তৰ্পণ

১.
প্ৰথমে মোহন চৌধুৰীৰ মনত আনন্দৰ সঞ্চাৰ হৈছিল। অনির্বচনীয় আনন্দ। তেওঁৰ নুমলীয়া ভায়েকজনে প্ৰায় দহ বছৰমানৰ মূৰত আমেৰিকাৰ পৰা ঘৰলৈ আহিব বুলি জনাইছে। ইচ্ছা থাকিলেও তৎক্ষণাৎ আহিব নোৱাৰে। তেওঁ নিজে তাত দায়িত্বপূর্ণ কাম কৰে, লৰা-ছোৱালীয়ে স্কুল-কলেজত পঢ়ে। তাৰ উপৰি অহা-যোৱাৰ খৰচো কম নহয়।

মোহন চৌধুৰীয়ে তেওঁৰ এই নুমলীয়া ভায়েকজনক এক বেলেগ ধৰণে মৰম কৰে। অনুকম্পা মিহলি মৰম। বেচেৰা। দেউতাকে মনত সঞ্চাৰ কৰা চেনেহ আৰু নিৰাপত্তাৰ ভাব যে কেনেকুৱা সেইবোৰ বুজি পোৱাৰ আগতেই তেওঁৰ দেউতাকৰ মৃত্যু হয়। মোহন চৌধুৰীয়ে ককায়েকৰ লগতে দেউতাকৰো ভূমিকা লোৱাৰ চেষ্টা কৰিছিল। দুই ভিন্ন ধৰণৰ অনুভূতি মিশ্রিত হৈ এক জটিল তীব্র সংজ্ঞাহীন অনুভূতি। তেওঁৰ কেতিয়াবা আশংকা হয় যে এই অনুভূতিয়ে উত্তৰ জীৱনত তেওঁৰ ভায়েকৰ ওপৰত কিবা অবাঞ্ছিত প্ৰভাৱ বিস্তাৰ নকৰেতো! দূৰত আছে, ভালেই আছে। তেওঁৰ প্ৰতিটাে ভংগীয়ে ককায়েকৰ অনুচ্চাৰিত সমর্থন পাইছে নে নাই সেই সম্বন্ধে সচেতন হৈ থাকিব নালাগে। কুশলৰ বিদেশত থকাৰ সিদ্ধান্ত এটা অতি উপযুক্ত সিদ্ধান্ত। চৌধুৰীয়ে ভাল পাইছে।

কেতিয়াবা অতি তুচ্ছ ঘটনাও মোহন চোধুৰীৰ মনত পৰে। তেওঁ পঢ়ি থকা অৱস্থাতো পূজাৰ বন্ধ বা গৰমৰ বন্ধত সৰু-সুৰা ঠিকাৰ কাম কৰিছিল। লোকেল বোর্ডৰ কাম। বি এচ-চি পাছ কৰি বহি থকা সময়ৰ কথাই বোধহয়। তেওঁ সত্ৰশালত মাটিৰ কাম কৰি আছিল। আগদিনা কাম চাবলৈ গৈছিল। পঁচিশ মাইল বাট চাইকেল মাৰি গৈ কাম-কাজ চাই মহৰীজনক নির্দেশ দি ৰাতিটাে সম্বন্ধীয় মানুহ এঘৰৰ তাত থাকি পাছদিনা উভতি আহিল। ঘামি-জামি ৰঙা-চিঙা পৰি হেঁপাই-ফোপাই দুপৰীয়া তেওঁ ঘৰ পালে৷

“বাপৰে মৰি গলো। ঠাণ্ডা পানী খাব লাগিব। এগিলাচ পানীৰে একো নহʼব।” চৌধুৰীয়ে বাৰাণ্ডাত উঠি এনেয়ে কথাষাৰ কʼলে। কুশল তৎক্ষণাৎ ওচৰৰ পৰা আঁতৰি গল। অলপ পাছতে দুই হাতেৰে কাঁহৰ গিলাচত দুই গিলাচ পানী লৈ উপস্থিত। কিমাননো তেতিয়া তাৰ বয়স? খুব বেছি দহ।

কুশলে তেওঁলোকৰ পৰিয়ালৰ আগৰ স্বচ্ছল অৱস্থাৰ কথা নাজানে। মেৰামতি নোহােৱা আগৰ ডাঙৰ ঘৰবোৰেই তাৰ একমাত্র সাক্ষী আছিল। ভালেই হৈছে। বৰ্তমান অৱস্থাৰ লগত তুলনা কৰি চোৱাৰ প্রশ্ন নাই। এক বিস্মৃত অপ্রচলিত জীৱনধাৰা। আগতে ঘৰখন মানুহেৰে ভৰি আছিল। আত্মীয়-স্বজন, আশ্রিত পোষ্য, চাকৰ-নোকৰ। ৰান্ধনি আছিল বিহাৰৰ ব্ৰাহ্মণ- সঞ্জয় মিছিৰ, মোহিত মিছিৰ, পল্টু মিছিৰ। এবাৰ আছিল মহাদেৱ বুলি এজন, মহাদেৱ ঠাকুৰ। ইমানবোৰ মানুহৰ ভাত ৰান্ধিবলগীয়া হােৱাত সি কেইদিনমান পাছতে পলাল।

ৰাতিৰ সাজ ৰন্ধাৰ কাৰণে জা-যোগাৰ দিয়া হৈছে। কিন্তু মহাদেৱ ঠাকুৰ নাই। সুকমই অর্থাৎ সুখময়ীয়ে কাম কৰা মানুহ সীতাৰামক কলে, “যা, ঠাকুৰক ডাকে আন। এলায় না ধৰলে ৰাতি দেখোন নিশা ৰাতি হইবে। ছাওয়াগুলা কোনবেলা খাইবো?”

কʼত মহাদেৱ ঠাকুৰ? আছে নেকি কʼৰবাত কাৰােবাৰ লগত আড্ডা মাৰি? নাই, কʼতো নাই। তাৰ বস্তু-বাহানি, কাপোৰ-কানি? নাই। নাই? বস্তু-বাহানি লৈ মানুহ এজন ওলাই গল, কোনেও নেদেখিলে? ঘৰত ইমানবোৰ মানুহ!

ইমান দিনৰ মূৰতো মোহন চৌধুৰীৰ সুখময়ীৰ কথা স্পষ্ট মনত পৰিছে। শক্তি, সামৰ্থ্য থকা আদহীয়া মহিলা। দুই-চাৰিজন বলবান মতা মানুহক অকলেই শায়েস্তা কৰাৰ শক্তি আছিল। ৰন্ধাৰ বাহিৰে ৰান্ধনি ঘৰৰ সকলো কাম তেৱেঁই কৰিছিল। ৰাতিপুৱা কাম আৰম্ভ হয় আৰু বস্তু-বাহানি ধুই-মচি থান-থিত লগাওঁতে ৰাতি বাৰ বাজি যায়। তেতিয়াৰ দিনত গুৰি মছলা ব্যৱহাৰ কৰা নহৈছিল। ইমানবোৰ মানুহৰ ৰান্ধোনৰ কাৰণে পটাত হালধি-মছলা পিহাটােৱেইতো এটা ডাঙৰ কাম। সুকমইৰ মাতবোল আছিল হুঁটা আৰু খোজকাটল, ভাবভংগী আছিল সম্পূর্ণ লাৱণ্যবিহীন। তেওঁৰ নিজৰ বুলিবৰ নো কোন আছিল? আত্মীয়-স্বজন, লৰা-ছোৱালী? চৌধুৰীয়ে কোনো দিনেইতো কাকো দেখা নাছিল, কাৰো কথা শুনাও নাছিল। সুকমই এতিয়াও জীয়াই আছে নে? অসম্ভৱ কথা। মোহন চৌধুৰীৰ নিজৰেই যোৱাৰ সময় হৈছে! হৈছে কি? পাৰ হৈ গৈছে। কুশলৰ কথা কওঁতে সুকমইৰ কথা কেনেকৈ আহে? সুকমইক কুশলে অত্যন্ত ভয় কৰিছিল। ওচৰলৈ আহিলে আতংকত চিঞৰি উঠিছিল। সুকমই অৱশ্যেই সৌন্দৰ্যৰ প্ৰতীক নাছিল।

২.
জীৱনযাত্ৰাৰ বিভিন্ন সহযাত্রী কʼত যে কোন থাকি গʼল, কোন যে কʼত হেৰাই গʼল, ভাবিলে মনত এক অদ্ভুত ভাবৰ উদয় হয়। মোহন চৌধুৰীৰ কিমান বিচিত্ৰ ধৰণৰ মানুহৰ কথা মনত পৰে। অজ্ঞাতসাৰে জীৱনত কাৰ কি প্ৰভাৱ পৰিছে, তাকেই তেওঁ বিশ্লেষণ কৰাৰ চেষ্টা কৰে। তেওঁক চিগাৰেট খাবলৈ শিকাইছিল অৱনী বোসে। ৰংপুৰ কাৰমাইকেল কলেজত পঢ়ি থকা সময়ত চৌধুৰী আৰু বোস গোপাললাল হােষ্টেলত আছিল। চৌধুৰীয়ে বি এচ-চি আৰু অৱনীয়ে বি এ পঢ়িছিল। চৌধুৰীয়ে কোনো দিনাই অৱনীক ক্লাছলৈ যোৱা দেখা নাছিল। যাব কেনেকৈ? এনেকৈ শুব পৰা মানুহ চৌধুৰীয়ে কাহানিও দেখা নাই। শুই থকা মানে এনেয়ে বিছনাত পৰি থকা নহয়; গভীৰ নিদ্রা। যিকোনো সময়ত দুপৰীয়া, আবেলি, গধূলি গভীৰ টােপনি। সাৰ পালে মাজে মাজে অৱনীয়ে কবিতা লিখিছিল, অৱশ্যে বঙালী ভাষাত । আধুনিক কবিতা। চৌধুৰীয়ে যদিও মাথা-মুণ্ড একো বুজি পোৱা নাছিল, তথাপিও কবিতাবোৰত তেওঁ এক তীব্র যন্ত্রণাৰ আৰ্তনাদ শুনা পাইছিল। তেওঁ ভাল বুলিয়েই শলাগ লৈছিল। ইতিমধ্যে সম্রান্ত বঙালী আলোচনীত অৱনীৰ কবিতা ছপা হৈ ওলাইছে।

হোষ্টেলৰ কাৰো লগতে অৱনীৰ ঘনিষ্ঠতা নাছিল। তেওঁৰ কোঠাত থকা অইন ছাত্ৰবোৰৰ সৈতেও তেওঁ বৰ বেছি কথা-বতৰা কোৱা নাছিল। কʼব কেতিয়া? বাকীবোৰে যেতিয়া কলেজলৈ যায়, তেওঁ তেতিয়াও নিদ্রামগ্ন। মোহন চৌধুৰীৰ লগত অৱনী বোসৰ কথা-বতৰা আৰম্ভ হয় চহৰৰ জোতাৰ দোকান এখনত, হোষ্টেলত নহয়। কলেজখন চহৰৰ পৰা চাৰি মাইলমান দূৰত। সামান্য কিবা বস্তু লাগিলেও চহৰলৈ যাব লাগিছিল। কিবা কাৰণে কেইদিনমানৰ কাৰণে কলেজ বন্ধ। চৌধুৰীয়ে ঘৰৰ পৰা এপাক মাৰি অহাটোৱে ঠিক কৰিলে। যোৱা-অহা একো কথাই নহয়। তিনি ঘণ্টামানৰ ট্রেইন যাত্রা। তিনিটামান ষ্টেচন পাৰ হ’লে লালমণিহাট জংচন, তাৰ পিছত গোলকগঞ্জ। বচ্ আৰু নো কিমান দূৰ?

মোহন চৌধুৰীয়ে ঘৰলৈ যোৱাৰ আগতে কুশলৰ কাৰণে এযোৰ জোতা কিনিবলৈ চহৰলৈ গৈছিল। জোতাৰ দোকানত অৱনীও আছিল। তেওঁ এযোৰ চেণ্ডেল কিনিবলৈ গৈছিল। অৱনীয়ে খুব আগ্রহ সহকাৰে চৌধুৰীৰ হাতৰ পৰা সৰু জোতাযোৰ লৈ ঘূৰাই-ফিৰাই চাবলৈ ধৰিলে।

“এইযোৰ কাৰ কাৰণে?”
“মোৰ ইয়ংগেষ্ট ব্ৰাদাৰজনৰ কাৰণে।”
“কিমান বয়স? সাত বছৰমান?”
“ঠিক ধৰিছা। ছবছৰ পাৰ হৈ সাতত পৰিছে।”
“ডু ইউ লাভ হিম?”
এইটো আৰু কেনেকুৱা প্রশ্ন? চৌধুৰীয়ে অলপ হাঁহিলে মাত্র।

তেতিয়াৰ পৰা চৌধুৰীৰ লগত অৱনী বোসৰ ঘনিষ্ঠতা। অৱনীয়ে চৌধুৰীৰ লগত কথা পাতে, কেতিয়াবা কোঠাৰ পৰাও তেওঁক মাতি লৈ যায়৷ টোপনিৰ পৰিমাণো কম হৈছে নেকি?

বহুত দিনৰ মূৰত অৱনীয়ে চৌধুৰীক কৈছিল: “মাজুপেহীৰ ডাঙৰ ছোৱালীৰ বিয়া। পেহী কলিকতাৰ উপকণ্ঠত থাকে। মাৰ হঠাতে খুব জ্বৰ উঠিল। কোনোবা এজন নগলে কথাষাৰ বেয়া হয়। দেউতাই মোক কলে, ‘যা, তয়েই যা৷’ মোৰ নুমলীয়া ভাইটাে মোৰ খুব অনুগত। সিও মোৰ লগত যাবলৈ জেদ ধৰিলে। কলিকতা চাব। কান্দিকাটি হুলস্থূল। কোনােৰকমে তাক মান্তি কৰাব নোৱাৰি। মই খঙতে তাকো লগত লʼলো। ‘বল, কিমান কলিকতা চাৱ চাবি। লাগিলে তাতেই তোক থৈ আহিম।’ তই ৰবি ঠাকুৰৰ ‘দেৱতাৰ গ্ৰাস’ পঢ়িছ?”
“পঢ়িছোঁ।”
“কলিকতাত ট্রাম দেখি তাৰ মহা স্ফূর্তি। ট্রামত উঠিব বুলি জেদ ধৰিলে। ৰাস্তা পাৰ হʼবলৈ যাওঁতে কোনফালৰ পৰা মিলিটাৰি ট্রাক এখনে তাক চেপিবলৈ পালে তৰ্কিবই নোৱাৰিলো। কচোন ক, মই লগত থাকোঁতে এইটো কেনেকৈ হ’বলৈ পালে?”

