নাৰীসংগ

প্ৰকাশ: ১৫ জুলাই, ২০১২ | অন্তিম সম্পাদনা: ২ মাৰ্চ, ২০২২

(The Company of women-অৰ স্ৰষ্টা খুশৱন্ত সিংদেৱৰ শ্ৰীচৰণত)

[su_divider top=”no” style=”dotted” divider_color=”#999999″ size=”1″ margin=”15″]

খুব সযতনে আপোনাৰ বুকুখন আজুৰিব;
জানো, তাতেই আলফুলে পৰি আছে
আপোনাৰ ৰঙীন দিবাস্বপ্ন,
জীৱন-যৌৱনৰ খন্তেকীয়া বালিভোজ,
আপোনাৰ প্ৰিয় নাৰীসংগ…

মনত আছেনে
তাইৰ ফুটফুটীয়া ফ্ৰকত অঁকা সপোনবোৰৰ কথা,
আপোনাৰ উদ্দাম উৎপাতত যে
তাই নাম দিছিল আপোনাক— কচুগুটি, কচুগুটি।

চুৱা-চুইৰ খেলখনত
কঁপি কঁপি সাক্ষী হৈছিল নেকি
কোনোবা জোপোহা জাৰ্মানী বন?

জানো, লাহে লাহে
আপোনাৰ ভাল লগা হৈ আহিছিল
নীলা পাৰিৰ চাদৰ লোৱা, কিতাপেৰে বুকু ঢকা মাইনাৰ জাক
কাৰোবাৰ হাঁহি, কাৰোবাৰ চাৱনি,
কাৰোবাৰ ওঁঠ, কাৰোবাৰ লাস্যময়তা…

বাচে-ঘাটে আপোনাৰ চুই চাবলৈ
মন গৈছিল এগৰাকী নাৰী
হেঁপাহ ৰাখিছিল
কাষৰ চিটত বহকহি কোনো সুগন্ধময়ী,
আৰু স্পৰ্শক হৈ উঠক
আপোনাৰ কিলাকুটি…

সঁচা কথা ক’ব—
আৰ-তাৰ সঁচা-মিছা, অভিসাৰী যাত্ৰাৰ কাহিনীয়ে
আপোনাক কৰি তুলিছিল আহ্লান্বিত!
ব্যভিচাৰী নিষিদ্ধ সোৱাদৰ বাবে প্ৰৰোচিত

আপোনাৰ চকুৱে বিচাৰি ফুৰিছিল
চঞ্চলা-চপলাৰ দুচকু;
যাৰ দুবাহুত মাৰ নিয়াব খুজিছিল
যৌৱনৰ জোৱাৰ-ভাটা…

কুমাৰী নাৰী আপোনাৰ বাবে
প্ৰলোভন হৈ উঠিছিল,
যিদৰে মুজাহিদীনৰ বেহেস্তত ৰখা হৈছে
এসত্তৰটা কুমাৰীত্বৰ গাজৰ…

গাৰুৰ তলৰ সাহিত্যত আপুনি ডুব গৈছিল
নগ্ন ছবিৰ সাগৰত সাঁতুৰিছিল;
আৰু নাৰ্চিচাছ হৈ উঠিছিল
মাজে মাজে, কাতৰতাত…

আপুনি বাৰু ৰমনীয় ভাৱনাবোৰক
জীয়াঢলত উটাই দিছিল নেকি ভূৰ বান্ধি?
যি ডুলি ডুলি নাচি গৈছিল
পাপ-পুণ্যৰ তুলাচনীত…

আৰু পঢ়ক:  গালিবৰ প্ৰতি

আপুনি বিহুৱা আছিলনে?
পাইছিল নেকি ব’হাগৰ বলীয়া বতৰত
প্ৰিয় নাচনীৰ সতে খেৰদ’মৰ উমাল অনুভৱ…

আপুনি এদিন চৰাইখানালৈ গৈছিল, পান্থশালালৈ
অথচ পান কৰিব পৰা নাছিল নৃত্যৰতা নাৰীৰ মদিৰা;
আৰু নিচা ফালি ওকলিয়াই দিছিল
সেই পণ্যৰ পৃথিৱীত।
জানো, কৃত্ৰিমতা আপোনাৰ সহ্য নহয়
সঁচাত অথবা নিচাত…

চেৰেং চেৰেঙকৈ মনত পৰিছিল
কুটুমৰ জীয়েকৰ আপং
শেনচোৱাৰ ঘৰৰ শলিতা জ্বলোৱা সাজ
আৰু তাৰ মাতাল নিচাত
সৰিয়হতলিত তৰা লিখা ৰাতিৰ কথা;
কিদৰে মোহনীয় হৈ উঠিছিল
জানমণিৰ কেঁচা মৰমৰ
সঁচা সপোন…

এদিন আপুনি হোমৰ জুইৰ উম লৈছিল
আৱিষ্কাৰৰ সকলো উত্তাপ হেৰুৱায়;
দিনবোৰ লাহে লাহে বিস্বাদ, ৰাতিবোৰ যেন ৰংহীন

সেয়ে ঘৰত দেৱীহেন পত্নীৰ বৰ্তমানতো
চুৰেইল এজনীৰ ৰামধেনুৰ সপোনে
খেদি ফুৰিছিল নেকি আপোনাক, অহৰহ…

বলুকাত বিয়লি বেলা বুলি
কীৰ্তনত বাসনাবোৰ জাহ দিয়ে আপুনি;
তথাপিও ক’ৰবাত পোহপাল দিয়ে
পুৱতি নিশা কেঁচা-ফুল ভঙাৰ অনাথ হেঁপাহ।

বৰনৈৰ বৰসোঁত, আজি বৰবিলৰ জলতৰংগ
সোঁৱৰণিত বাজি ৰয়
ৰঙীন দিবা-স্বপ্ন,
জীৱন-যৌৱনৰ খন্তেকীয়া বালিভোজ
আপোনাৰ প্ৰিয়-নাৰীসংগ।

নাৰীসংগ | কবিতা | অজয় লাল দত্ত

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts