অৰণ্যময় বাগিচা

প্ৰকাশ: ১০ জানুৱাৰী, ২০১২ | অন্তিম সম্পাদনা: ৬ এপ্ৰিল, ২০২১

পছোৱা বতাহজাকক সুধিলো
অস্তাচলৰ বেলিটি সাৰে আছেনে ?
অচিনাকি যদিও চিনাকি সেই সূৰুয
কোনোবা এটা পৰত শুই পাৰিছিল মোৰেই বাগিচাত
কোনোবাই এতিয়া অৰণ্য নাম দিয়ে সেই বাগিচাৰ
পছোৱা, তই জিৰাবি নেকি পূবৰ অৰণ্যত ?
পছিমত এতিয়া জুয়ে পোৰা অতীত
পলাই আহিছ চাগে সহিব নোৱৰাৰ ভয়ত !

পছিমৰ বেলিটি মই প্ৰায়েই নাচাওঁ বুলি ভাবোঁ
অৰণ্য দহনে ত্ৰস্ত কৰি ৰাখে
বিচাৰিলে জিৰাব পাৰ তই এই অৰণ্যত
চিন্তা নকৰিবি, সেই জুয়ে বাগিচাহে পোৰে
জবা ফুলবোৰ হালধীয়া হৈয়েই আছে
হেঙুলীয়াক গৈ কবি

কোনোবাই কয় লেৰেলিল হেনো
তথাপিও এজাক কিনকিনীয়াৰ অপেক্ষাত
পছিমৰ হালধীয়াবোৰ হেঙুলীয়া হোৱাৰ অপেক্ষাত
অৰণ্যৰ পৰা পুনৰ বাগিচা হোৱাৰ প্ৰতীক্ষাত।

ৰিদিপ কুমাৰ নাথ | কবিতা

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

One response to “অৰণ্যময় বাগিচা”

  1. Mahendra Kakati Avatar
    Mahendra Kakati

    কোনোবা সময়ত দেশ বিভাজনৰ সময়ৰ এখন ছবি এখন কবিতাটোত বিচাৰি পোৱা যায়। মই শুদ্ধনে?

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts