বুকুৰ অভ্যন্তৰত অহৰহ বৈ থাকে
এজাক ধুমুহা
তীব্ৰতা বেছি হ’লে মাজে মাজে
তচ্নচ্ কৰি দিয়ে
হৃদয়-মন সকলো।
তথাপি নিঃশেষ কৰিব পৰা নাই
বুকুৰ সেউজীয়া
বিষাদ-ডাৱৰৰ মাজতো দেখোঁ
পোহৰৰ ৰেঙণি,
হতাশাৰ মাজতো
স্বপ্নৰ উক্মুকনি।
প্ৰেমহীনতাতো বিচাৰি ফুৰোঁ
সীমাহীন ভালপোৱাৰ সম্ভাৱনা।
কোৱা শুনো,
দুখবোৰ আঁতৰাই
সুখবোৰ আঁজলি পাতি
ধৰিব পৰাতেই
জীৱনৰ সফলতা।
কিন্তু ইচ্ছা কৰিলেই জানো
খামুচি ৰাখিব পাৰি
সুখৰ মণি-মুকুতা?
আৰু যাগৈ বুলিলেই
লৱৰি গুচি নাযায়
শেলৰূপী শব্দৰ অভিঘাত—
বুকু ভেদি যোৱা।
জী আছোঁ এনেকৈয়ে
মায়াত বন্দী হৈ,
ঠিক যেন খোলাত বন্দী
ৰূপহী পখিলাৰ লেটা হৈ।
খেদি ফুৰিছোঁ মাথোঁ
সুখৰ মৰীচিকা
কিজানিবা সুখ আৰু দুখৰ
ৰামধেনুৱে আনিব পাৰে
জীৱনৰ মাদকতা,
অনুভৱ কৰাব পাৰে—
হৃদয় নামৰ ধুনীয়া পৃথিৱীৰ বিশালতা!
❧ | অধিক কবিতা:
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক