ওৱাজ ককাইৰ মছজিদ
ওৱাজ ককাইৰ মছজিদটো আছিল খেৰৰ
নিমজকৈ লেপা ইকৰাৰ বেৰৰ
মিনাৰ মাটিৰ ভেটি
শুনিছিলো ওৱাজ ককায়ে একৈয়া বুটলি
সাজিছিল হেনো মছজিদটি,
চুবুৰিটোৰ পিঠিয়া-পিঠি আনটো বহল বাটত
শুনা নাছিলো তাৰ আজান আমি দিনৰ পৰত
গধূলিও টোপনিয়াই থাকোঁ খেলাৰ ভাগৰত।
কিন্তু মাঘমহীয়া ৰাতি পুৱাও বতাহত
কঁপি কঁপি কোমল এটা সুৰ
চুবুৰিটোৰ নীৰৱতাই শুনাইছিলে আমাক।
মাটিৰ পৰা আকাশ চুই নামি অহা
মাত এটাই গাইছিল জগাই দিয়াৰ গান;
সেয়া আছিল ওৱাজ ককাই মছজিদৰ আজান।
আৰু আমি ল’ছালীমখাই সেই মাততে উঠি
তুলি লৈছিলো হাতত ফলি-পুথি
সেই মাততো নাছিল কোনো দেৱদূতৰ আকাশী গান
সেৱা আছিল ওৱাজ ককাইৰ মছজিদৰ আজান।
ওৱাজ ককাইৰ মছজিদৰ আজান আছিল
আমাৰ শিশু মনত জাগৰণী গান।
দিন সলনি হ’ল
হেজাৰ মানুহ মটৰ-গাডী দোকান পোহাৰ
অহা-যোৱা কিমান কোলাহল।
ওৱাজ ককাইৰ মছজিদটোও হয়তো পকী হ’ল।
হয়তো, কোলাহল ঢাকিবলৈকে
আজানৰ আৱাহনো যন্ত্ৰধ্বনি হ’ল
ওৱাজ ককাইৰ কবৰ ক’তনো আছে
নেজানো তাৰ খবৰ
মছজিদটোৰ গাতে লগাকৈ আছে তেওঁৰ মাজাৰ?
থাকিলে থাকক নাথাকিলে নাই
তালৈ কোনো পৰোৱা নাই!
হয়তো তেওঁ মাটিত শুই বাট চাই আছে কেয়ামতলৈ,
তেওঁৰ মনত নাই কোনো চিন্তা অথবা বেজাৰ।
মাজে মাজে মনৰ চকুত দেখোঁ
হাতত লাখুটি পিঠিত টোপোলা লৈ
ওৱাজ ককাই গৈ আছে সৌৱা বাটৰ কুকুৰ খেদাই
মছজিদৰ সপোনটোকে চকুত লৈ।
মাথোন পুৱতি বেলা
যন্ত্ৰযুগৰ আজানৰ মাত কাণত পৰাৰ লগতে,
বা ঠিক আগতেই, মনৰ চকুত ভাহি উঠে
এটা খেৰী ঘৰ আৰু এটা মাটিৰ মিনাৰ
য’ৰ পৰা ভাহি আহে,
মানুহৰ মাতেৰে মানৱতাৰ গান,
ওৱাজ ককাইৰ মছজিদৰ আজান।
কবি নৱকান্ত বৰুৱাই জীৱনৰ শেষৰ ফালে ৰচনা কৰা এই কবিতাটিৰ ৰচনা কাল: ২৫ জানুৱাৰী— ৬ ফেব্ৰুৱাৰী ২০০১। পুৰণিগুদাম (নগাঁও)ৰ দুলাল বৰাৰ অনুৰোধ মৰ্মে প্ৰকাশ কৰিবলৈ দিয়া এই কবিতাটি শ্ৰীবৰাৰ দ্বাৰা সম্পাদিত ‘বিম্ব-প্ৰতিবিম্ব’ নামৰ স্মৰণিকা (ছবিৰ দিন, ২০০১)ত ছপা হৈছিল। কবিৰ সংকলিত কবিতা পুথিত এই কবিতাটি এতিয়ালৈ সন্নিৱিষ্ট হোৱা নাই। ‘নীলা চৰাই’ৰ অনুৰোধ ৰক্ষা কৰি কবিতাটি পুনৰ প্ৰকাশ কৰিবলৈ অনুমতি দিয়া বাবে শ্ৰীবৰালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ছবি সৌজন্য: কবিৰ নামৰ ফেচবুক পৃষ্ঠা