সাধনাবিহীন আধুনিক শিল্পী

আচৰিত কথা। ‘Father figure of the modernist cult of Art’ পাবলো পিকাছোৱে এটি চাঞ্চল্যকৰ উক্তি কৰিছে। উক্তিটি হ’ল: “জনসাধাৰণে আৰ্টত সান্ত্বনা বা প্ৰেৰণা নিবিচাৰে। পিছে মার্জিত ৰুচিৰ লোকে, ধনী লোকে আৰু এলেহুৱা লোকেহে নতুন কিবা বিচাৰে। একষ্ট্ৰা অৰ্ডিনেৰী কিবা বিচাৰে, অৰিজিনেল কিবা বিচাৰে, স্কেণ্ডেলাছ কিবা বিচাৰে। আৰু মই ত্রৈকোণিক ছবি অঁকাৰ যুগৰে পৰা, এনে লোকসকলক শাস্তি দিছোঁ— মোৰ মনলৈ যিহকে আহিছে, তাকে অস্বাভাৱিকভাৱে আঁকি আঁকি। আৰু এওঁলোকে যিমান কম বুজে সিমান বাহ্ বাহ্ কৰে! মই তুলিৰে অৰ্থহীন সাঁথৰ আঁকিছোঁ, সেইবোৰেৰে ধেমালি কৰিছোঁ, নিজকে নিজেই সেইবোৰেৰে আমোদ দিছোঁ। ফলত কি হৈছে? মই বিখ্যাত হৈ উঠিছোঁ বৰ সোনকালে। মই এজন চেলেব্ৰিটি হৈ উঠিছোঁ। চেলেব্রিটি হোৱা মানেই ছবি বেচা যোৱা, ছবি বেচা যোৱা মানেই লাভ, আৰু লাভ মানেই বিৰাট ভাগ্য। আপোনালোকে জানেই, মই আজি অতি বিখ্যাত আৰু অতি ধনী। পিছে, মই অকলশৰে যেতিয়া মোকে ফঁহিয়াও, তেতিয়া মই নিজকে নিজে ডাঙৰ শিল্পী বুলি ক’বলৈ সাহ নেপাওঁ। গিয়াটো, চিচিয়ান, ৰেমব্ৰাণ্ট আদিৰ দৰেতো মহান শিল্পী মই নহওঁ। মোৰ সময়ক বুজি, মই এজন মাথোঁ ৰাইজক আমোদ দিয়া মানুহ।”

img
পাবলো পিকাছো

এই উক্তিৰ যুক্তি আছে। আৰ্টত আধুনিকতাৰ নামত বর্তমান পৃথিৱীত নানা অনাচাৰ হোৱাটো সঁচা কথা। যথেচ্ছাচাৰো চলিছে বহুত। সেইবোৰ দেখি-শুনিয়েই এই শতাব্দীৰ পৃথিৱী-বিখ্যাত পিকাছোৱে মর্মান্তিক কষ্ট পাইছে। নিজেই গোটই জীৱনটো পৰীক্ষামূলকভাৱে ছবি আঁকি বিংশ শতাব্দীক ‘পিকাছো শতাব্দী’লৈ ৰূপান্তৰিত কৰিও তেওঁৰ নিজকে নিজে অপৰাধী যেন লাগিছে কিয়?

এয়া পিকাছোৰ অকল আত্মোপলব্ধিসঞ্জাত উক্তিনে? নে নৈৰাশ্যবোধজনিত? আত্ম উপলব্ধি হয়তো কিঞ্চিৎ সঁচা। কিয়নো, সকলো মহান শিল্পীয়েই মাজে মাজে আত্ম-বিশ্লেষণ কৰে। কৰি আগুৱায়। পিছে পিছৰটো কাৰণহে অর্থাৎ নৈৰাশ্যবোধহে এই উক্তিৰ প্ৰধান কাৰণ যেন লাগে। আজি সমগ্র পৃথিৱীতে পিকাছোৱে আৰম্ভ কৰা মডার্ণ আৰ্টৰ অক্ষম অনুকৰণ কৰি বেঙৰ ছাতিৰ দৰে অসংখ্য মডার্ণ আৰ্টিষ্টে মূৰ দাঙি উঠিছে। প্রায়বোৰেই আঁকিব জানক নেজানক দুই-এটি ৰেখা, দুই-এটি মুখে-বুকুৱে দিয়া চকুৰে, হোৱাই নোহোৱাই বিকৃত কৰি, ডাঙৰ শব্দৰ অর্থহীন শিৰোনামাৰে ছবি ‘সৃষ্টি’ কৰি ‘নতুন ধনী’সকলৰ অপৰিপক্ক ৰুচিৰ আগত দাঙি ধৰি ‘সাফল্য’ লভিছে। ফলত মডাৰ্ণিষ্ট আৰ্টৰ ফাদাৰ ফিগাৰ পিকাছোৰ মনত আঘাত লাগিছে। এতিয়া ভাবিছে, “মোৰ মডার্ণ আটৰ প্ৰেৰণাই দেখোন ফ্রেঙ্কেষ্টাইন অসুন্দৰ মূৰ তুলি উঠাৰ দৰে মোকেই গিলি পেলাব খুজিছে।”

কথাত কথা ওলায়। আধুনিক কবিতাশিল্পী টি এছ ইলিয়টৰ কবিতাংশত সংগ্রামী বনুৱাৰ ছবি এখনৰ কেইটিমান নৈসর্গিক প্ৰতীকৰ ব্যৱহাৰ মন কৰক—

ঘর্মাক্ত মুখৰ ওপৰত জোঁৰৰ তেজৰঙা পোহৰ
তাৰ পিছত—
বাগিচাত তুষাৰাবৃত মৌনতা
তাৰ পিছত
শিল ভৰা মাটিৰ যন্ত্রণা
তাৰ পিছত
চিঞৰ আৰু কান্দোন
কাৰা আৰু প্রাসাদ আৰু প্ৰতিধ্বনি
বজ্ৰৰ বসন্তৰ দূৰান্ত পাহাৰৰ
যিজন আছিল জীৱিত
সেইজন আজি মৃত (‘ৱেষ্টলেণ্ড’ৰ পৰা অনূদিত)

img
টি এছ ইলিয়ট

টি এছ ইলিয়টে এই যুগৰ সত্যৰ এটি গভীৰ অর্থৰ ব্যঞ্জনা দিবলৈ এই অংশ কবিতা লিখিছিল। কবিতা চিন্তাত ইলিয়টেও যুগ ৰচনা কৰিছিল। পৃথিৱীয়ে যোৱা দুকুৰি পাঁচ বছৰে ইলিয়টক মানি লৈছিল। লণ্ডনৰ সাপ্তাহিক ‘টাইম’ পত্রিকাই ৭৬ বছৰীয়া ইলিয়টে চকু মুদাৰ পাছদিনা চিঞৰি উঠিল, “ইলিয়টৰ সমালোচনা আৰু বৈদগ্ধ্য যেন আমাৰ নিশ্বাস বায়ু”, হয়তো কথাটো কণ্ট্ৰোভাৰ্চিয়েল। মাৰ্টিন চেমুৰ স্মিথে কিন্তু যোৱা ১২ মাৰ্চ তাৰিখে কৈছে: “এজৰা পাউণ্ড আৰু ইলিয়টৰ খ্যাতি প্রায় অস্তগত। এওঁলোকতকৈ ডাঙৰ লিখক ফোর্ড মাডক্স ফোর্ড আৰু উইণ্ডহাম লিউইচ— পাউণ্ড আৰু ইলিয়টৰ প্রধান কীর্তিতো সাহিত্য নহয়, যুগৰ ওপৰত যেন-তেন প্রকাৰেন নিজৰ নাম প্রতিষ্ঠা কৰা।”

কথাটো মন কৰক, ‘যেনে-তেন প্রকাৰেন’। ইলিয়টৰ মৃত্যুৰ পাছতে কবৰৰ পৰা উলিয়াই আনি এনেকৈ সমালোচনা কৰা শুনিলে আমাৰ ভাব হয়, ইলিয়টৰ অক্ষম অনুকৰণ কৰা, ইলিয়টৰ বৈদগ্ধ্য নথকা, তথাকথিত ‘আধুনিক কবিতা’ লিখকৰ প্রাচুর্য দেখিয়েই মাৰ্টিন চেমুৰ স্মিথৰ খং উঠা নাইতো, ইলিয়টলৈ? খংটো হয়তো ইলিয়টৰ ওপৰত তেওঁৰ উঠা নাই। তেওঁক সৰু কৰিলেহে যদি তেওঁৰ অক্ষম অনুকৰণকাৰীৰ সংখ্যা কমে! পিকাছোৰ দৰে উক্তি কৰিবলৈ আজি ইলিয়ট বাচি থকা নাই। কিন্তু ইলিয়টে এটা কথা কৈছিল: “Immature poets imitate; mature poets steal; bad poets deface what they take, and good poets make it into something better or at least something different”। সেয়ে হয়তো ‘আধুনিক’ বোলা বেছিভাগ অপৰিপক্ক কবিৰ টিঘিলঘিলনি দেখি হয়তো ইলিয়টে মনে মনে দুখতে এদিন নিজেই নিজকে কৈছিল: এনে অর্থহীন কবিতাৰ ষ্টীম ৰ’লাৰ এদিন ওপৰেদি নচলেতো?

যাওক। ইলিয়ট সদায়েই ইলিয়ট। পিকাছো সদায় পিকাছো।

আজিৰ অনিশ্চিত সমাজ ব্যৱস্থাত জন্ম মাত্রেই পৰম চিন্তাৰ কথা। সেই জন্ম যদি উদ্দেশ্যপূর্ণ হয়, তেনেহ’লেতো আৰু চিন্তা। এই সমাজ-জীৱনে উদ্দেশ্যকে সবাতোকৈ বেছি ভয় কৰে। কিয়? কাৰণ, এই যুগ নিজেই লক্ষ্যহীন এন্ধাৰৰ পিনে ধাৱমান। ফলত উদ্দেশ্যৰ সৈতে লক্ষ্যহীন সংগ্রাম অনিবার্য। সেয়েহে আধুনিক যুগৰ শিল্পস্রষ্টাসকলে (সাহিত্য, সংগীত, নাট, চিত্র, বোলছবি, ভাস্কর্য যিয়েই নহওক) সাধনা নকৰি মাখি-ছাল পৰশা সৃষ্টি কৰিলেই বিপদ। সঁচা আৰ্টৰ ক্ষেত্ৰত মূল্যায়ন সলনি হয়, ৰুচি সলনি হয় যুগে যুগে। কেতিয়াবা দশকে দশকে নতুন মূল্যায়ন ঘটে। সদায়েই তদানীন্তন সৰবৰহিতাৰে চিৰন্তন মূল্য স্থিৰ নহয়। চিৰন্তন মূল্যৰ বাবেই দৰকাৰ গভীৰ সাধনাৰ। চাঞ্চল্যৰ সৃষ্টি কৰি সস্তীয়া বা-হ্-বা পোৱা বিধেৰে চিৰন্তন মূল্যৰ সৃষ্টি কৰিব পৰা নাই।

বর্তমান পৃথিৱীৰ ভৌগোলিক, মানসিক, অর্থনৈতিক, ৰাজনৈতিক বিষয় সংক্ৰান্ত সকলো বিধৰ বিৰোধ আৰু বৈষম্য সত্ত্বেও মানুহ এটি সাধাৰণ সার্বজনীন সভ্যতাৰ অনুকাংক্ষী। সেই সত্য আধুনিক শিল্পীয়ে মনত ৰাখিলে ভাল হয়।

| আৰু পঢ়ক: মহিম বৰাৰ ‘ভূপেন হাজৰিকা জাতিটোৰ ধমনীত সদায় সোমাই থাকিব’

ইংৰাজীত এটি কথা আছে: কিছু লোকক সকলো সময়ৰ বাবে আৰু সকলো লোকক কিছু সময়ৰ বাবে তুমি ঠগিব পাৰিবা, কিন্তু কেতিয়াও তুমি সকলো লোককে সকলো সময়তে ঠগিব নোৱাৰা।

মিলাৰৰ এটি কথা আমি মনত ৰাখিলে ভাল হয়: আর্ট, আমোদ ভ্রমণ নহয়,— সংগ্রাম। ‘Art is not a pleasure trip, it is a battle’। সংগ্রাম মানেই সাধনা।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of