ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ২: কৃপণ-পুৰাণ

ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ২: কৃপণ-পুৰাণ
  • 06 Oct, 2019

গেন শৰ্মাই আগফালৰ জেওৰা এখন বাটি আছিল। জেওৰাখন আৰু অলপ দিন গ’লহেঁতেন। কিন্তু পৰহি জাকফুৰা গৰু এজাকে জেওৰাখনৰ দুৰ্বল অংশ এটাইদি বাট পোনোৱাত সেইখনৰ আয়ুস টুটি গৈছিল। শৰ্মাই সেই জেওৰাখন বাটি যাওঁতে যাওঁতে গৰুজাকক উদ্দেশি মুখেৰে ভোৰভোৰাই আছিল— চালা নিলাজৰ জাত! তহঁতৰ অতপালিৰ বাবেই মই অকালতে ইমানগাল ধন হেৰুৱাবলগীয়া হ’ল। এতিয়া এটা বাঁহৰ দাম কিমান জান? ডেৰশ টকা!

জেওৰাখনৰ এক-চতুর্থাংশমান বাটি হৈছিলহে, তেনেতে শৰ্মাৰ পদূলিয়েদি চেমনীয়া ল’ৰা এজাক ভিতৰলৈ সোমাই আহিল৷ সিহঁতৰ একেবাৰে আগত অহাটোৰ হাতত এখন ৰচিদ বহী। ল’ৰাজাক কিয় আহিছে শৰ্মাৰ আৰু বুজিবলৈ বাকী নাথাকিল। তেওঁ সিহঁতক নেদেখাৰ ভাও জুৰিলে। কিন্তু ল’ৰাজাক ভিতৰলৈ নগৈ শৰ্মাৰহে ওচৰ চাপি আহিল।

“খুৰা, আমি চান্দা বিচাৰি আহিছিলোঁ।”— হাতত ৰচিদ বহী লৈ থকা ল’ৰাটোৱে বহীখন শৰ্মাৰ আগত দাঙি ধৰিলে।
“কিহৰ চান্দা আ?”— শৰ্মাই জানিও নজনাৰ ভাও জুৰিলে।
“কিয়, আমি পূজা পাতিছোঁ বুলি নাজানে নেকি?”
“তহঁতে ক’লেহে জানিম!”
“এতিয়াতো জানিলে! দিয়ক চান্দা।”
“লিখ এঘাৰ টকা এটা।”
“এঘাৰ টকা! আমাৰ এখন ৰচিদ পাতৰে খৰচ পৰিছে পোন্ধৰ টকা। আপুনি এঘাৰ টকা দিলে কেনেকৈ হ’ব? আমি আপোনাৰ নামত পাঁচশ টকা ধৰি থৈছোঁ।”
“হেৰ’, মই দেউতাৰ শ্ৰাদ্ধতে পাঁচশ টকা খৰচ নকৰোঁ, তহঁতক পাঁচশ টকা চান্দা দিমনে? এঘাৰ টকাৰ এক পইচাও বেছিকৈ নিদিওঁ। ল’লে ল’বি, নল’লে নাই।“

শৰ্মাৰ ল’ৰাকেইটাৰ লগত খট-বান্ধ লাগিবলৈ ধৰিলে। শর্মা এঘাৰৰ পৰা এঢাপো ওপৰলৈ নাযায়, ল’ৰাকেইটাও পাঁচশৰ পৰা এঢাপো তললৈ নানামে। অৱশেষত প্রায় আধা ঘণ্টাজুৰি চলা তর্কাতর্কিৰ মূৰত শৰ্মা যেনিবা পোন্ধৰ টকাত মান্তি হ’লগৈ। তাকো বাকী! পূজাৰ পাছতহে তেওঁ পইচাখিনি দিব পাৰিব! ক’ত পাঁচশ, আৰু ক’ত পোন্ধৰ! শৰ্মাৰ চৌহদৰ বাহিৰ হৈয়ে ল’ৰাকেইটাৰ এটাই তেওঁলৈ চাই থু পেলাই শাওপাত দিলে— “চালা কুবেৰ। তোৰ ধনত জুই লাগক।”

শর্মায়ো ল’ৰাকেইটালৈ চাই ক্ৰুৰ হাঁহি এটা মাৰি স্বগতোক্তি কৰিলে— “যা যা বোপাইহঁত। নাকত তেল দি শুই থাকগৈ। এই খগেন বামুণৰ পৰা তহঁতে চান্দা নিবলৈ আহ? তহঁতৰ নাম নাজানো!”

খগেন শর্মাক অঞ্চলটোৰ সকলোৱে মহা কৃপণ বুলিয়েই জানে। বান্ধকেৰেপে, কৰাইচ, কুবেৰ, চিকটা, হাতেৰে পানী নসৰকা, থু নেপেলোৱা ইত্যাদি বিশেষণবোৰ তেওঁৰ নামৰ শিৰত মুকুট হৈ জিলিকি থাকে। খোৱা-পিন্ধা, ফুৰা-চকা— এনেকুৱা এটা বিষয় নাই, য’ত শৰ্মাৰ কৃপণালি প্রকাশ নোপোৱাকৈ থকা নাই। অথচ এনেকুৱা কথা নহয় যে তেওঁ একেবাৰে ডাল-দৰিদ্ৰ মানুহ! চাকৰিয়ে-বাকৰিয়ে, খেতিয়ে-বাতিয়ে শৰ্মাৰ কেউফালৰ পৰাই জয়জয়-ময়ময় অৱস্থা। অৱশ্যে এটা কথা ঠিক, দুখীয়া মানুহে কৃপণালি কৰিব নোৱাৰে। তেওঁলোকে কৃপণালি কৰিবনো কিহত!

শৰ্মাৰ ডেকাকালৰ কথা। তেতিয়া তেওঁ বিয়া কৰোৱা নাছিল। এতিয়াৰ মাষ্টৰী চাকৰিটোও কৰা নাছিল। চহৰৰ ভাৰাঘৰত থাকি ক’ম্পেনিৰ চাকৰি কৰিছিল। অফিছৰ পৰা ঘৰলৈ ওভতোঁতে তেওঁ সদায় এখন হোটেলত সোমাই এটা ছিঙাৰা খায় আৰু এটা কাগজত বান্ধি লৈ আহে। একেটা কামকে সদায় কৰা কাৰণে হোটেলৰ মেনেজাৰৰ কৌতূহল হল— এই মানুহটোৱে এটা ছিঙাৰা ঘৰত নি কি কৰেগৈ? এদিন কৌতূহল দমাব নোৱাৰি মেনেজাৰে শৰ্মাক সুধিয়েই পেলালে— “ছাৰ, আপুনিতো ইয়াত এটা ছিঙাৰা খায়েই। বাকী ছিঙাৰাটোও দেখোন ইয়াতে খাই পেলাব পাৰে। সেইটো আকৌ কিয় ঘৰলৈ লৈ যায়?”

শর্মাই ৰহস্যময় হাঁহি এটা মাৰি উত্তৰ দিলে— “মই ছিঙাৰাটো ঘৰত নি নাখাওঁ নহয়।“
“নাখায় যদি কিয় নিয়ে?”
“নাখাওঁ মানে ছিঙাৰা হিচাপে নাখাওঁ।“
“মানে?”
“মানে ছিঙাৰাটোৰ মাজৰ ভাজিখিনি ৰাতি ভাতৰ লগত খাওঁ আৰু বকলাটো ৰাতিপুৱা চাহৰ লগত খাওঁ।“

শৰ্মাই এনেকৈয়ে ৰাতি ভাতৰ লগৰ ভাজি আৰু ৰাতিপুৱা চাহৰ লগৰ বিস্কুটৰ খৰচ কমাইছিল।

শৰ্মাই সেইখন হোটেলতে কেতিয়াবা এসপ্তাহৰ মূৰত এটা ৰসগোল্লা খায়। ৰসগোল্লাৰ লগত অলপ ৰসো দিয়ে। শৰ্মাই পিছে ৰসখিনি নাখায়। সেইখিনিৰ লগতে আৰু অলপ ৰস ঘৰৰ পৰাই লৈ যোৱা সৰু টেমাটোত মেনেজাৰক ভৰাই দিবলৈ কয়। নিয়মীয়া গ্রাহক। মেনেজাৰে শৰ্মাৰ কথাটোত একো আপত্তি নকৰে৷ কিন্তু তেওঁ ৰসবোৰেৰে কৰে কি? মেনেজাৰে এই কথাটোও শৰ্মাক সোধাত তেওঁ পিছে এইবাৰ সঁচা উত্তৰটো নিদিলে। আচলতে মেনেজাৰৰ আগত নিজকে আৰু এবাৰ নগ্ন কৰিবলৈ তেওঁ বেয়া পালে। তেওঁৰ পুৰণি পেটৰ অসুখ এটা আছে, মাজে মাজে ৰসগোল্লাৰ ৰসৰ লগত বন দৰব এটা খাই থাকিলে উপশম পাই থাকে বুলি ক’লে। কিন্তু আচল কথাটো হ’ল— শৰ্মাই ৰসগোল্লাৰ ৰসখিনি চাহ-জলপানৰ লগত খাই গুৰ-চেনিৰ খৰচহে কমায়।

শর্মাই শাক-পাচলিৰ বজাৰ খুব কমেইহে কৰে। বাৰীৰ শাক-পাচলি আৰু বাটৰ কাষৰ কচু-ঢেঁকীয়াৰেই চলাই নিয়ে। কেতিয়াবা দূৰণিবটীয়া আলহী-দুলহী আহিলে কৰিবলৈ বাধ্য হয়। তাকো বজাৰৰ শুকান, লেৰেলা, আনে ক্রয় নকৰা বস্তুবোৰ বেপাৰীৰ লগত দৰ-দাম কৰি একেবাৰে পানীদামত কিনি আনে। যিমান নিকট আত্মীয়ই নহওক, শৰ্মাই মাছ-মাংস কোনোদিনেই আনি পোৱা নাই। গাইপতি হিচাপ কৰি এটাকৈ কণী আনে। তাৰে এটা কণী যদি বেয়া ওলায়, কোনোবা এজনে অকল জোলেৰেই ভাত খাবলগীয়া হয়। আৰু এই দুর্ভাগ্য সদায় শর্মানীৰ ভাগতে পৰে। কাৰণ শর্মা সদায় আলহীৰ লগতে খাবলৈ বহে। গতিকে সন্মানৰ খাতিৰত তেওঁক কণী এটা দিবই লাগে। আৰু ল’ৰা ছোৱালীকেইটাক বিমুখ কৰি শৰ্মানীয়েনো কোনটো সতেৰে খায়! কণী অনাৰ ক্ষেত্ৰত শৰ্মাৰ যুক্তি হ’ল— কণী বিলাবলৈ ভাল, কাৰোবাৰ ভাগত কম-বেছি হোৱাৰ ভয় নাথাকে। তেনেকৈ কচু-ঢেঁকীয়া-খুতৰা-ভূতমূলা-মধুসোলেং আদিৰ সপক্ষে তেওঁৰ যুক্তি হ’ল— বজাৰৰ সাৰ দিয়া বিষাক্ত শাক-শাচলি খোৱাতকৈ এইবোৰ নির্ভেজাল শাক-পাচলি খোৱা শ্রেয়।

শৰ্মাৰ ঘৰত ওচৰ-চুবুৰীয়া কোনো মানুহেই আজিলৈকে চাহ একাপ, তামোল এখন খাই পোৱা নাই। কেতিয়াবা অৱশ্যে আগেয়ে কেতিয়াও নহা নতুন আলহী আহিলে তেওঁৰ ভাগ্যত শুদা চাহ একাপ নিমিলাকৈ নাথাকে। কিন্তু ইয়াতো আন এটা সমস্যা আহি পৰে। শর্মানীয়ে অকল আলহীকে চাহ দিলেইতো নহ’ব, লগতে বহি কথা চোবাই থকা গিৰিয়েককো দিব লাগিব। কিন্তু শর্মাই দিনটোত এবাৰহে চাহ খায়। এতিয়া উপায় কি? শৰ্মাই পৰিবাৰক বুধি শিকাই থৈছে— তেনেকৈ আলহীৰ লগত তেওঁকো চাহ দিবলগীয়া হ’লে ষ্টিলৰ দীঘলীয়া গিলাচ এটাত শুদা গৰম পানী অকণ দি দিলেই হ’ল। শৰ্মাই সেইখিনিকে এশোহা-দুশোহা মাৰি আলহীৰ লগত চাহ খোৱাৰ অভিনয় কৰি যাব। আলহীয়েতো আৰু তেওঁৰ গিলাচত চাহ আছে নে গৰম পানী আছে, চাবলৈ নাহে!

শর্মাই মাহটোৰ জোখাৰে ৰামলালৰ গোলাৰ পৰা পাইকাৰী দৰত ঘৰখনৰ সকলো বস্তু আনি দিয়ে। তাৰ আগতে যদি কেনেবাকৈ বস্তুবোৰ ঢুকায়, তেনেহ’লে সেইখিনি বস্তুৰ অবিহনেই মাহটোৰ বাকীকেইটা দিন চলিব লাগিব। যেনে— মিঠাতেল যদি ঢুকাই গ’ল, তেনেহ’লে দাইল-ভাজি সিদ্ধ কৰিয়েই খাব লাগিব। ছাৰ্ফ-চাবোন যদি ঢুকাই গ’ল, তেনেহলে খাৰণি-পানী আৰু মণিছালৰ গুটিৰেই কাম চলাব লাগিব। ইত্যাদি।