অৱনীয়ে কান্দিবলৈ ধৰিলে। চৌধুৰী মনে মনে ৰ’ল। অৱনীয়ে নিজকে চম্ভালি ল’লে।

“তাৰ আঠ বছৰ হৈছিল মাত্র। জাষ্ট এইট ইয়াৰচ্। সি মৰি থাকিল আৰু মই বি এ, এম এ পাছ কৰি ডাঙৰ অফিচাৰ হʼম। কোনো মানে হয়?”

অৱনীয়ে দিনটো প্ৰায় শুয়েই থাকে। শুই থাকিলে তেওঁ বোধহয় বহুতো কথা পাহৰি থাকিব পাৰে। ভায়েকজনৰ লগত কথা পাতে, বল খেলে। অৱনীৰ কি হʼল চৌধুৰীয়ে নাজানে। বি এ পৰীক্ষাৰ আগে আগে হঠাতে অৱনী গুচি গল। তাৰ পিছত মোহন চৌধুৰীৰ লগত কোনো যোগাযোগ নাই।

৩.
এক দশকৰো বেছি সময়ৰ ব্যৱধানৰ অন্তত তেওঁলোক ওচৰা-ওচৰিকৈ বহি আছে। মোহন চৌধুৰী আৰু কুশল চৌধুৰী। দুজন অপৰিচিত ব্যক্তি। ইজনৰ সিজনক কʼবলগীয়া কোনো কথাই নাই। কোৱাৰ চেষ্টা কৰিও লাভ নাই। নিস্ফল অনুশীলন। কোনেও কাৰো কথা বুজি নাপায়।

তেওঁলোক একেলগে অতীততহে থাকিব পাৰে। পৰম্পৰৰ ওচৰলৈ আহিবলৈ হʼলে আকৌ অতীতলৈহে উভতি যাব লাগিব। তেতিয়াহে সুখ-দুখ, আনন্দ-বেদনাৰ সমান অংশীদাৰ আছিল। অনুভূতিবোৰো তেতিয়া আছিল উমৈহতীয়া।

এতিয়া একমাত্র চিঠিৰে যোগসূত্ৰ ৰখা সম্ভৱ। মোহন চৌধুৰীয়ে যেতিয়া চিঠি লিখে, তেতিয়া তেওঁৰ সমুখত বহি থকা এই ভব্য-গব্য ভদ্রলোকজনলৈ চিঠি নিলিখে, তেওঁ তেওঁৰ নুমলীয়া মৰমৰ ভায়েক কুশললৈ চিঠি লিখে। কিন্তু এওঁক তেওঁ কি কʼব? কʼবলৈ কথা একো নাই। উভতি যোৱাৰ পাছত আকৌ তেওঁ কুশললৈ চিঠি লিখিব। নিঃসংকোচে মনৰ কথা খুলি কʼব।

চৌধুৰীয়ে ঠিক কৰিলে যে মনত থাকোঁতে থাকোঁতে কুশলক এই ধৰণৰ এখন চিঠি লিখিব লাগিব:

“এটা কথা কৈ থওঁ। মোৰ মৰাৰ খবৰ পালে হুলস্থূল কৰি লৱৰি নাহিবি। তই আহি পাৱ মানে সকলো শেষ হʼব৷ মোক দেখাও নাপাবি আৰু আচলতে তোৰ কৰিবলগীয়ানো কি আছে? কেৱল এটা ভংগী, এটা নিৰৰ্থক ভংগী। বৰং অলপ সময় উলিয়াই পুৰণি দিনৰ কথা অলপ চিন্তা কৰিবি। মনত আছেনে তোৰ? অংক ভুল কৰা কাৰণে তোৰ অংকৰ বহীখন দলি মাৰি দিছিলো? বৰ বেয়া কাম কৰিছিলো। সেইবোৰ কথাকে ভাবিবি। তেতিয়া হয়তো অজ্ঞাতে তোৰ চকুৰ পৰা দুটোপ পানী নিগৰি পৰিবও পাৰে। সেয়াই হʼব তোৰ তৰ্পণ৷”

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz