ইউনিকোডত অসমীয়াৰ বাবে নতুন ৰেঞ্জ: সঁচাকৈ লাগেনে?

ইউনিকোডত অসমীয়াৰ বাবে নতুন ৰেঞ্জ: সঁচাকৈ লাগেনে?
  • 23 Jun, 2018

কা লি-পৰহিৰে পৰা ফেচবুকে, বাতৰি কাকতে, টিভিয়ে ইউনিকোডৰ প্ৰসংগ দেখি দেখি আমনি পাই গৈছোঁ। উত্‍সাহত দিয়া প’ষ্ট, খঙত দিয়া প’ষ্ট, স্ফূৰ্তিত দিয়া প’ষ্ট। আমাৰ মানুহে আচলতে কিবা বুজি এইবোৰ লিখিছে নে ‘অসমীয়া’ বুলি শব্দটো দেখিয়েই এই গোটেইবোৰ প’ষ্ট, বাতৰি, গালি-গালাজ সকলোবোৰ দি আছে?

এই লেখাৰ পূৰ্ব উমান পাবৰ বাবে অনুগ্ৰহ কৰি ডাঃ বনজীৎ পাঠকৰ ইউনিকোড: এক নতুন যুগৰ আৰম্ভণি শীৰ্ষক দুটা খণ্ডৰ প্ৰবন্ধটি পঢ়ি লওক। —সম্পাদক, নীলা চৰাই।

বুজা নাই কি ক’ব বিচাৰিছোঁ? ৰ’ব দুটামান কথা প্ৰথমে কৈ লওঁ।

প্ৰথম কথা, ভাষা (language) আৰু লিপি (script) দুটা পৃথক ধাৰণা, এই দুয়োটাকে সনা-পোটোকা নকৰিব।

দ্বিতীয় কথা, ইউনিকোড কনছৰ্টিয়াম (Unicode Consortium)ৰ কোডসমূহ মূলতঃ script (আখৰ আৰু চিহ্ন)ৰ ওপৰত ভিত্তি কৰি দিয়া হয়, ভাষাৰ ওপৰত ভিত্তি কৰি দিয়া নহয়।

তৃতীয়তে, এটা লিপিৰে একাধিক ভাষা লিখা যায়, যেনে- ইংৰাজী ভাষা যিটো লিপিৰে লিখা যায় সেই লিপিটোৰ নাম লেটিন লিপি (হয়, ইংৰাজী বুলি কোনো লিপি নাই)। ইংৰাজীক বাদ দিও পশ্চিম ইউৰোপৰ প্ৰায়বোৰ ভাষা, আমেৰিকাৰ প্ৰায়বোৰ ভাষা আৰু আনকেইখন মহাদেশৰো বহুতো ভাষা এই লিপি ব্যৱহাৰ কৰি লিখা হয়। তাৰে ২৬টা বৰ্ণ ইংৰাজী ভাষাত ব্যৱহাৰ হয়, যাক আমি ইংৰাজী বৰ্ণমালা বুলি কওঁ। লেটিন লিপিত ইংৰাজীত ব্যৱহাৰ হোৱা বৰ্ণখিনি বাদ দিও অতিৰিক্ত বৰ্ণ আছে, যিবোৰ অন্য ভাষাত ব্যৱহাৰ হয়।

আমাৰ ভাৰতৰ দেৱনাগৰী লিপিৰ কাহিনীও ঠিক এনেকুৱা। হিন্দীকে ধৰি উত্তৰ আৰু পূব ভাৰতৰ বহুকেইটা ভাষা লিখিবলৈ এই লিপি ব্যৱহাৰ হয়। কিন্তু লিপিটোৰ নাম হিন্দী নহয়। তাৰ বিপৰীতে পৃথিৱীত এনেকুৱা ভাষাও আছে, যিবোৰ লিখিবলৈ আকৌ একাধিক লিপি ব্যৱহাৰ কৰা হয়; যেনে- আমাৰ চিনাকী পাঞ্জাৱী ভাষাটো, ভাৰতত পাঞ্জাৱী ভাষা লিখা হয় গুৰমুখী লিপিৰে, আনহাতেদি পাকিস্তানত একেটা ভাষা লিখা হয় শ্বাহমুখী লিপিৰে। যিহেতু দুয়োটা পৃথক লিপি, সেয়েহে ইউনিকোড কনছৰ্টিয়ামে একেটা ভাষাৰে হোৱা সত্বেও দুয়োটা লিপিকে সুকীয়া ৰেঞ্জ দিছে। কোৰিয়ান ভাষাৰ ক্ষেত্ৰটো সেই একেটাই কথা খাটে।

এতিয়া আহোঁ মূল কথালৈ, আমাৰ ভাষাটো যিটো লিপিৰে লিখোঁ, সেই লিপিটোৰ কথালৈ। ভাৰত চৰকাৰৰ পৰা যেতিয়া ইউনিকোড কনছৰ্টিয়ামলৈ ভাৰতীয় ভাষাসমূহ লিখা লিপিসমূহ পঠিওৱা হৈছিল, তেতিয়া আমাৰ এই লিপিটোৰ নাম লিখি পঠোৱা হৈছিল বাংলা লিপি বুলি, আৰু সেই সময়ত অসমীয়া মানুহখিনিয়ে সেই কথাৰ ভূকে পোৱা নাছিলো। আৰু এইক্ষেত্ৰত লিপিটোৰ বৰ্ণনাত লিখা হৈছিল, বাংলা লিপি বাংলা ভাষাৰ উপৰিও সামান্য সালসলনিৰে অসমীয়া, বিষ্ণুপ্ৰিয়া মণিপুৰী আদি আন ভাষাটো ব্যৱহাৰ কৰা হয়। কাহিনী সিমানেই। ক’বলৈ গ’লে ওপৰত লিখা লেটিন বা দেৱনাগৰী লিপিৰ সৈতে মূল কথাখিনি একেই; সেইটো হ’ল— এটা লিপি সামান্য সালসলনি ঘটাই একাধিক ভাষাত ব্যৱহাৰ কৰা হয়।

কিন্তু পাৰ্থক্য এটাতেই, আমাৰ ক্ষেত্ৰত লিপিটোৰ নাম এটা ভাষাৰ নামৰ সৈতে একেই। গতিকে আমি অসমীয়াখিনিয়ে আমি লিখা লিপিটোৰ নাম অন্য এটা ভাষাৰ নামেৰে হোৱাটো নিবিচাৰোঁ। তাকে লৈ শেষৰ কেইটামান বছৰত ইউনিকোড কনছৰ্টিয়াম আৰু আমাৰ মাজত এই যুজঁখন আৰম্ভ হ’ল। তাতো আকৌ অসমীয়াখিনিৰ মাজত দুটা পক্ষ; এটা পক্ষৰ মতে, অসমীয়া ভাষাটোক সম্পূৰ্ণকৈ এটা নতুন ৰেঞ্জ দিব লাগে প্ৰতিটো আখৰৰ বাবে আৰু দ্বিতীয় পক্ষটোৰ মতে, আমাৰ ভাষাটো যিটো লিপিৰে লিখা হয় তাৰ নামটো ‘বাংলা’ হ’ব নালাগে।

এতিয়াৰ পৰা কেইবছৰমানৰ আগতে ইউনিকোড কনছৰ্টিয়ামে এই কথাখিনি শুনিলে আৰু ক’লে যে, লিপিটোৰ নাম বাংলা বুলি ভাৰত চৰকাৰৰ ফালৰ পৰাই দিয়াই হৈছিল, গতিকে তেওঁলোকৰ তাত দোষ নাই; দ্বিতীয়তে অসমীয়া আৰু বাংলাত ব্যৱহাৰ হোৱা ৯০%-তকৈ অধিক বৰ্ণ হুবহু একেই, গতিকে ৫০টাতকৈ অধিক বৰ্ণৰ বাবে মাত্ৰ ভাষা দুটা বেলেগ হোৱাৰ বাবেই পৃথক ৰেঞ্জ দিয়াৰ প্ৰশ্ন‍ই উঠিব নোৱাৰে। এই দুইটা ভাষাত ব্যৱহাৰ হোৱা লিপি যে একেখিনিয়েই, তাত কোনো সন্দেহ নাই, তাৰে দুটামান বৰ্ণ যিকোনো এটা ভাষাতহে ব্যৱহাৰ হয়, আনটোত নহয়। সেইকেইটাক বাদ দিলে সকলো একেই। যিটো লেটিন লিপি ব্যৱহাৰ হোৱা ভাষাসমূহৰ ক্ষেত্ৰতো দেখা গৈছে, ওপৰত যিটো লিখি আহিছোঁ। এতিয়া যদি এই দুটা ভাষাক ৯০% মিল থকাৰ পাছটো বেলেগ বেলেগ ৰেঞ্জ দিব লগা হয়, তেনেহ’লে সেই যুক্তিত লেটিন লিপি ব্যৱহাৰ হোৱা পৃথিৱীৰ অজস্ৰ ভাষাক বেলেগ বেলেগ ৰেঞ্জ দিব লাগিব। যিটো একেবাৰে অমূলক কথা। কাৰণ ইউনিকোড কনছৰ্টিয়ামৰ কোডসমূহ বৰ্ণ বা চিহ্ন ভিত্তিকহে, ভাষা ভিত্তিক নহয়। গতিকে অসমীয়াৰ বাবে সুকীয়া ৰেঞ্জ সম্ভৱ নহয়।

কিন্তু যদি লিপিটোৰ নামক লৈ অসন্তুষ্টি আছে, সেই ক্ষেত্ৰত ইউনিকোড কনছৰ্টিয়াম নমনীয় হ’ব পাৰে। আৰু সেই ক্ষেত্ৰত তেওঁলোকে অসমীয়া ভাষী বা ভাৰত চৰকাৰৰ পৰা উপদেশ ল’বলৈ ৰাজী। আৰু সেই বিতৰ্কৰ ফলস্বৰূপেই বাংলা লিপিটোৰ নাম আজিৰ পৰা প্ৰায় ছয়-সাত বছৰমান আগতে ইউনিকোড কনছৰ্টিয়ামে সলনি কৰি ‘বাংলা-অসমীয়া লিপি’ কৰিলে (বহুতে ভবাৰ দৰে, সেইটো কালি-পৰহিৰ আলোচনাত হোৱা কথা নহয়)। অৱশ্যে ইউনিকোড কনছৰ্টিয়ামে কামটো কণা হাঁহক পতান দিয়াৰ দৰে পাল মাৰি কৰিলে আৰু মাত্ৰ দুই-এঠাইত লিপিটোৰ নাম সলনি কৰিয়েই দায় সামৰিলে। তৃতীয় পক্ষৰ আহিলা (থাৰ্ড পাৰ্টি ডিভাইচ)সমূহত (যেনে- আপুনি-ম‍ই ব্যৱহাৰ কৰি থকা মোবাইল-কম্পিউটাৰসমূহ) তাৰ প্ৰতিফলন দেখা নগ’ল, সেইবোৰৰ প্ৰায়ভাগতে লিপিটোৰ নাম বাংলা হৈয়েই থাকিল (Windows 10 আছে যদি তাৰ কিবোৰ্ড লেআউটৰ লিষ্টখন চাওক, বুজি পাব)।

এতিয়া কথা হ’ল, আপুনি নিজৰ ভাষাটোক ভাল পায়? তেনেহ’লে—

(১) ইউনিকোড কনছৰ্টিয়ামক লিপিটোৰ নাম সকলো ঠাইতে সলনি কৰিবলৈ কওক, থাৰ্ড পাৰ্টি ডিভাইচসমূহত তাৰ প্ৰতিফলন দেখা পাব লাগিব৷

(২) যদি ‘বাংলা-অসমীয়া’ নামটো ভাল লগা নাই, অন্য নাম প্ৰস্তাৱ কৰক (যিটো মোৰ মতে অসম্ভৱ, আগতে এই লৈয়ো এখন যুদ্ধ হৈ গৈছে, Eastern Nagari বুলি ইণ্টাৰনেটত সন্ধান কৰি চাওক, পাব কিবা কিবি, এই লেখাত সেইবোৰ নকওঁ এতিয়া)৷

(৩) নামটো সলনি হোৱাৰ পাছত এইটো লিপিত যিমান পাৰে সিমান লিখক (এই লিপিৰ ৯০% ইণ্টাৰনেটৰ সমল (content) বাংলা ভাষাৰ)৷

(৪) বাতৰি কাকত, আলোচনীবোৰৰ এই লিপিত ইণ্টাৰনেট সংস্কৰণ হওক (বাতৰি কাকতবোৰে দৈনিক ছবি হিচাপে আপলোড কৰা বন্ধ কৰক, চাৰ্চ ইঞ্জিনে (গুগল, বিং) ছবি এখনত এগাল আখৰ থাকিলেও সেয়া ছবি বুলিয়েই গণ্য কৰিব)৷

(৫) অসমীয়া ভাষাৰ ইউনিকোড সম্পৰ্কীয় সমজুৱা প্ৰকল্প/কাম-কাজবোৰত ভাগ লওক। কেৱল চছিয়েল মেডিয়াত অসমীয়া ভাষা জহন্নামে গ’ল বুলি টেঁটু ফলা আপডেট দিলে একো কামৰ কাম নহ’ব।

(৬) নিজে যদি এই লিপিত লিখিব জানে আনক শিকাওক, উত্‍সাহিত কৰক।

ইয়াৰ বিপৰীতে যদি কাইলৈ অসমীয়া লিপি বুলি কিবা এটা দিবলৈ ইউনিকোড কনছৰ্টিয়ামক বাধ্যও কৰা হয় (যিটো প্ৰায় অসম্ভৱ), তেতিয়া তাৰ ফলাফল কি হ’ব পাৰে চাওক:

(ক) এতিয়ালৈকে এই লিপিত যি অলপ-অচৰপ অসমীয়া ভাষাৰ (মন কৰিব, অসমীয়া ‘ভাষাৰ’) সমল ইণ্টাৰনেটত যেনেতেনে আছে, সেইখিনিক প্ৰথম দিনাই আমি আনুষ্ঠানিকভাৱে (অফিছিয়েলি) বাংলা ‘ভাষা’ক (বৰ্তমানৰ লিপিটো যিহেতু তেতিয়া সম্পূৰ্ণ বাংলা ভাষাৰ বুলি আমি এৰি দিম) গতাই দিম। গুগলে সেই সকলোখিনি তেতিয়া বাংলা ভাষাৰ বুলিয়েই দেখিব। আৰু সেই দিনটোত আমাৰ অসমীয়া ভাষাৰ সমল ইণ্টাৰনেটত হ’ব শূন্য।

(খ) এতিয়া আপুনি ক’ব, সেইটোনো কি কথা, এটা ৰূপান্তৰক (কনভাৰ্টাৰ) সাজি অসমীয়া ৱেবচাইটসমূহ নতুন অসমীয়া লিপিলৈ ৰূপান্তৰ কৰি পেলাম। ভুল! ইমান সহজ নহয়। সমজুৱা প্ৰকল্প এটাত ভাগ ল’বলৈ অসমীয়া এজনক সময়ত পোৱা নাযায় (উদাহৰণ: অসমীয়া ৱিকিপিডিয়াৰ সমল চাওক।) গোটেইবোৰ অসমীয়া চাইটৰ নতুন লিপিলৈ ৰূপান্তৰ? অসম্ভৱ।

(গ) এতিয়া অসমীয়া লিখিবলৈ সঁজুলিয়েই সঁজুলি, তথাপিও অকল অসমীয়াতেই ইণ্টাৰনেটত লিখা মানুহ আন ভাৰতীয় ভাষাৰ তুলনাত কম। মনত ৰাখিব, নতুন লিপি আহিলেই এই সঁজুলিবোৰো সলাব লাগিব, এতিয়া বাংলা ’ক’ আৰু অসমীয়া ’ক’ দেখাত একেই হৈ থাকিব যদিও দুটা সম্পূৰ্ণ পৃথক বৰ্ণ হ’ব। আপুনি ব্যৱহাৰ কৰি থকা পুৰণি কিবোৰ্ডখনে বাংলাত লিখিব আৰু নতুন খনে অসমীয়াত, দেখাত কিন্তু একেই হ’ব। সাধাৰণভাৱে অসমীয়াত টাইপ কৰিবলৈকে অশান্তি পোৱা মানুহবোৰক এইবোৰ কোনে বুজাই থাকিব? শেষত কি পাম, অসমীয়া-বাংলা মিহলি খিচিৰি এসোপা?

(ঘ) ইউনিকোড কনছৰ্টিয়ামে ছয়-সাত বছৰ আগতেই পুনৰ্নামকৰণ কৰা লিপিটোৰ নাম এতিয়াও তৃতীয় পক্ষৰ আহিলাবোৰত প্ৰয়োগ নহ’ল। অসমীয়া ৰেঞ্জ এটা হ’লে তাক গ্ৰহণ কৰোঁতে কিমান সময় ল’ব? বৰ্তমানৰ লিপিটোৰ ব্যৱহাৰকাৰী ৩০কোটি, তাৰ পৰা আমি ফাটি আহি যেতিয়া ২ কোটিৰো কম মানুহে এটা নতুন লিপি ব্যৱহাৰ কৰিম, ব্যৱসায়িক দিশৰ পৰা আহিলা নিৰ্মাতাসকলে আমাক কিমান গুৰুত্ব দিব?

(ঙ) আবেগিক হওক, লগতে যুক্তিৰেও চাওক, ৩০ কোটি মানুহে ব্যৱহাৰ কৰা লিপিটোৰ নামেই যদি ‘বাংলা-অসমীয়া’ বা আন এটা নাম কৰি পেলাও, আমাৰ ক’তনো ক্ষতি? ইউনিক’ডো সেই কথা শুনিবলৈ ৰাজী। কিন্তু নতুন এটা ৰেঞ্জ? নতুন আখৰ? শূন্যৰ পৰা আৰম্ভণি? সঁচাকৈ?

যদি কেতিয়াবা কোনো অসমীয়া ইউনিকোড সম্পৰ্কীয় প্ৰকল্পত ভাগ লৈছে, তেতিয়া বুজিব, এই চালুকীয়া অৱস্থাটো পাবলৈয়েই কিমান কষ্ট কৰিব লগা হৈছে, কিমান সময় লাগিছে, সেই গোটেইবোৰ আকৌ নতুনৰ পৰা? সেয়া ভাষা প্ৰীতি হ’ব?

ভাষা প্ৰীতি আছে যদি অধিক লিখক। এইটো লিপিত, আন ভাষাতকৈ অসমীয়া ভাষাৰ লেখা বেছি কৰি তোলক! পাৰিবনে? তাৰ পৰিবৰ্তে যুদ্ধত হৰাৰ দৰে লিপিটো এৰি দি নতুন এটা লিপি (ৰেঞ্জ)! হাস্যকৰ। এইটো লিপি আমাৰ লিপি, আমাৰ ৰেঞ্জ, অকল বাংলাক কিয় এৰি দিম— এনেকৈ নাভাবে কিয়? কাৰিকৰীভাৱে সমস্যাটো ক’ত বুজক।

গালি পাৰি প’ষ্ট/আপডেট দিয়া সকলে এই কথাখিনি জানিছিল নে? আপুনি যদি আজি জানিছে, কাইলৈ আপুনি আন এজনক জনাবনে? আন দুজনক এই লিপিত লিখিবলৈ শিকাবনে? মনত ৰাখিব, দাবী উত্থাপন কৰাৰ ক্ষেত্ৰত প্ৰমাণ হিচাপে আমাৰ হাতত ভাষাটোৰ সমল এখিনিৰো প্ৰয়োজন হ’ব। অসমীয়া ভাষাৰ সমল ইণ্টাৰনেটাত কিমান আছে, তাৰ খবৰ ৰাখিছেনে আপুনি? গুগল (Google) অসমীয়াত আজিও কিয় উপলব্ধ নহয়, জানেনে? অকল সমলৰ অভাৱৰ বাবে।

নতুন ৰেঞ্জ উইনিকোড কনছৰ্টিয়ামৰ বাবে অমূলক কথা, ওপৰত কৈছোঁৱেই কিয়। নতুন নাম এটাৰ দাবী কৰিবলৈয়ো আমাৰ কিনো আছে সমল? ডিঙিৰ সিৰ ফুলোৱা দাবীকেইটা? তাৰ পাছতো উইনিকোড কনছৰ্টিয়ামে সেয়া শুনিছে। ফৰাচী ভাষা ইংৰাজী ভাষাৰ সৈতে একেটা লিপিৰে লিখা হয়, এটা ভাষাও বিক্ৰী যোৱা নাই, আমাৰ অসমীয়াও নাযায়।

Unicode and the Unicode Logo are registered trademarks of Unicode Inc. in the United States and other countries.
ইউনিকোডত অসমীয়াৰ বাবে নতুন ৰেঞ্জ: সঁচাকৈ লাগেনে?

Follow Nilacharai on Facebook