মৈহেংদান ডেকাফুকনৰ চৰিত্ৰ

প্ৰকাশ: ২১ এপ্ৰিল, ২০১৭ | অন্তিম সম্পাদনা: ২১ এপ্ৰিল, ২০১৭

মৈহেংদান ডেকাফুকন।
আপোনালোকে ককাইদেউক নাজানে, নিচিনে। মুখৰ আগত সোঁশৰীৰে দেখা পালেও যে নিচিনিব, সেই কথা মই জানো। কাৰণ, ককাইদেউ আন দহজনৰ দৰে এজন নহয়। ককাইদেউ একক। ছেক্সপীয়েৰে বৰ্ণোৱা তেওঁ কবি, তেওঁ প্রেমিক, তেওঁ দিৱানা। The poet, the lover and the madman Are all of imagination compact.

নামটোকেই আপোনালোকে বুজি পোৱা নাই, মোৰ এনে এটা আশঙ্কা হৈছে। মৈহেংদান! কোন দেশৰ ভাষা? অসমীয়া নহয়। সংস্কৃতো নহয়। হেংদান নাম শুনিছোঁ। আহোম ভাষাৰ পৰা অসমীয়ালৈ অহা শব্দ। অর্থ তৰোৱাল। আৰু শুনিছোঁ ‘মৈদাম’ৰ (সিও আহোমৰ পৰা অহা মাত) ‘মৈ’। কিন্তু এই মৈ বা মেই বা মে’ৰ অর্থ হ’ল মৃতক। এই মৈ আৰু হেংদান গোট খাই কি নাম হ’ব, কি অর্থ হ’ব? কিন্তু অর্থলৈনো সিমানকৈ যায় কিয়? ধ্বনিহে ইয়াত আচল আত্মা। মৈহেংদান = মহেন্দ্ৰনাথ। এইদৰে ককাইদেৱে নিজৰ নামকে লৈ ধেমালি কৰেই। ৰেঙ্গুণত থাকেঁতে দেখা নাই জানো— ৰোমান আখৰত নিজৰ নামটো কেনেকৈ লিখিছিল— Mauhen N. Phooquon। এইটো অসমীয়া নাম বুলি আপুনি সতকাই ক’ব পাৰিবনে? নামৰ সেয়ে লীলা— ককাইদেউৰ নামৰ। বৰ্মাত থাকি তেওঁ বৰ্মী নে চীনৰ মাতৰ দৰে নাম লৈছিল নেকি? দেশ চাই ভেশ হৈছিল নেকি?

ডেকাফুকনৰ নিৰুক্তি আনসকলৰ পৰা সদায় পৃথক। অনেকে অসম, আসাম, আসম, আহোম শব্দৰ নানানটা বুৎপত্তি দিবৰ যত্ন কৰিছে। শেষ পক্ষত, ভাষাতত্ত্বৰ পৰমাচাৰ্য অধ্যাপক সুনীতিকুমাৰ চট্টোপাধ্যায়ে উত্তৰ বৰ্মাৰ ‘অৰ্হ্বান্’ শব্দৰ পৰা অসম-আহোমৰ জন্ম দেখুৱাইছে। ইন্দ্ৰেশ্বৰ বৰঠাকুৰদেৱে আকৌ এই শিলাময় দেশৰ নাম ‘অশ্ম’ৰ পৰাই হৈছিল বুলিছিল। ইতিপূর্বেই কিন্তু মহেন্দ্রনাথ ফুক্কনদেৱে শব্দবোৰৰ বুৎপত্তি নিৰূপণ কৰিছিল। —এই অসম বা প্রাচীন কামৰূপ বা প্ৰাগজ্যোতিষ বেদৰ উদাত্ত মন্ত্ৰেৰে নিনাদিত দেশ। সেই পুৰণি কালৰ কথা। বশিষ্ঠ, গোকৰ্ণ, গালৱ আদি ঋষিসকলে একান্তভাৱে বেদৰ কবি-ঋষিসকলে ৰচনা কৰা মন্ত্র পাঠ কৰাত নিৰত হৈ আছে। তেতিয়াৰ দিনত বৈদিক সংস্কৃতৰ বাহিৰে আকৌ আন ভাষা সেই ঋষিসকলৰ মাজত প্রচলিত নহৈছিলেই। এনেতে মহান জ্যোতিষ্পুঞ্জেৰে ভাস্বৰ এজন পুৰুষ ইন্দ্ৰৰ স্বৰ্গৰ পৰা সোণৰ জখলাইদি নামি আহক। তেওঁৰ এহাতে এটি শূকৰ। আৰু আনহাতে সোম-ৰসৰ পাত্ৰ। তেওঁৰ শৰীৰৰ জ্যোতি পৰি ঋষিসকলৰ তপ-জপ ভাগি গ’ল। তেওঁলোকে মহাবিস্ময়ত ভাবিলে,— কোন দেৱতা, পিতৃলোকৰ কোন পিতৃ নামি আহিল! এই ভাবি মহা সন্তৰ্পণে তেওঁলোকে চমুকৈ প্রশ্ন কৰিলে, “কোহসৌ?” (কোন ইজনা?) পুৰুষে মেঘৰ গভীৰ স্বৰে দিলা সমিধান— “অহম” (মই)। সেই যে মহৎ ধ্বনি উচ্চাৰিত হ’ল ‘অহম্’, সেয়ে যেন হ’ল সেই জ্যোতিষ্মান পুৰুষৰ নাম— অহম, আহম, আহোম। তেওঁ যেতিয়া এই দেশত থাকিবলৈ ল’লে, তেওঁৰ পৰা পুত্র, পৌত্র, প্রপৌত্র, প্র-প্রপৌত্র আদিৰ উৎপত্তি হ’ল, এই দেশৰো নাম হ’ল অহম, অসম, অচম, আসাম, আচাম।

কলেজত থকা দিনৰ পৰাই ককাইদেউ বাঘৰ আগ তেল খোৱাটো। ত’ত তেওঁৰ ঘাই লগৰীয়া আছিল চন্দ্ৰকান্ত সন্দিকৈ (ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়াৰ অকালত হেৰোৱা পুত্ৰ) আৰু আহমদ (এওঁ আমাৰ যোৰহাট চৰকাৰী স্কুলৰ স্বনামধন্য প্রধান শিক্ষক জেহিৰুদ্দিন আহমদ ছাৰৰ ভায়েক, মই নামটোহে পাহৰিছে)। এই triumvirate-অৰ দুটি কামৰ নমুনা দিছোঁ।

এদিন তিনিও বীৰে চাহৰ খোলাত বহি চাহ খাইছে। এনেতে আহক এজন সতীর্থ, ৰুটি কিনিবলৈ। তেওঁ চোন দুটা ৰুটি দুহাতৰ তলুৱাৰ তৰ্জ্জুত তুলি লৈ কোনটো গধুৰ জোঁকাৰি জোঁকাৰি তাৰ উমান লৈছে। তেতিয়া, তেতিয়াই তিনি বীৰে থিৰাং কৰিলে— এই বেলবুঙক লম্ভ যাওক। বছৰেকীয়া পৰীক্ষা হৈ গৈছে। ল’ৰাহঁতৰ প্রমোশ্যন স্থিৰ কৰিব সমূহ অধ্যাপকৰ সভাই। চিৰাচৰিত ৰীতিতে সেই সভাখনক বোলা হৈছিল (অৱশ্যে ছাতৰৰ মাজতহে)— pandemonium, ভূতৰ বৰসবাহ; কাৰণ এই সভাৰ ৰায় শুনাৰ পিছত ছাত্ৰৰ মাজত হঁহা-কন্দাৰ কি মেলাই নবহিছিল! ফুকন-সন্দিকৈ-আহমদে সেই অজলা সতীৰ্থজনক লগ ধৰি সুধিলে— “হেৰি, আপুনি পৰীক্ষাৰ ৰিজাল্ট পাইছে জানো?” উত্তৰ— “নাই, অধ্যাপকসকলৰ সভা বহাই নাই”। “নাই? আপুনি তেনে সুধি নাহেগৈ কিয়, কেতিয়া সভা বহিব?” “এঃ মোক সেই কথা নক’ব বুইছেনে। মই ইংৰাজীৰে কেনেকৈ কথা ক’ম প্রফেছৰৰ সমুখত? ৰাম, ৰাম!” “আমি শিকাই দিছোঁ নহয়; শুনক, আপুনি পোনতে দুৱাৰদলিৰ ওচৰত ৰৈ টিচাৰ কমন ৰুমৰ ভিতৰলৈ সোমাবলৈ অনুমতি খুজিব, May I come in sirs? আপোনাক Yes বুলি ক’লে বা আপোনালৈ মূৰ তুলি চালেই আপুনি ঘাই প্ৰশ্নটো সুধিব, Sirs, when will the pandemonium sit? তেতিয়া কি কয়, আপুনি মনতে ৰাখি লৈ আহিব। আমি আটাইবোৰ ইয়াতে আছোঁ। অ এতিয়া খোজ-কাটল আৰু বাক্য দু-আষাৰৰ আখৰা কৰক”। আখৰা হৈ গ’লত তিনিও বীৰে কমন ৰুমৰ ওচৰলৈকে ছাত্ৰৰ প্ৰবক্তাজনক আগবঢ়াই দিলেগৈ। প্রবক্তাই দুৱাৰ মুখত ৰৈ সুধিলে, “মে আই কম ইন ছাৰ?” কিন্তু অসময়ত অহা অভ্যাগতৰ ফালে অধ্যাপকসকলৰ কাণসাৰেই নাই। তেওঁ এবাৰ, দুবাৰ, নহয় তিনিবাৰ চিয়ঁৰি চিয়ঁৰি অনুমতি বিচাৰিলে। ইতিমধ্যে তেওঁৰ গাত কঁপনি আৰম্ভ হৈছিলেই। তেনেতে জানিবা সকলো অধ্যাপকৰ ভিতৰত আটাইতকৈ গলগলীয়া মাতৰ অধ্যাপক ভুবনমোহন সেনে সঁহাৰি দিলে, “Yes. What do you want?” প্ৰবক্তাৰ প্ৰশ্ন চিঁচিঁয়া মাতেৰে ওলাল, “Sir, when will the pandemonium sit?” অধ্যাপক সেন গৰগৰাই উঠিল, “What? what?” গলহেকাৰি মাৰি সিজনে পুনৰ সুধিলে অলপ ডাঙৰ মাতেৰে, “Sir, when will the pandemonium sit?” এইবাৰ যেই What বুলি অধ্যাপক সেন চকিৰ পৰা উঠি থিয় হ’ল, প্রবক্তা ভিৰাই ধৰি লৰ মাৰিলে হোষ্টেলৰ মুৱে। আৰু লগে লগে ল’ৰাহঁতৰ মাজত কি খিকিন্দালি!

