নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত

বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত

বিষ্ণু ৰাভা,
মাটিৰে সাজি দিওঁ
যদি তোমাৰ মূর্তি
এতিয়াও কৰিবানে অভিনয়
বাণ মঞ্চত
অথবা নাচিবানে
শিৱৰ তাণ্ডৱ নৃত্য
বিশ্বভুৱন কঁপায়?

বিষ্ণু ৰাভা,
তুমি এদিন
য’ত ৰ’দ ৰুলা
তাত বসন্তই
কিমান যে ফুল ফুলালে
এতিয়াও যেন
ছটা ঋতুতে
স্বদেশৰ অৰঙে দৰঙে
ঘূৰি ফুৰিছা তুমি,
এতিয়াও যেন
তোমাৰ পিছে পিছে
হাতত জোঁৰ লৈ
ৰণুৱা বনুৱাৰ
বিৰাট মিছিল।
যি দেশত
এদিন তুমি ঘূর্ণী বতাহতো
আশাৰ ফুল ফুলা দেখিছিলা
সেই দেশত আজি
চৌদিশে পুৱতি পোৰাৰ গোন্ধ।
আজি জন্মভূমিৰ
পিৰালিৰ ৰ’দ গৈ
তোমাৰ সমাধিত বহিছে,
আজি তোমাৰ ফটোত
খৰিকাজাঁই ফুলৰ মালা।

জীয়াই থাকোঁতে
শ্রদ্ধাই তোমাক
প্ৰতাৰণা কৰিলে এবেলা
জীয়াই থাকোঁতে
শৰীৰত অনবৰতে
ঘামৰ গোন্ধ
আজি য’তেই
তোমাৰ সভা
তাতেই সুগন্ধি ধূপৰ গোন্ধ।

বিষ্ণু ৰাভা,
বাৰ মাহতেই
জাতিটোৱে তোমাৰ সমাধিলৈ গৈ
বিষ্ণু ককাইদেউ,
শান্তিৰে শুইছানে—
বুলি মাতিলে
কি ক্ষতি হয়?
বিশ জুনত আদৰ
একৈশ জুনত অনাদৰ—
আমাৰ এনে কাণ্ড দেখি
সপ্তৰ্ষিমণ্ডলেও
খিলখিলাই হাঁহে।

❧ | আৰু পঢ়ক: বিপ্লৱৰ অগ্নিশিখা

এই লেখকৰ সকলো লেখা চাওক →
বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত | বিৰিঞ্চি ভট্টাচাৰ্য

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: