নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

মোক আচলতে কি লাগে

মোক আচলতে কি লাগে

সৰুতে লাগিছিল পুতলা গাড়ী, গল্পৰ কিতাপ
ফেণ্টম-ইন্দ্ৰজাল কমিক, স্কেল-পেন্সিল-পেন—
উৰাজাহাজ চাই অলীক ভৱিষ্যৎ সজাৰ সপোন।
তিনিচকীয়া চাইকেলখনৰ লগতে
ব্ৰাদাৰ-ফাডাৰ-চিষ্টাৰ আৰু ছাৰ-বাইদেউৰ
নিভাঁজ চেনেহবোৰ আছিল ব’নাচ।

কৈশোৰত অলপ গধুৰ ভাৱৰ কিতাপ,
জনাথন চুইফ্টৰ পৰা আহৰি পালেই
ডষ্টয়েভ্স্কি, নাইপোল আৰু গান্ধীজী।
একোখন কিতাপ একোজন মানুহ পঢ়ি পেলোৱাৰ দৰে,
অন্তৰখন ভ্ৰমি নাটকৰ চৰিত্ৰবোৰ গমিব পৰাৰ দৰে।

বন্ধু-বান্ধৱীয়ে বিলাইছিল মিঠা সান্নিধ্য,
আলোচনা-বিলোচনা, খং-ঠেঁহ-ৰগৰ
সকলো আছিল সোৱাদভৰা।
পূজা তিথি ঈদ বিহু সকলোতে আছিল
নতুন পোছাক আৰু হেঁপাহৰ সুগন্ধী পিঠা-মিঠাই-লাড়ু
আৰু সুগন্ধ মাংস-পোলাওৰ।

বিয়লিবেলা মৰমৰ পৰিয়াল, আপোন-স্বজন
আৰু দূৰ-দূৰণিৰ বন্ধু-বান্ধৱ সকলো থাকিল।
ঘৰ সজা, ঘৰ ভঙা, হিংসা-হিংসি, বেমাৰ-আজাৰৰ
লগতে ভিতৰ আৰু বাহিৰৰ ৰাজনীতিও দেখিলো।
হাতীৰ দাঁতৰ দৰে এলাগী চেনেহ
আৰু আইৰ আকুলতাৰ তফাতো বুজিলো।

বন্ধু আৰু অবন্ধুৰ মাজৰ মিহি ব্যৱধানখিনি
পলমকৈ হ’লেও চিনিব পাৰিলো।
অগণন চিনাকি-অচিনাকিৰ ভিৰত এটা কোণত
নীৰৱে বহি মোলৈ বাট চোৱা সঁচা বন্ধুৰ
নিৰ্ভেজাল সান্নিধ্যও নিবিচৰাকৈয়ে পালো।

জীৱনৰ নঙলামুখত ৰৈ আজি ভাবোঁ,
মোক আচলতে কি লাগে,—
তাকেইচোন বুজি নাপালো!

আৰু পঢ়িব পাৰে
যুদ্ধৰ কবিতা

যুদ্ধৰ কবিতা

অনিৰ্বাণ দত্ত

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব:

ঈদ মোবাৰক

ঈদ মোবাৰক

হাঁহি

হাঁহি