হিউৱেনচাং: এটা প্ৰেমৰ কবিতা

[ নিশাংক মিলন ]

কৰতোৱা, কামৰূপ আৰু কঠন্দা ফুল
তোমাৰ নঙলামুখৰ…
ধেত্‍ !
চবতে আউল আৰু আউল
বুৰঞ্জীৰ ধুৱলি বাটেৰে উপায়হীন হিউৱেনচাং
অৱশেষত বহি ৰয় মোৰ পঢ়া টেবুলত।

বাহিৰা বহীৰ শেষ পৃষ্ঠাত
কত যতন কৰি লিখা এটা
অকোৱা পকোৱা 'এইচ'
হিউৱেনচাঙৰ নহয়,
আৰু ইপাৰ সিপাৰ এডাল সোণালী কাঁড়
শালি ধৰি বুকু !
উয়িংচাং কলমৰ নিবেৰে বিয়পি পৰে
কোনোবাটো ৰাতিৰ পৃষ্ঠাত
দুটোপাল হেঁহো-নেঁহো চিঞাহীৰ দুঃসাহস
আৰু
ৰুণ দিয়া আখৰবোৰৰ দুৰ্জেয় ৰাতিৰ সিদ্ধান্ত
সদায় পুৱা চেপেটা লাগে
স্কুলৰ বহীৰ জিলৰ ভিতৰত,
মাত্ৰ ৰঙা ফিটাৰ এডাল
বেণীয়েদি বগাই বগাই
হিউৱেনচাং যেন সদায় হেৰায়
এটা মৌপিয়া হাঁহিৰ ৰ’দঘাই নগৰত

কথাবোৰ ঠিক কেনেকৈযে আৰম্ভ হৈছিল,
চিনাকি দুটা চকুৰ পৰা হঠাতেই এদিন
দুটা সোণপোক উৰি আহি
বুকুৰ কুঁহিপাততে আঠা লাগি ৰৈছিল;
তাৰপিছতেই কোনোবাখিনিত এচিকুট বিষ
আৰু বিষত এসাগৰ মিঠা…
এটা ভাললগাৰ আশ্বৰ্য অন্যমনস্কতাত,
এটা ৰাগীৰ সোণালী জঠৰতাত
জেচন, টাৰ্জান আৰু চান্দমামা
চব যেন এলাগী হৈ পৰি ৰৈছিল
তোমাৰ খেয়ালৰ শিতানত !

ডেউকা মেলি উৰি যোৱা
সেই সময়ৰ বুলবুলি,
আৰু চাওঁ নাচাওঁ দুটা চকুৰ আকুল সংশয়
বুকুতেই যেন ৰৈ গল এটা অভিমানৰ বাহ বান্ধি,
পিছে মৌনতাৰ জ্যোতিষ্কৰ আঁৰত
তেওঁতো কেতিয়াও দেখা নাপাব
সেই নক্ষত্ৰৰ চুবুৰি,
সেন্দুৰৰ কক্ষপথ পাৰ হৈ
হ’ল বুলিয়েই কেনেকৈনো কওঁ তেওঁক
মোৰ পাছৱৰ্ডত আজিও আঠটা 'এইচ' আছে বুলি !

নীলা চৰাই . চেপ্তেম্বৰ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz