উজনি আৰু পশ্চিম অসমৰ বিয়ানাম: এক আলোকপাত

[ হেমলতা কাকতি ]

বিয়া অসমীয়া লোকসংস্কৃতিৰ সামাজিক আচাৰ অনুষ্ঠানৰ অন্তৰ্ভুক্ত এক প্ৰাণময় আৰু গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। বিয়া অনুষ্ঠানৰ আৰম্ভণি বহু পুৰণি। এই বিয়াৰ জৰিয়তে দুই অৰ্ধাংগই এক পূৰ্ণাংগ ৰূপত ৰূপায়িত হয়। প্ৰবাদ আছে যে সমাজত পুৰুষ নাৰীৰ স্বেচ্ছাচাৰী তথা উচ্ছৃংখল যৌনমিলন ৰোধ কৰি সমাজক শৃংখলিত কৰাৰ উদ্দেশ্যে উদ্দালক ঋষিৰ পুত্ৰ শ্বেতকেতুৱেই হেনো ভাৰতীয় আৰ্য সমাজত পৱিত্ৰ বিবাহৰ নিয়ম কৰি সমাজৰ চৰিত্ৰ গঠনৰ সূচনা কৰে। শাস্ত্ৰৰ বিধিমতে ভাৰতৰ হিন্দু সমাজত আঠবিধ বিবাহৰ উল্লেখ আছে— ব্ৰহ্ম, দৈব্য, প্ৰজাপতয়, অৰ্শং, গন্ধৰ্ব, অসুৰ, ৰাক্ষস আৰু পৈশাচিক। এই আঠ প্ৰকাৰ বিয়াৰ ভিতৰত প্ৰজাপতয় বিয়াৰ প্ৰচলন আৰু সমাদৰ সৰ্বজন স্বীকৃত।

পৰম্পৰাগত এই আনন্দময় আৰু পবিত্ৰ সামাজিক অনুষ্ঠানক কেন্দ্ৰ কৰি যিবোৰ গীত-মাত পৰিবেশন কৰা হয়, সেই গীতবোৰেই বিয়ানাম। এই গীতসমূহ আতীজৰে পৰা আয়তীসকলৰ মুখে মুখে চলি আহিছে আৰু এই গীতবোৰ যথেষ্ট অৰ্থব্যঞ্জক। অসমীয়া সমাজৰ প্ৰাকৃতিক আৰু সামাজিক চিত্ৰ এখন বিয়ানামবোৰত সুন্দৰকৈ প্ৰতিফলিত হোৱা দেখা যায়। বিয়ানামসমূহত পৌৰাণিক আখ্যানৰ চৰিত্ৰসমূহৰো প্ৰাধান্য দেখা যায়। বিভিন্ন বিয়ানামত দৰাক ৰাম, শিৱ, শ্ৰীকৃষ্ণৰ লগত আৰু কন্যাক ৰুক্মিণী, জানকী, গৌৰীৰ লগত, দৰাৰ মাকক দৈৱকী, কৌশল্যা আৰু কন্যাৰ মাকক বিশেষকৈ মেনকাৰ সৈতে তুলনা কৰি বিয়ানাম গোৱা হয়। বিয়ানামৰ এই বৈশিষ্ট্যসমূহ উজনি আৰু পশ্চিম অসমৰ বিয়ানামত বিৰাজমান। বিয়া এখনৰ আৰম্ভণিৰ পৰা শেষলৈকে কেইবাটাও মাঙ্গলিক পৰ্ব সমাধা কৰিব লাগে। প্ৰত্যেক পৰ্বৰ লগত ৰজিতা খোৱাকৈ বিয়ানাম গোৱা হয়। আমাৰ এই আলোচনাত উজনি আৰু পশ্চিম অসমৰ সামঞ্জস্য থকা বিয়ানামসমূহৰ ওপৰত এক আলোকপাত কৰাৰ প্ৰয়াস কৰা হৈছে।

বিয়াৰ আৰম্ভণি জোৰোণৰ দিনৰ পৰাই হয়। বিয়াৰ তিনিদিন বা এদিন আগতে জোৰোণ দিয়া নিয়ম। জোৰোণত সেন্দূৰ, ফনি, কাপোৰ, গহনা আদিৰ ওপৰিও তামোল-পাণ, দৈ, মিঠাই ভাৰ কৰি কইনাৰ ঘৰলৈ লৈ অহা পৌৰাণিক দস্তুৰ। আজিকালি ভাৰ লৈ নগ’লেও এই সামগ্ৰীসমূহ কইনাৰ ঘৰলৈ নিয়াৰ প্ৰচলন আছে। সেয়েহে কামৰূপত জোৰোণক ‘তেলৰ ভাৰ’ আৰু পশ্চিম অসমৰ কিছুমান অঞ্চলত ‘কন্যাসিওৰা’ বুলিও কয়। জোৰোণত অনা ভাৰক কেন্দ্ৰ কৰি গোৱা নাম হ’ল—

উজনি অসমত:
আগৰখন ভাৰতে কি কি আনিছা
ৰভাৰ তলত থোৱা,
আইদেউৰ ঘৰলৈ কি কাৰ্যে আহিছা
ৰাইজৰ আগত কোৱা।
কৈকেয়ী আহিছে সুমিত্ৰা আহিছে
আহিছে ৰামৰে মাও,
জনকৰ জীয়ৰী জানকী সুন্দৰী
জোৰোণ পিন্ধাই আজি যাওঁ।

পশ্চিম অসমত:
বাৰশ হাড়িৰে তেৰশ কোদালৰে
সেই কোদালে ময়নাৰ মাল্লি বান্দেৰে,
মাল্লিৰে কিনাৰে যুঁতি মালতীৰ লতাৰে
তাৰ তলে ময়নাই জুৰিছে খেলাৰে।
সড়ক দিয়া যায়ৰে সদাগৰেৰ বেটাৰে
তায় দেখিয়া গেইল ময়নাক খেলা খেলাইতেৰে,
দৈ মাছেৰ ভাৰ ৰে বাটাই গুৱা-পাণ ৰে
কিবা সাজনে ময়নাৰ জোৰণ আইলৰে।

বিয়া উপলক্ষে দৰা-কইনাক তেল চৰোৱা কাৰ্য এৰাব নোৱৰা প্ৰথা। দৰা-কইনাৰ মূৰত তেল দিয়া সময়ত আয়তীসকলে গায়—

উজনি অসমত:
ডালিম থিয় কৰি মূৰত তেলে দিবা
ঐ ৰাম সুগন্ধি মালতী হাতে হে
মূৰত তেলে দিবা আশীৰ্বাদ কৰিবা
ঐৰাম সুমঙ্গল বসতি হওক হে।

পশ্চিম অসমত:
ৰাম বহা পীৰাখানি চাৰিওফালে খুৰা
তাতে বহায় তেল চৰায় ৰামচন্দ্ৰ ৰাজাক
এক হাতে তেল দে পাঞ্চ হাতে ধৰে
দুবৰি আগে তেল দে ৰে
গোসাঁইৰ আগে পৰে।

বিয়া হৈছে এক বৈদিক অনুষ্ঠান। সেয়েহে বিয়াৰ দিনা বৈদিক ৰীতি অনুসৰি শ্ৰাদ্ধ কাৰ্য সম্পাদন কৰি উপৰি পুৰুষক স্মৰণ কৰা হয়। শ্ৰাদ্ধ কাৰ্য সম্পন্ন কৰিবলৈ ব্ৰাহ্মণ বা পুৰোহিতৰ উপস্থিতি অপৰিহাৰ্য। সেই সময়ত আয়তীসকলে বামুণক কটাক্ষ কৰি গায়—

উজনি অসমত:
বাপুদেউৰ জোলোঙাটি নুবুলিবা সৰু
চাউল ধৰে চৰু ধৰে আৰু ধৰে গৰু
খেদি নিলে খেদি নিলে বামুণ পৰিল খালত
বামুণীয়ে কান্দি আছে ভাতচৰুৰ চুকত।

পশ্চিম অসমত:
বামন যায়ৰে বিয়াৰ বাৰী
বামনি বসি কান্দে
ওহে বামন পাৱে পৰি
সেন্দূৰ আনেন মোৰে
টিকৰিৰ মতন কপালেৰ বামনি
সেন্দুৰেৰ আটোস কৰে
ঘৰে আছে আখাৰ মাটি
তাকে পৰিধান কৰো।

বিয়াত দৰা-কইনাক গা ধুৱাবলৈ নৈ, বিল, পুখুৰী আদিৰ পৰা আয়তীসকলে জাত জাত নাম গাই পানী তুলি আনে। ফেহুজালি দিয়াৰ সময়ত তুলি অনা পানীক পৱিত্ৰ বুলি গণ্য কৰা হয়। উজনি আৰু পশ্চিম অসমৰ পানীতোলা বিয়ানামত তাৰ আভাস এইদৰে পোৱা যায়—

উজনি অসমত:
কুমাৰৰ টেকেলি
তোলে বালা মাটিৰ পানীহে
কি এ কাউৰী হাগিলা জলে
ইটো দোভাগ ৰাতি
কোনে পানী তোলে
কেলি কদম্বৰ তলে।

পশ্চিম অসমত:
ঘেচুই দিলা চালি উঠা বনমালী
ৰজনী প্ৰভাত হৈল
বনৰে হৰিণা বনতে নুকাইলা
পংখী দশ’দিশ গৈল।
বজায় ঢাক ঢোল নিৰ্মল তবল
অনেক বায়জন বাজে
ৰমনী যতেক সাগৰে যাবাক
নানান সাজন সাজে।

দৰা-কইনাক স্নান কৰোৱাৰ আগতে নখ কটোৱাও বিয়াৰ এটা পৰম্পৰাগত লোকাচাৰ। দৰা-কইনাক নখ কাটি দিবৰ বাবে নাপিত বা বেজক নিমন্ত্ৰণ কৰি অনা হয়। উজনিত ইয়াক ‘নখ কমোৱা’ আৰু পশ্চিম অসমত ‘ঘাট কামা’ পৰ্ব বুলি কোৱা হয়। পশ্চিমত নাপিতক ‘নাউৱা’ বুলি কোৱা হয়। আয়তীসকলে তেতিয়া নাপিতক জোকাই গায়—

উজনি অসমত:
নখ কমোৱা বেজ, তোমাক চিনো চিনো কৰে
তুমি আহিছা নখ কমাবা, ঘৈণীয়েৰাক নিলে চোৰে
নখ কমোৱা কোন ফালে গ’ল,
খেদাও মাৰিলো দেখাও নাপালো
ঘটি লৈ পায়খানাত গ’ল।

পশ্চিম অসমত:
ঘাট কামায় নাউৱা
চালত পৰে কাউৱা
দৈ চিৰা খাংখাং
কৰে ৰে নাউৱা
নাউৱাৰ মাইয়াৰ পিঠিত কুঁজ
বাৰা বানিবাৰ বৰ জুত।

নৈ-পুখুৰীৰ পৰা তুলি অনা পানীক সেইদিনা গঙ্গাজলৰ দৰে পৱিত্ৰ বুলি ভবা হয় আৰু দৰা-কইনাক সেই পানীৰে মাহ-হালধি সানি গা ধুৱাই দিয়া হয়। মাহ-হালধিৰ পৰশ লাগি দৰা-কইনাৰ ৰূপ যেন দুগুণ বৃদ্ধি হয়। সেই ৰূপৰ বৰ্ণনা বিয়ানামত এইদৰে পোৱা যায়—

উজনি অসমত:
আইদেউ ধৰিলা উপবাসে থাকিলা
হালধি মাহে গা ধুই আইদেউ
ধুনীয়া হৈ পৰিলা।

পশ্চিম অসমত:
ডিগি দিলুং পুষকনি দিলুং
জল কেনে ঘোলা
আমাৰ বালি ৰতন জ্বলে
তোমাৰ বৰ কেনে কালা।

