বৈ যাওক নদী নিৰৱধি
প্ৰকাশ: ১৩ জানুৱাৰী, ২০১২ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১
[ শান্তনু চাংমাই ]
নিলিখা কিতাপখনত আছে তোমাৰ মোৰ কাহিনী। লিখিব খুজিও ৰৈ যাওঁ; প্ৰচণ্ড শীতত দোৱাতৰ চিয়াঁহী গোট মাৰিছে, যি দৰে লাহে লাহে গোট মাৰিছে তোমাৰ মোৰ প্ৰেমৰ কাহিনী, শিলাস্তুপত এটা এটাকৈ শেলুৱৈৰ পোৱালি জগিছে, ঘন সেউজীয়া শেলুৱৈৰ ঢাকনিয়ে ঢাকিব খুজিছে জুয়ে পোৰা সোণৰ সাধু। নোটবুকৰ খালী পাত উঁৱলি গৈছে, যিদৰে উঁৱলিছে তুমি দিয়া পত্ৰবোৰ; এদিন আখৰবোৰ মনিব নোৱৰা হ’মগৈ, চকুৱে লগ এৰিছে, সময়ৰ ঘোঁৰা আগলৈ দৌৰ মাৰিছে, পিছলৈ উভতি চোৱাৰ অৱকাশ নাই।
আমাক লৈ আৰম্ভ হোৱা মানুহৰ বু-বু-বা-বাবোৰৰ প্ৰতিধ্বনি ক্ৰমাৎ কমি আহিছে, বুঢ়া কাণত আজিকালি নপৰেহি তাচ্ছিল্যৰ হাঁহি। তুমি হাতত পিন্ধা খাৰুপাত পৰি আছে আলমাৰিৰ বেজাৰমুৱা চুক এটাত, নিজিলিকে; সিপাত খাৰুৰ সংগ বাৰুকৈয়ে মনত আছে, একেলগে যে গোৱা গান- ৰুণজুন ৰুণজুন নূপুৰ বাজে, বাজে মোহন বেণু।
কিমান দিন যে বৰষুণ দিয়া নাই, পাহাৰৰ ওপৰেদি ডাৱৰবোৰে ব্যস্ত উৰাজাহাজৰ দৰে উৰা মাৰে। সেই ঘৰ জ্বলি গ’ল বিৰহৰ জুইত, যি ঘৰ সাজিছিলো আমি বিশ্বাসৰ এখন ডাঙৰ কেনভাচত। জুই নুমুৱাবলৈ বাৰিষা নাহে, চকুলোও নসৰে। নিশাবোৰ নিমাওমাও, জিলিৰো টোপনি ধৰে— মোৰ কিন্তু নধৰে। তোমাৰ চাদৰৰ আঁচল ধৰি মোৰ টোপনি এতিয়াও গুচি যায় বশিষ্ঠ, উমানন্দ আৰু কত যে চিনাকি-অচিনাকি ঠাইলৈ। সূৰুযৰ পোহৰত জিলিকে মোৰ নুখুৰুৱা দাঢ়ি, এবছৰ নকটা চুলি; পকা চুলি ছিঙিবলৈ বাদ দিছোঁ, সময় হ’লে নিজেই সৰি যাব। কৃষ্ণচূড়াৰ শৰীৰত কটাৰীৰে কাটি থোৱা নাম এতিয়াও আছে, ৰাধা-গোপাল। ৰাধা গুচি গ’ল, গোপালৰ বাঁহীৰ সুৰ হেৰাই গ’ল।
বাঁহী আৰু নিলিখা কিতাপখন, তুমি দিয়া চিঠিবোৰ, খাৰুপাতে মোক জীয়াই থাকিবলৈ কয়— কেতিয়াও কোনেও নপঢ়া কাহিনী এটা লিখিবলৈ, বাঁহীত সন্ধিয়াৰ বনগীত এটা বজাবলৈ বৰ মন যায়। নিলিখোঁ, নবজাওঁ— মোৰ হাতৰ আঙুলিবোৰ এটা এটাকৈ কাটি জুইত পুৰি পেলাম। এটি অচিনাকি কাহিনী মানুহে নাজানক, এটি গৰখীয়াৰ গীত গোপীয়ে নুশুনক— এনেকৈয়ে ভাল, সময়ৰ বুকুত জাহ যাওক তুমি আৰু মই নামৰ দুটি চৰিত্ৰ।
অংকনঃ পল্লৱী শৰ্মা
নীলা চৰাই . জানুৱাৰী ২০১২
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ
Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
.
One response to “বৈ যাওক নদী নিৰৱধি”
-
..kobitati pohi khubei bhal lagil !!
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:
Secure payment | Powered by UPI
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
Leave a Reply