অন্বেষণ

অন্বেষণ
  • 13 Feb, 2023

এটা আলিংগনৰ সপোনৰ পৰা মই সাৰ পাওঁ
য’ত আমি স্বাধীন আৰু সমান
আমাৰ একাত্ম নিশ্বাসত নিহিত বালিৰ ধুমুহা
পাৰত পৰা মাছৰ দৰে ককবকনি
শুকাই অহা নৈ এখন
আৰু চকুৰ পতাত চুৰমাৰ হৈ যোৱা কাঁচৰ আকাশ

তোমাৰ ছাল বোকা মাটিৰ দৰে কোমল
আৰু শিলৰ দৰেই টান
তোমাৰ শৰীৰৰ ভূগোল,
অস্তিত্বৰ বুৰঞ্জী মোৰ আঙুলিৰ ফাঁকেৰে
মুঠি মাৰিব বিচৰা পানী হৈ গুচি যায়
আৰু মই সাৰ পাই উঠোঁ

মোৰ চকুৰ অন্বেষণ,
অনুভূতিৰ বিদ্বেষ
আৰু এটা অতিৰঞ্জিত বাস্তৱক
উদৰত ভৰাই
আকৌ গুলপীয়া চাদৰৰ বিচনাখনত পৰোঁ
শিতানত টোপনিৰ পুলি গজে
মই সপোন দেখোঁ,
এটা ধাৰাবাহিক আধৰুৱা সপোন…

অসমীয়া কবিতা নতুন

অন্বেষণ | কবিতা | ৰিছাদ ভূঞা
Follow Nilacharai on Facebook