শৰ্মাৰ সর্বজনবিদিত কেইটামান কৃপণালি হ’ল— (১) তেওঁ জুইশলা কাঠী দুফাল কৰি লয়, (২) তেওঁ বজাৰত যঁজা কল বিচাৰি ফুৰে, (৩) তেওঁ এটা ছিগাৰেট তিনিদিন খায়, (৪) তেওঁ জাৰকালিৰ তিনিটা মাহ ওপৰৰ কাপোৰ-কানিকেইটাতো বাদেই, অন্তর্বাসকেইটাও নোধোৱে, (৫) তেওঁ স্কুললৈ চাৰি কিল’মিটাৰ বাট খোজকাঢ়ি অহা-যোৱা কৰে, (৬) তেওঁ স্কুলৰ ওচৰৰ দোকানকেইখনৰ পৰা চাধা-তামোল খুজি খায়।

শৰ্মাই এতিয়ালৈকে মাত্র এটা কথাতে কার্পণ্য কৰা নাই— তেওঁ জোৰণত ঘৈণীয়েকক চকুত লগাকৈ আ-অলংকাৰ আৰু কাপোৰ-কানি দিছিল। কথাটোত গাঁৱৰ সকলো মানুহে তবধ মানিছিল, নিজৰ চকুবোৰকে বিশ্বাসত ল’ব পৰা নাছিল। কিন্তু ইয়াৰ গূঢ়ার্থটো আছিল— বস্তুখিনিতো আকৌ শৰ্মাৰ ঘৰলৈকে ঘূৰি আহিব, তেওঁৰেই সম্পত্তি হৈ থাকিব!

শর্মাহঁতৰ পথাৰৰ ৰৌমাৰি দলনিত ওচৰৰ গাঁও দুখনৰ কিছুমান মানুহে মনে মনে ফান্দ পাতি শৰালি, কণামুচৰি, কাম চৰাই, ডাউক আদি ধৰে। বজাৰলৈ নিলে ধৰা পৰিব কাৰণে সিহঁতে থলীতে সেইবোৰ কম দামত গঞাক বিক্ৰী কৰি দিয়ে। এদিন শর্মায়ো প্রায় আধাঘণ্টা সময় দৰ-দাম কৰি কণামুচৰি এটা কিনি ঘৰলৈ আহি থাকোঁতে বাটতে পাওক কৰুণা বৰুৱাই।

“হেৰ’, তই দেখোন আজি নকৰা কাম কৰিলি!”— বৰুৱাৰ চকু অমৰাগুটীয়া হৈ গল।
“এ, কি ক’ব? মানুহজনীয়ে বহুদিনৰ পৰা মাছ খাওঁ, মাছ খাওঁ কৰি আছে। সেয়ে কণামুচৰি এটা কিনি আনিলো।”— শর্মাই এনেকুৱা ভাবত ক’লে যেন তেওঁ পৃথিৱীৰ আটাইতকৈ ডাঙৰ বস্তু এটাহে কিনি আনিছে !
“তই কি কথা কৱ অ’? ঘৈণীয়েৰে খাওঁ বুলি কৈছে মাছ আৰু তই কিনি আনিছ কণামুচৰি!”
“উপায় নাই বুইছে? অকল মানুহজনীকে খুৱালেই নহ’ব নহয়, ল’ৰা ছোৱালীকেইটাকোতো খুৱাব লাগিব। সিহঁতে আকৌ মাছ নাখায়, মাংসহে খায়।”
“তেনেহ’লে তই দুয়োটাই আনিব লাগিছিল। ৰহমতহঁতে তাত লাঙীজালেৰে মাছো ধৰে।”
“ভাল কথা কৈছে! দুয়োটাতে পইচা খৰচ কেনেকৈ কৰিব? সেয়ে এক গুলীত দুই চিকাৰ কৰিলোঁ।”
“মানে?”
“মানে কণামুচৰিয়ে যিহেতু মাছেই খায়, গতিকে ইয়াৰ মাংস খালেই মানুহজনীৰ মাছ খোৱা নহ’ব জানো?”

