বিষ্ণুপ্ৰসাদ ৰাভাৰ এমুঠি গীত

বিষ্ণুপ্ৰসাদ ৰাভাৰ এমুঠি গীত
  • 16 Jun, 2018

সমীয়া কৃষ্টি-সংস্কৃতিলৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অনেক অৱদানৰ ভিতৰত অন্যতম হৈছে নিভাঁজ অসমীয়া মাত-সুৰেৰে এমুঠি চিৰসেউজীয়া গীত। সৈনিক-শিল্পী বুলি কোৱা বিষ্ণু ৰাভাৰ গীতত প্ৰেম আৰু বিদ্ৰোহ— দুয়োকে পোৱা যায়। অসমীয়া মানুহৰ বুকুৰ আপোন ৰাভাদেৱৰ কেইটিমান গীতৰ কথা কণ্ঠশিল্পী তথা সাধাৰণ পঢ়ুৱৈৰো কামত আহিব পাৰে বুলি নীলা চৰাইৰ পাতত আগবঢ়োৱা হ’ল।

❧ | আৰু পঢ়ক: বিষ্ণুপ্ৰসাদ ৰাভাৰ আৰু এমুঠি গীত

মোৰ কবিতাৰ ছন্দ লাগি

মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগেনে
কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগেনে?

নাচে তৰা ছন্দে ছন্দে
বিশ্ব ভৰা মহানন্দে
সেই উলাহত হৰষ লাগি
হিয়াত নাচোন উঠেনে?

ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ
বাজে মন-বাঁহী মোৰ
সেই সুৰতেই শাঁত কৰি লৈ
পৰিবনে হিয়া জুৰ?

ছেৱে ছেৱে ফুলে ফুল
গোন্ধতে আমোলমোল
সেই ছেৱতে পুলক জগাই
এবাৰ হিয়াই নাচেনে?

অ’ অসমীয়া ডেকা দল

অ’ অসমীয়া ডেকা দল
আজি তোৰ তেজাল বদন
মলিন কিয় হ’ল

দুৰ্গম নদ পাহাৰ গিৰী
লম্ভিছিলে ডেকাগিৰি
সুন্দৰ শংকৰে লৰি কৰিছিলে তল
দেখুৱাইছিল জগত জুৰি
অসীম বাহুৰ বল অ’
অসীম বাহুৰ বল
সিয়ো যে তোৰ নাইকিয়া হ’ল

কীৰ্তন দশম নামঘোষা
হওঁক আমাৰ শৌৰ্য
নাট গীত নাম বৰগীত
হওক ৰণৰ তুৰ্য
আৰ্হি তেওঁৰ এই অসমৰ
হওক অসীম বীৰ্য
অসমীয়া সমনীয়া
আগবাঢ়ি যাওঁ ব’ল অ’
আগবাঢ়ি যাওঁ ব’ল।

সুৰৰে দেউলৰে

সুৰৰে দেউলৰে ৰূপৰে শিকলি
ভাঙি দিলি খুলি দুৱাৰ সোণোৱালী
পূজাৰী অ’
সুন্দৰ পূজাৰী অ’

যাউতি যুগীয়া বৰগীত অমিয়া
বনগীত সুৰীয়া বনগীত সুৰীয়া অ’
গোৱা অসমীয়া প্ৰাণ মন ভৰি
পূজাৰী অ’ সুন্দৰ পূজাৰী অ’

তোৰে পৰশতে প্ৰাণৰে হৰিষে
তিয়াগী শুকুতি পাই ঐ মুকুতি
ৰাগৰে মুৰতি উটি ভাহি ফুৰে উৰি
পূজাৰী অ’

শংখ বজোৱা বৰকাঁহ বজোৱা
আৰতি লগোৱা বন্তি জ্বলোৱা
অতি উলাহেৰে আদৰি
পূজাৰী অ’
সুন্দৰ পূজাৰী অ’।

অ’ পূজাৰী

অ’ পূজাৰী আদৰি
দিলোঁ এই বৰণ শৰাই
পূজাৰী দিলোঁ এই বৰণ শৰাই
বিয়পি ধৰণী শুনো ৰিণি ৰিণি
জগতৰ নানা বিলাই
হৰি নাম ভকতি হৰি নাম ৰকতি
হৰি নাম মুকুতি পাই
বশ্য ভকতৰ কৃষ্ণৰ কিংকৰ
সুন্দৰ শংকৰ কিয় নাই
ভকতি ফুলেৰে মালা আদৰেৰে
দিলোঁ যতনে পিন্ধাই
শংখ কাঁহ মুৰুলী
জোকাৰে উৰুলী
তোমাৰে মহিমা গাই
নামঘৰ চোতালে
নিতাল খোলে তালে
গোবিন্দৰ নাম গুণ গাই।

আজি মন্দিৰ দুৱাৰ খোলা

আজি মন্দিৰ দুৱাৰ খোলা
বহে মিলন উত্‍সৱ মেলা
শুনো মংগল আৰতিৰ গান
নাচি উঠে ভকতৰ প্ৰাণ
অ’ তোৰ হ’ল যে পূজাৰ বেলা
আজি মন্দিৰ দুৱাৰ খোলা।

স্বাগত নৱাগত অতিথি
হিয়াত ফুলাম আসন থৈছোঁ পাতি
পুষ্পিত মন্দিৰ কানন বীথি
ফুলনিৰ তলসৰা তুলি ফুল মনোহৰা
গাঁথিলোঁ উলাহে মালা
অ’ তোৰ হ’ল যে পূজাৰ বেলা।

বিশ্বৰ ছন্দে ছন্দে

বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা
নাচা তমোহৰদেউ নাচা
বন্দে, বন্দে আজি সৱ ভকতবৃন্দে
তব চৰণ কমল বন্দে।

জ্বলোৱা সাগ্নিক তপ হোম বহ্নি
বিনাশক এন্ধাৰ তবজয়ী অগ্নি
বিশ্বৰ দেউলত জ্ঞানৰে বন্তি
আলোকৰে শিখা উঠক নাচি
অজ্ঞান এন্ধাৰ বিনাশি, পুলকানন্দে।

নাচোনৰ তালে তালে পুষ্পিত বননি
:ছেৱে ছেৱে হালে জালে বিকশিত ফুলনি
আমোলমোল কৰে শুৱনি ধৰণী
পুষ্পিত সুবাসিত গন্ধে
বন্দে, বন্দে আজি সব ভকতবৃন্দে
বন্দে তব চৰণ কমল বন্দে।

| ডাউনলোড কৰক: বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘অসমীয়া কৃষ্টিৰ চমু আভাস’

লগন উকলি গ’ল

লগন উকলি গ’ল
তেও যে নহ’ল কোৱা
মনৰ কথাটি মোৰ
হিয়াত গুপুতে থোৱা।

কিমান হেঙুলী ঊষা
কিমান জোনালী নিশা
মিছাতেই গ’ল মোৰ
কিমান গধুলি পুৱা।

মলয়াই কাণে কাণে
মনৰ বাতৰি আনে
নিখিলৰ সুৰে সুৰে
হিয়াইও গান জোৰে
শুনিছানে সেই সুৰ
পৰাণত তোলা মোৰ
হৃদয়ৰ গোৱা গান
ভালপোৱা ভালপোৱা।

পৰজনমৰ শুভ লগনত

পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা
পূৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা?

এই জনমৰ কুসুমমালা
যতনে তুমি গাঁঠি ৰাখিলা
কাহানিও তুমি নিপিন্ধালা
শূন্য মোৰ বুকু হ’ল যে উকা।

এই জীৱনৰ আঁউসী ৰাতি
চকুলো টুকি যায় যে কাটি
কাহানিও সুখৰ ৰূপহী জোনাই
হৃদয়তে জিলিকণি নিবিলায়,
এই জীৱনৰ গোপন কথা
গুপুতে থাকি দিয়ে যে বেথা
কাহানিও তুমি নেদেখিলা
শোকৰে ছবি হিয়াত অঁকা।

নাহৰ ফুলে নুশুৱাই

নাহৰ ফুলে নুশুৱাই
তগৰ ফুলে শুৱাব
তগৰ ফুলে নুশুৱাই
কপৌ ফুলে শুৱাব
কপৌ ফুলে নুশুৱাই
যদি ঘিলা খোপাতে তোৰ
হিয়াফুল এপাহি দিম
গুজি খোপাতে মনোহৰ।

মহাসাগৰ সিঁচি আনিম
সাত মাণিকৰে ধন
মেঘৰ বুকু ফালি ছিঙিম
বিজুলীৰ ফুল কোমল
মাণিক ফুলে নুশুৱাই
যদি সাতসৰীতে তোৰ
হিয়া ফালি পিন্ধাম
তেজাল পোৱালমণি মোৰ।

মোৰ জীৱনৰ আকাশতে

মোৰ জীৱনৰ আকাশতে
ইন্দ্ৰধনু গঢ়িম
সাত ৰঙেৰে মিনা কৰাই
মৰমেৰে তৰিম।

কিনকিনিয়া চকুলোৰে
হুমুনিয়াহৰ ভাপকণেৰে
প্ৰণয় সুৰুয দেৱতাৰে
জিলিকণি সানিম।

মেদুৰ মেঘৰ মাদল কোবাই
গগন গগনা আলফুলে বাই
বিজুলী নটীৰ নাচোনটি চাই
দেও দি দেও দি নাচিম।

টিলাই টিলাই ঘূৰি ফুৰে

টিলাই টিলাই
ঘূৰি ফুৰে উলাহেৰে
খাম্‌টি ছোৱালী
ঘন কলীয়া মেঘৰে
আঁৰে আঁৰে
ৰং মনেৰে খেলি ফুৰে
নাচনী বিজুলী।

বনৰে বনৰীয়া
ডেকাকে ধুনীয়া দেখি
থমকি থমকি নাচে তাই
টিঙতে উজলি।
পোৱালৰ ৰঙা মণি
তাইৰে গাল দুখনি
বুকুত লৰি
আভা ঢালি কৰে ৰাঙলী।

লাজতে লাজুকী তাই
মিচিকি হাঁহিৰে চায়
দুটি নয়ন পাহি মেলি
খাম্‌টি ছোৱালী
কাষ চাপোঁতেই
তাৰে বুকুত পৰে ঢলি
খাম্‌টি ছোৱালী।

উটি যা ৰূপালী নাও

উটি যা ৰূপালী নাও
উটি যা ৰূপালী নাও

জুৰকৈ বা জুৰকৈ বা
অ’ মোৰ পচোৱা মলয়া বা
দেখি তোৰ শুকুলা পাল
হিয়া মোৰ মাৰে নিতাল
শুনি তোৰ মৃদুল সুৰ
শিয়ঁৰি উঠে মোৰ গা

লুইতৰ বুকুৰে ঢল
নাচি কৰে তলমল
যায় ব‍ই কলকল
তোলে সুমধুৰ ৰাও
উটি যা উটি যা
ৰূপালী নাও।

❧ | আৰু পঢ়ক: নৱকান্ত বৰুৱাৰ ‘বিষ্ণু ৰাভা: প্রতীক আৰু প্ৰতিমা’

বিলতে হালিছে

বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল
সেই ফুলে ফুলে পখিলা উৰিছে
সানিছে ৰেণুৰে বোল।

গছৰে ডালতে গাইছে কুলিয়ে
কুউ কুউ কৈ
দূৰ দূৰণিতে জুৰিটিয়ে নাচিছে
জিৰ জিৰ জিৰ জিৰ কৈ
নিজান বননিতে কেতেকী চৰাইয়ে
সুহুৰি মাৰিছে ৰৈ।

❧ | আৰু পঢ়ক:

বিষ্ণু ৰাভাৰ গীত
বিষ্ণুপ্ৰসাদ ৰাভাৰ এমুঠি গীত | বিষ্ণুপ্ৰসাদ ৰাভা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক