বাৰেচহৰীয়া ভাওনা মহোৎসৱ ২০২৩-ৰ কাৰ্যসূচী

বাৰেচহৰীয়া ভাওনা মহোৎসৱ ২০২৩-ৰ কাৰ্যসূচী
  • 02 Mar, 2023

প্ৰ তি পাঁচ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱে এই বেলি ২২৬ বছৰ গৰকিলে। ৬ মাৰ্চ ২০২৩ তাৰিখৰ পৰা ৯ মাৰ্চ ২০২৩ তাৰিখলৈ জামুগুৰিহাটৰ পকামূৰা পথাৰত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ২১খন খলা (মণ্ডপ)ত দুনিশাত ৪২খন ভাওনা পৰিৱেশিত হ’ব। সমগ্ৰ উৎসৱৰ কাৰ্যসূচী _নীলা চৰাই_ৰ পাঠকৰ বাবে আগবঢ়াইছোঁ। শেষ মুহূৰ্ততো কাৰ্যসূচী সাল-সলনি হ’ব পৰা সম্ভাৱনীয়তাৰ পৰিপ্ৰেক্ষিতত আনুষ্ঠানিক কাৰ্যসূচীৰ লগত মিলাই ল’বৰ বাবে পাঠকসকলক অনুৰোধ জনাইছোঁ।

৬ মাৰ্চ ২০২৩, সোমবাৰ

বাৰেচহৰীয়া ভাওনা মহোৎসৱ ২০২৩-ৰ উদ্‌যাপন সমিতিয়ে প্ৰকাশ কৰা কাৰ্যসূচী মতে ৬ মাৰ্চ, সোমবাৰে পুৱা ১০.০০ বজাত বৰভগীয়া গাঁৱৰ পৰা মহাপ্ৰভু (গুণমালা পুথি) লৈ শোভাযাত্ৰাৰে বাৰেচহৰীয়া ভাওনাৰ পাতনি মেলা হ’ব। এই শোভাযাত্ৰা উদ্বোধন কৰিব অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু বিটি এডিৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োৱে।

১১.০০ বজাত বাৰেচহৰীয়াৰ একান্ত সেৱক পাতলৰচুক গাঁৱৰ মহেন্দ্ৰ ভূঞাই বাৰেচহৰীয়া ভাওনা ক্ষেত্ৰ উন্মোচন কৰিব। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব তেজপুৰৰ শ্ৰীশ্ৰীনিকামুল সত্ৰৰ সত্ৰাধিকাৰ পুণ্যব্ৰত দেৱগোস্বামীয়ে।

১১.১৫ বজাত সিংহাসন আদৰণি আৰু প্ৰতিষ্ঠা আৰু বিয়লি ২ বজাত বাৰেচহৰীয়া ভাওনাৰ কাণ্ডাৰীসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত হ’ব। শ্ৰদ্ধাঞ্জলী অনুষ্ঠান মুকলি কৰিব অঞ্চলটোৰ প্ৰৱীণ অভিনেত্ৰী ফুলমাই হাজৰিকাই।

বিয়লি ২ বজাত প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰিব শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। সেইদিনা সন্ধিয়া ৬ বজাত একে সময়তে ২১খন খলাত অনুষ্ঠিত হ’ব নাম-প্ৰসংগ আৰু খোল বাদন (গন্ধোৎসৱ)।

৭ মাৰ্চ ২০২৩, মঙ্গলবাৰ

৭ মাৰ্চ মঙ্গলবাৰে পুৱা ৫ বজাত ২১খন খলাত প্ৰাতঃপ্ৰসংগ, ৯.০০ বজাত শৰাই অৰ্চন, ৯.৩০ বজাত নাম-প্ৰসংগ, দিনৰ ২ বজাত স্মৃতিগ্ৰন্থ উন্মোচন। এইবাৰ বাৰেচহৰীয়া ভাওনা উদ্‌যাপন সমিতিয়ে নাৰায়ণ শইকীয়া, বিকাশ বৰা আৰু বাসৱ ভূঞাৰ সম্পাদনাত প্ৰায় চাৰিশ পৃষ্ঠা কলেবৰৰ এখন সুবৃহৎ স্মৃতিগ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা কৰিছে। স্মৃতিগ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বৰেণ্য সাহিত্যিক-সাংবাদিক কনকসেন ডেকাই। উন্মোচক হিচাপে অংশ ল’ব অসমৰ সদ্য বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা আৰু বিশিষ্ট লোককলা সাধক দুলাল মান্‌কি।

সন্ধিয়া ৭.৩০ বজাত উদ্‌যাপন সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকাই আদৰণী ভাষণ প্ৰদান কৰাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা ভাওনা মহোৎসৱৰ শুভাৰম্ভ হ’ব। প্ৰথম নিশাৰ ভাওনা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব জলসম্পদ, সামাজিক ন্যায় আৰু সৱলীকৰণ, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযূষ হাজৰিকা, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, বৰদোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ গোস্বামী, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা, অসম বৈদিক বৈষ্ণৱ মহাসভাৰ সভাপতি ৰামেশ্বৰ বৰা আৰু কলাসাধক তথা সাংস্কৃতিক কৰ্মী বিনোদ খনালে।

নিশা ৮ বজাত ২১খন খলাত একেলগে ডবা, কাঁহ, শংখৰ পবিত্ৰ ধ্বনিৰ মাজেৰে ভাওনা আৰম্ভ হ’ব।

৮ মাৰ্চ ২০২৩, বুধবাৰ

৮ মাৰ্চ বুধবাৰে পুৱা ৫ বজাত ২১খন খলাত প্ৰাতঃপ্ৰসংগ, ৮.৩০ বজাত নাম-প্ৰসংগৰ পাছত ১০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া আইসকলৰ নাম অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই।

সন্ধিয়া ৬ বজাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাৰেচহৰীয়া ভাওনা স্থায়ী প্ৰকল্পৰ দ্বাৰ শুভ উদ্বোধন কৰিব।

দ্বিতীয় নিশাৰ ভাওনা কাৰ্যসূচী উদ্বোধন কৰিব ভাৰত চৰকাৰৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। এই নিশা ভাওনা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা, অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথ, অসম ব্ৰাহ্মণ সমাজৰ সভাপতি খগেন গোস্বামী, একশৰণ ভাগৱতী সমাজৰ উপাচাৰ্য ধৰ্মেশ্বৰ দাস আৰু মহাপুৰুষ শ্ৰীমন্ত নামধৰ্ম সমাজৰ প্ৰফুল্ল বৰাই।

৯ মাৰ্চ ২০২৩, বৃহস্পতিবাৰ

৯ মাৰ্চ বৃহস্পতিবাৰে বিয়লি ৪.৩০ বজাত বাৰেচহৰীয়া ভাওনাৰ বিশিষ্ট ব্যক্তিসকলৰ সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পাছত সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’ব সাংস্কৃতিক সমাৰোহ। এই সাংস্কৃতিক সমাৰোহখনি উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। সাংস্কৃতিক সমাৰোহত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰ-ভৈয়ামৰ বিভিন্ন বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শিত হ’ব।

উল্লেখযোগ্য যে অতীজৰে পৰা চ’ত মাহৰ পূৰ্ণিমা তিথিত এই মহোৎসৱ ভাগ অনুষ্ঠিত হৈছিল যদিও সাম্প্ৰতিক সময়ৰ বতৰৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ২০১৩ চনৰ পৰা ফল্গু-পূৰ্ণিমাতে অনুষ্ঠিত কৰিবলৈ লোৱা এই বাৰেচহৰীয়া ভাওনা মহোৎসৱভাগত ৰাজ্যখনৰ জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোটি ৰাইজৰ সৰ্বতোপ্ৰকাৰৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে জামুগুৰিহাটবাসী ৰাইজে।

আনুষ্ঠানিক কাৰ্যসূচী

❧ | আৰু পঢ়ক:

বাৰেচহৰীয়া ভাওনা মহোৎসৱ ২০২৩-ৰ কাৰ্যসূচী | হিমাংশু ৰণ্‌জন ভূঞা
Follow Nilacharai on Facebook