উল্লেখ কৰা হৈছে যে বিয়াৰ দিনা দৰাক ৰাম, শিৱ আদিৰ লগত তুলনা কৰা হয়। দৰা কইনাঘৰলৈ যাত্ৰা কৰাৰ সময়ত শ্ৰীৰামে জানকীক বিয়া কৰাবলৈ মিথিলালৈ যাত্ৰা কৰাৰ দৃশ্য কল্পনা কৰি বিয়ানামত গোৱা হয়—

উজনি অসমত:
ওলাল সাজি কাজি আমাৰ ৰামচন্দ্ৰ
পুষ্পক ৰথতে উঠি
হয়-হস্তীসৱ সঙ্গে চলি যাই
ৰাম যায় মিথিলাপুৰী।

পশ্চিম অসমত:
কি ছিৰিৰাম, যায় ছিৰিৰাম হাউসেৰ শশুৰ বাড়ি
ছিৰিৰাম যায়, ছিৰিৰাম যায় ৰঙ্গে শশুৰ বাড়ি
কিমাথায় বান্ধিল ছিৰিৰাম মনিৰাজ পাগিৰী
ছিৰিৰাম হাতে নিল হেমতালেৰ লাঠি।

দৰা আহি কইনাঘৰৰ পদূলিমুখ পোৱাৰ সময়ত কইনাঘৰত উখল মাখল লাগে। দৰাক আদৰিবলৈ সকলো ব্যস্ত হৈ পৰে। দৰা পলমকৈ আহি পালে বিয়ানামত গায়—

উজনি অসমত:
আহিব দিছিলো গধূলি সাত বজাতে
ৰাতিকৈ আহিলা কিয়
ৰ’ব দিছিলো বাটচ’ৰাৰ মুখতে
কলৰ তল সোমালা কিয়?

পশ্চিম অসমত:
কইনাৰ বাবাৰ বাড়িত বকফুলেৰ গাছ
সেইনা ফুলে ফুটিয়াৰে বাসে মলমল কাৰে
কেনৰে দেশ ঘুৰা দামান এত ৰাইত কেনে
আমাৰ চাওৱাল বালি ভোকে হয়ৰাণ হৈল নাৰে।

দৰাক বৰণ কৰি আনি হোমৰ গুৰিত বহুৱাই পুৰোহিতে বৈদিক কাৰ্য আৰম্ভ কৰে। কইনাক সম্প্ৰদান কৰিবলৈ জোঁৱাইক কাঁহী, বাটি, কলহ, বস্ত্ৰ আদি বৰণ দিয়া পৰম্পৰা অসমৰ সকলো অঞ্চলতে আছে। জোৱাইক বস্তু দি সন্তুষ্ট কৰা সহজ নহয় যে তাৰ প্ৰমাণ বিয়ানামত পোৱা যায়—

উজনি অসমত:
বৰ কলহ কৰিলো দান
তথাপি জোঁৱাইৰ অপমান ঐ
ঐৰে লোৱা জোৱাই হাতে পাতি
থোৱা জোৱাই কাষৰ কৰি
তোমাৰ শহুৰ বৰ দানী
আকৌ দিব এটা আনি।

পশ্চিম অসমত:
মাকলা বাশেৰ তলে ৰইদে ঝিলমিল কৰে
মাৰোৱাৰ তলত বসি কন্যাৰ বাপ সম্প্ৰদান কৰে
ঘৰা দিছি দানে জল আনা কাৰণে
তাও জামাই গালি পাৰে ভৰাসভাৰ মাজে।

হোমৰ গুৰিত দৰা-কইনা বহাৰ পিছত দৰা, কইনা উভয় পক্ষৰ মাজত বিয়ানামৰ মাজেৰে ঠাট্টা-মস্কৰা আৰম্ভ হয়। এই নামসমূহক উজনিত ‘যোৰানাম’ আৰু নামনিত ‘খিচাগীত’ বুলি কোৱা হয়। দুই পক্ষৰ আয়তীসকলৰ মাজত যোৰানামৰ এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ হয়। যোৰানামবিলাকত দৰা-কইনাৰ সম্পৰ্কীয় লোক, দৰাৰ সখি, পুৰোহিত আদিক সাঙুৰি জোকাই ৰং-তামাচা কৰা হয়। উজনি আৰু পশ্চিম অসমৰ দুফাকিমান যোৰানাম উল্লেখ কৰা হ’ল—

