ভূপেন্দ্ৰ নাথ হাজৰিকাৰ কবিতা

কুটুম

আইক মই বৰ ভাল পাওঁ, পিতাইকো
সেয়ে আই আৰু পিতাইৰ লগতে
ৰ’দে-বৰষুণে পাৰ কৰোঁ বছৰটো।

আয়ে সাধু কয় ৰ’দৰ
পিতায়ে বৰষুণৰ;
মোৰ অজলা আই-পিতাই যেন
যুগলবন্দী— ঘাম আৰু বোকাৰ।

আইক আবদাৰ কৰোঁ— গাচোন
‘কলীয়া তুলসী তলে মৃগপহু চৰে’,
আইৰ মাতত সুৱাগমণি ধানৰ ঠোক লৰে;
পিতায়েও গুণগুণাই আইৰ লগতে
‘তাকে দেখি ৰামচন্দ্ৰই শৰ-ধনু ধৰে’।

সুবিধা পালেই নিলাজী নৈখনে
কাঢ়ি নিয়ে আইৰ গহনা
ভয়তে মই কান্দো
পিতায়ে ধমক দিয়ে— খেতিয়কৰ পোৱালি
নৈলৈ কিহৰ ভয়!
পিতাইৰ সাহসত
আকৌ থিয় হওঁ
ৰ’দ-বৰষুণৰ সাধু শুনি শুনি
গহনা পিন্ধা আইক চাবলৈ
আকৌ আঘোণলৈকে ৰওঁ।

নৈৰ পাৰৰ মাটিডৰাই মোৰ আই
আইক জীপাল কৰা পলসখিনি মোৰ পিতাই।
«

সংজ্ঞা

আই
মোক অমৃতৰ পাত্ৰ দি
গৰল পান কৰে যি।

পিতাই
অভিজ্ঞতাৰ কুণ্ডত কটা
এটুকুৰা কাঠ
যি মোক শিকাইছিল
জীৱনৰ আদিপাঠ।

আইতা
মৰমবোৰ পিক হৈ
যাৰ ওঁঠত বাহ লয়
জোনাকৰ ৰং গাত সানি
যিয়ে মোক জীৱনৰ সাধু কয়।

ককা
বিবৰ্ধক কাঁচৰ চোলা
তেওঁৰ দুচকুত
আবেলিবোৰ আইতা হৈ
জিৰাইহি যাৰ বুকুত।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of