বাগিচা

untitled

[ সুমিতা দেৱী ]

বাৰখনৰ আগেদি
অহা-যোৱা কৰোঁতে
এদিন গম নোপোৱাকৈয়ে
হাতত তুলি ল’লো
ফটিকাৰ গিলাছ।

ফটিকাৰ ৰাগীত মতলীয়া মই
ফটিকাৰ ৰাগীয়ে বাৰে বাৰে
মাতিছে মোক বাৰখনলৈ
ফটিকাৰ ৰাগীত মই
হৈ পৰিছো এজন পক্ষাঘাত ৰোগী।

কিন্তু এদিন হঠাৎ দেখিলো
বাৰখনৰ ঠাইত এখন বাগিচা
ফটিকাৰ ৰাগীত বাৰুকৈয়ে
মতলীয়া মোৰ মনে
বিচাৰি ফুৰিছে বাৰখন।

ভাৰাক্ৰান্ত দেহ-মন লৈ
গভীৰ নিদ্ৰাৰ পৰা
সাৰ পাই দেখিলো
মই মোৰ বাগিছাতে
আছোঁ নিৰাপদে।

ছবি: শান্তিছায়া দত্ত, উৎস: ফ্লিকআৰ

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of