ডিচপ’জেবল

এক.
আমাৰ গাঁৱত কালীপদ নামৰ এজন LMP (Lower Medical Practitioner) ডাক্তৰ আছিল। ষ্টেথ’স্কোপডালৰ লগতে সোণালী ৰঙৰ বেজীযুক্ত এটা চিৰিঞ্জ তেওঁৰ চামৰাৰ মোনাখনত থাকে। বেমাৰীৰ ঘৰত উপস্থিত হৈ বেজী দিবলগীয়া থাকিলে ওচৰত থকাজনক কয়— “এবাতি উতলা পানী আন।” ডাক্তৰ বাবুৱে উতলা পানীত বেজীটো ধুই বেমাৰীক বেজী দিয়ে। বেজী দি পুনৰ এধোৱন দি বেজীটো সাফৰ লগোৱা টিনৰ টেমাত ভৰাই থয়। আজিৰ পৰা চল্লিশ বছৰ আগৰ কথা কৈছোঁ।

এতিয়া পিছে সেই ডাক্তৰো নাই,— বেজীও নাই। এবাৰ বেজী দিবলৈ এটা বেজী। বেজী দিয়া আৰু চিৰিঞ্জসহ এবাৰ বেজী দলিয়াই দিয়া। অৰ্থাৎ Dispose কৰা।

আগতে ভোজ খাবলৈ মাতিলে গৃহস্থই পানী খুৱাবলৈ ষ্টীলৰ গিলাচ ভাড়ালৈ আনিছিল। প্ৰতিবাৰ খোৱাৰ পিছত গিলাচবোৰ খাৰনি পানীৰে ধুই পিছৰবাৰ ব্যৱহাৰৰ উপযোগী কৰি লৈছিল। এতিয়াৰ কথা বেলেগ— প্লাষ্টিকৰ গিলাচ এবাৰ ব্যৱহাৰ কৰা, তাৰ পিছত Dispose কৰা। একেদৰে পাত-পটুৱাকো আজিকালি কোনেও Propose নকৰা হ’ল; Disposable প্লাষ্টিকৰ প্লেইট আছেই যে।

দুই.
ডিচপ’জেবিলিটিৰ এই দুই ধাৰণা শিক্ষাক্ষেত্ৰলৈও সোমাইছে। আমি প্ৰাথমিক বিদ্যালয়ত পাখি-কলমেৰে লিখিছিলো। জলচৰ ডাঙৰ পখীৰ পাখিৰ এটা মূৰ নিব (Nib)ৰ নিচিনাকৈ কাটি লৈছিলো। আজিৰ ‘ডাইজিন’ পিলটোৰ মান ডাঙৰ চিঞাহীৰ বৰিও দোকনাত পোৱা গৈছিল। দুটা বৰি এৰাতি এদোৱাত পানীত তিয়াই থ’লেই তৈয়াৰ হৈছিল চিঞাহী। প্ৰযুক্তিয়ে দিলে ফাউনটেইন পেন। দোকানলৈ পিতাৰ সৈতে গৈ পছন্দৰ ৰঙৰ ফাউণ্টেইন পেন (কলম) কিনিছিলো। প্ৰথমটো কলম নিজাকৈ পোৱাৰ পিছত ৰাতি সাৰ পালেও পঢ়া টেবুললৈ গৈ কলমটো চাইছিলোগৈ। কলম নহয় যেনিবা ন-ঘৈণীহে। পিছলৈ কলমৰ পৰিচৰ্যাও নিয়মীয়া আছিল। প্ৰতি মাহত এটা দেওবাৰে কলমৰ নিব, জিভা উলিয়াই, চিঞাহী ভৰোৱা অংশ কুহুমীয়া গৰম পানীৰে ধুই এবেলা শুকুৱাই আকৌ চিঞাহী ভৰাই লিখাৰ উপযোগী কৰি লৈছিলো। ই আমাৰ ছাত্ৰ অৱস্থাৰ নিয়মীয়া সংস্কৃতি আছিল। একোটা কলমেৰে চাৰি-পাঁচ বছৰ লিখিছিলো।

প্ৰযুক্তিয়ে এঢাপ আগুৱালে। আহি গ’ল বলপেন। Disposable সংস্কৃতি। ফাউণ্টেইন পেন এলাগী হ’ল। ছাত্ৰ-ছাত্ৰী, বুঢ়া-ডেকা সকলোৰে হাতে হাতে বল পেন। চিঞাহী শেষ হ’লেই পেনটো দলিয়াই দিয়া। বিদ্যালয়ৰ চৌহদত প্ৰতি সপ্তাহে ডজনৰ হিচাপত Disposable বল পেনৰ অৱশিষ্ট চাফা কৰাটো ৰুটিনৰ বিষয় হ’ল। ছাত্ৰ-ছাত্ৰী, অভিভাৱকে কয়— ল’ৰা-ছোৱালীৰ আখৰ বেয়া কিয়? আমি কওঁ— বলপেন ঘূৰাই লিখা পেনবোৰ আঁতৰাই ল’ছালিক ফাউণ্টেইন পেন দিয়ক। আখৰ এনেয়ে ভাল হ’ব। সিহঁতে কলমৰ আপডালৰ সংস্কৃতি শিকিব, Disposable সংস্কৃতি এৰিব। পিছে কোনে শুনে শিক্ষকৰ কথা !

তিনি.
আজিকালি ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া কিতাপ দিয়া হৈছে। বিনামূলীয়া পাঠ্যপুথি বুলিয়েই নেকি, বছৰটোতে শেহলৈ কিতাপৰ সমুখৰ আৰু পিছফালৰ কেইবাটাও পাত নাথাকে। পাঠ্যক্ৰম সলনি নহ’লে একেখিনি পুথিকে কেইবাবছৰো চলাব পাৰি বুলি ভাবোঁ। আমাৰ দিনত একেখন কিতাপৰে তিনি-চাৰিটা শিক্ষাবৰ্ষ চলাইছিলো। বিনামূলীয়া পাঠ্যপুথিৰ এনে অপচয়ে ৰাজভঁৰালৰো ধন হৰিছে আৰু ছাত্ৰ-ছাত্ৰীৰো বদ অভ্যাস তৈয়াৰ কৰিছে। প্ৰাক প্ৰাথমিক স্তৰৰ পৰাই কিতাপ-বহীৰ যত্ন নিশিকিলে পঢ়ি-শুনি নম্বৰ পাই কি লাভ হ’ব নাজানো। আমি পাঠশালা স্কুলত পঢ়ি থকা সময়ত কিতাপ-বহীত লগাই লোৱা বাকলিও নষ্ট নোহোৱাকৈ ৰাখিছিলো। এতিয়া কোনো কোনো বিদ্যালয়ে পুৰণি পুথি শিক্ষাৰ্থীৰ পৰা ঘূৰাই লয়। কিন্তু পৰৱৰ্তী বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে নহয়, Disposable হিচাপে কিলো হিচাপে বিক্ৰী কৰি দুপইছা ঘটিবলৈ।

কিতাপৰ সু-সংৰক্ষণ নোহোৱা বাবেই প্ৰতিবছৰে সময়ত ছাত্ৰ-ছাত্ৰীয়ে কিতাপ নেপালে বুলি হুলস্থুল লাগে। কথাটো আমোলা-বিষয়াই গুৰুত্বহীন বুলি ভাবিলেও আমি কিন্তু কিতাপ Disposable হৈ যোৱাটোত বৰ দুখ পাইছোঁ।

চাৰি.
আমি ষষ্ঠমানত থাকোঁতে কবি ডেকা ছাৰে ভূগোল পঢ়ুৱাইছিল। ছাৰ বহা চকীখনৰ পিছফালে বেৰত ওলোমাই লৈছিল পৃথিৱীৰ মেপখন। মেপত তুৰস্ক ক’ত আছে বিচাৰিবলৈ দিছিল। আমি বিচাৰি নেপালে ছাৰে মেপলৈ নোচোৱাকৈয়ে পইণ্টাৰডালেৰে তুৰস্ক দেখুৱাইছিল। আমি বিস্ময় মানিছিলো। আনন্দ শৰ্মা ছাৰে অসম বুৰঞ্জীৰ কথা সলসলীয়াকৈ সাধু কোৱাদি কৈছিল। আমি ৰ লাগি ছাৰৰ মুখলৈ চাই শুনিছিলো। পিছে হঠাৎ ভূগোল-বুৰঞ্জীও Disposable হৈ গ’ল। নিজৰ চিনাকি, সমাজৰ চিনাকি, দেশখনৰ চিনাকি নোহোৱাকৈয়ো পঢ়িব পাৰি বুলি শিক্ষাৰ নীতি তৈয়াৰ কৰা সকলে কিয় ভাবিলে বুজিব নোৱাৰিলো। আমাৰ ঘাইশিপাকে Disposable কৰি আমি কি মহৎ শিক্ষা ল’ম নাজানো।

পিছে অলপ সুখৰ কথা— লেবেৰা ভাজিৰ মাজত দুই এটুকুৰা আলু পোৱাৰ দৰে আজিকালি শিক্ষাৰ্থীয়ে ‘সমাজ বিজ্ঞান’ত ভূগোল-বুৰঞ্জীৰ দুই-এটা কথা পঢ়িছে। ভূগোল-বুৰঞ্জীক Dispose নকৰি নতুনকৈ Propose কৰাৰ কথাহে ভাবিব লাগে। আমাৰ ল’ৰা-ছোৱালীক নিজক নিচিনাকৈ Internet যোগে বিশ্ব চিনাব পৰা যাব জানো?

পাঁচ.
ল’ৰা দুজনৰ বৰ উলাহ। কমাৰ্চত ভালকৈ পাছ কৰিছে। MBA পঢ়িব। য’তে-ত’তে নহয়— পুনেত। চাকৰিৰ গেৰাণ্টি আছে বোলে। তিনিবছৰ পঢ়িয়েই চাকৰি। ঘৰৰ মাটি বেচি পুনে পালেগৈ ল’ৰাহঁত। পঢ়া-শুনা ভালদৰেই কৰিলে। ৰিজাল্টো ভাল হ’ল। পিছে চাকৰিৰ সন্ধান কৰোঁতেই সপোন চুৰমাৰ হ’ল। যেতিয়া গম পালে যে যধেমধে শিক্ষাৰ দোকান খুলি ডিগ্ৰী দিওঁতে ইমানেই ডিগ্ৰীধাৰী ওলাল যে আগতে ডিগ্ৰী পোৱা দহ হেজাৰৰো অধিকেই হেনো চাকৰি পোৱা নাই। যিমানজনে পাইছে, তাকো যৎসামান্য দৰমহাত। ল’ৰাহঁতে আক্ষেপ কৰিছে— তিনি বছৰ অতগাল ধন ভাঙি পঢ়ি কি লাভ হ’ল? একোটা বিষয় এনেদৰে Disposable হৈ যায় নে? ভৱিষ্যৎ প্ৰজন্মই কি পাম বুলি কি পঢ়িব ?

ছয়.
সেইদিনা হঠাতে লীলা বৰুৱা ছাৰক লগ পালো এখন বিয়া ঘৰত। বয়স ৯০-ৰ ওপৰ। ছাৰে ক শ্ৰেণীত আমাক আখৰৰ আদিপাঠ দিছিল। ছাৰৰ ভৰি চুই সেৱা কৰিলো। ছাৰে কোন বুলি সুধিলে আৰু ক’লে— চকুত চানি পৰিল নহয়, ভালদৰে নেদেখোঁ। মই মোৰ নামটো ক’লো। ছাৰে তৎক্ষণাৎ কৈ উঠিল— অ’ তই পকাবাঙিপাৰাৰ দ্বাৰিকাৰ ল’ৰা। বিস্ময়-বিমুগ্ধ হৈ গ’লো। ১৯৬৫ চনতে ‘ক খ’ শিকোৱা ছাৰে মোৰ নামেই নহয়,— ঠিকনা, পিতৃ পৰিচয় সকলো মনত ৰাখিছে। মনত খুব আনন্দ লাগিল। ছাৰৰ বাবে আমি Disposable হৈ যোৱা নাই!

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

ভূপেন শৰ্মা

কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় (শিলঘাট)ৰ অধ্যক্ষ।

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz