নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

বিপ্লৱৰ অগ্নিশিখা

বিপ্লৱৰ অগ্নিশিখা

অন্যায়ৰ ষড়যন্ত্ৰ ফালি
ন্যায়ৰ ধূসৰ বাটেদি
আগবাঢ়ি যাওঁতে
তোমাৰ হাতৰেই সিঁচিছিলা
মুঠি মুঠি সৃষ্টিৰ শ‌ইচ।

যি বাটেৰে শোষণৰ বতাহ বলিছিল
তাতো থিয় দিছিলা বাধা হৈ
যি বাটেৰ ৰণুৱা বনুৱা হালোৱা হজুৱাৰ
তেজ নিগৰিছিল
তাকো ধুইছিলা আশ্বাসৰ নদী হৈ।

ধনী মহাজন, ৰজা মহাৰজা, জমিদাৰৰ
নিৰ্মম হাতিয়াৰবোৰ
দুৰ্বল কৰিবলৈ কিমানবাৰ চিঞৰিছিলা
ভাং ভাং ভাং লোহাৰ শিকলি ভাং
খোল খোল খোল কাৰাৰ কপাট খোল!

কবিতাৰ ছন্দত প্ৰেমৰ লয়লাস
গীতৰ তালত কল্যাণ খৰমান
দেশৰ প্ৰজাৰ বাবে হাতত ষ্টেনগান
জনতাৰ নিভাঁজ চোতালত গজি উঠা
বঞ্চনাৰ বননি মোহাৰি
ৰাজনীতিৰো দিলা শ্লʼগান।

বিপ্লৱ পথৰে যাত্ৰা কৰি
বিশ্ব বিজয়ী নজোৱান হৈ
অগ্নি বৃষ্টি বজ্ৰপাত শিলাবৃষ্টি
মূৰত লৈ প্ৰজা জনতাৰ হকে
তোমাৰ দুৰ্বাৰ গতি।

দলিত পতিত নিৰ্যাতিত নিপীড়িত কৃষকৰ
কামিহাড় পোনাবলৈ
হেজাৰ বাহুৰ বলৰে অসমীয়া ডেকাদলক
আগুৱাই যোৱাৰ আহ্বানে
আজিও জগাই তোলে বিপ্লৱী সত্তা।

সঁচানো কি পালা!
হাতে গলে শিকলি লগাই
ঐতিহাসিক চহৰখনৰ মাজেৰে
চৈৰাচাৰী প্ৰশাসনে চোঁচোৰাই নিছিল
ৰাজদ্ৰোহী বুলি ভবা তোমাৰ শতৰুবোৰ আৰু
বিপ্লৱৰ প্ৰকৃত সত্তা নিচিনা শিয়ালবোৰে
গাঁতত সোমাই হাঁহিছিল সেইদিনা।

বিপৰীতে আকাশৰ মেঘে চকুলোৰ
বৰষুণ দিছিল
কান্দোনত উথলি উঠিছিল
তোমাক ভালপোৱা হৃদয়বোৰ
কাৰাগাৰৰ বেৰত প্ৰতিধ্বনিত হৈছিল
তোমাৰ বিপ্লৱী কণ্ঠ‌।

আজিও ভাবোঁ আহিবনে এদিন
কমৰেড ৰাভা,
গীত নাট কবিতাৰে
বিপ্লৱৰ অগনি জ্বলাই কʼব—
‘হেৰʼ বিপ্লৱী বিদ্ৰোহী বীৰ
তোল তোৰ অৱনত শিৰ…’
আহিবনে বিষ্ণু ককাইদেউ
উত্তৰণৰ বসন পিন্ধি
শান্তিৰে গাবলৈ
জীৱন নাটৰ শেষ ৰাগিনী?

❧ | আৰু পঢ়ক:

অংকন: কেশৱ পাঁচনী

এই লেখকৰ সকলো লেখা চাওক →
বিপ্লৱৰ অগ্নিশিখা | ৰিবা হাজৰিকা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...