নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

জীৱন-স্বপ্ন

জীৱন-স্বপ্ন

বুকুৰ অভ্যন্তৰত অহৰহ বৈ থাকে
এজাক ধুমুহা
তীব্ৰতা বেছি হ’লে মাজে মাজে
তচ্‌নচ্‌ কৰি দিয়ে
হৃদয়-মন সকলো।

তথাপি নিঃশেষ কৰিব পৰা নাই
বুকুৰ সেউজীয়া
বিষাদ-ডাৱৰৰ মাজতো দেখোঁ
পোহৰৰ ৰেঙণি,
হতাশাৰ মাজতো
স্বপ্নৰ উক্‌মুকনি।

প্ৰেমহীনতাতো বিচাৰি ফুৰোঁ
সীমাহীন ভালপোৱাৰ সম্ভাৱনা।

কোৱা শুনো,
দুখবোৰ আঁতৰাই
সুখবোৰ আঁজলি পাতি
ধৰিব পৰাতেই
জীৱনৰ সফলতা।

কিন্তু ইচ্ছা কৰিলেই জানো
খামুচি ৰাখিব পাৰি
সুখৰ মণি-মুকুতা?
আৰু যাগৈ বুলিলেই
লৱৰি গুচি নাযায়
শেলৰূপী শব্দৰ অভিঘাত—
বুকু ভেদি যোৱা।

জী আছোঁ এনেকৈয়ে
মায়াত বন্দী হৈ,
ঠিক যেন খোলাত বন্দী
ৰূপহী পখিলাৰ লেটা হৈ।

খেদি ফুৰিছোঁ মাথোঁ
সুখৰ মৰীচিকা
কিজানিবা সুখ আৰু দুখৰ
ৰামধেনুৱে আনিব পাৰে
জীৱনৰ মাদকতা,
অনুভৱ কৰাব পাৰে—
হৃদয় নামৰ ধুনীয়া পৃথিৱীৰ বিশালতা!

❧ | অধিক কবিতা:

এই লেখকৰ সকলো লেখা চাওক →
জীৱন-স্বপ্ন | পদ্মা গগৈ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব:

নীলা চৰাই

নীলা চৰাই