বৰুৱাৰ মুখৰ মাত হৰিল। তেওঁ চোৰাং চিকাৰীৰ টছৰ পোহৰ পৰি ভেবা লগা ভেলেঙীৰ দৰে শৰ্মাৰ মুখলৈ চাই থাকিল মাথোঁ।

শৰ্মাই যিখন পূজাৰ মাত্র পোন্ধৰ টকাৰ চান্দাটোও বাকীহে ৰাখিছে, সেইখন পূজাতে অষ্টমীৰ দিনা শৰাই এভাগ আগবঢ়াব বুলি শুনি চুবুৰিৰ সকলো মানুহ আচৰিত হ’ল। বহুতে কথাটো বিশ্বাসেই নকৰিলে। আটাইবোৰে সেই নির্দিষ্ট দিনটোলৈ গভীৰ উৎকণ্ঠাৰে বাট চাই থাকিল। কিন্তু শর্মাই এইবাৰ আটাইৰে মুখত চূণ সানি সঁচাকৈয়ে আধাকেজি মগু আৰু এপোৱা বুটেৰে পূজাত শৰাইভাগ দিলে। দুর্গা গোসাঁনীৰ আগত প্রণিপাত জনাওঁতে শৰ্মাই মাত্র এটাই প্রার্থনা কৰিলে— হে দেৱী, পৃথিৱীৰ সৰ্বশ্রেষ্ঠ কৃপণ হিচাপে মই ইতিহাসত মোৰ নাম লিখাব খোজো। গতিকে আৰু কৃপণ হ’বলৈ মোক শক্তি দিয়া…!

চুবুৰিৰ সকলোৰে মনত কিন্তু খুদুৱনি এটা থাকি গ’ল। শৰ্মাই নিজৰ পইচা খৰচ কৰি পুজাত শৰাই দিব— এইটো কোনোপধ্যেই সম্ভৱ নহয়। ইয়াত কিবা এটা ৰহস্য থাকিবই লাগিব! শৰ্মাৰ সন্তান অনন্ত অলপ বেঙাৰ নিচিনা। তাৰ বুদ্ধি-বৃত্তি কম। ফুচুলাই তাৰ পৰা কথা উলিয়াবলৈ সহজ। এজনে তাকে অস্ত্র হিচাপে ব্যৱহাৰ কৰিলে।

গাঁৱৰ চাৰিআলিত গান, চিনেমা আদি ডাউনল’ড কৰা দোকান এখন আছে। সি অনন্তক বিনা পইচাত ম’বাইলত গান ভৰাই দিব বুলি ফুচুলোৱাত অনন্তই সঁচা কথাটো কৈ দিলে— ছমাহমান আগতে সিহঁতৰ ককাক যে ঢুকাইছিল, নিৰামুহিৰ টোপোলা এটা কেনেবাকৈ লাম-লাকটু থোৱা বাকচটোত সোমাই আছিল। কেইদিনমান আগতে মাকে কিবা এটা বিচাৰিবলৈ গৈ টোপোলাটো উদ্ধাৰ কৰিছিল। বুট-মগুখিনি তেতিয়ালৈ খোৱাৰ উপযোগী হৈ থকা নাছিল, মলঙি গৈছিল। কিন্তু সেইখিনি পেলাই দিবলৈও সত যোৱা নাছিল। দেউতাকৰ বুধি মতেই মাকে সেইখিনি ধুই-পখালি, ৰ’দত শুকুৱাই পূজাত শৰাই এভাগকে দিয়াৰ সিদ্ধান্ত লৈ পেলাইছিল।

গোমৰ ফাকটো উলিয়াব পৰাৰ আনন্দত এজনে চুবুৰিৰ মানুহখিনিক জেলেপি খুৱাই দিলে।

| পূৰ্বৰ খণ্ড পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ১: বুমেৰাং

কোৱা বাহুল্য যে পূজা পতা ল’ৰাকেইটাই শৰ্মাৰ পৰা পোন্ধৰ টকাৰ চান্দাটো কোনোপধ্যেই উলিয়াব নোৱাৰিলে। শৰ্মাৰ ওচৰলৈ পইচাকেইটা খুজিবলৈ গ’লেই তেওঁ ল’ৰাকেইটাক কেতিয়াবা কয়— তেওঁৰ হাতত পইচা নাই, কেতিয়াবা আকৌ তেওঁৰ হাতত খুচুৰা নাথাকে। কেতিয়াবা তেওঁ ভিতৰত মনে মনে সোমাই থাকি ঘৈণীয়েকক তেওঁ ঘৰত নাই বুলি ক’বলৈ কয়। এনেকৈ শৰ্মাৰ ওচৰলৈ দহবাৰমান তাঁত-বাটি কৰাৰ পাছত ল’ৰাকেইটাৰ আৰু আমনি লাগিছিল। সিহঁতে পইচাকেইটাৰ আশা বাদ দি দিছিল।

ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড | পৰ্ব ১ খণ্ড ২: কৃপণ-পুৰাণ | ধ্ৰুৱজ্যোতি শৰ্মা

Follow Nilacharai on Facebook