উজনি অসমত:
লাট চাহাবৰ বেহেৰা
দৰাৰ ভনীয়েকে
দেখুৱাইছে চেহেৰা
চেহেৰাটো চেহেৰা
ভয়লগা চেহেৰা
ফটো তুলিবলৈ
নাই আমাৰ কেমেৰা।

পশ্চিম অসমত:
গুৱা কাটং চটিৰে চটি
পাণ বান্ধং আটি
বৰেৰ বইনটা সাজিয়া আছে
গৌৰীপুৰেৰ নটী
আন নটীক
বান্ধ গুৱাৰ গাছে ৰে।

এনেকৈ নানান গীত-মাতৰ মাজেৰে বিবাহ কাৰ্য শেষ হয় আৰু কন্যাৰ বিদায়ৰ মুহূৰ্ত আহি পৰে। ই অতি হৃদয় বিদাৰক দৃশ্য। সৰুৰে পৰা ডাঙৰ হোৱা ঘৰখন এৰি যোৱাটো কিমান কঠিন তাৰো প্ৰকাশ বিয়ানামত পোৱা যায়। সেই মুহূৰ্তত চকু চলচলীয়া কৰি গোৱা নামবোৰত কইনাক পোহনীয়া চৰাইৰ লগত তুলনা কৰে এইদৰে—

উজনি অসমত:
ঔ গছৰ কোমল কুঁহি ভাটৌ পৰি খায়
দেউতাই পোহা ম’ৰাচৰাই ৰামে লৈ যায়।

পশ্চিম অসমত:
উৰিয়া যায় মোৰ
ঘৰ ভোলা ডাউকি ৰে
ফিৰিয়া চায় মোৰ
ঘৰ ভোলা ডাউকি ৰে।

বিয়ানামে বিয়া এখনৰ সৌষ্ঠৱ বৃদ্ধি কৰাত যথেষ্ট অৰিহণা যোগায়। আয়তীসকলৰ মুখে মুখে চলি অহা এই নামবোৰ অসমীয়া লোক সংগীতৰ এক আপুৰুগীয়া সম্পদ। সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই নামবোৰ আমাৰ সমাজৰ পৰা হেৰাই যাবলৈ ধৰিছে আৰু তাৰ ঠাই দখল কৰিছে কিছুমান আমদানিকৃত সংস্কৃতি আৰু কৃত্ৰিম জাকজমকতাই। সময় থাকোঁতে এই নামবোৰ উদ্ধাৰ কৰি সংৰক্ষণ কৰি নথ’লে এদিন কালৰ বুকুত লোকসংস্কৃতিৰ এনেধৰণৰ আপুৰুগীয়া সম্পদবোৰ হেৰাই যাব।«

সহায়ক গ্ৰন্থপঞ্জী:
১। কোঁচ, জীৱন চন্দ্ৰ: সৃষ্টিৰ আনন্দময় উৎস বিয়া আৰু বিয়ানাম
২। দাস, ড° ধীৰেন: গোৱালপৰীয়া লোক সংস্কৃতি আৰু লোকগীত
৩। দত্ত, ড° বীৰেন্দ্ৰ নাথ: গোৱালপৰীয়া লোকগীত সংগ্ৰহ
৪। নাথ, দ্বিজেন: গোৱালপৰীয়া লোক সংস্কৃতি

পশ্চিম অসমৰ কিছু প্ৰচলিত বিয়ানাম ধুবুৰীৰ কামিনী ৰয়, শান্তি ৰয়, নিশিবালা ৰয় আৰু সুৰবালা ৰয়ৰ পৰা সংগ্ৰহ কৰা হৈছে।

নীলা চৰাই . এপ্ৰিল ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

1 Comment on "উজনি আৰু পশ্চিম অসমৰ বিয়ানাম: এক আলোকপাত"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
chintu saikia
Guest

সচাকৈ এটি ভাল লগা রেবচাইট

wpDiscuz