নগালেণ্ডৰ হৰ্নবিল উৎসৱত এভুমুকি

নগালেণ্ডৰ হৰ্নবিল উৎসৱত এভুমুকি
  • 10 Dec, 2016

ৰ্যটন ক্ষেত্ৰক উদ্গনি দিয়াৰ উদ্দেশ্যে নগালেণ্ড চৰকাৰৰ পৰ্যটন আৰু সংস্কৃতি বিভাগে ২০০০ চনৰ পৰা কহিমাৰ কিছামা গাঁৱত হৰ্নবিল উৎসৱৰ আয়োজন কৰি আহিছে। এই উৎসৱ প্ৰতি বছৰে ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হয়। উৎসৱত নগাসকলৰ বিভিন্ন কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হয়। এই বছৰো আগৰ দৰেই হৰ্নবিল উৎসৱৰ আয়োজন কৰা হয়।

এইবাৰৰ হৰ্নবিল উৎসৱ প্ৰত্যক্ষ কৰিম বুলি আমি ১০জনে পৰিকল্পনা কৰিছিলো যদিও মূৰকত হ’লোগৈ ৩জন। ৩ ডিচেম্বৰ তাৰিখে মটৰ চাইকেলেৰেই আমি শিৱসাগৰৰ পৰা ডিমাপুৰ হৈ কহিমাত উপস্থিত হ’লো বিয়লি ৩মান বজাত। ডিমাপুৰৰ পৰা কহিমালৈ দূৰত্ব ৭২ কিলোমিটাৰ। হোটেলত ঠাই পোৱাৰ সমস্যা, বহু বিচৰাৰ অন্তত কোনোমতে সেই সমস্যাৰ জোৰা মাৰি নিশা ৭মান বজাত কিছামা হেৰিটেজ ভিলেজলৈ ওলালো। কহিমাৰ পৰা কিছামা পাওঁতে ১৫ মিনিটমান সময় লাগিল। এক সুন্দৰ পৰিৱেশে আমাৰ মন মুহি পেলালে।

পাছদিনা পুৱা ১০.৩০মান বজাত আমি কিছামা গাঁৱত উপস্থিত হ’লোগৈ। খুব ধুনীয়াকৈ গাঁওখন সজোৱা হৈছিল। মুকলি মঞ্চত নগাসকলৰ লোক-সংস্কৃতি, গীত, নৃত্য পৰিৱেশন কৰি আছিল। মঞ্চৰ কাষতে বহু বিপনী থকা এখন প্ৰদৰ্শনী থলী আছিল। তাত নগাসকলৰ পৰম্পৰাগত সাজপাৰ, নগা-দা, বাঁহ-বেতৰ আটকধুনীয়া সা-সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰী কৰিছিল। লগতে আছিল নগা খাদ্যৰ সোৱাদ লোৱাৰো ব্যৱস্থা।

হৰ্নবিল উৎসৱহৰ্নবিল উৎসৱহৰ্নবিল উৎসৱহৰ্নবিল উৎসৱহৰ্নবিল উৎসৱহৰ্নবিল উৎসৱহৰ্নবিল উৎসৱহৰ্নবিল উৎসৱ

হেৰিটেজ গাঁৱৰ ভিতৰতেই দ্বিতীয় বিশ্বযুদ্ধৰ স্মাৰক বহন কৰা এটা যাদুঘৰ আছে। আছে আলোকচিত্ৰ আৰু ছবিৰ এক লেখত ল’বলগীয়া সংগ্ৰহ। দেশী-বিদেশী পৰ্যটক আৰু স্থানীয় লোকসকলৰ সৈতে প্ৰাণভৰি উৎসৱ উপভোগ কৰিলো; লগত আছিল কেমেৰাটো।

দুদিন হৰ্নবিল উৎসৱৰ কাৰ্যসূচী উপভোগ কৰাৰ পাছত অহা বছৰলৈ আকৌ আহিম বুলি মন স্থিৰ কৰি আমাৰ ওভতনি যাত্ৰা আৰম্ভ কৰিলো। এইবাৰ আন এটা বাট— মোককচাং-তুলি-আমগুৰি হৈ শিৱসাগৰত উপস্থিত হ’লো। য’তে পথ হেৰুওৱা যেন অনুভৱ হৈছিল, তাতে আমাক গুগল মেপে সহায় কৰিছিল।

নগালেণ্ডৰ হৰ্নবিল উৎসৱত এভুমুকি | ৰাজপ্ৰতীম গগৈ

Follow Nilacharai on Facebook