সেই দিনটোলৈ মনত পৰিছে, বিষ্ণু ৰাভা

সেই দিনটোলৈ মনত পৰিছে, বিষ্ণু ৰাভা
  • 13 Jun, 2018

সেই দিনটোলৈ মনত পৰিছে
সিদিনাও আছিল ৰাতি
সাৰে আছিলা তুমি সাৰে আছিল পৃথিৱী
অনন্তকালৰ যন্ত্ৰণাৰ কথা ভাবি
বৰষুণে নিচুকাই আছিল ৰ’দে ডেই নিয়া মাটিক
বৰষুণ মানে চিফুঙৰ পৰা নিগৰি অহা ৰিমঝিম সুৰ
খেতিয়কবোৰে চকুপানী মিহলাই পান কৰিছিল বাতিত

সিদিনা, সেই ৰাতিয়েই কঁকালত শিকলি পিন্ধি লিখিছিলা তুমি
বুকুৰ তেজেৰে পোহৰ হ’ব পোহৰ হ’ব,
পোহৰ হ’ব এদিন আইৰ মুখ
আই মোৰ জনমদুখুনী অসম
বস্তিৰ বনুৱাবোৰে টোপনিতে দেখিছিল উদাসীন শিৱক
আমাৰ আদিম খেতিয়ক পিতা

তুমি যে কৈছিলা দিহিঙে-দিপাঙে ফুলি উঠিব ফুল
সফলতাৰ বিফলতাৰ বাগিচাত তাকে শুনি ৰৈ আছে
বাটে বাটে আমাৰ আইদেউহঁত
ওলগনি গছৰ দৰে তোমাক পঢ়িব হেনো
দাছ-কেপিটেলৰ শেষ পৃষ্ঠাত
আৰু মই এই উজাগৰী ৰাতি লিখি আছোঁ কমৰেড
তোমাৰ তেজে-ঘামে তিতা কাৰাগাৰৰ কাব্যগাঁথা

মইতো তোমাৰ প্ৰেমৰ পথাৰত গজি উঠা ৰূপান্তৰৰ এধানি বীজ
শদিয়াৰ পৰা ধুবুৰীলৈ ঘৰে ঘৰে জ্বলি থকা চাকিৰ সপোন-শলিতা
য’ত শিৱ আৰু পাৰ্ৱতী একাকাৰ
পোহৰাই তোলে নিতে হিয়া
অনাগত দিনৰ বাবে শইচ-শুৱনি দোকমোকালিৰ বাবে

তুমি যে কৈছিলা জয় হ’ব আমাৰ জয়, মৃত্যুৰ পৰাজয়।

❧ | আৰু পঢ়ক: বিৰিঞ্চি ভট্টাচাৰ্যৰ কবিতা ‘বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত’

সেই দিনটোলৈ মনত পৰিছে, বিষ্ণু ৰাভা | সমীৰ তাঁতী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক