অনন্য অৰ্কিড

অনন্য অৰ্কিড
  • 01 Feb, 2018

দ্ভিদ জগতৰ অগতানুগতিক বাসিন্দা হ’ল অৰ্কিড। অৰ্কিড ফুলৰ বৈচিত্ৰ্য অনন্য। ৰামধেনুৰ সাতোটা ৰঙৰেই প্ৰতিফলন ঘটে মনোমোহা ফুলবোৰত। সমগ্ৰ বিশ্বতে অৰ্কিডৰ জনপ্ৰিয়তা অতুলনীয়। ফুলবোৰ বহু দিনলৈ সজীৱ হৈ থাকে বাবে কাট ফ্লাৱাৰ হিচাপে ইয়াৰ চাহিদা বিশ্বব্যাপী। সমগ্ৰ বিশ্বত অৰ্কিডৰ ১৯,৫০০ বিধ প্ৰজাতি পোৱা গৈছে। আমাৰ দেশত ১,৫০০ মান প্ৰজাতিৰ অৰ্কিড দেখা যায়। অসমকে ধৰি উত্তৰ-পূবত ৭০০ৰো অধিক প্ৰজাতিৰ অৰ্কিড উপলব্ধ। নেদাৰলেন্ড, থাইলেন্ড, ছিংগাপুৰ আৰু মালয়েছিয়া অৰ্কিডৰ অন্যতম উৎপাদক দেশ। ছিংগাপুৰৰ দৰে সৰু দেশখনতো ১০০ হেক্টৰ মাটিত অৰ্কিড খেতি কৰা হৈছে। শেহতীয়াকৈ অষ্ট্ৰেলিয়াতো ব্যৱসায়িক ভিত্তিত অৰ্কিডৰ খেতি আৰম্ভ কৰা হৈছে। আমাৰ এই বিশাল দেশখনত কিন্তু অৰ্কিডৰ প্ৰকৃত মূল্যায়ন এতিয়াও হোৱা নাই। এয়া বৰ দুখ লগা কথা।

আমাৰ দেশত প্ৰথমে কালিম্পং স্থিত প্ৰধান পৰিয়ালে অৰ্কিড ব্যৱসায় আৰম্ভ কৰে। এই ব্যৱসায়ত তেওঁলোক সফল হৈছে। আজি ৩/৪ বছৰমানৰ পৰা কেৰালাৰ নিবনুৱা যুৱক-যুৱতীসকল ব্যৱসায়িক ভিত্তিত অৰ্কিডৰ খেতি কৰি স্বাৱলম্বী হোৱা দেখা গৈছে। তেওঁলোকে নাৰিকল গছৰ মাজৰ খালি ঠাইবোৰত অৰ্কিড পুলি ৰোপণ কৰে। অনলাইন যোগে পুলি আৰু কাটফ্লাৱাৰ বিক্ৰী কৰি ধন উপাৰ্জন কৰিছে। তাৰ ৰাজ্য চৰকাৰে এই বিষয়ত সহায়ৰ হাত আগবঢ়াইছে। কেৰালাৰ উল্লেখযোগ্য অৰ্কিড ফাৰ্মবোৰ হ’ল— বীণা নাৰ্ছাৰী, অৰ্কিডচ ইণ্ডিয়া, কৈৰালী অৰ্কিডছ, হাফী অৰ্কিড, মীনা নাৰ্ছাৰী ইত্যাদি। ইন্টাৰনেট জগতৰ দুটা বিখ্যাত ৱেবছাইট হ’ল—পানপিতগাৰ্ডেনচেণ্টাৰ ডট কম (panpitgardencenter.com) আৰু নিছাঅৰ্কিডছ ডট কম (nishaorchids.com)। ইচ্ছুক লোকে ইয়াৰ পৰা ৰোপণ সামগ্ৰী সংগ্ৰহ কৰিব পাৰে। অসমৰ জলবায়ু অৰ্কিডৰ বাবে উপযোগী। আমাৰ যুৱক-যুৱতীসকল অৰ্কিডৰ প্ৰতি মুঠেও আগ্ৰহী নহয়। গুৱাহাটীত ইণ্ডিয়া কাৰ্বন নামৰ এটা প্ৰতিষ্ঠানে অৰ্কিড ব্যৱসায়ত প্ৰতিষ্ঠা লাভ কৰিছে। অৰ্কিডৰ কাট ফ্লাৱাৰ বিমানযোগে কলকাতা, মুম্বাই, চেন্নাই, দিল্লী আদি মহানগৰসমূহলৈ পঠাই ধন উপাৰ্জন কৰিছে।

অৰ্কিড

১৯৮৫ চনৰ কথা। মঙলদৈৰ পৰা ভূটানলৈ গৈছিলো এটা দুৰ্গম পথেৰে। সেই পথেৰে বন বিভাগৰ মানুহৰ বাহিৰে আন মানুহে অহা-যোৱা নকৰে। হাতীৰ বৰ উপদ্ৰৱ। আমি যোৱাৰ আগদিনাখন তিনিজন বনকৰ্মীৰ হাতীৰ আক্ৰমণত মৃত্যু হৈছিল। সীমান্তৰ এটা পৰিদৰ্শন বঙলাত নিশাটো কটাইছিলো। অৰণ্যৰ মাজত থকা বন বিভাগৰ এই বঙলাত আমিয়েই প্ৰথম অতিথি। পুৱা দেখিলো ওচৰৰ গছবোৰত ৰং-বিৰঙৰ অনন্য সুন্দৰ অৰ্কিড ফুল। দুজোপামান অৰ্কিড সংগ্ৰহ কৰিলো। অৰ্কিডৰ নিচা আৰম্ভ হ’ল। চানডুবি, কূলচী, অভয়াপুৰী আৰু তিনিচুকীয়াৰ অৰণ্যত অৰ্কিড বিচাৰি ফুৰোঁ। অৰুণাচলৰ টিপিত থকা অৰ্কিড গৱেষণা কেন্দ্ৰৰ পৰা হাইব্ৰিড অৰ্কিড সংগ্ৰহ কৰিছিলো। এতিয়া শুনিছোঁ কেন্দ্ৰটোৰ অৱস্থা শোচনীয়। এটা সময়ত ৪০টা প্ৰজাতিৰ অৰ্কিড সংগ্ৰহ কৰিছিলো। বহু অৰ্কিড চুৰি হ’ল। বৰ্তমান ছাদৰ ওপৰত থকা বাগিচাত ১২টা মান প্ৰজাতিৰ অৰ্কিড আছে।

হাইব্ৰিড জাতৰ অৰ্কিডবোৰ মাজে মাজে জিৰণি লৈ গোটেই বছৰটো ফুলি থাকে। আমাৰ থলুৱা অৰ্কিডবোৰ কিন্তু বছৰত এবাৰহে ফুলে। ব্যৱসায়ৰ বাবে হাইব্ৰিড অৰ্কিড উপযোগী। ব’হাগত কপৌফুলৰ আদৰ বাঢ়ে। বিহুৱতীৰ খোপাত কপৌ এপাহ নহলেই নহয়। উজনিৰ ফালে কিছু লোকে ব্যৱসায়িকভাৱে কপৌফুলৰ খেতি কৰি বিহুৰ সময়ত দুপইচা উপাৰ্জন কৰে। ভাল কথা।

কপৌ ফুল
কপৌ ফুল | ছবি: প্ৰিয়ম্বদা নাথ | CC2.0)

উত্তৰ-পূবৰ হাবি-বননিৰ পৰা চোৰাং বেপাৰীয়ে থলুৱা অৰ্কিড বস্তাই বস্তাই বাহিৰলৈ নিছে। এইবোৰৰ পৰা হাইব্ৰিড জাতৰ অৰ্কিডৰ উৎপাদন কৰি ধন ঘটিছে। ইণ্টাৰনেটত চাৰ্চ কৰিলে গম পাব অৰ্কিডৰ ৰমৰমীয়া ব্যৱসায়ৰ কথা। আটাইতকৈ দামী অৰ্কিড ‘লেডীজ স্লীপাৰ’ ইয়াৰ জন্মস্থান মেঘালয়ৰ বুকুৰ পৰা আজি হেৰাই গ’ল। ইয়াতকৈ দুখ লগা কথা থাকিব পাৰে নে?

নগৰ-মহানগৰৰ বাসিন্দাসকলে ঘৰৰ বেলকনি বা ছাদৰ ওপৰত টাব বা কাঠৰ টুকুৰাত অৰ্কিড ৰোপণ কৰিব পাৰে। খহতা ছালৰ গছতো লগাব পাৰি। মন কৰিব লগা কথা এয়ে যে অৰ্কিডে চোকা ৰ’দ আৰু বেছি বৰষুণ ভাল নাপায়। পুৱা নানাৰঙী অৰ্কিডবোৰ দেখিলে মনলৈ অনাবিল আনন্দ আহে। দুজোপামান অৰ্কিড সংগ্ৰহ কৰি ৰোপণ কৰি চাওকচোন!

অনন্য অৰ্কিড | শৰৎ নেওগ

Follow Nilacharai on Facebook