কটন কলেজত তেতিয়া ছুদমাৰ্ছেন ছাহাবৰ ৰাজত্ব। ১৯০১–ৰে পৰা পূৰা তিনি দশক কাল তেওঁ ৰাজাধিৰাজ, প্রিঞ্চিপাল। ছাত্ৰসকলৰ অৱশ্যে তেওঁলৈ ভক্তি দুগুণ, ভয় তাৰ ছাড়। কাৰণ, তেওঁৰ ভাষা বুজাটোৱেই এটা টান কথা আৰু সিয়ে হ’ল ছাত্র আৰু অধ্যক্ষৰ মাজত প্ৰধান অন্তৰায়। এবাৰ বোলে কোনোবা এজন ছাত্র মুখামুখিকৈ পৰিল সেই বুঢ়া বাঘৰ আগত কলেজৰ বাৰাণ্ডাতে। পেঁপুৱা লাগি ল’ৰাজনে থোকা-থুকিকৈ গুড মর্নিং নে গুড ইভিনিং কিবা এটা উচ্চাৰিলে। লগে লগে সিফালৰ পৰা জাউৰিয়ে জাউৰিয়ে প্রশ্ন উচ্চাৰিত হ’ল। ছাত্ৰজনৰ কাৰণে কিন্তু সেয়া বুঢ়া বাঘৰ গোঁজৰণি-ফোঁচফোঁচনিতকৈ স্পষ্ট একো নহ’ল। আৰু তাৰ উত্তৰত কঁপনি আৰু ঘামৰ বাহিৰে ল’ৰাটিৰ পৰা আন একো নিৰ্গত নহ’ল। ছাহাবে “Pack up your bags and baggages and leave by the next available railway train” বুলি আদেশ কৰি উচাট মাৰি গুচি গ’ল।

এই বুঢ়া বাঘৰ লগত নানা কৌশলেৰে যুঁজা মানুহ আছিল আমাৰ ককাইদেউ। কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰতে কটন কলেজক শিৰোমণি কৰি ৰাখিছিল ছুদমাৰ্ছেনৰ দুটা প্রক্রিয়াই— এটা হ’ল টিউটৰিয়েল, আনটি মাহেকীয়া পৰীক্ষা। সেই দুটিৰ যাতে এক ইঞ্চিও ইফাল সিফাল নহয়, তালৈ ছাহাবে নিজেই চকু ৰাখিছিল। শিক্ষক, ছাত্র কোনেও খতিয়া কৰিব নোৱাৰে। ডক্তৰ বাণীকান্ত কাকতি ছাৰে কোৱা মনত আছে, তেওঁ বোলে টিউটৰিয়েলৰ বহী চাই এদিনাখন ল’ৰাহঁতক ছুটী দি কমন ৰুমৰ ফালে খোজ লৈছে। এনেতে আহক সিফালৰপৰা ঘাই বাঘটোৱেই। ছুদমাৰ্ছেন ছাহাবে জেপৰ পৰা ডাঙৰ ঘড়ীটো উলিয়াই ছাৰৰ ফালে ধৰি গুমগুমাই উঠিল, “Still five minutes more.” ছাৰে বুজালেহে হয়, তেওঁ টিউটৰিয়েলৰ কাম ঠিককৈ কৰি আহিছে, অবুজন ছাহাবে নামানিলেই, ক’লে, “You might have taught them grammar.” চল্লিশ মিনিট কবিতা চৰ্চাৰ পিছত পাঁচ মিনিট ব্যাকৰণম্ অধীত! উস! সেই ছুদমাৰ্ছেনক মাহিলি পৰীক্ষা গুছাই দিবলৈ ল’ৰাহঁতে কত কি জয়দেউ কাকূতি কৰিলে, তাৰ একো ফল নহ’ল। পিছে অকণমান তাতো টিল পৰিল যেতিয়া মহেন্দ্রনাথে দুখনমান ছবি আঁকি পৰীক্ষা ঘৰত আঁৰি থ’লে। সেই ছবিবোৰত দেখুওৱা হৈছিল কেনেকৈ পৰীক্ষাত জাপে জাপে বহী লেখি লেখি ল’ৰা লালকাল হৈ পৰিছে, বেঞ্চিৰ পৰা বাগৰি পৰিছে, আৰু হোলোকে হোলোকে তেজ বঁতিয়াইছে ইত্যাদি। ছবিৰ তলত মিল্টনৰ আৰু L’allegro আৰু It penseroso-ৰ অনুকৰণত কবিতা— Lo Monthlia! of Sudmersen and Black Midnight born! সেই ছবি, সেই কবিতা গৈ ছুদমাৰ্ছেনৰ গাজত লাগিল। মন্থলিয়া আইদেউৰ কৰ্কশতা কমিল। সেইখন আছিল ককাইদেউৰ পৰোক্ষ ৰণ।

সমুক্ষ ৰণখন হ’ল দেখাত অলপীয়া; কিন্তু স্বৰূপতে বৰ এটা কথাত। ছুদমাৰ্ছেন ছাহাব আৰু তেওঁৰ মেমে অধ্যক্ষৰ বঙলাৰ আগত বছৰি বছৰি এডৰা মোক খা মোক খা কৰা মটৰ-মাহৰ খেতি কৰে, কিন্তু মটৰ-মাহডৰাৰ কোনেও এচিৰাও নাখায়। সেইবোৰ য’ৰ বস্তু ত’তে জহি-খহি যায়। নতুন বতৰ আহিলে ছাহাব-মেমে নতুনকৈ খেতি লগায়। দলনি-দোপনি হৈ বাঢ়ি অহা মাহডৰা তেওঁলোকে নয়ন জুৰাই চাই থাকে মাথোন। ফুকন, সন্দিকৈ আৰু আহমদৰ মাজত এই বিষয় লৈ গোপন আলোচনা হয়। তেওঁলোকে মাহডৰা এইবাৰ সৎকাৰ্যত লগাব। যেনে সিদ্ধান্ত তেনে কাম। সিদিনাই নিশা ফুকন উজান বজাৰৰ ঘৰলৈ নগৈ হোষ্টেলৰ আলহী হ’ল। মাজনিশা সমস্ত মাহডৰা তুলি বুটলি তিনি ডেকাই চি.এম. (কটন মুছলিম) হোষ্টেলৰ আহমদৰ কোঠা পোৱালেগৈ। মাহবোৰৰ গুটি উলিয়াই নিশাৰ আন্ধাৰতে জাবৰবোৰ দূৰকৈ পেলালে, আৰু সহজভাৱে বিছনাত পৰিল। পুৱা হওঁতে নহওঁতেই ফুকন নিজ ঘৰত উপস্থিত হ’লগৈ। আন দিনাৰ দৰে সেইদিনাও তেওঁ গা-পা ধুই খাই-বৈ কলেজলৈ গ’ল। কিন্তু ই কি! সকলো ল’ৰা দেখোন ঠায়ে ঠায়ে জুম পাতি পাতি! তেনে এটা জুমৰ ফুচুফুচীয়া মেলৰ পৰা জানিব পাৰিলে, ছুদমাৰ্ছেন চাহাবৰ মটৰ মাহডৰা হেনো কোনোবাই চুৰ কৰিলে, ছাহাব বহি আছে অফিচত বিমর্ষ হৈ, প্ৰফেছৰসকলো বোলে বিমৰ্ষ, আজিকলেজৰ কাৰ মূৰত বজ্ৰপাত পৰে ঈশ্বৰেহে জানে! মহেন্দ্রনাথে ক’লে, “অ’ সেইটো কি বৰ কথাটো হ’ল ? ৰহহঁত মই ছাহাবক লগ পাই আহোঁ” । লগৰবোৰে “নাযাবি নাযাবি” বুলি হাক দিলেহে হয়, মহেন্দ্ৰই নুশুনিলে, বৰ ডাঙৰ মাতেৰে সুধিলেগৈ, “Sir, may I come in?” “Yes”। ভিতৰ সোমায়ে মহেন্দ্ৰই আৰম্ভ কৰিলে, “ছাৰ, মই শুনিছোঁ আপোনাৰ বোলে মটৰ মাহ গোটেইডৰা নিশা কোনোবাই লৈ গ’ল, হয়নে?” “অঁ, সেয়ে কথা।” “আৰু বোলে, সেইবাবে আপুনি চকিদাৰ, পিয়ন কাক কি কৰে, ঠিক নাই। হয়নে?” “কোনে ক’লে তোক?” “বাহিৰত শুনিছোঁ। কিন্তু মাহবোৰ ময়ে নিছোঁ নিশা।” “You did it?” “Yes sir.” “You did it?” “Yes Sir.” “And you did it?” “Yes sir, I did take it.” ছাহাব চাবি নোহোৱা ঘড়ীৰ দৰে নিশ্চল-নির্বাক হ’ল। কেইমিনিটমান পিছত তেওঁ সম্বিৎ ঘূৰাই পোৱাৰ দৰে পাই ক’লে, “বাৰু, তই অলপ পৰ বাহিৰলৈ যা। মই তোক মাতিম৷” “বাৰু” বুলি মহেন্দ্ৰই গুৰু-গম্ভীৰভাৱে খোজ দি ওচৰৰ পূব গেলেৰিলৈ খোজ ল’লে আৰু তাতে তলৰ বেঞ্চিখনত থপ্ কৰে বহি পৰিল। সেই কেইমুহূৰ্ততে মহেন্দ্ৰৰ নৈশ অভিযানৰ কথা তেওঁৰ মুখৰ পৰা ওলোৱামতেই ৰাষ্ট্র হৈ পৰিছিল। সকলোৱে এতিয়া তেওঁক মাথোন ক’বলৈ ধৰিলে, “তুমি কিয় কথাটো ছাহাবক ক’লা? তেওঁতো এতিয়া তোমাক rusticate কৰিব!” “কি হ’ব বাৰু এতিয়া গতি!” মহেন্দ্ৰৰ কিন্তু মুখৰ পৰা একাষাৰো মাত নোলাল। তেওঁ থম্ থম্ কৰে বহি ৰ’ল, ৰ’লেই। দুঘণ্টামানৰ পিছত বিখ্যাত জহৰমলৰ জৰিয়তে ছুদমাৰ্ছেনৰ ডাক পৰিল। মহেন্দ্ৰই যেন ৰণলৈহে march কৰি খোজ চলালে। সকলোৰে মাজত তেতিয়া কাঁহ পৰি জীণযোৱা অৱস্থা।

আচামী হাজিৰ। সকলোৰে চিন্তা, ফাঁচীয়েই হয়নে বৰশীয়েই হয় এতিয়া! নে বিজুলী-ঢেৰেকনি-বজ্ৰপাত! নাই, সেইবোৰ একে নহ’ল। হ’ল মাথোন জাহ্নৱী-যমুনা-বিগলিত-কৰুণা অশ্রু জলবর্ষণ। ভয়ঙ্কৰ ছুদমাৰ্ছেন ছাহাব কৰুণাৰ মূর্তি হৈ মহেন্দ্ৰলৈ চাই ৰ’ল মাথোন। বহুত পৰৰ মূৰত ছাহাবৰ মাত ওলাল। সিও থোকাথুকি। “তহঁতে জান, মোৰ এটা ল’ৰা এই গুৱাহাটীতে মৰিছে। সিয়ে সেইডৰা মটৰ মাহৰ খেতি সদায় কৰিছিল। সি মৰিল। কিন্তু তাত মটৰ মাহ মই আৰু মেমে তাৰ দৰেই পৰিশ্ৰম কৰি বছৰি ৰোওঁ, পানী দি ডাঙৰ কৰোঁ। কিন্তু সি সেই মাহৰ এচিৰাও খাবলৈ নাহে বাবে আমিও এচিৰা নাখাওঁ। এই কলেজত কিমানবোৰ ল’ৰা আছে। সকলোবোৰ মোৰ ল’ৰাটোৰ দৰে মোৰেই ল’ৰা। কিন্তু সিহঁতৰ এটায়োতো মাহ খুজিও নাখায়, ধেমালি কৰি চুৰ কৰিও নাখায়। সিহঁতে খালেওতো মোৰ ল’ৰাই খোৱাৰ দৰেই হ’লহেঁতেন। তই একমাত্ৰ ল’ৰা, যি মাহডৰাত হাত দিলি।” শেহৰ কথাকেইটা ছাহাবে বৰ ডাঙৰ ডাঙৰকৈ ক’লে, বাহিৰত ৰৈ থকাবোৰেও শুনা পালে। “You are the only boy in my college; others are all foxes. You may go, my boy.” বেজাৰ-আনন্দ মিহলি এটা মন লৈ মহেন্দ্ৰই একো নকৈ বাহিৰলৈ ওলাই আহিল। আনবোৰ সকলো চন্দুৱা পৰিল। ইয়াৰ পিছত আহমদৰ হোষ্টেলত থকা মটৰখিনি সুস্বাদু পায়স কৰি খোৱা হ’ল। তাতেই হয়তো ছাহাবৰ ল’ৰাৰ বিগত আত্মাই তৃপ্তি লভিলে।

…সেই ৰিং কিন্তু ‘ইনক্লাৱ জিন্দাবাদ’ বা ‘কিবাব মোৰদাবাদ’ নহয়। সিও অসমীয়া হ’ব লাগিব। এজনে বুলিব, “দল দোপ”; সহস্রজনে তাৰ প্ৰতিধ্বনি তুলিব, “হেন্দোলদোপ”। দলদোপ হেন্দোলদোপ। সেই ধিঙৰ ৰিং লাগিহে মহেন্দ্রনাথ ফুকন মহেন্দ্রনাথ ডেকাফুকন হ’ল; মাধৱচন্দ্ৰ বেজবৰুৱা হ’ল ডেকা-বেজ, ধিঙৰে বলোৰাম বৰা হ’ল বলোৰাম ডেকাবৰা, সকলো শৰাইঘটীয়া ডেকা চালি দি উঠিল। ধিঙত দলদোপ হেন্দোলদোপ লাগিল।…

শতিকাৰ তৃতীয় দশকৰ সমাপ্তিৰ ফালে মহেন্দ্ৰনাথৰ মন ঢাল খালে অসম-প্ৰেমৰ ফালে, এক নমস্য ব্যক্তিৰ ঘন সংশ্ৰৱত। সেই ব্যক্তি হ’ল অধ্যাপক (তেতিয়াও ডক্তৰ নৌ হয়) সূৰ্যকুমাৰ ভূঞা ডাঙৰীয়া, সেই অধ্যাপক ছাৰ হ’ল এতিয়া ফুকনৰ ককাইদেউ আৰু গুৰুপত্নী হ’ল শ্রদ্ধেয়া বৌ। অধ্যাপক ভূঞাৰ বুৰঞ্জীবীক্ষাইদি ফুকনে অসমৰ মাতৃৰূপী এখন জলমলীয়া চিত্র দেখা পালে। তেওঁ তাতে মুগ্ধ হৈ পৰিল। এই সময়ৰে ফুকনৰ এটি অনুপম কলাসৃষ্টি— কটন কলেজ ছাত্রসঙঘৰ বাবে কলেজৰ প্ৰতীক— য’ত অসমৰ জ্যোতিস্মৎ নিসৰ্গৰ ৰূপ-দর্শন হয়। এইছোৱা কালতে উজান বজাৰ ছোৱালী মধ্য ইংৰাজী স্কুলৰ প্ৰধান শিক্ষয়িত্রী ক্লেৰিছৰ লগত ফুকনৰ সংসৰ্গ, প্ৰীতি আৰু শেহত অসবৰ্ণ বিবাহ সম্পন্ন হয়। সেই বিবাহৰ ফলস্বৰূপে তেওঁৰ আত্মীয় আৰু বন্ধু বহুত তেওঁৰ পৰা আঁতৰি পৰিল। এটা কবিতাৰে মাথোন তেওঁ সকলোকে উত্তৰ দিলে— সেই সময়তে যদি ইংলেণ্ডেশ্বৰ ষষ্ঠ জর্জে প্রিয়পাত্রীৰ বাবে সিংহাসন ত্যাগ কৰিব পাৰে তেওঁনো প্ৰেয়সীৰ হকে তেওঁৰ ব্ৰাহ্মণত্ব এৰিব নোৱাৰিবনে?

এই কালছোৱাতে অসমৰ পৰা শ্ৰীহট্ট-বিচ্ছেদৰ প্ৰশ্নটো বৰকৈ উঠিছিল। ফুকনে সেই সময়তে এখন কার্টুন মাথোন আঁকিছিল— এজন ফুটবল খেলুৱৈয়ে থিয় হৈ এটা বৰ ফুটবলত গোৰ মাৰে আৰু! ফুটবলটোত মাথোন ইমানকে লেখা আছে— “ছিঃ লাঠিয়া।”

ফুকনৰ মাউ-হেন এন. ফুক্কন হোৱা মানদেশত থকা দিনকালৰ কথা মই বেছি নাজানো। তাত তেওঁ ‘ৰেঙ্গুণ মেইল’ কাকতৰ সহ-সম্পাদক, আমাৰ সুৰেশচন্দ্ৰ ভট্টাচাৰ্য (কমলাকান্ত ভট্টাচাৰ্যৰ ভতিজা) সম্পাদক। আৰু সেই মানদেশৰ ৰেঙ্গুণতে তেওঁৰ মিতিৰালি হৈছিল আলোমোহন দাস নামৰ এজন বঙালী লোকেৰে, যাৰ একো নোহোৱা অৱস্থাত ফুকনে সাদৰ সহায় দিছিল পাহৰিব নোৱৰা বিধৰ।

চতুর্থ দশকৰ মাজতে ফুকনৰ অন্তৰত ইতিমধ্যেই উত্তপ্ত অসম প্রেমটিয়ে এক উত্ৰাৱল ৰূপ লয়; আৰু তেওঁ হৈ পৰে ডেকা-ফুকন। সেয়া হ’ল অম্বিকাগিৰী ৰায়চৌধুৰীৰ অসম সংৰক্ষিণী সভাৰ উদগমৰ সময়, তেওঁৰ ‘ডেকা অসম’ৰ কাল; যি সকলোটিৰে সংহিতা ৰায়চৌধুৰীয়ে নিজেই ৰচনা কৰিছিল। ‘ডেকা-ডেকেৰীৰ বেদ’ বুলি দুদিনমান পিছত। সংৰক্ষিণীৰ ডাঙৰ টোটি উঠিছিলগৈ ডেকা-গিৰী শ্ৰীমন্ত শঙ্কৰৰ জন্মস্থানৰ ওচৰৰ ধিঙত। তেতিয়া আমাৰ ফুকন ডেকা-ফুকন হৈ এটি নতুন শ্লোগান উলিয়ালে। কিন্তু ‘শ্লোগান’ বুলিলেতো নহ’ব; সেইটোতো অসমীয়া মাত নহয়। গতিকে ফুকনে তাক বুলিলে ‘ৰিং’, ধিঙৰ ৰিং। সেই ৰিং কিন্তু ‘ইনক্লাৱ জিন্দাবাদ’ বা ‘কিবাব মোৰদাবাদ’ নহয়। সিও অসমীয়া হ’ব লাগিব। এজনে বুলিব, “দল দোপ”; সহস্রজনে তাৰ প্ৰতিধ্বনি তুলিব, “হেন্দোলদোপ”। দলদোপ হেন্দোলদোপ। সেই ধিঙৰ ৰিং লাগিহে মহেন্দ্রনাথ ফুকন মহেন্দ্রনাথ ডেকাফুকন হ’ল; মাধৱচন্দ্ৰ বেজবৰুৱা হ’ল ডেকা-বেজ, ধিঙৰে বলোৰাম বৰা হ’ল বলোৰাম ডেকাবৰা, সকলো শৰাইঘটীয়া ডেকা চালি দি উঠিল। ধিঙত দলদোপ হেন্দোলদোপ লাগিল। আমাৰ নীলমণি ফুকন ককায়ো আহি তাতে উজান দিছিলহি। দূৰৰ পৰা আনসকলেও সঁহাৰি নিদিয়াকৈ নাছিল। শুনক সেয়া বান্ধৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ কণ্ঠ:

অ’ অসমীয়া ডেকা-দল!
অ’ অসমীয়া ডেকা-দল!
আজি তোৰে তেজাল বদন মলিন কিয় হ’ল?
দুৰ্গম নদ পাহাৰ গিৰি
লঙিঘছিলে ডেকা-গিৰি,
সুন্দৰ শঙ্কৰে লৰি কৰিছিলে তল,
দেখুৱাইছিল জগত জুৰি অসীম বাহুৰ বল।
সিওযে তোৰ নাইকিয়া হ’ল!

এইদৰে মুখৰ ব্যক্তি সকলোৱেই ডেকা শক্তিৰ স্তাৱক হৈ পৰিছিল।

ডেকাফুকনৰ অসমীয়া প্রেমে কিমান উগ্ৰ ৰূপ লৈছিল, তাকে দেখুৱাবলৈ সৰু হ’লেও এটি কাহিনী কওঁ। ফুকনে সপত্নীকে উজান বজাৰৰ যিটো ঘৰত থাকে, ঠিক তাৰ সমুখত থকা আলিৰ সিপাৰৰ মুকলি বননিখনেৰে এটা ঘৰত তেওঁৰ ভায়েক শৈলেন্দ্রনাথ থাকে। কিন্তু কিবা কথাত লাগি দুই ককাই-ভাইৰ মাজত মাত-বোলকে নাই। আমাৰ প্ৰৱচন এটি আছে নহয়,“চালে চালে লগা ঘৰ, সোধোঁ সোধোঁ বুলি সুধিব নোৱাৰোঁ, গাতবা কিমান জ্বৰ।” আহক এজনী হাড়-ছাল-সাৰ নিচলী মাগনী বুঢ়ী, “বাবু, ভিক্ষা চাই, এক মুঠো দেবেন”। “অ তই ইয়াত বঙলা মাত মাতি মাগিবলৈ আহিছ, যা, যা” বুলি ফুকনে মানুহজনী খেদাই দিলে, আৰু চাই থাকিল, ভায়েকেনো মাগনী বুঢ়ীক কি কৰে! শৈলেন ফুকনেও বুঢ়ীক একেই অভ্যর্থনা দিলে। তেতিয়া ফুকন লৰি গৈ ভায়েকক সাবটি ধৰিলেগৈ, “তই মোৰ আচল ভাই হয়।”

সেই যে এচমকা সেউজীয়া ঘাঁহনি, সেয়ে ফুকনৰ পিতৃৰ স্থান। সেয়ে তেওঁৰ অনুপ্ৰেৰণাৰ উৎস। তাতে বহি তেওঁ কবিতা লেখে। মূৰত হেট যেন সৰু জাপি, বাঁও কাষে ওলমাই পুৰণি মোনা এটাত কাগজ-পাতি আৰু, মই যদি ঠিকেই সুৱৰিছো বাঘছাল কি পহুছালৰ এখন আসন আৰু সোঁহাতে বৰযাঠি এপাত লৈ ফুকনে তেওঁ কবিতা লেখে। মূৰত হেট যেন সৰু জাপি, বাওঁ কাষে ওলমাই পুৰণি মোনা এটাত কাগজ-পাতি আৰু, মই যদি ঠিকেই সুঁৱৰিছো, বাঘ-ছাল কি পহু-ছালৰ এখন আসন আৰু সোঁহাতে বৰযাঠি এপাত লৈ ফুকনে সমুখৰ আলিটোৰ ওপৰেৰে গুৰুগম্ভীৰভাৱে যাত্রা কৰে সেই হৰিতা ক্ষেত্ৰলৈ। সেইখিনি পাই মহা সন্তৰ্পণে তেওঁ যাঠিডাল মাটিত গোঁজ মাৰি ঠিয় কৰি থয়; তাৰ মূৰত নিজৰ মূৰৰ পৰা খহাই জাপিটো থয় আৰু তাৰে ছাঁয়াত আসনখন পাৰি বহি লৈ মোনাৰ কাগজবোৰ দুইকাষে আৰু সমুখত সজাই থয় ধুনীয়াকৈ। তাৰ পিছত ‘আসন ভিৰি’ বহি বাঁওহাতত লেখিবৰ কাগজ আৰু সোঁহাতে মুঠি মাৰি ওপৰ জেপৰ পৰা উলিয়াই লোৱা নিজৰিকাপটো ধৰি ফুকন ধ্যানস্থ হয়। সেইটো তেওঁৰ সৃষ্টিৰ মুহূর্ত। তেওঁ তেওঁৰ কাপক আদেশ কৰে, “লে-এ-খ তে-এ-জ।” বুকুৰ তেজৰ প্ৰতীক নিজৰি-কাপৰ ৰঙা চিয়াঁহিয়ে কবিতাৰে কাগজ বোলাই যায়।

চতুর্থ দশকৰ মাজ ভাগৰ পৰা মই কটন কলেজীয়া ছাতৰ। মাধৱচন্দ্ৰ বেজবৰুৱাৰ যোগেদি মহেন্দ্ৰনাথ ফুকনেৰে চিনাকি হয়, ঘনিষ্ঠতা হয়। তেতিয়া ফুকনদেৱক কলেজৰ বিবিধ সভালৈ নিমন্ত্রণ কৰা হয়। তেওঁ আহে। উজনিৰ বাগ্মীবৰ ফুকন আৰু নামনিৰ দেশভক্ত ফুকনৰ লগত ফুকন মহেন্দ্ৰনাথো বাগ্মীবৰ। অসমীয়াতে হওক বা ইংৰাজীতে হওক, তেওঁ ফৰফৰাই থাকে। কিন্তু তেওঁৰ অসমীয়া জতুৱা অসমীয়া; তেওঁৰ ইংৰাজী ছাহাবৰ। তেওঁৰ বাগ্মিতাতকৈও পিছে মাজে মাজে তোলা তেওঁৰ ৰগৰৰ কথালৈহে শ্ৰোতাসকলে সৰহ লক্ষ্য ৰাখে। এবাৰ কলেজ ছাত্রসংঘৰ মিউজিক্‌ ছচিয়েল বা সংগীত-সভালৈ যাওঁতে সভাৰ কাৰ্যসূচী তেওঁৰ মনত একেবাৰেই নালাগিছিল। কথা ক’বলগীয়া হ’লত সেই দেখি কৈয়ে পেলালে, “সন্ধিয়া বেলিকা ভঁৰালৰ তলত যেতিয়া দুজনৰ দেখা হয়, তেওঁলোকে কি মিউজিক কৰে! এজনে কয়, ‘ফোঁচ ফোঁচ ফোঁচ’, আনজনে তাল ধৰে, ‘মিউ মিউ মিউ’। আৰু শেহত যেতিয়া দুইজনৰ আলিঙ্গন হয়, তেতিয়া কিমান বাৰ মিউ মিউ ফোঁচ ফোঁচ, ফোঁচ ফোঁচ মিউ মিউ…, অন্ত নাথাকে; সেয়ে হ’ল সিহঁতৰ মিউজিক আৰু আজি আমি কি মিউজিক পালো? একেই, একেই মিউ মিউ মিউ, জিক্ জিক্‌ জিক্। এয়ে হ’ল আজিৰ সঙ্গীত।” আন এদিন অসমীয়াৰ গৌৰৱত আন্দোলিত হৈ ফুকনে action-এ সৈতে বক্তৃতা কৰিছে। “অসমীয়াৰ দৰে বুকু নাই (এই বুলি বুকুখন ফিন্দাই তাত ঢপ্ কৰে মেলা হাতেৰে এটা কোব বহুৱাই দিলে)। অসমীয়াৰ দৰে কলাফুল নাই (এই বুলি কলাফুল এটা ওপৰলৈ তুলি মাৰক তাত এটা থাপৰ)। অসমীয়াৰ দৰে চুলি নাই (এই বুলি এখন হাতেৰে মূৰৰ চুলিত এনে এটা চাট মাৰিলে যে চুলিবোৰ ওপৰলৈ এক মুহূৰ্তৰ বাবে থিয় হৈ উঠিল)।” এনেবোৰ উক্তি যেতিয়া মঞ্চত উচ্চাৰিত হয় তাৰ লগৰীয়া ভঙ্গিমাৰে সৈতে, ছুদমাৰ্ছেন হলৰ প্রেক্ষাগৃহত তেতিয়া গির্জন মৰা হাঁহিৰ ৰোল উঠে।

আৰু পঢ়ক:  কিম্বদন্তী-ইতিহাসৰ পৰা সাহিত্য-সংস্কৃতিলৈ বৈ থকা বৰলুইত

অসম সাহিত্য সভাৰো জন্মৰ আগতে উপজিছিল অসম ছাত্র সন্মিলন। ছাত্ৰসকলৰ কি সুন্দৰ অনুষ্ঠানেই নাছিল সি। সেই অনুষ্ঠানৰ পৰাই চামে চামে কবি-সাহিত্যিক ওলাই আহিছিল। কিন্তু যেতিয়া সেই অনুষ্ঠানত ৰাজনীতিৰ আওপকীয়া বতাহ সোমাল, সি লাহে লাহে অপক্ষয়-প্রাপ্ত হৈ নোহোৱা গৈ গ’ল। তাৰ আগলৈকে সন্মিলন আছিল সকলো শ্রেণীৰ ছাত্ৰৰ মিলন-ভূমি। তাৰ অপক্ষয়ৰ আৰম্ভণিৰ আৰম্ভ হয় ১৯৩৬ চনত, যি বছৰ শিৱসাগৰ নগৰত সুন্দৰভাৱে বার্ষিক সন্মিলন হৈ যায়। সেই বছৰেকীয়া অধিবেশনতে তেতিয়া আইনৰ ছাত্র মাধৱচন্দ্ৰ বেজবৰুৱা সম্পাদক নির্বাচিত হয়। কিন্তু সন্মিলনৰ পিছত আমি গুৱাহাটী পোৱাৰ লগে লগে খবৰ পালো যে উপেন্দ্রনাথ ৰাজখোৱাক (যিজনৰ কিছুদিন পূর্বে ফাঁচী হৈ যায়) সম্পাদক পাতি বেজবৰুৱাক ওফৰাই পেলাবৰ যত্ন কৰা হৈছে। শেহত দেখিলো, ফুলধৰ চলিহাদেৱক সভাপতি কৰি গুৱাহাটীৰ কাৰ্জন হলত এখন ৰাজহুৱা সভা পাতি পিছত মন্ত্রী, সংসদী সদস্য হোৱা ডেকাৰে পৰা ব্যায়াম-বীৰলৈকে গোট খাই এটা সৰু দলে সন্মিলনৰ নতুন কার্যকর্তা বাছিবৰ আয়োজন কৰিছে। বেজবৰুৱা তেতিয়া আকৌ গুৱাহাটী পোৱাহিয়েই নাই। আমি চাৰি-পাঁচজন মাথোন ছাত্ৰ সজাগ হ’লো সেই দলটোৰ অপর্কমৰ বিৰুদ্ধে। কিন্তু দেখাতেই আমি হলো কম, দুর্বল। আহি ফুকন ককাইদেউৰ কাষ চাপিলো। তেওঁ ক’লে, “তোমালোকে দুজন হ’লেও গৈ সভাস্থলত প্রতিবাদ কৰা ভাল। ময়ো যাম সেই সভালৈ। তোমালোকক সিহঁতে একো কৰিব নোৱাৰে।” আমি সেইমতে সভালৈ গৈ আৰম্ভণিতে Point of order তুলি কথা ক’বলৈ বিচাৰিলো। সভাপতিয়ে তাকো rule out কৰাত আমি Walk out ঘোষণা কৰিলো। দলটোৰ লোকে Get out, Get
out বুলি চিয়ঁৰিলে। ককাইদেৱে সেই ফালে কটকটীয়া চাৱনিৰে চাই ৰ’ল। একো অঘটন নঘটিল জানিবা।

“বাঁহৰে আগতে বগলী নাচে, মাধৱৰ বিয়ালৈ কেইদিন আছে?” কেইদিনমানৰ পিছতে ডেকা-বেজৰ বিয়াৰ দিন-বাৰ, কইনা, থান-থিত, সকলো ঠিক হ’ল। ফাগুনৰ কোনোবা এটা তাৰিখে পুৰণি শোণিতপুৰ চহৰত নতুন ঊষা দেৱীৰ লগত বিয়াৰ দিন পৰিল। আমি (মানে মই, শিৱসাগৰৰ সুধীৰচন্দ্ৰ বৰুৱা, তেজপুৰৰ অজয় মেচ, নগাঁৱৰ নৰেন্দ্ৰনাথ শৰ্মা আদি দহজনমান কটনৰ ছাত্র) যাব নোৱাৰি এটা পখিলাৰ আকৃতি কৰি প্ৰীতি-উপহাৰ ছপা কৰিলো। ডেকাফুকন ককাইদেউ নবৌক লগত লৈ আন দুজনমান ডেকা-বেজৰ বন্ধুৰে ব্ৰহ্মপুত্ৰইদি জাহাজত উঠি উজাই যাব। লগতে কামত সহায়ৰ বাবে এজন বনুৱাও ডেকাফুকনে লৈ গৈছে। ফুকন ছাহাব মেমেৰে এটা কেবিনত; বনুৱা জাহাজৰ মুকলি ডেকত। দুৰ্ভাগ্যবশতঃ বনুৱাটিৰ গধূলি হোৱাৰ লগে লগে তীৰ কঁপে জ্বৰ উঠিল। ফেৰ-ফেৰীয়া লুইতৰ ফাগুনী বতাহত জ্বৰ বেছি হ’ব ভাবি ফুকনে মানুহজনক নিজৰ কেবিনৰ ভিতৰলৈ সুমুৱাই ল’লে। জাহাজৰ কৰ্মচাৰীসকলে সেই কথাত আপত্তি কৰিলে, কাৰণ লগুৱাটিৰতো প্রথম শ্রেণীত টিকত নাই। ডেকাফুকনেও মানৱীয় বিচাৰত লগুৱা হ’লেও সেই তমোময় জ্বৰত মানুহটোক ডেকত পেলাই থ’বলৈ এৰি নিদিয়ে। মুঠতে, উজনিমুৱা জাহাজ এক ৰণাঙ্গনত পৰিণত হোৱাৰ অৱস্থা। জাহাজৰ চাৰেঙে বলেৰে জ্বৰীয়া মানুহটোক চোঁচৰাই কেবিনৰ পৰা উলিয়াই পেলাবৰ ভয় দেখুৱালে। ফুকনে সেই হুঙ্কাৰলৈ কেৰেপকে নকৰে। শেহত জাহাজৰ কৰ্মচাৰীকেইজনে ‘ৰাতিপুৱা হ’লে দেখা যাব’ বুলি হুমকি দি ক্ষান্ত থাকিল। পুৱাৰ আগে আগেই জাহাজ তেজপুৰৰ গণেশঘাট পালেগৈ। কিন্তু সাধাৰণ নিয়ম অনুসাৰে নিশা জাহাজ পাৰত নলগাই মাজ পানীত লঙ্গৰ পেলাই ৰখা হ’ল। যেতিয়া পুৱাৰ পোহৰ হ’লত জাহাজ পাৰ চপাবৰ হ’ল, তেতিয়া ফুকনৰ লগৰসকলে আঙ্গুলিয়াই দিলে, জাহাজৰ কৰ্মচাৰী আৰু চাৰেংবোৰে হাতত লো, বাঁহ, কাঠ লৈ মানুহ নামিবলৈ দিয়া জেটিৰ দুই কাষে যুদ্ধৰ বাবে থিয় দিছে। ডেকাফুকনে ক’লে, “কোনো ভয় নাই। তোমালোক আন মানুহৰ লগত নামি নাযাবা। নিজ নিজ বস্তু-বাহানি লৈ ডেকত শাৰী পাতা আৰু মই ইঙ্গিত দিলে সৈনিকৰ দৰে মার্চ কৰি শাৰী কৰি নামি যাবা। একেবাৰেই পিছত হ’ব এওঁ— আমাৰ বনুৱা। তাৰো পিছ শাৰীত মই আৰু বৌৱেৰা। সাৱধান, শৃঙ্খলা ভঙ্গ নকৰিবা, ইফালে সিফালে নেচাবা।” সেনাপতিৰ যেই আদেশ, সেই কাম। পাৰত জুম বন্ধা মানুহবোৰো এখন মাৰ-পিট চাবলৈ আগ্ৰহেৰে ৰৈ আছে। আনসকল যাত্রী নামি গ’ল । ডেকাফুকন সেনাপতিৰ ইছাৰাত তেওঁৰ সৈন্যদলৰ শৃঙ্খলাবদ্ধ মার্চ আৰম্ভ হ’ল। শেহত ভয়ে ভয়ে গ’ল লগুৱাটি কুঁচি মুচি। তাৰৰো শেহত “এতিয়া আহাঁ তুমি” বুলি ডেকাফুকননীৰ বাহু নিজৰ বাহুৰে ধৰি স্থিৰভাৱে সমুখলৈ চাই ডেকাফুকন গেৰেপ্ গেৰেপ্ কৰি সশস্ত্ৰ কর্মচাৰী আৰু চাৰেঙৰ মাজেদিয়েই গৰাৰ ওপৰলৈ উঠি গ’ল। কর্মচাৰী, চাৰেং, ৰং চাবলৈ আশা কৰোঁতা সকলো নিজ ঠাইতে থিয় দি থাকিল।

ডেকাফুকনে লাচিতৰ দৰে এনে বীৰত্ব ৰঙ্গমঞ্চৰ ওপৰতো অভিনয় কৰি ৰাইজক দেখুৱাইছিল। নতুন নাট্যকাৰ শ্ৰীঅতুলচন্দ্র হাজৰিকাৰ নতুন ‘নৰকাসুৰ’ নাটৰ নাম ভূমিকাত উঠিবলৈ ডেকাফুকনক আহ্বান জনোৱা হ’ল। তেৱোঁ মান্তি হ’ল। কিন্তু নাটকৰ বচনত তেওঁৰ গা নুঠা দেখি তেওঁ তাক নতুনকৈ লেখি ল’লে যাতে মঞ্চত তেওঁক দেখি দৰ্শকৰ পূৰ্ণ ধাৰণা হয় তেওঁ অসুৰৰ অধিপতি নৰকাসুৰ। ফুকনৰ ধাৰণা, ছপা নাটকখনিত তেওঁৰ আঙ্গুলিৰ সাঁচ ৰৈ গৈছে।

অসম ছাত্র সন্মিলনৰ দৰেই ঐতিহ্যময় এটি অনুষ্ঠান এ. এছ. এল. ক্লাৱ— কলিকতাৰ আৰু গুৱাহাটীৰ। কটন কলেজৰ সম্পত্তি। তাক সংহাৰ কৰি পেলোৱা হয় বর্তমান শতিকাৰ ঠিক মাজ ভাগত— কাৰ কল্যাণৰ বাবে তাকহে বুজিব নোৱাৰিলো। আমি ১৯৩৪-ত কলেজত নাম লগাবৰ সময়ত সমাজখনিৰ মুজুৰা পৰা অৱস্থা, যেতিয়া ১৯৩৬-ত মই তৃতীয় বার্ষিক শ্ৰেণীলৈ আহিলো, তেতিয়া তাৰ সম্পাদক হৈ (পিছৰ কালৰ মন্ত্রী শ্ৰীলক্ষ্মীপ্রসাদ গোস্বামী সহকাৰী সম্পাদক) সেই অনুষ্ঠানটিক বহুলভাৱে সংগঠিত কৰোঁ আৰু সি মূল ছাত্র সংঘৰ দৰেই সঞ্জীৱিত হৈ পৰে, তাৰ অধিৱেশনবোৰে ছাত্র-ছাত্রীক বিশেষভাৱে আকর্ষণ কৰে। কমলাকান্ত ভট্টাচাৰ্য আদি দেশৰ শিৰোমণিসকলো আহি সভাত যোগদান দিছিলহি। ভট্টাচার্য ডাঙৰীয়াই বাটত মোক লগ পালেও ক্লাবৰ বতৰা লৈছিল, “তহঁতৰ সভা পাতিছ নেকি? পাতিলে মোক মাতিবি। মইতো কাণেৰে নুশুনোৱেই। তহঁতক দুআষাৰ শুনামগৈ।” তেওঁৰ শঙ্কৰদেৱৰ তিথিৰ বক্তৃতাও বৰ গভীৰ, ডক্তৰ কাকতিৰ ভাষাত, নীহাৰিকাবাদৰ পৰা নাস্তিবাদলৈ (nitrilism) সকলো খণ্ডন কৰা। পিছে, ১৯৩৭-ৰ আদিতে গুৱাহাটীতে ভট্টাচাৰ্যদেৱৰ মৃত্যু ঘটে। এ. এছ. এল. ক্লাবৰ সম্পাদকৰূপে মই ভাবিলো, এই মনীষীগৰাকীক আমি নুবুজাকৈয়ে তেওঁ গ’ল, এতিয়া শোক সভাৰ ছলেৰেই তেওঁৰ বিষয়ে আমাৰ সতীর্থসকলক কিছু জনোৱা হওক। এই বুলি বিশেষ বক্তৃতাৰ বাবে ডেকাফুকন আৰু শ্ৰীমতী লীলা দেৱীক (শেহত পশ্চিমবঙ্গ চৰকাৰৰ উচ্চ শিক্ষা বিষয়া) নিমন্ত্রণ কৰিলো। ছুদমাৰ্ছেন হল ভৰি ছাত্র-ছাত্রী গোট খালে। কিন্তু ডেকাফুকনৰ কোনো দেখা-দেখি নাই । ইপিনে সভাৰ আৰম্ভণিৰ নির্দিষ্ট সময় পাৰ হৈ গ’ল। তেওঁ বোলে কমলাকান্তৰ বিষয়ে ‘অস্থিবজ্ৰ’ নামে এখন কবিতাৰ পুথি লেখি খাৰঘুলিৰ সিটো মূৰৰ নিউ প্রেছত ছপোৱাত ব্যস্ত। পিছে, তেওঁ নাহিবই নেকি? পাহৰিয়েই গ’ল নেকি সভাৰ কথা? এনেবোৰ চিন্তা কৰি থাকোঁতেই কান্ধত তেওঁৰ বিখ্যাত কাগজ-পাতিৰ জোলোঙাটো আঁৰি লৈ উধাতু খাই ডেকাফুকন ককাইদেউ ভোটোং কৰে ওলালহি। তুৰন্তে সভা আৰম্ভ হ’ল। লিলি বাইদেৱে (মোৰ বন্ধু শ্ৰীসত্যপ্রসাদ বৰুৱাৰ বায়েক শ্ৰীমতী লীলাৱতী দেৱী) কমলাকান্তৰ দেশপ্ৰাণতাৰ বিষয়ে ধুনীয়াকৈ ক’লে। তাৰ পিছত মঞ্চত উঠিল ডেকাফুকন। হাতত মহাস্ত্ৰ ‘অস্থিবজ্ৰ’। তেওঁৰ বাগ্মিতাই সকলোকে মুগ্ধ কৰি থ’লে কাৰুণ্যৰ কবিতাৰে। মাজে মাজে আহিল। ছন্দোময় শাৰীবোৰ:
“কলিৰ দধীচি কমলাকান্ত
আশী বছৰীয়া ডেকা…।”

কিন্তু সোনকালেই তেওঁৰ অভিনয় আৰম্ভ হ’ল।

“মহর্ষি কমলাকান্তই কৈছিল,
ভেকুলীয়েহে খোজকাঢ়ে
থপ্ থপ্ থপ্।”
এই বুলি তেওঁ ভৰি জুঁটি দুটামান ভেকুলী জাপ দেখুৱালে। সভাখনে গম্ভীৰ এক পৰিস্থিতিত হাঁহিবনে নাহাঁহিব কৰি ৰ’ল। ফুকনে এইবাৰ লাচিতৰ গলগলীয়া মাতেৰে আবৃত্তি কৰিলে—

“মানুহে আকৌ খোজ কাঢ়ে
গপ্ গপ্ গপ্।”
এই বুলি ফুকনে মঞ্চৰ ধূলি উঠি যোৱাকৈ মিলিটেৰি ষ্টেপ্ আৰম্ভ কৰিলে। শোক-সভাই শোক পাহৰি গির্জনি মাৰি হাঁহি উঠিল। পৰিস্থিতি শাসনৰ অতীত হৈ পৰিল। ফুকনে কিন্তু সাঙ্ঘাতিক এটা কথা কৰিলে। তেওঁ সোঁহাতৰ তর্জনী ল’ৰাহঁতলৈ টোৱাই নিশ্চলভাৱে থিয় হ’ল। সভা আকৌ নিজম পৰিল। ফুকনে আৰু দুটা বাক্য ক’লে খঙত একো নাই হৈ, “তহঁত— তহঁত— (বৰ টান শব্দ এটা উচ্চাৰিলে হ’বপায় ইয়াতে), তহঁতৰ আগত মই ডেকাফুকনে কথা নকওঁ— নকওঁ; তহঁতৰ মাজলৈ মই নাহোঁ।” এই বুলিয়ে মঞ্চৰ পৰা জাপ মাৰি নামি ডেকাফুকনে ভিৰাই লৰ মাৰিলে। মই পিছে পিছে মিছাতে খেদি গ’লো, “ককাইদেউ, ৰ’ব, ৰ’ব…।” কোনে পাই ককাইদেউক!

এতিয়া আমাৰ মাজত আলচ, ককাইদেউৰ ঠেহ ভাঙি কেনেকৈ তেওঁক কলেজলৈ অনা যায়। এতিয়াতো আমাৰ ক্লাবৰ কোনো সভাও বহিবলগীয়া নাই; অধিকন্তু, সকলোৱে আগন্তুক পৰীক্ষাৰ চিন্তাই কৰি আছে। আনন্দৰাম বৰুৱাৰ সোঁৱৰণী সভাও সিদিনা হৈ গৈছে। শোক সভাখনৰ আগে আগে। পিছে, এজনে বুধিটো উলিয়ালে, “অমুক তাৰিখে শিৱসাগৰৰ জয়সাগৰৰ পাৰত জয়মতী উৎসৱ হ’ব। তেওঁলোকেনো অকলে কিয় পাতিব লাগিছে? আমিও ইয়াতে পাতোঁ। তাতে ককাইদেউক এটা ভূমিকা দিয়া হ’ব। তেৱোঁ নিশ্চয় আহিব।” এই আলচমতে ক্লাবৰ ছাত্রী প্রতিনিধি মেহেৰ আফৰোজক সভাৰ আয়োজনৰ ভাৰ দিয়া হ’ল। কিন্তু ককাইদেউৰ ভূমিকা কি হ’ব? বক্তৃতা? ঠিক নহ’ব। সভাপতিত্ব? বৰ ভাল নহ’ব। সেইবোৰ নেলাগে, ককাইদেৱে গানকে এটা ৰচি দিয়ক, আৰু আমি তাকে গোৱা শুনিবলৈ তেওঁ আহক। সেই প্ৰস্তাৱমতে মই লগত আৰু দুজনক লৈ ডেকাফুকনৰ ঘৰত উপস্থিত।

“ককাইদেউ, আমাৰ ছাত্ৰীসকলে জয় দ’লত পতাৰ দৰে কলেজত জয়মতী উছৱ পাতিব খুজিছে। আমাৰ জাতীয় বীৰঙ্গনা…।”
“বুজিছোঁ বুজিছোঁ, তোমালোকৰ সিদ্ধান্ত উত্তম হৈছে।”
“পিছে ককাইদেউ, তাৰ বাবে আমাক এটা নতুন গান লাগে।” “লাগেতো। তুমি নেলেখা কিয় মহেশ্বৰ?”
“নাই, ককাইদেউ, আপুনি লেখা বস্তুৰ সমান মোৰ গান হ’বনে? আপুনি এটি লেখি দিয়ক।”
“বাৰু মই দিম। পিছত, পিছত দিম।”
“আমাৰ দিন পালেহিয়েই।”
“হয়নেকি? পিছে, সুৰ দিব কোনে?”
“এওঁ দিব।— অজয় মেচে। এওঁ আপোনাৰ বান্ধৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ ভাগিন, আমাৰ মিউজিক চেক্রেটাৰি।”
“বৰ ভাল কথা। ৰ’বা তেনে, মই, মই এতিয়াই গানটো কৰি দিছো।” এই বুলি ককাইদেউ ভিতৰলৈ গ’ল, পহুৰ ছালৰ মোনাটো দুই হাতে ধৰি লৈ আহিল। মোনাটোত এডাল পুলিচ ডাৰোগাৰ cross belit, এইডাল হেনো ডেকা কালতে এজন ডাৰোগাৰ গাৰ পৰা আঁজোৰ মাৰি আনি ফুকনে কৈছিল, “তুম ইস মহল্লা সে চলে জাও, য়হাঁ কভী মৎ আও।” মোনাটোত আৰু এটি বস্তু জোটা আছে— এটা সৰু জুনুকা। ককাইদেউৰ আগফালৰ কোঠাটোত এটি সৰস্বতীৰ মূর্তি সদায় থাকে— ককাইদেৱে নিজে গঢ়া কিছু বছৰ পূর্বে। আই গোসাঁনীৰ কাষতে বহি জুনুকাত তাল দি তেওঁ কৈ গ’ল, মই লেখি গ’লো, “…বননি মননি সবে বিতোপনী….”, এটি ধুনীয়া গীত (মই সম্পাদনা কৰা ‘কটনিয়ানত’ সি প্রকাশ পাইছিল)। আমাৰ সভাৰ সকলো আয়োজন হৈ উঠিল। এদিন ক্লেৰিছ নবৌক (তেওঁ ইতিমধ্যে জ্যোতির্ময়ী দেৱীলৈ ৰূপান্তৰিত হৈছিল) লগ ধৰি ক’লো, ককাইদেউক লৈ যেন সভালৈ যায়। আমাৰ আঁচনিমতেই সভা হ’ল, ছোৱালীহঁতৰ কণ্ঠত ডেকাফুকনৰ গান হ’ল, স-নবৌ ককাইদেৱো তাত উপস্থিত থাকিল আৰু সভা ভাগিলত ঘৰলৈ গ’ল। এইদৰেই আমি ল’ৰাহঁতৰ পৰা ককাইদেউৰ গালিৰ প্ৰতিশোধ লোৱা হ’ল।

বি. এ. পৰীক্ষা দি আমি ল’ৰাবোৰ ঘৰা-ঘৰি গুচি আহিলো। এনেতে আৰম্ভ হ’ল ককাইদেউৰ জীৱনৰ কলিকতা স্তৰ। সেইযে তেওঁ ৰেঙ্গুণত থকাতে সাহায্য দিছিল আলোমোহন দাসক, সেই আলোমোহন কলিকতালৈ আহি কেইবাটাও ব্যৱসায়— আসাম বেঙ্গল প্ৰেছ, দাস বেঙ্ক আদি খুলি এক দাস নগৰ প্ৰতিষ্ঠা কৰি গজগজীয়া হৈ বহিল। তেওঁ কিন্তু বিপদৰ বন্ধুক পাহৰি নগৈ গুৱাহাটীৰ পৰা ফুকনক নি নামত এটা বাব দি নিজ কাৰবাৰৰ লগতে ৰাখিলে। সেই অৱসৰতে ডেকাফুকনে দাস কোম্পানিৰ কেলেণ্ডাৰৰ কাৰণে শ্ৰীকৃষ্ণৰ চিত্ৰ দি এখনি ধুনীয়া ছবি আঁকিছিল, তাৰে ছপা একপি মোলৈও পঠিয়াইছিল। এই সময়তেই মাধৱচন্দ্ৰ বেজবৰুৱাই কলিকতাত থিতাপি লৈ লক্ষ্মীনাথ দদাইদেউৰ ‘বাঁহী’ৰ নতুন ৰূপ দি তোলে। নব্য ‘বাঁহী’ৰ প্রচ্ছদপটৰ বাবে ডেকাফুকনে এখন সিংহাসনত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক বহুৱাই বাঁহী, পেপা আদিও দি এখনি ৰংচঙীয়া ছবি আঁকিছিল আৰু ‘বাঁহী’তে ‘পুৰণি পুতলা’ (মোৰ সম্পাদিত, সাহিত্য অকাদেমীৰ ‘সঞ্চয়ন’ চাওক) আদি তেওঁৰ উচ্চাঙ্গৰ কবিতা প্রকাশ পাইছিল। আমি ভাবিছিলো ডেকাফুকনে এতিয়া নিজ ৰূপ বিচাৰি পালে। তেওঁৰ আমাৰ পুৰণি মালিতা বা বেলেডৰ ষ্টাইলৰ ‘বেজবৰবৰুৱাৰ গীত’ পুথিখনিও এই প্রকৃত প্ৰসুতিৰ কালছোৱাৰে; সি বাঁহী প্ৰকাশৰ পৰা চোলাৰ মোনাত ভৰাই লৈ ফুৰাব পৰা গঢ়ত ছপা হৈ ওলাইছিল আৰু তাতে বেজবৰুৱা আৰু কৃপাবৰৰ ৰূপো প্রকাশ পাইছিল। কিন্তু ‘বাঁহী’ও চেঁচেৰা পৰি আহিবলৈ ধৰিলে, বিশ্ববিদ্যালয় আন্দোলনত জান-প্ৰাণ ঢালি লগা ডেকা-বেজকো দুৰাৰোগ্য ৰোগ আৰু শেহত মৃত্যুৱে সাবটি ধৰিলে। ফুকনেও লাহে লাহে কলিকতাৰ বতাহ-পানীত মুকলি অনুভৱ নকৰা হ’ল। শুনিছো, তেওঁ ধৰমতলা স্ট্রিটৰ ফুটপাথত তেওঁৰ বিচিত্ৰ সাজ পিন্ধি হাতত তৰোৱাল লৈ বিচৰণ কৰিছিল, বোধ হয় নিজকে বঙাল-বৈৰী লাচিত বৰফুকন বুলি কল্পনা কৰিছিল। বাটৰ বাটৰুৱাই তেওঁক ফিচিঙা-ফিচিং কৰিছিল। এবাৰ তেনেকুৱা কৰা এজন বাটৰুৱাক তেওঁ বাঁও হাতে থাপ মাৰি ধৰিলত তেওঁ মৰণৰ আশঙ্কাত কাও-বাও কৰিবলৈ ধৰিলে। ডেকাফুকনে হাঁহি মাৰি মাথোন ক’লে, “এটা চিকা মাৰি লাচিতে হাত নোগোন্ধায়।”

চিকা মাৰি হাতত গোন্ধ লগাব নোখোজা লাচিত পুনৰ শৰাইঘাটলৈকে ঘূৰি আহিল। কোৰ, বাঢ়নী পর্যন্ত চাইকেলত তুলি লৈ পিঠিতো এটা haversack-অৰ বোজা লোৱা ফুকনৰ নতুন ৰূপ গুৱাহাটীৰ বাট-পথৰ চিনাকি হৈ পৰিল। তেতিয়াও তেওঁৰ প্ৰতিভা নির্বাপিত হোৱা নাছিল— যাৰ কাৰণে মুখ্যমন্ত্রী চলিহাই তেওঁক চৰকাৰী কাম দি বৃথাতে চিটিকা লগাই থ’ব খুজিছিল। তেওঁৰ চিত্ত তেতিয়া বেয়াকৈ বিক্ষিপ্ত হৈ পৰিছিল; তেওঁৰ মনে কোনো অনুশাসন নামানিছিল। জালুকবাৰীৰ বিশ্ববিদ্যালয় এলেকাত হোৱা নিখিল ভাৰত জাতীয় কংগ্ৰেছ উপলক্ষ্যে বোলে তেওঁক ভাৰ দিয়া হৈছিল ঘাই ৰভাৰ মঞ্চৰ পিছফালৰ কাৰণে এখন চিত্ৰপট তৈয়াৰ কৰিবৰ কাৰণে। তেৱোঁ তাকে কৰিবলৈ সন্মত হৈছিল। কিন্তু দিনৰ পিছত দিন গৈ আছে, পশ্চাৎপট অঁকাৰ কোনো উমঘামকে তেওঁক কৰা দেখা নগ’ল। শেহত যেতিয়া তেওঁক জড়পুঁড় দি ধৰা গ’ল, তেতিয়া ডেকাফুকনে উত্তেজিতভাৱে ক’লে, “মঞ্চৰ পিছফালৰ চিত্ৰৰ সকলো দিহা কেতিয়াবাৰে পৰাই হৈ আছে। আপোনালোকে পিছফালে একো আঁৰ-বেৰ নিদিবহঁক। দূৰৰ পটভূমিত থাকিব আগিয়াঠুৰিকে ধৰি উত্তৰ পাৰৰ পৰ্বতবোৰ। তাতে দুটা পৰ্বতৰ চেপত মই থিয় হৈ থাকিম— লাচিত বৰফুকন। হাতত হেংদান থাকিব তিৰবিৰাই। কোনোবা বঙাল আহিলেই এই ঘেঁচ।” সকলোৰে মূৰৰ বিষ আৰম্ভ হ’ল। তেওঁকতো তেওঁলোকে চিনি পোৱা নাছিল।— সেইজন মহেন্দ্ৰনাথ নহয়। সেয়াযে মৈহেংদান ডেকাফুকন।

অসম সাহিত্য সভাৰ ধিঙত (সার্থকভাৱে, যি ধিঙত এদিন ডেকাফুকনৰ ৰিং উঠিছিল) বহা সন্মিলনে তেওঁক অভিনন্দন জনাওঁতে তেওঁ কবিতাৰ হুঙ্কাৰেৰে নিজৰ চিনাকি দিছিল— যি চিনাকি অসমৰ পৰিসৰৰ সমানেই পৰিব্যাপ্ত। এজন মানুহেই যেন এখন ৰাজ্য। এই দ্বৈধৰ মাজতে প্ৰকৃততে তেওঁ বিক্ষিপ্ত।

ডেকাফুকন ককাইদেউক শেহৰ বাৰৰ বাবে লগ পাইছিলো মোৰ স্বৰ্গত গুৰু সূৰ্যকুমাৰ ভূঞাৰ ঘৰত। মই ঘৰৰ ভিতৰলৈ সোমাই যাওঁতে আই (স্বৰ্গতা লক্ষেশ্বৰী ভূঞা) এটা বৰ মূঢ়াত বহি আছে বিজুলি-বিচনীৰ তলত। ওচৰতে মাটিত (মানে, পকাত) লেপেটা কাঢ়ি বহি আছে ককাইদেউ। (তেওঁৰ নতুন গুৱাহাটী জীৱন-গুৰত মই তেওঁক আগৰ দৰে ‘ককাইদেউ’ বুলিলে কিছু আপত্তি কৰিছিল আৰু মোকো ‘আপুনি’ বুলিহে মাতিছিল, কাৰণ ইতিমধ্যে মই হ’বলা পণ্ডিত হৈ গৈছিলো!) মোক দেখি তেওঁ “আহক, অহা হওক, মহামহেশ্বৰ দেৱ” বুলি অভিবাদন জনালে দুই হাত যোৰ কৰি শিৰৰ ওপৰলৈ তুলি।

“ককাইদেউ, আপুনি মাটিখনত কিয় বহি আছে আকৌ?”
“এয়া বৌৰ সমুখত মাটিত নবহি সিংহাসনখনত বহিমনে?”

আন কথা-বতৰা পাতিলো। তাৰ পিছত তেওঁ ক’লে, “এটা কথা নহয়। মানুহে মোৰ কবিতাবোৰ, মানে পইদবোৰ পঢ়িবলৈ বিচাৰে। মই দিব নোৱাৰোঁ। মই সেইবোৰ একেলগে আপোনাক দিম। আপুনি কিন্তু তাৰ ৰেহা লগাই সজাই-পৰাই দিব লাগিব। ছপা কৰিবলৈ মই মানুহ পাম।”

“আপুনি যেনে আদেশ কৰে তেনেকৈয়ে হ’ব বাৰু। কবিতাখিনি কিন্তু সোনকালে কিতাপ কৰি উলিয়াই দিব লাগে। নহ’লে হেৰালে আৰু আমি ক’ত বিচাৰি পাম? পিছে, আপোনাক ক’ত লগ পামনো?”
“মোক আপুনি লগ নাপাব। মোৰ ঠিকনা নায়েই। ময়ে সেইখিনি আপোনাৰ হাতত দি আহিম।” এইবুলি লেপেটা কাঢ়িয়ে সৰু ল’ৰাৰ দৰে চুঁচৰি মোৰ কাষলৈ আগবাঢ়ি আহিল। তাকে দেখি আয়ে আৰু মই হঁহাত তেওঁ ক’লে, “কিয়নো অনাহকতে মই মাধ্যাকর্ষণ শক্তিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰোঁ?”

তাৰ পিছত আৰু ককাইদেউক বাটে-পথেও নেদেখা হলো। কিছুদিন মূৰত শুনিলো বোলে তেওঁ নীলাচল পৰ্বতৰ নামনিৰ কোনোবা সন্ন্যাসীৰ ধুনিৰ ওচৰৰ ভঙুৱাৰ দলত। ক’লৈনো বিচাৰি যাওঁ।

আকৌ শুনিলো বোলে, তেওঁ নগাঁৱলৈ গ’ল। তাতে হেনো থাকিবলৈ লৈছে। ভাবিলো, আহিবইতো গুৱাহাটীলৈ ঘূৰি।

১৯৭৩। শুনিলো, অনুশাসনহীন ডেকাফুকন ককাইদেউৰ আত্মা শৰীৰৰ বন্ধনৰ পৰা একেবাৰেই মুক্ত হৈ গ’লগৈ। কিন্তু তেওঁৰ পৰিচয়, আচল চিনাকি কবিতাখিনি কোনে একোথুপি কৰি মোৰ হাতত দিব?

পূৰ্ব প্ৰকাশ:
১. ‘প্ৰতিধ্বনি’ৰ শাৰদীয় সংখ্যা
২. অস্থিবজ্ৰ আৰু অন্যান্য কবিতা (নগাঁও জিলা সাহিত্য সভা, কল্লোল, গিগাবাইটছ)


| মহেন্দ্ৰনাথ মৈহেংদাং ডেকাফুকনৰ এটি কবিতা শুনক: পৰিক্ষীৎ বেজবৰুৱাৰ কণ্ঠত


আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts