সৰুতে লাগিছিল পুতলা গাড়ী, গল্পৰ কিতাপ
ফেণ্টম-ইন্দ্ৰজাল কমিক, স্কেল-পেন্সিল-পেন—
উৰাজাহাজ চাই অলীক ভৱিষ্যৎ সজাৰ সপোন।
তিনিচকীয়া চাইকেলখনৰ লগতে
ব্ৰাদাৰ-ফাডাৰ-চিষ্টাৰ আৰু ছাৰ-বাইদেউৰ
নিভাঁজ চেনেহবোৰ আছিল ব’নাচ।
কৈশোৰত অলপ গধুৰ ভাৱৰ কিতাপ,
জনাথন চুইফ্টৰ পৰা আহৰি পালেই
ডষ্টয়েভ্স্কি, নাইপোল আৰু গান্ধীজী।
একোখন কিতাপ একোজন মানুহ পঢ়ি পেলোৱাৰ দৰে,
অন্তৰখন ভ্ৰমি নাটকৰ চৰিত্ৰবোৰ গমিব পৰাৰ দৰে।
বন্ধু-বান্ধৱীয়ে বিলাইছিল মিঠা সান্নিধ্য,
আলোচনা-বিলোচনা, খং-ঠেঁহ-ৰগৰ
সকলো আছিল সোৱাদভৰা।
পূজা তিথি ঈদ বিহু সকলোতে আছিল
নতুন পোছাক আৰু হেঁপাহৰ সুগন্ধী পিঠা-মিঠাই-লাড়ু
আৰু সুগন্ধ মাংস-পোলাওৰ।
বিয়লিবেলা মৰমৰ পৰিয়াল, আপোন-স্বজন
আৰু দূৰ-দূৰণিৰ বন্ধু-বান্ধৱ সকলো থাকিল।
ঘৰ সজা, ঘৰ ভঙা, হিংসা-হিংসি, বেমাৰ-আজাৰৰ
লগতে ভিতৰ আৰু বাহিৰৰ ৰাজনীতিও দেখিলো।
হাতীৰ দাঁতৰ দৰে এলাগী চেনেহ
আৰু আইৰ আকুলতাৰ তফাতো বুজিলো।
বন্ধু আৰু অবন্ধুৰ মাজৰ মিহি ব্যৱধানখিনি
পলমকৈ হ’লেও চিনিব পাৰিলো।
অগণন চিনাকি-অচিনাকিৰ ভিৰত এটা কোণত
নীৰৱে বহি মোলৈ বাট চোৱা সঁচা বন্ধুৰ
নিৰ্ভেজাল সান্নিধ্যও নিবিচৰাকৈয়ে পালো।
জীৱনৰ নঙলামুখত ৰৈ আজি ভাবোঁ,
মোক আচলতে কি লাগে,—
তাকেইচোন বুজি নাপালো!
যুদ্ধৰ কবিতা
অনিৰ্বাণ দত্ত
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
