আগমন

প্ৰকাশ: ১৫ আগষ্ট, ২০১২ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১

k31[ সঞ্জীৱ বৰফুকন ]

দুৱাৰ খুলি সোমাই আহে ভিতৰলৈ,
বাৰম্বাৰ— তেওঁলোকৰ অহা-যোৱা।

তেওঁলোক প্ৰত্যেকেই কঢ়িয়াই ফুৰে
শুভ্ৰ এক পৰিচয়।
আপোনাৰ জেপত সেয়া…
আপোনাৰে পৰিচয় নহয় নে?
আপুনিও যায় নেকি—
টুকুৰিয়াবলৈ কাৰোবাৰ দুৱাৰত…!

বেয়া নেপাব দেই,
অকণমান ধেমালি কৰিলো
আপোনাৰ ওচৰত মোৰ
নাই কোনো অভিযোগ।
মই বুজি পাওঁ জানে,
আপুনি যে আত্মগোপন কৰিব থোজে,
লুকুৱাব খোজে দুৰ্বলতাবোৰ।
সকলোৱেই
মোৰ ওচৰলৈ আহে— আত্মানুসন্ধানত।

মই!
থাকক দিয়ক,
অতীত খুচৰি ঘূৰাই আনিব নোৱাৰি
ভগা সপোনৰ দৰবাৰ।
বাধ্যতাৰ পোছাকযোৰ এতিয়া
বহু পুৰণি হ'ল।

বাবু,
নুসুধিব গণিকাৰ নাম,
দি যাওক মাথোঁ সময়ৰ দাম।

নীলা চৰাই . আগষ্ট ২০১২

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts