বিষ্ণুপ্ৰসাদ ৰাভাৰ আবৃত্তি উপযোগী কবিতা

বিষ্ণুপ্ৰসাদ ৰাভাৰ আবৃত্তি উপযোগী কবিতা
  • 12 Jun, 2021

সৈনিক-শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ কেইটিমান আবৃত্তিৰ উপযোগী কবিতা আগবঢ়োৱা হৈছে। কবিতাকেইটি ৰাভাদেৱৰ ‘মুক্তি দেউল’ নৃত্য-নাটিকাৰ পৰা লোৱা হৈছে।

হেৰ’ বিপ্লৱী বিদ্ৰোহী বীৰ

হেৰ’ বিপ্লৱী বিদ্ৰোহী বীৰ!
তোল তোৰ অৱনত শিৰ।
অতদিন তই আছিলি সুসুপ্ত
পৰ পদানত,
নিৰ্যাতিত নিপীড়িত,
দলিত, পতিত…?
আজি এই নতুন যুগত হ তই জাগ্ৰত।

হেৰ’ হেৰ’
অগনি-যুগৰ ৰঙা ফিৰিঙতি শিখা!
জল জল উঠ উঠ
আন কাঢ়ি ৰুদ্ৰ কপালৰ ৰক্ত চন্দ্ৰ কলা ৰেখা।
তুলি ল তুলি ল তই কৰালী কালীৰ
ভীম ভয়ংকৰ খড়্গ,
ভাঙ ভাঙ ভাঙ ভাঙ কাৰাৰ কপাট,
শত অভিশাপপূৰ্ণ এই দুখময় দুৰ্গ।

তই নিজে অনন্ত বিশাল!
দহ শত ফণা তুলি এৰি বিষ-জাল
তই অগ্নিগিৰি
অগনি উগাৰি
জ্বলা জ্বলা শত লক্ষ পাপ অনৰ্গল
হই দাবানল।

তই হিম-গিৰি-শৃংগ গগণ চুম্বক সুউচ্চতা
মৌন গম্ভীৰতা।
তই প্ৰশান্তৰ গভীৰতা,
হৃদয়ত উৰ্মিময় সাগৰৰ মহা অসীমতা,
কল্লোলময়ী বিশালতা…।

তই শক্তিৱান
ক্ষীণ ঋষি দধিচি মহান।
তোৰ অস্থি মহা-অস্ত্ৰ
শোষকৰ মৃত্যু শস্ত্ৰ।
শোষণেৰে পুঞ্জীভূত ধনীৰ মৰণ।
সিহঁতৰ শোষণেই মৃত্যুৰ কাৰণ।
বল্ বল্ বল্ বল্
সাজু হ’বৰে হ’ল— সাজু হ’বৰে হ’ল।
ভাঙ ভাঙ
দুৱাৰৰ দাং।

কৌটি দলিতৰ গান
আনে বিপ্লৱী বান।
সৱে মিলি ভাঙে কাৰাদ্বাৰ
মুক্ত কাৰাবাসীগণ
ওলায় দলিত জন
ভাঙি-মেলি কাৰাৰ দুৱাৰ,
গাই মুকুতিৰ গান,
তুলি অগ্নিবাণ।

ভাঙ্ ভাঙ্ ভাঙ্ ভাঙ্

ভাঙ্ ভাঙ্ ভাঙ্ ভাঙ্
লোহাৰ শিকলি ভাঙ্,
ছিঙ্ ছিঙ্ ছিঙ্ ছিঙ্
দাসৰ বান্ধোন ছিঙ্।

খোল খোল খোল খোল
কাৰাৰ ফাটক খোল,
ভাঙ্ ভাঙ্
দুৱাৰৰ দাং।

শুন সৌৱা শুন শুন
ঘোষিছে ৰণ বিষাণ,
মুক্ত আকাশে উৰে
দীপ্ত ৰঙা নিচান,
ৰক্তেৰে ৰঞ্জিত
সূৰুয উদীয়মান
শুন মুকুতিৰ সূৰুযৰ আহ্বান
হালোৱা হজুৱা হেৰ’ মজুৰ কিচান।
মুক্তিমান মুক্তিমান মুক্তিমান!

শোষকৰ দল আজি হ’ব অৱসান
পেষকৰ সঁচ কৰ সাং।

বুদ্ধ হ’ল অৱৰুদ্ধ

বুদ্ধ
হ’ল অৱৰুদ্ধ…
হিংসাৰ কাৰাত হ’ল অহিংসা নিৰুদ্ধ
মিছা হ’ল অহিংসা প্ৰচাৰ
হ’ল চউপাশে দিশে হিংসাৰ প্ৰসাৰ
অহিংসাৰ বক্ষ ভেদি হ’ল হিংসা অঙ্কুৰি,
উজ্জীৱিত,
বিকশিত,
পল্লৱিত,
কুসুমিত।

স্বার্থ অন্ধ যত
ধনী মানী জমিদাৰ
যোগী হ’ল যান্ত্ৰিকতাৰ
পেষক, শোষক ধন-তান্ত্রিকতাৰ
পিন্ধি মুখা অহিংসাৰ
চলালে নতুন ৰণ প্ৰতিযোগিতাৰ

ৰণ
মহাৰণ…
দিশে দিশে
দেশে দেশে
জ্বলিল অগনি, মহাৰণ দাবানল,
সুখৰ ধৰণী ছাই হ’ল;
হ’ল ধৰা ছাৰখাৰ
চুৰ্চুমই চুৰমাৰ;
উঠিল পৃথিবী জুৰি ৰোল হাহাকাৰ
বুকু ভগা হিয়া ছিগা ‘হায়’-হতাশাৰ…

এই ৰণ অতি ভয়ংকৰ,
ভীষণ কৰালময় দ্বিতীয় সমৰ।…
…সেই সমৰত যত হালুৱা-বনুৱা
মুকুতিৰ আশাতেই হ’লহি ৰণুৱা,
জাপ দিলে হাঁহি-মুখে ভীষণ যুঁজত,
লাখে লাখে সেনাৰূপে হ’ল হতাহত,
ৰণ বিৰতিৰ পাছে হ’ল কাৰাবাস,
পুনৰ ধনীৰ হ’ল দাস…।

…সেই অন্ন-ভূমিহীন দল
যাৰ মাথোঁ উপবাস জীৱিকা-সম্বল,
যাৰ দেহ ৰক্তেৰে
ৰঞ্জিত পোৱালেৰে
বিভূষিতা ধনীৰ গৃহিনী
ৰাঙ, চৰি ৰাঙী হয় ঔ গাল চকলা দুখনি,
ওঁঠৰ লুৰীত দোলে ইদ্ৰধনুৰ ৰঙা বেঁকা
হেঙুলীয়া ঘূৰণীয়া ৰেখা;
মৃণাল ভূজীয়া কৰি হস্তৰে প্ৰাস্তুৰে
চম্পা-কলীয়া মিহি কুমলীয়া আঙুলিৰে
ডাঁৰে ডাঁৰে
আঁৰে আঁৰে
জিলিকি জিলিকি উঠে
ৰঙা নখ ৰক্তিম মালিকা,
যাৰ
হিয়া আমঠুৰ কলিজাৰ
ধনী জমিদাৰ জলৌকাৰ
দন্ত-ক্ষত ঘাঁৰ
ধেতুৰ কলীয়া ক’লা দাগৰ মহীৰে
বোলোৱা ধুনীয়া ধনু-ভিৰীয়া ভূৰূৰে
বংকিম ঠাৰৰ পাশে কাম দেৱতাৰ
পঞ্চ-শৰ-ধনু হাৰে।

যাৰ
পাই ঘাম সাৰ
ধৰণী উপচি পৰে ফুল-মূল-ফল
জীৱনী সম্বল;
যাৰ হা-হুমুনিয়াহ
উগাৰে ভাপৰ যন্ত্ৰ এৰি উশাহ-নিশাহ,
পৃথিৱীৰ গৰ্ভ অন্তৰৰ
কয়লা পাথৰ
যাৰ শকতিত নিৰ্ভৰ;
যাৰ হৃদ মন্দাকিনী
ধৰাৰ অন্তনিৰ্ঝৰিণী
ভূমি তৈল খনি,
শূন্য অন্তৰীক্ষ বক্ষ ফালি
যাৰ বাহুবলে আনে শকতি-বিজুলী।

সেই অন্ন-ভূমিহীন দল
ধৰণীৰ কৌটি কৌটি সর্বহাৰা দল
কাৰাগাৰ হৃদয়ত তোলে কোলাহল।

বন্দীসৱ অতীব চঞ্চল
মুকুতিৰ আশে অবিৰল
হৃদ-আকাশত গোঁথে জল সপোনৰ
চিৰ-সুন্দৰ দেউলৰ,
য’ত
সত্য থাকে অবিৰত
তমোহৰদেৱে কৰে ধ্যান
মানৱৰ মংগল কল্যাণ;
মুক্তিৰ বিধান;
মুক্তি আলোকত হয় বিশ্ব আলোকিত
হয় উদ্ভাসিত
চিৰ সুন্দৰ…;

যাৰ অভ্যন্তৰ
তোলে আলোড়ন উঠি সুৰ মনোহৰ
এক সাম্য-অমৃত ৰাগৰ।

বন্দী সৱে হয় উন্মাদ
কাৰাৰ প্ৰাচীৰ ভেদি আহে আৰ্তনাদ।

হেৰউ কৃষক

হেৰউ কৃষক,
প্রথম বিপ্লৱী বীৰ প্ৰকৃতিৰ বক্ষ-বিদাৰক।
ধৰণীৰ বুকু ফালি
নাঙলৰ ফাল তুলি
পোনে পোনে তয়ে লখিমীক লভিছিলি
আজিনো লখিমী ক’ত? ক’ত হেৰুৱালি?…
লোকৰ ফাঁকিত পৰি হলি
শোষণৰ দাস-মজুৰ-শ্রমিক।
ধিক্ ধিক্ জীৱনত ধিক্‌!

হেৰউ নিলাজ!
মুকুতিৰ সেনা-সাজে সাজে আজি সাজ!
ব’ল ব’ল বল আগবাঢ়ি
কৰিব লাগিব আজি লখিমী উধাৰ।

হেৰউ কুমাৰ!
মাটিৰ শিলৰ তই আদিশিল্পী পুৰণি ধৰাৰ।
ব’ল ব’ল আগবাঢ়ি
গুচি আহ তাক এৰি
পঢ়িব লাগিব তই নতুন জীৱন
ঘূৰাই নতুন চাক কৰি নৱ-নবীন সৃজন।

তাম হাৰী! তাম হাৰী!
তাম্র-যুগ সভ্যতাৰ আদি সৃষ্টকাৰী
তয়ো আহ সাজি-পাৰি
নাথাকিবি পিছ পৰি।
স্ৰজিব লাগিব এই নতুন সৃজন—
হ’ব নৱ যুগ প্ৰৱৰ্তন!

হেৰউ কঁহাৰ!
তয়ো আদি যুগ সৃষ্টিকাৰ।
সৰ্বহাৰা হই আজি কিয় তই কৰ হাহাকাৰ!
তয়ো আহ, তয়ো আহ হেৰ জুহাল হাপৰ এৰি
খনতা, হাতুৰী পৰিহৰি।

ৰূপোৱাল!
সোণোৱাল!
নাথাকি শালত পৰি
ব’ল ব’ল আগুৱাই বল।

তহঁতৰ সুপ্ত
মহান শকতি লুপ্ত
জগাবৰ হল, আজি জগাবৰ হ’ল—
দেহা তোল, তয়ো দেহা তোল।

হেৰউ কমাৰ!
বিদ্রোহী বিপ্লৱী যুগান্তৰ মথ-সৃষ্টিকৰ।
মহতী সভ্যতা তোৰে দান।
আহ আহ, ব’ল ব’ল হই আগুৱান
এৰি তোৰ শালৰ নিয়াৰী
বলী তোৰ হাতিয়াৰ ধৰি
ফালি ঘোপমৰা অন্ধকাৰ
জগতৰ নৱ নৱ যুগ সভ্যতাৰ
মহা মহা স্ৰষ্টা সৃষ্টিকাৰ।…

❧ | আৰু পঢ়ক: জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু উপযোগী কবিতা

আজি আথানিত পৰি কৰ হাহাকাৰ
জ্বলাৱ বুকুত তই অগনি চিতাৰ!
হই দাস শোষকৰ
হলি নিজে কল-কাৰখানাৰ।

ৰ’বৰ সময় নাই
ব’ল ব’ল গাই গাই
আগুৱান গান
এৰি অগ্নিবান…।

বিষ্ণু ৰাভাৰ আবৃত্তি উপযোগী কবিতা

❧ | আৰু পঢ়ক:

বিষ্ণুপ্ৰসাদ ৰাভাৰ আবৃত্তি উপযোগী কবিতা | বিষ্ণুপ্ৰসাদ ৰাভা

Follow Nilacharai on Facebook