বিষাদমগ্ন সেমেকা দুচকু;
মোৰ নিসংগ হৃদয়খনত তুমি খোদিত কৰিছিলা
নিপুণ ভস্কৰ্যৰ দৰেই তোমাৰ দুখৰ ইতিহাস!

দুখৰ বাটেৰে বাটকুৰি বাই অহা
তোমাৰ চঞ্চল সৰবতাই ভাঙি পেলাই
মোৰ মৌনতাৰ পাহাৰ
আৰু কেতিয়াও নিঃসহায় নহওঁ!
সুখ, দুখ, অভিমান, হাঁহি-কান্দোনৰ প্ৰতিটো স্মৃতিয়ে
মোক মই কৰি ৰাখিছে তোমাৰ বাবেই
অচিনাকি বতাহৰ স্পৰ্শত কুঁহিপাতবোৰ
চঞ্চল হৈ নুঠে
শূন্যতাৰ আঁচল টানি মাথোঁ তোমাৰ বাবেই অপেক্ষা কৰে
প্ৰতিটো পুৱা, প্ৰতিটো সন্ধিয়া

তুমিতো জানাই
তুমি মোৰ বাবে কেৱল সপোনৰ বিলাস নহয়
তুমি মোৰ হৃদয়ৰ থাপনা
মোৰ মন পথাৰৰ সোণোৱালী শইচৰ মাজত
তোমাৰ ঠিকনা!

 

নিবেদিতা হাজৰিকা | কবিতা

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

One response to “অনুৰাগ”

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts