ধোঁৱা

image

ধোঁৱাবোৰ তৰুণ হয়, ভৰুণ হয়,
দুপৰীয়া-গধূলি আইক বৰকৈ জোকায়
আইৰ চকু-মুখ ৰঙা পৰে
তথাপি আইক নেৰে

ফু-চুঙাৰে আয়ে ঢাকে
ডেকা
ধোঁৱাৰ নিলাজ চকু
ভোকৰ ভাত হাতত ল’লেই দেখোঁ
ৰঙা পৰা দুগালত কৰাল মৰা চকুপানী

ধোঁৱাতেই ওমলে আমাৰ জীৱন,
পিতাইৰ খহতা হাত
আইৰ চকুৰ ধোঁৱাত
আমাৰ একাঁহী সপোন।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz