গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত কেইটিমান ইতিমধ্যে ‘নীলা চৰাই’ৰ পাতত আগবঢ়োৱা হৈছিল। তেখেতৰ আৰু কেইটিমান গীত আগবঢ়োৱা হৈছে। আশা কৰা হৈছে, কণ্ঠশিল্পী আৰু সাধাৰণ পাঠক ইয়াৰ দ্বাৰা উপকৃত হ’ব পাৰিব।
❧ | আৰু পঢ়ক: বিষ্ণুপ্ৰসাদ ৰাভাৰ এমুঠি গীত
গুৰু মোৰ শংকৰ
অ’ গুৰু মোৰ শংকৰ
তৰিবৰে কিনো উপায়?
অ’ গুৰু মোৰ শংকৰ
তৰিবৰে কিনো উপায়?
অ’ গুৰু অ’
ভাটিলৈ যাবলৈ শ্ৰীশংকৰ গুৰু অ’
বালিতে বান্ধিলা পঁজা হে ৰাম ৰাম
বালিতে বান্ধিলা পঁজা।
ছকুৰি ভকতে চাপৰি ধৰিছে
ছকুৰি ভকতে চাপৰি ধৰিছে
আপুনি লগাইছে ঘোষা
হে ৰাম ৰাম আপুনি লগাইছে ঘোষা।
অ’ গুৰু অ’
নাও শিমলুৱা ব’ঠা শিমলুৱা অ’
আৰু শিমলুৱা ছৈ হে ৰাম ৰাম
আৰু শিমলুৱা ছৈ।
ছৈৰে ভিতৰে গুৰুজন বহিছে
ছৈৰে ভিতৰে গুৰুজন বহিছে
ছকুৰি ভকতক লৈ হে ৰাম ৰাম
ছকুৰি ভকতক লৈ।
অ’ গুৰু অ’
সেই নাওখনিতে শিলে ভৰা দিলা
অ’ নাও বুৰোঁ বুৰোঁ কৰে হে ৰাম ৰাম
নাও বুৰোঁ বুৰোঁ কৰে,
নাও বুৰা দেখি শ্ৰীশংকৰ গুৰু
আপুনি কান্ধ পাতি ধৰে
অ’ গুৰু আপুনি কান্ধ পাতি ধৰে।
অ’ গুৰু অ’
মাজ সাগৰতে একেডাল বিৰিখ অ’
মাজ সাগৰতে একেডাল বিৰিখ অ’
তাতে নানান পখীৰ কায়া হে ৰাম ৰাম
তাতে নানান পখীৰ কায়া
ৰজনী পুহালে দশোদিশে গ’লে
এৰিলে বিৰিখৰ মায়া হে ৰাম ৰাম
এৰিলে বিৰিখৰ মায়া।
অ’ গুৰু মোৰ শংকৰ
তৰিবৰে কিনো উপায়?
কিবা যেন নাই আজি নাই
কিবা যেন নাই আজি নাই,
আছে হুমুনিয়াহ হতাশ হিয়াৰ
কৰুণ বিননি— হায়! হায়!
কিবা যেন নাই আজি নাই।
মেলি ধুমুহা তাইৰ কলা চুলিটাৰ
লুকুৱাই তৰা জোন কৰে যে এন্ধাৰ
ক’তেনো বা অকৰুণ সেই কাৰাগাৰ,
যত মোৰ প্রিয়া আছে, মোৰ হিয়াত নাই?
গৰজি ডাৱৰ তুলি বিজুলী নিচান,
দিয়ে শাওণৰ বাৰিষাৰ সমিধান,
ঘনে ঘনে কঁপে মোৰ চকিত পৰাণ,
লগে লগে হয় মোৰ জীৱন বিশাল।
বাহিৰত বৰষুণ পৰে ধাৰাসাৰ
দুগালেদি বয় মোৰ চকুলো দুধাৰ
উচাটন কৰে মোৰ মন যে এষাৰ—
মোৰ প্রিয়া নাই! প্রিয়া নাই!!
আজলি ছোৱালী
আজলি ছোৱালী
নানা ফুল তুলি
আনিলো আঁচল ভৰাই।
সজাই ফুলেৰে
অতি যতনেৰে
বৰালোঁ বৰণ শৰাই।
ৰঙিলি পখিলি
ৰঙা পাখি মেলি
আদৰি নাচি নাচি যায়।
কুলি কেতেকী জাকে
বিৰিখে বিৰিখে
উলাহত গীত গাই যায়।
তোমাক আদৰি
আনে ঐ সাদৰি
শত ভকতৰ দল।
শংখ বাজিছে
বৰকাহ ধ্বনিছে
উঠিছে উৰুলিৰ ৰোল।
জয়া নাই জয়া নাই
জয়া নাই জয়া নাই—
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই।
জয়া নাই জয়া নাই।
জয় সাগৰৰ বুকুৰ মাজত
উঠে চকুলোৰে ঢল
মলয়াই তোলে হিয়া ভগা সুৰ
কৰুণ বিননি ৰোল।
জয়া নাই জয়া নাই—
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই।
জয়া নাই জয়া নাই।
তেজৰ টোপাল চকুলো ওলাল
নয়নৰ পাহি ফালি,
কলিজাৰ চাকি জ্বালিলে দীপালি
বুকুৰ অগনি জ্বালি।
পাৰতে সাজিলে স্মৃতিৰ দেউল
প্ৰেমৰ সুৰভি ঢালি,
স্বামীকো তৰিলে দেশকো ৰাখিলে
নিজকেই দিলে বলি।
জয় দেউলৰ শিৰত বোলালে
সোণৰ গৰিমাবোৰ
আজিও কুলিয়ে কলচীত বহি
তোলে বিননিৰ ৰোল—
জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই।
জয়া নাই জয়া নাই।
জয়া নাই জয়া নাই।
সেই সাগৰৰ তেজৰ টুপিৰে
বোলোৱা ৰাঙলী তুলি
জ্বলোৱা দীপালি চাকিৰ শিখাৰে
হৃদয় শলিতা জ্বালি।
উঠা অসমৰ গাভৰু ছোৱালী
জাগা অসমীয়া দল,
আজিও জয়া হিয়াতেই আছে
নুতুলিবা তেনে ৰোল।
জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই।
জয়া নাই জয়া নাই
জয়া নাই জয়া নাই।
কুৰূৱা বতাহে
কুৰূৱা বতাহে অ’ জুৰকৈ বলিলে অ’
কুৰূৱা বতাহে অ’ জুৰকৈ বলিলে অ’
চিঞৰি মাতিলে অই উষা
অই উষা অই উষা অ’।
পুৱতি নিশাৰে অ’ তৰাৰে চাকিৰে অ’
শলিতা এডালি নিজানতে জ্বলি
ঢিমিকি ঢিমিকি খীণকৈ জিলিকি
মেলানি মেগালি।
বৰনৈ বালিতে অ’ চৰাই উলাহতে
উমলি উমলি জোকাৰি উৰুলি
নামকে জুৰিলে অই উষা অই উষা
অই উষা অ’।
ফুল কুঁৱৰীৰ ৰস চুমি লৈ
ফুল কুঁৱৰীৰ ৰস চুমি লৈ
পলাই ভোমোৰা
মুখ ঢাকি তাই কান্দে লুকাই
আপোন পাহৰা।
সেই ফুলকেই বুটলি আনি
তিয়ালো চকুলো সানি
গাঁথিলো এই ফুলৰ মালা
ৰসেৰে ভৰা।
সেই ফুলৰেই মালাধাৰি
ল’লো মোৰ ডিঙিতে আঁৰি
সেই স্মৃতিকেই সুঁৱৰি
মই হ’লো যে বিভোৰা।
কাৰখানাৰে ছিটিৰ হুমুনিয়াহ
কাৰখানাৰে ছিটিৰ হুমুনিয়াহ—
কলৰ ঘৰ্ঘৰণি বুকু কঁপোৱা,
শুনি শুনি কাঁহৰ মাত কঠুৱা
—কান্দে দুখীয়া বনুৱা।
শুদা মজিয়াত অকলশৰীয়া
বিনাই কোলাত হিয়া লগৰীয়া,
পুৱায় লঘোণ, ভাত নাইকিয়া;
হায় হায় হায় দুর্কপলীয়া!
—কান্দে দুখীয়া বনুৱা।
অসহ জীৱন উটি-ভাহি যোৱা
ভগা-ছিগা মানৱী আমঠু হিয়া
শ্ৰম কৰিও খাবলৈ নোহোৱা
আলই-বিলই হোৱা হজুৱা
—কান্দে দুখীয়া বনুৱা।
দুখীয়াৰ কলিজা নিয়াৰি লৱ
দুখীয়াৰ কলিজা নিয়াৰি লৱ,
টুপি টুপি তেজ শুহি শুহি পিৱ,
ৰুকি ৰুকি মাংস চোবাই খাৱ,
কুৰুহি হাড় কেইডালো চোবাৱ!
হুঁচিয়াৰ হুঁচিয়াৰ!
ধনী মহাজন জমিদাৰ।
হুঁচিয়াৰ হুঁচিয়াৰ!
বিপ্লৱ পথৰে যাত্ৰী আমি
সর্বহাৰাৰ মুক্তিকামী
দর্প ধনীৰ আমি সংগ্রামী
চূর্ণ কৰিম— পণ আমাৰ
হুঁচিয়াৰ হুঁচিয়াৰ
ধনী মহাজন জমিদাৰ
হুঁচিয়াৰ হুঁচিয়াৰ!!
শেষ যুদ্ধৰ আমি ৰণুৱা
পৃথিৱীৰ হালোৱা বনুৱা
হ’ম বিজয়ী আমি দুখীয়া
ক’ত ৰবি ধনী এইবাৰ?
হুঁচিয়াৰ হুঁচিয়াৰ!
ধনী মহাজন জমিদাৰ
হুঁচিয়াৰ হুঁচিয়াৰ!
আমি বিপ্লৱৰ পথলৈ আগুৱাম
বিপ্লৱ-পথৰে যাত্রী আমি
সর্বহাৰাৰ মুক্তিকামী
বিজয়ৰ জয়গান গাই যাম
আমি বিপ্লৱৰ পথলৈ আগুৱাম।
শত শত জনতাৰ
দেখি দুখ হাহাকাৰ
দেখি লাঞ্চনা-বঞ্চনা সর্বহাৰাৰ
কৰিবলৈ অৱসান শোষণৰ অভিযান
গৰজি উঠিল আজি বিপ্লৱৰ প্ৰাণ।
আমি বিপ্লৱৰ পথলৈ আগুৱাম
বিজয়ৰ জয়গান গাই যাম
আমি বিপ্লৱৰ পথলৈ আগুৱাম
গণমুক্তি বাহিনী বনুৱা কৃষকৰ
অভিযান ই যে পঞ্চায়তী শাসনৰ।
ব’ল ব’ল ব’ল কৃষক শক্তিৰ দল
ব’ল ব’ল ব’ল
কৃষক শক্তিৰ দল
অ’ বনুৱা সমনীয়া
আগবাঢ়ি যাওঁ বল।
জাগ জাগ জাগ জাগ
মজদুৰ ন-জোৱান
নিৰ্যাতিত নিপীড়িত
কৃষক শক্তিমান!
তোৰ বাহুতে লুকাই আছে
অসীম শক্তিবল।
ৰণৰ শিঙা বাজে শুন ঐ
আগবাঢ়ি যাওঁ বল।
কিহৰনো ভয়?
আছে অভয় বাণী দেৱতাৰ
শতৰু সউ চৌপাশে ৰয়।
ধনী জমিদাৰ
শোহে কলিজাৰ ৰঙা তেজ
প্রজা দুখীয়াৰ
ধ্বংস কৰ ধ্বংস কৰ
ধনীৰ অহংকাৰ।
দয়া-মায়া নকৰিবি
ক্ষমাৰ দিন যে গ’ল।
হাল কোৰ দা হাতুৰি লই
ৰণলৈ যাওঁ বল।
তই খুৱাৱ বিশ্ববাসীক
মাটি ফালি ধান
তই জোগাৱ ধনী শ্রেণীক
অস্ত্র শক্তিমান।
কাৰখানা-কল তোৰেই সৃজন
পথাৰ সুবহল।
নাঙল কাঁচি হাতুৰি দাৰ
যাদুকৰী ফল
ৰঙা তেজৰ নিচানটি লৈ
আগবাঢ়ি যাওঁ ব’ল।
তেজৰ বোলেৰে লিখি যাম ইতিহাস
তেজৰ বোলেৰে লিখি যাম ইতিহাস
মচি যাম দীন সমাজৰ হীন পৰিহাস
ক’ত শ্বহীদৰ দুঃখৰ জীৱনী লিখা
ক’ত ব্যথিতৰ বেদনাৰ ছবি অঁকা
পৃথিৱীৰ চিৰমুকুতিৰ পথ ৰেখা
ৰচি যাম বহু শোষিতৰ হা-হুতাশ।
ধৰণী কোলাৰ ৰঙা পোৱালেৰে গুঁথি
কলিজা নিয়াৰি তেজৰ টুপিৰে মথি
গাই যাম চিৰসুখৰ সৰগ তুলি
জেউতিৰ নৱ জিলিকনি দিম মেলি।
গাম পীড়িতৰ চিৰ বিজয়ৰ গান
ফিৰাই আনিম দলিতৰ সন্মান,
মৰা জগতৰ হৃদয়ত ঢালি প্রাণ,
আনিম ধৰাত চিৰশান্তিৰ আভাস।
হে বিপ্লৱী বীৰ অধিনায়ক হে
হে বিপ্লৱী বীৰ অধিনায়ক হে
দিয়া অগ্নিবাণী বিপ্লৱৰ
ভাঙা বন্দীশাল কৌটিকালৰ
মুক্তি হওক নির্যাতিতৰ।
তৱ দীপ্ত অনুৰাগে
নিদ্রা আচম্বিত জাগে
জাগে জাগে জাগে
নিপীড়িত দল জগতৰ।
তৱ শুভ আগমনে জ্বলে
ৰক্ত তনু নভ ভালে
দোলে উৰি দোলে
ৰাঙলী পতাকা
পীড়িতৰ দলিতৰ।
❧ | আৰু পঢ়ক:
- বিষ্ণু ৰাভা: নিঘূণ ৰাজনৈতিক উচ্চাৰণ
- অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰাসংগিকতা
- সমাজৰ প্ৰকৃত ৰূপান্তৰত বিশ্বাসী কমৰেড বিষ্ণুপ্ৰসাদ ৰাভা
- বিপ্লৱী-শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা
- বিষ্ণুপ্ৰসাদ ৰাভাৰ এমুঠি গীত