ইতিহাস ৰচনা কৰি ফিনলেণ্ডত অসমকন্যা হিমা দাসৰ স্বৰ্ণ জয় [ভিডিঅ’]

ফিনলেণ্ডৰ টামপেৰে (Tampere)ত অনুষ্ঠিত আই এ এ এফ বিশ্ব ২০ অনুৰ্দ্ধ এথলেটিকছ চেম্পিয়নশ্বিপ (IAAF World Under-20 Athletics Championships)ৰ মহিলাৰ ৪০০ মিটাৰ দৌৰত ভাৰতৰ তথা অসমৰ ধিঙৰ ১৮ বছৰীয়া কন্যা হিমা দাস (Hima Das)-এ স্বৰ্ণ পদক জয় কৰি বিৰল ইতিহাস সৃষ্টি কৰে। হিমা দাসে তেওঁৰ লক্ষ্য ৫১.৪৬ ছেকেণ্ডত সম্পূৰ্ণ কৰে।

আই এ এ এফ বিশ্ব ২০ অনুৰ্দ্ধ এথলেটিকছত স্বৰ্ণ পদক জয় কৰা হিমাই হৈছে প্ৰথমগৰাকী ভাৰতীয়।

@afiindia/Twitter হীমা দাস

| আৰু পঢ়ক: হিমাৰ সাফল্যই তুলি ধৰা প্ৰশ্নবোৰ

প্ৰতিযোগিতাত ৰোমানিয়াৰ আন্দ্ৰেয়া মিকলোছ (Andrea Miklos)-এ ৫২.০৭ ছেকেণ্ডেৰে দ্বিতীয় আৰু আমেৰিকাৰ টেইলৰ মেনচন (Taylor Manson)-এ ৫২.২৮ ছেকেণ্ডেৰে তৃতীয় স্থান অধিকাৰ কৰে।

হিমাৰ দৌৰৰ ভিডিঅ’:

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of