ধন্যবাদৰ মনোভাব

There is no happier person than a truly thankful, content person.- Joyce Meyer

প্ৰতিজন মানুহৰ জীৱনত বিভিন্ন সময়ত কিবা এটা পোৱা বা আয়ত্ব কৰাৰ হেঁপাহ জাগ্ৰত হোৱাটো স্বাভাৱিক৷ সেই হেঁপাহ আৰু চখ পূৰণ কৰিবলৈ মানৱ জাতিয়ে বিভিন্ন পন্থা অৱলম্বন কৰে বা আন কিছু ভাগ্যৰ ওপৰত এৰি দিয়ে৷ জীৱনটো হৈছে পোৱা-নোপোৱাৰ এক সমষ্টি৷ কিছু হেঁপাহ ভবা মতে পূৰণ হয়, আন কিছু নোপোৱাকৈ ৰৈ যায়৷ নোপোৱাৰ বেদনাই আমাক ইমান বেছি বেয়াকৈ ভাৰাক্ৰান্ত কৰে যে পোৱাখিনিৰ আনন্দ উপভোগ কৰিবলৈ বা সেইফালে চকু দিবলৈ আমাৰ অৱকাশ নাথাকে৷ আমি জীৱনত লাভ কৰা সম্বলখিনিৰ বাবে কাকো ধন্যবাদ জনোৱাৰ প্ৰয়োজনো অনুভৱ নকৰোঁ, কিয়নো প্ৰতিদিনেই আমি কি নাপালো বা আনৰ তুলনাত আমাৰ কি নাই তাকে চিন্তা কৰি ব্যস্ত থাকোঁ৷ এটি ধন্যবাদ তথা কৃতজ্ঞ মনোভাব গঢ়ি তোলাৰ অনুশীলন নকৰাৰ ফলত আমি জীৱনত সুখ তথা পোৱাখিনিৰ আনন্দ অনুভৱ কৰাৰ পৰা বঞ্চিত হওঁ৷

জার্মান দার্শনিক মাইষ্টাৰ একহার্ট (Meister Eckhart)ৰ মতে ধন্যবাদ জনোৱাই হৈছে আটাইতকৈ উত্তম প্ৰার্থনা৷ অর্থাৎ আমি জীৱনত লাভ কৰা প্ৰতিটো সৰু বস্তুৰ বাবেও ঈশ্বৰক ধন্যবাদ জনোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে৷ সকলোকে একোটা আশীৰ্বাদ বুলি গণ্য কৰি ইয়াৰ আনন্দ উপভোগ কৰাৰ প্ৰয়াস কৰিব লাগে৷ জীৱনত ঘটা প্ৰতিটো ঘটনাকে একো-একোটা চমৎকাৰ হিচাপে গণ্য কৰি প্ৰতি মুহূর্ততে আমি লাভ কৰা বস্তুসমূহৰ প্ৰতি সচেতন হোৱা উচিত৷ ধন্যবাদ জনোৱাৰ ফলত আমাৰ মনোযোগ নোপোৱাখিনিৰ পৰা পোৱাখিনিলৈ আপোনা-আপুনি ঢাল খাব৷ ইয়াৰ ফলত মানুহে মানসিক সুখ তথা প্ৰশান্তি লাভ কৰাৰ ওপৰিও সু-স্বাস্হ্য তথা সকলোৰে লগত এক মধুৰ সম্পর্ক স্হাপন কৰাৰ দিশত অগ্ৰসৰ হ’ব পাৰিব৷

img
ৰবাৰ্ট ইমন্স | Credit: Happiness & Well-being

বিশ্ববিখ্যাত গ্ৰন্থ ‘Thanks! How the New Science of Gratitude Can Make You Happier’-অৰ স্ৰষ্টা ডঃ ইমন্সে (Robert Emmons) যোৱা ১০ বছৰৰো অধিক কাল গৱেষণা কৰাৰ অন্তত ধন্যবাদসূচক মনোভাবে মানুহৰ জীৱনত কিদৰে প্ৰভাৱ পেলাব পাৰে, সেই সম্পৰ্কত কিছু সিদ্ধান্তত উপনীত হৈছিল৷ তেওঁৰ মতে, প্ৰতিটো সৰু বস্তুৰ বাবেই ধন্যবাদ জনোৱাৰ অভ্যাস গঢ়ি তুলিলে মানুহৰ জীৱনত সুখৰ মাত্ৰা ২৫%-অতকৈয়ো অধিক বৃদ্ধি পায়৷ তদুপৰি তেনে ব্যক্তি অধিক সৃষ্টিশীল হোৱাৰ ওপৰিও যিকোনো প্ৰতিকূল পৰিস্হিতিৰ সৈতে সহজতে মোকাবিলা কৰিবলৈ সমর্থ হয়৷ তেনে লোকৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি পোৱাৰ ওপৰিও সেইসকলে এক শক্তিশালী সামাজিক সম্পর্ক স্হাপন কৰিব পাৰে; কিয়নো আনৰ প্ৰতি হিংসা বা বিদ্বেষ ভাব মনত নাথাকে৷ নিজৰ জীৱনত লাভ কৰা সকলোখিনিৰ বাবে তেওঁ ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ৷ ধন্যবাদ জনোৱাৰ অর্থ এইটো নহয় যে তেওঁৰ জীৱনটো মহান, বৰঞ্চ তেওঁ লাভ কৰা আশীৰ্বাদসমূহৰ প্ৰতি শ্ৰদ্ধাশীল আৰু সদাসচেতন৷

মানুহে সাধাৰণতে জীৱনত লাভ কৰা সম্বলসমূহৰ প্ৰতি এইবাবেই সচেতন হ’ব নোৱাৰে যে বহুতেই এই সকলোবোৰক অতি সহজভাৱে গণ্য কৰে৷ এবাৰ কল্পনা কৰক যে আপুনি সকলো বস্তু এটা এটাকৈ হেৰুৱাবলৈ ধৰিছে, যেনে— নিজৰ ঘৰ, নিজৰ দৃষ্টিশক্তি, সুস্বাস্হ্য, দুবেলা দুমুঠি সুস্বাদু আহাৰ, নিজৰ সম্পত্তি, প্ৰিয়জন ইত্যাদি৷ আকৌ কল্পনা কৰক যে এটা এটাকৈ আপুনি সকলো ঘূৰাই পাইছে৷ এতিয়া এই সকলো ঘূৰাই পোৱাৰ বাবে আপুনি কৃতজ্ঞ নহ’বনে? কিন্তু প্ৰথমতে আমি কৃতজ্ঞ বোধ এইবাবেই কৰা নাছিলো যে আমাৰ হাতত থকা এই মূল্যবান সমলসমূহৰ প্ৰতি আমাৰ কোনো সচেতনতা অথবা মূল্যবোধ জাগ্ৰত হোৱা নাছিল৷ কিন্তু এবাৰ আমাৰ ঘৰটো নিজৰ পৰা হেৰাই যোৱা বুলি কল্পনা কৰাৰ পাছতেই আমি বুজি উঠিলো যে নিজ ঘৰখন আমাৰ বাবে কিমান মূল্যবান আৰু লগে লগেই মনত এটা ধন্যবাদৰ ভাব প্ৰকট হৈ উঠিল৷ গতিকে আমাৰ হাতত থকা সমলসমূহৰ বাবে আমি যদি প্ৰতিদিনেই কৃতজ্ঞ হওঁ তেন্তে নিশ্চিতভাৱেই আমি আমাৰ দৃষ্টিভংগী সলনি কৰি জীৱনলৈ এক ধনাত্মক পৰিৱর্তন আনিবলৈ কিছু পৰিমাণে হ’লেও সক্ষম হ’ম৷

img
ছাৰাহ বেন ব্ৰীথনেক | Credit: Oficial Website

Simple Abundance Journal of Gratitude’ গ্ৰন্থখনৰ লেখক ছাৰাহ বেন ব্ৰীথনেকে (Sarah Ban Breathnach) ধন্যবাদ জনোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ কিছু বিশেষ পদ্ধতি অৱলম্বন কৰাৰ ওপৰত আলোকপাত কৰিছে৷ এই অভ্যাস অনুসৰি প্ৰতিদিনেই আমি এখন ডায়েৰী বা টোকাবহীত ৰাতিপুৱা শুই উঠি বা নিশা শুবলৈ যোৱাৰ পৰত ৩টাৰ পৰা ১০টা পর্যন্ত এনে কথা বা বস্তুৰ বিষয়ে লিখিব লাগে, যিসমূহৰ প্ৰতি আমি গভীৰভাৱে কৃতজ্ঞ৷ প্ৰতিদিনেই এনে অভ্যাস কৰাৰ ফলত এই কথাসমূহে আমাৰ অৱচেতন মনত গভীৰভাৱে ক্ৰিয়া কৰিব৷ ইয়াৰ ফলস্বৰূপে আমি প্ৰতিমুহূর্ততে এনে বস্তুসমূহৰ প্ৰতি সচেষ্ট হোৱাৰ ওপৰিও ইয়াৰ আনন্দ উপভোগ কৰাৰ বাবে যথেষ্ট অৱকাশ লাভ কৰিম৷ আন এক গঢ়ি তুলিব পৰা অভ্যাস হ’ল যে যিসকল লোকে আমাৰ জীৱনত এক প্ৰেৰণা হৈ থিয় দিছে বা যিসসকল লোকৰ পৰা আমি বিভিন্ন সময়ত সহায়-সহযোগ লাভ কৰিছোঁ, তেওঁলোকৰ প্ৰতি ধন্যবাদৰ মনোভাব প্ৰকট কৰি এক বার্তা প্ৰেৰণ কৰাটো৷ তেনে লোকক লগ ধৰি বার্তাটো নিজেই পঢ়িয়ো শুনাব পাৰোঁ৷ ই আমাক ভাবিবলৈ বাধ্য কৰাব যে দৰাচলতে আমি কিমান ভাগ্যবান৷ বিপদৰ সময়তো আমি বিভিন্ন জনৰ পৰা সহায়-সহযোগ তথা উৎসাহ লাভ কৰিছিলো৷

নিয়মিতভাৱে কৰা এনে অভ্যাসৰ ফলত আমি যেতিয়া কৃতজ্ঞ হ’বলৈ শিকিম, তেতিয়া আমি জীৱনটোক এক অন্য দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰিম৷ সৰু সৰু বস্তু লাভ কৰিও আমি দৈনিক আনন্দিত হ’ম৷ নিজৰ আকাংক্ষিত বস্তু লাভ কৰাৰ পাছতহে যে কৃতজ্ঞ হ’ব লাগিব, তেনে নহয়; বৰঞ্চ জীৱনৰ প্ৰতিটো ঘটনা বা পৰিস্থিতিৰ মাজত লুকাই থকা ভাল দিশটো বিচাৰি উলিয়াই তাৰ বাবে কৃতজ্ঞ হোৱাৰ অভ্যাস গঢ়ি তুলিব লাগিব৷ কিছু লোকে গোলাপ ফুলৰ গছত কাঁইট থোৱাৰ বাবে ঈশ্বৰক অভিযোগ কৰে, আন একাংশই আকৌ কাঁইটীয়া গছৰ মাজতো গোলাপ ফুল থোৱাৰ বাবে ঈশ্বৰক প্ৰশংসা তথা ধন্যবাদ জনায়৷ আমি সিদ্ধান্ত ল’ব লাগিব যে কোনবিধ দৃষ্টিভংগী আমি জীৱনত প্ৰয়োগ কৰিম৷ অভিযোগ দিয়াৰ সলনি ধন্যবাদ তথা প্ৰশংসা কৰাৰ মানসিকতা গঢ়ি তুলিলেহে মানুহে জীৱনটো সঁচা অর্থত উপভোগ কৰিবলৈ শিকিব৷ নিজেই সুখী হ’ব পৰাজনেহে আনকো সুখী কৰাৰ ওপৰি সকলো পৰিস্হিতি সাহসেৰে মোকাবিলা কৰিব পাৰে৷ প্ৰকৃত অর্থত ধন্যবাদৰ মনোভাব গঢ়ি তুলিলে স্বাভাৱিকতেই যে জীৱনলৈ এক সুখময় পৰিবর্তন আহিব সেয়া নিশ্চিত৷

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

avatar