দে ৱৰ্ষি নাৰদ পুৰণি ভাৰতীয় সাহিত্যৰ এটি অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ। ছান্দোগ্য উপনিষদৰ মতে, প্ৰজাপতি ব্ৰহ্মাৰ মানসপুত্ৰ ৰূপে পৰিচিত নাৰদে ভগৱৎ জ্ঞানৰ সন্ধানত দেশ-দেশান্তৰ ঘূৰি ফুৰিছিল আৰু শেষত প্ৰজ্ঞাৰে উজ্জ্বল হৈ উঠিল আৰু আনক সংসাৰ পথত উপদেশ বা পথনিৰ্দেশ দিব পৰা হ’ল।
ভাগৱতত নাৰদ চৰিত্ৰটি ধীৰ, গম্ভীৰ, সৰ্বজ্ঞ আৰু ভগৱৎ ভক্তিৰ পৰিচায়ক হিচাপেই উজলি উঠিছে। হৰিবংশতো নাৰদক পৰম বিষ্ণুভক্ত ৰূপেই পোৱা যায়। তাৰ পৰৱৰ্তী কাব্য, নাটসমূহতো নাৰদ চৰিত্ৰৰ গাম্ভীৰ্য অকণো হ্ৰাস পোৱা নাই। উল্লেখনীয় যে সৰ্বভাৰতীয় সাহিত্যত এক বিশেষ গাম্ভীৰ্য ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাৰদ চৰিত্ৰটো অসমীয়া সাহিত্যত যথেষ্টভাৱে সলনি হৈ পৰিল।
অসমীয়া সাহিত্যৰ বৈষ্ণৱ যুগত নাৰদে এক নতুন ৰূপত আত্মপ্ৰকাশ কৰে। অসমীয়া সাহিত্যত টুটকীয়া, কলহপ্ৰিয়তা আৰু পৰিহাস-ৰসিকতা নাৰদ চৰিত্ৰৰ বৈশিষ্ট্য। এই বৈশিষ্ট্যসমূহৰ মাজেৰে বিষ্ণুৰ লীলা-মাহাত্ম্য দৰ্শন আৰু গুণগান কৰা বিষ্ণুৰ পৰমভক্ত হিচাপে নাৰদ চিত্ৰিত হৈছে। অৰ্থশাস্ত্ৰত আৰু বিশেষকৈ ৰাজনীতি সম্পৰ্কীয় গ্ৰন্থত নাৰদৰ মটক ‘পিশুন মত’ বোলা হয়। টুটকীয়া নাৰদৰ ধাৰণাটো সম্ভৱতঃ নাৰদৰ ৰাজনীতি শাস্ত্ৰত থকা ‘পিশুন’ নামটোৰ পৰাই সৃষ্টি হোৱা বুলি ক’ব পাৰি, যাৰ অৰ্থ হ’ল— টুটকীয়া। অসমৰ প্ৰাক বৈষ্ণৱ যুগৰ কবিৰ সৃষ্টিত কিন্তু নাৰদৰ টুটকীয়া চৰিত্ৰটিৰ প্ৰকাশ ঘটা পৰিলক্ষিত হোৱা নাই। হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰত নাৰদৰ টুটকীয়া চৰিত্ৰৰ প্ৰকাশ ঘটা দেখা নাযায়।
অসমীয়া সাহিত্যত পোনপ্ৰথমে মহাপুৰুষ শংকৰদেৱৰ সৃষ্টিতেই নাৰদ চৰিত্ৰই বিশেষ বৈশিষ্ট্যৰে আত্মপ্ৰকাশ কৰে বুলি অনুমান কৰিব পাৰি। শংকৰদেৱৰ আদৰ্শতে অনন্ত কন্দলী, গোপাল আতা আদিয়েও নাৰদক অনুৰূপ ভঙ্গীত উপস্থাপন কৰিছে। তীৰ্থনাথ শৰ্মাই অসমীয়া বৈষ্ণৱ কবিৰ নাৰদ চৰিত্ৰটিক ‘বৰাগী ককাই’ৰ আদৰ্শত ৰচনা কৰা বুলি অনুমান কৰিছে। উল্লেখনীয় যে মহাপুৰুষ শংকৰদেৱৰ নাৰদৰ সৈতে সৰ্বভাৰতীয় সাহিত্যৰ নাৰদৰ এক ব্যাপক পাৰ্থক্য লক্ষ্য কৰা যায়।
অসমীয়া সাহিত্যত নাৰদ হ’ল ৰান্ধনীক উচটাই জোল খোৱা, গাঁও ফুৰি ইঠাইৰ পৰা সিঠাইলৈ গৈ কন্দল লগাই ৰং চোৱা এজন ধূৰ্ত চৰিত্ৰৰ লোক। কিন্তু উল্লেখনীয় যে এই ধূৰ্তালীৰ মাজত কোনো স্বাৰ্থ নাই, আছে এক মহৎ কাৰ্য সিদ্ধিৰ উদ্দেশ্য। কিন্তু লক্ষণীয় যে সাহিত্যত যেতিয়া যি ৰূপতেই নাথাকক, নাৰদৰ বিষ্ণুভক্তিৰ সামান্যতমো হীন-দেঢ়ি ঘটা নাই।
শংকৰদেৱৰ সৃষ্টিত নাৰদ হ’ল বিষ্ণুৰ পৰম ভক্ত। নিৰ্দিষ্ট মহৎ উদ্দেশ্য পূৰণ কৰিবলৈকে ইঠাইৰ পৰা সিঠাইলৈ ভ্ৰমি বিভিন্নজনক বিভিন্ন উপদেশ প্ৰদান কৰাৰ লগতে নিজৰ লটি-ঘটি হোৱা এক আমোদদায়ক চৰিত্ৰ। ‘কীৰ্তন’ত ভগৱানৰ মাহাত্ম্য প্ৰচাৰ কৰিবলৈ যাওঁতে অনেক আমোদজনক কাৰ্য কৰিছে আৰু কৃষ্ণৰ মহিমা নাৰদে নিজেও পুনঃ পুনঃ উপলব্ধি কৰিছে।
প্ৰকৃততে টুটকীয়া, কলহপ্ৰিয় আৰু ধূৰ্ত নাৰদৰ সৈতে অতি স্পষ্ট ৰূপত চিনাকি হোৱা যায় শংকৰদেৱৰ ‘পাৰিজাত হৰণ’ নাটত। ‘পাৰিজাত হৰণ’ নাট ভাগত গুৰুজনাই নাৰদ চৰিত্ৰটি সৃষ্টি কৰাত এক বিশেষ গুৰুত্ব প্ৰদান কৰিছে, সেয়া নাটৰ কিছু কথালৈ মন কৰিলেই বুজিব পৰা যাব।
নাৰদে স্বৰ্গৰ পৰা পাৰিজাত এপাহ আনি দ্বাৰকাত কৃষ্ণ-ৰুক্মিণীৰ সন্মুখত উপস্থিত হৈ ফুলপাহৰ মহিমা বৰ্ণন কৰি লগতে লেজু এডাল লগাই দি ক’লে— “ওহি দেৱদুৰ্লভ পাৰিজাত যে নাৰী পৰিধান কৰে, সে পুষ্পক মহিমায়ে পৰম সৌভাগিনী হয়, তাহাক ছাড়ি স্বামী কথাৱে যাইতে নাহি।” নাৰদৰ মুখে পাৰিজাতৰ মহিমা শুনি ৰুক্মিণীয়ে ফুলপাহ প্ৰাৰ্থনা কৰাত কৃষ্ণই ফুলপাহ ৰুক্মিণীৰ খোপাত পিন্ধাই দিলে। তাৰ পাছত ইন্দ্ৰ আহি নৰকাসুৰৰ উৎপাতৰ কথা কোৱাত নাৰদে তেওঁৰ লগত একে সুৰত সুৰ মিলাই লাহেকৈ সুবিধা বুজি দ্বাৰকা দৰ্শন কৰাৰ ছলেৰে সত্যভামাৰ কাষ পালেগৈ। সত্যভামাৰ আগত কৃষ্ণৰ দুৰ্বুদ্ধি, সত্যভামাৰ প্ৰতি অৱহেলা আৰু ৰুক্মিণীৰ প্ৰতি পক্ষপাতিতাৰ কথা কৈ বেজাৰ কৰিবলৈ ধৰাত প্ৰথমতে সত্যভামাই একো ধৰিব নোৱৰাত পুনৰ ক’বলৈ ধৰিলে— “হা হা মাৱ, কি কহ’ব! এসব কথা কহিতে দোষ। হামু দেৱদুৰ্লভ পাৰিজাত স্বৰ্গহন্তে আনি কৃষ্ণক হাতে দিলোঁ। সে পাৰিজাত যে কুমাৰী পৰিধান কৰে সে পুষ্পক মহিমায়ে পৰম সৌভাগিনী হৱে। ইহা জানি হামু বোললোঁ— ওহি পাৰিজাতক যোগ্য সত্যভামা। তথি কৃষ্ণ কয়লি কি! তোহাক কটাক্ষ কৰিয়ে আপুন হাতে প্ৰিয় ৰুক্মিণীক মাথে পৰম সাদৰে সে দিব্য পাৰিজাত পিন্ধাৱল, আঃ তোহাক জীৱন ধিক ধিক। সতিনীক অভ্যুদয় দেখি কি নিমিত্তে প্ৰাণ ধৰ… ।”
সত্যভামাক এইদৰে ৰোহঘৰত পেলাই ৰং চাবৰ মনেৰে নাৰদে কৃষ্ণক খবৰ দিলেগৈ। কৃষ্ণই সত্যভামাক স্নেহপূৰ্ণ কথাৰে সান্ত্বনা দিয়া দেখি আৰু নৰকাসুৰক বধ কৰিবলৈ যাওঁতে সত্যভামাক লগত নিয়া দেখি কৃত্ৰিম খং দেখুৱাই নাৰদে কোৱা কথাকেইষাৰে পাঠকক বাৰুকৈ আমোদ প্ৰদান কৰিছে:
“হে কৃষ্ণ, হামু আজু জানল তুহু স্ত্ৰীক লাড়িকা, দেৱকাৰ্য সব পড়ি ৰহল! তোহাৰ স্ত্ৰীক চাটু বুলিতে সব দিৱস গেল।”
“হে হৰি, তোহোসম স্ত্ৰীজিত পুৰুষ কবহো নাহি দেখি। যুদ্ধক সময়ে স্ত্ৰীক চোৰয়ে নাহি পাৰ। তুহু জগতক গুৰু, তোহাক যশ গাই তিনিও লোকক বেড়াঞু, আঃ হামাক লাজ ভেল… ।”
ইয়াৰ পাছত কৃষ্ণই নৰকাসুৰক বধ কৰি স্বৰ্গলৈ পাৰিজাত বিচাৰি নাৰদক কটকী পঠাইছে। উভতি আহি নাৰদে সত্যভামাৰ আগত ইন্দ্ৰ আৰু শচীয়ে সত্যভামাক কেনেকৈ তাচ্ছিল্য কৰি ক’লে সকলো কথা অতিৰঞ্জিত কৰি বৰ্ণনা কৰিলে যাতে যুদ্ধখন লাগে। এইদৰেই নাৰদ চৰিত্ৰই নাটকখনত সজীৱতা ৰক্ষা কৰি দৰ্শকক আমোদ দিব পাৰিছে।
শংকৰদেৱৰ পাছত অসমীয়া বৈষ্ণৱ কবিসকলেও নাৰদক কৌতুকপ্ৰৱণ আৰু টুটকীয়া ৰূপত অংকন কৰি এক ৰসাল আমোদপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰা দেখা যায়। বিশেষকৈ অনন্ত কন্দলীয়ে ‘কুমৰ হৰণ’ নাটকত নাৰদক সৰ্ব বিদ্যাত পাৰ্গত ৰূপত চিত্ৰিত কৰিছে যদিও নাৰদৰ টুটকীয়া, লগনীয়া ৰূপৰো প্ৰকাশ ঘটিছে। ‘কুমৰ হৰণ’ত এফালে অনিৰুদ্ধক হৰণ কৰিব পৰা গোপন বিদ্যা চিত্ৰলেখাক শিকাইছে আৰু আনফালে হৰণ কাৰ্য সম্পন্ন হোৱাৰ পাছত কৃষ্ণক অনিৰুদ্ধ হৰণৰ খবৰ দি উত্তেজিত কৰি তুলিছে। নাৰদৰ এনেবোৰ কাৰ্যই পাঠকক বিমল আনন্দ প্ৰদান কৰিছে।
বৈষ্ণৱ লেখক গোপালদেৱে তেওঁৰ ‘জন্মযাত্ৰা’ নাটকত নাৰদক উচটাই জোল খোৱা ৰূপত প্ৰকাশ কৰিছে। চতুৰ নাৰদে নিজৰ চতুৰালিৰে কংসক কৃষ্ণবিদ্বেষী কৰি তুলিবলৈ দূতালি কৰিছিল। গোপালদেৱে শংকৰদেৱৰ আৰ্হিত নাৰদৰ চৰিত্ৰটোক আৰু অলপ বঢ়াই দুষ্টালিৰ হাঁহি এটি সংযোগ কৰি দিলে।
❧। আৰু পঢ়ক: ড° জয়শ্ৰী গোস্বামী মহন্তৰ ‘পাৰিজাত হৰণ আৰু শ্ৰীকৃষ্ণৰ মানৱায়ন’
এনেদৰেই অসমীয়া বৈষ্ণৱ পণ্ডিতসকলৰ সৃষ্টিত নাৰদ চৰিত্ৰটিয়ে এক সুকীয়া ৰূপ লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু এটা কথা স্পষ্ট যে চাৰিত্ৰিক বৈশিষ্ট্যই যি দিশেই গতি নকৰক কিয়, উপাস্য বিষ্ণুৰ লীলা-মাহাত্ম্য দৰ্শন আৰু গুণগান কৰাই যে নাৰদৰ প্ৰধান আকাংক্ষা, সেয়া কোনোজন পণ্ডিতেই আঁৰ কৰিবলৈ যত্ন কৰা নাই, যাৰ ফলত সমগ্ৰ ভাৰতীয় সাহিত্যত নাৰদ চৰিত্ৰটিয়ে এক বিশেষ মৰ্যাদা লাভ কৰিছে।
প্ৰসংগ পুথি:
১. অসমীয়া নাট্য সাহিত্য: ড° সত্যেন্দ্ৰনাথ শৰ্মা
২. অংকাৱলী: কালিৰাম মেধি
৩. বৈষ্ণৱ কবিৰ নাৰদ (প্ৰৱন্ধ): তীৰ্থনাথ শৰ্মা
৪. কীৰ্তন-ঘোষা: বিংশ খণ্ড
৫. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত: ড° সত্যেন্দ্ৰনাথ শৰ্মা