ভাৰত ভূমি নাটকৰ দেশ। প্ৰাচীন কালৰে পৰা ভাৰতত নাট্য চৰ্চা যে অতি বিজ্ঞানসন্মতভাৱে চলিছিল, তাৰ সাক্ষ্য ভৰতৰ নাট্যশাস্ত্ৰৰূপী নাট্য-বিজ্ঞান। ভাৰতীয় নাট্যৰ দুটা ধাৰা— মাৰ্গী আৰু দেশী। সংস্কৃত নাটক মাৰ্গী আৰু লোকনাট্যসমূহ দেশী ধাৰাৰ অন্তৰ্গত। কিন্তু দেশী ধাৰাৰ নাটকতো কিছু পৰিমাণে মাৰ্গী গুণ থাকে। এয়া হয়তো সংস্কৃত নাটক বা শাস্ত্ৰীয় সংগীতৰ প্ৰভাৱৰ বাবে হ’ব পাৰে। কিন্তু সচেতনভাৱে লোকনাট্য আৰু মাৰ্গী গুণ সংযোজনৰ দ্বাৰা এনে কিছু নাটকৰ সৃষ্টি হ’ল, যিবোৰৰ পৰা দেশী আৰু মাৰ্গী পৃথকে উলিয়াই দেখুৱাব পৰা নাযায়। অৰ্থাৎ ইটো সিটোৰ লগত প্ৰায় সংপৃক্ত।
অসমৰ অংকীয়া নাট এই শ্ৰেণীৰ নাট। ঠিক সেইদৰে কৰ্ণাটকৰ যক্ষগান নামৰ গীতিনাট্যসমূহো এই শ্ৰেণীত পৰে। অতি প্ৰাচীন কালৰে পৰা কৰ্ণাটকত বৃহত্তৰ সাংস্কৃতিক ঘটনা প্ৰৱাহ চলি আহিছে। যক্ষগান এই ঘটনা প্ৰৱাহৰে এটি দিশ। অৱশ্যে পূৰ্ণ ৰূপ পৰিগ্ৰহ কৰে ১৬শ-১৭শ শতিকাত। যক্ষগানৰ হোতা স্বৰূপে কোনো এজন নাট্যকাৰ বা শিল্পীৰ নাম ল’ব পৰা নাযায়। কিন্তু অংকীয়া নাটৰ জনক, প্ৰতিপালক আৰু ৰূপ প্ৰদায়ক এজনেই— শ্ৰীমন্ত শঙ্কৰদেৱ, যি একাধাৰে নাট্য ৰচনা, পৰিচালনা আৰু অভিনয়ৰ পৰা গীত-বাদ্য আদিলৈকে সকলো দিশতে পাৰ্গত আছিল। অংকীয়া নাটৰ সৃষ্টি পঞ্চদশ শতিকাতে হয়।
যক্ষগান আৰু অংকীয়া,— দুয়োবিধেই মুক্তাংগনত অভিনীত হয়। অংকীয়া নাট নামঘৰতো অভিনীত হয়, কিন্তু নামঘৰৰ মজিয়াখনো মুক্তাংগনৰে প্ৰতিৰূপ। যক্ষগান কেতিয়াবা ওখ ঢাপৰ ওপৰতো অনুষ্ঠিত হয়। অংকীয়া নাটৰ অভিনয় দৰ্শকৰ লগত একেটা ভূমিস্তৰতে হয়। অৱশ্যে পৰীক্ষামূলকভাৱে আবদ্ধ মঞ্চতো অভিনয় কৰাৰ চেষ্টা চলিছে। এই বিষয়ে প্ৰচুৰ আলোচনাৰ প্ৰয়োজন আছে। যক্ষগানৰ যিদৰে ৰাজনৈতিক অস্থিৰতা আৰু সামাজিক অশান্তিৰ সময়তে দক্ষিণ কৰ্ণাটকত বিকাশ ঘটে, অংকীয়া নাটৰ সৃষ্টিয়েই কেৱল নহয়, শঙ্কৰদেৱৰ বৈষ্ণৱী চিন্তাৰ বিকাশো অসমত তেনে সময়তেই হয়।
অঙ্কীয়া ভাওনাৰ পৰম্পৰা ৰক্ষাত আহাৰ্য
সমীৰণ জ্যোতি হাজৰিকা
মঞ্চ প্ৰক্ৰিয়াও দুয়ো ক্ষেত্ৰতে পায় একে পৰ্যায়ৰ। সৰল মঞ্চই সাধাৰণভাৱেই অসাধাৰণ মঞ্চায়নৰ বৰঙনি যোগায়। অংকীয়াৰ দৰেই যক্ষগানৰো ছোঁঘৰ মঞ্চৰ পৰা নাতিদূৰত থাকে। অৱশ্যে যক্ষগানৰ ছোঁঘৰত গণেশ বা মুখাম্বিকাৰ প্ৰতিকৃতি থাকে আৰু গণেশ বন্দনা হয়, অংকীয়াৰ ছোঁঘৰত তেনে কাৰ্য নহয়।
শ্ৰীমন্ত শঙ্কৰ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ অংকীয়া আৰু ঝুমুৰাৰ সাহিত্যিক মূল্য উচ্চ স্তৰৰ। এই নাটসমূহৰ আধাৰ ৰামায়ণ (ৰাম বিজয়) আৰু ভাগৱত পুৰাণ হ’লেও থলুৱা আৰু ভূমিজাত বিষয় বা ঘটনাপ্ৰৱাহৰ কলাসুলভ বৈশিষ্ট্য এইবোৰ নাটকত বিদ্যমান। এই কথা গোটেই ভাৰততে এটা সময়ত, অৰ্থাৎ ১৬শ-১৭শ শতিকাত পৰিলক্ষিত হৈছিল। সেয়ে যক্ষগানো তাৰ পৰা আঁতৰ হ’ব পৰা নাছিল।
পৰৱৰ্তী কালত গুৰু দুজনাৰ আদৰ্শেৰে বহু নাট ৰচিত হয় (নগাঁৱৰ ৰূপহী হাইস্কুলৰ শিক্ষক হৰেন কলিতাদেৱে প্ৰায় দুই শতাধিক হাতে লেখা ভাওনাৰ নাটক সংগ্ৰহ কৰি থৈছে বুলি জানো)। কিন্তু অংকীয়া নাটক আৰু ঝুমুৰাকেইখনৰ বাহিৰে পৰৱৰ্তী বহুসংখ্যক নাটক কেৱল মনোৰঞ্জন তথা অভিনয়ৰ খাতিৰতে ৰচিত বুলি ক’লেও অত্যুক্তি কৰা নহয়। সেই কথা যক্ষগানৰ ক্ষেত্ৰতো খাতে। সাহিত্যিক প্ৰমূল্যতকৈ অভিনয়ৰ ওপৰত গুৰুত্ব দি ৰচিত হ’লেও সাংস্কৃতিক ঘটনাপ্ৰৱাহৰ দিশলৈ লক্ষ্য ৰাখি এইসমূহ নাটকৰো সাহিত্যিক মূল্যাংকন কৰিব পৰা যায়।
যক্ষগানৰ ‘ভাগৱতাৰ’জন অংকীয়া নাটৰ সূত্ৰধাৰীৰ অনুৰূপ। মঞ্চৰ পিছফালে কেন্দ্ৰীয় স্থানত হাতত তাল লৈ বহে ভাগৱতাৰ। অংকীয়াৰ সূত্ৰৰ দৰে ভাগৱতাৰজন নাটৰ মুখ্য নিৰ্দেশক, আবৃত্তিকাৰ আৰু পৰিচালক, তেওঁৰ লগত ঢোল লৈ বহে বাদক আৰু এজন ‘শুতি’ বাদক। সোঁফালে অলপ আঁতৰত ‘চন্তে’ বাদকজন বহে। (অৱশ্যে অংকীয়াৰ সূত্ৰধাৰৰ দৰে ভাগৱতাৰৰ নৃত্য নাই।)
নাঙেলী গীতৰ ৰূপ-ৰস
তৰুণ আজাদ ডেকা
দৰ্শকসকল বাকী তিনিওফালে বহে। মঞ্চৰ পিছফালে বিশাল মুকলি ঠাই অন্ধকাৰাচ্ছন্ন, সেয়ে অভিনেতা-অভিনেত্ৰীসকলে দ্ৰুত প্ৰৱেশ-প্ৰস্থান কৰিবলৈ সুযোগ পায়। যক্ষগানৰ পূৰ্বৰংগক ’সভালক্ষণ’ বোলা হয়। ইয়াৰ তিনিটা ভাগ—
১. ছোঁঘৰত গণেশ বা মুখাম্বিকাৰ বন্দনা (যিটো অংকীয়া নাটত অনুপস্থিত। অংকীয়া নাটৰ গন্ধবাদন অৰ্থাৎ মূল অনুষ্ঠানৰ আগদিনা ৰাতি গন্ধ গোৱা প্ৰথা যক্ষগানত অনুপস্থিত।) মুখাম্বিকাৰ বন্দনাৰ পাছত বাদ্যসহকাৰে ভাগৱতাৰে এটি শ্লোক আৰু তাৰ পাছত কোদংগি বোলা কম বয়সীয়া ল’ৰাৰে গঠিত সংগীসকলৰ লগত হনুমনায়ক বোলা বিদূষকৰ সংলাপ পৰিৱেশন কৰে।
২. হনুমনায়ক আৰু ভাগৱতাৰৰ মাজত সংলাপ।
৩. ভাগৱতাৰৰ শ্লোক। দুজন কম বয়সীয়া নৰ্তকে বাল-গোপাল আৰু শ্ৰীকৃষ্ণ-বলোৰাম ৰূপে প্ৰৱেশ কৰি নৃত্য পৰিৱেশন কৰে। প্ৰায়ে সত্যভামা আৰু ৰুক্মিণী চৰিত্ৰই প্ৰৱেশ কৰি লাস্য নৃত্য কৰে।
এই পাতনিৰ শেষত মূল নাটকৰ পৰা ভাগৱতাৰে ‘প্ৰসংগ’ অৰ্থাৎ পদৰ আবৃত্তি কৰে। ভাগৱতাৰৰ গীতৰ মাজেৰে পাত্ৰ পৰিচয় দিয়া হয়।
অংকীয়া নাটৰ পূৰ্বৰংগ অৰ্থাৎ যোৰা (গাণিকা), ধেমালি গোৱাৰ অন্তত সূত্ৰধাৰে প্ৰৱেশ কৰি নান্দী শ্লোক আৰু গীতত ‘হাত’ দিয়ে। সংগীসকলৰ সহযোগত নাট্য পৰিচয় হয়। প্ৰৱেশৰ গীতৰ অন্তত মূল পাত্ৰ ৰাম বা কৃষ্ণই প্ৰৱেশ কৰে, তাৰ পাছত অন্যান্য ভাৱৰীয়া পৰ্যায় আৰু প্ৰয়োজন সাপেক্ষে প্ৰৱেশ কৰে। অংকীয়া নাটত যিদৰে আঁৰকাপোৰ ধৰি পাত্ৰৰ প্ৰৱেশ ঘটোৱা হয়, যক্ষগানতো সেই কাৰ্য কৰা হয় যদিও কিছু পাৰ্থক্য দেখা যায়। দুজন মানুহে ধৰি থকা এখন জাকজমকীয়া কাপোৰৰ আঁৰত থাকি এজন অভিনেতাই প্ৰতিজন অভিনেতাৰ প্ৰৱেশ ঘোষণা কৰে। ভাগৱতাৰে প্ৰতিজন অভিনেতাৰ গুণ বৰ্ণনা কৰে। এজন এজন পাত্ৰ দৃষ্ট হোৱাৰ অন্তত সমূহীয়া প্ৰৱেশ ঘটে। আঁৰকাপোৰৰ আঁৰত থাকি পাত্ৰ-পাত্ৰীয়ে ভূমিত প্ৰণাম কৰে আৰু আঁৰকাপোৰ কিছু অৱনমিত কৰি পাত্ৰই পৃষ্ঠ দৰ্শন আৰু নৃত্যও পৰিৱেশন কৰে। এপাকত আঁৰকাপোৰ ধৰাজনে হঠাৎ টান মাৰি কাপোৰ আঁতৰাই দিয়ে আৰু জাকজমকীয়া সাজ-পাৰ আৰু বিশেষ ধৰণে তৈয়াৰ কৰা বৈশিষ্ট্যপূৰ্ণ শিৰোভূষণসহ পাত্ৰৰ সম্পূৰ্ণ অৱয়ব দৃষ্টিগোচৰ হয়। এই অংশক ‘ওড্ডোলোগা’ বোলা হয়। অংকীয়া নাটত কিন্তু ভাৱৰীয়া আহি টুপত স্থান লোৱা সময়কণৰ বাবেহে চেলেং চাদৰৰ আঁৰকাপোৰ থাকে। প্ৰণামৰ অন্তত আঁৰকাপোৰ আঁতৰ কৰি পাত্ৰ-পাত্ৰীয়ে গীতৰ লগত নৃত্ত কৰি বা বীৰ-অসুৰ আদিয়ে বাদ্যভংগীৰ লগত সংগতি ৰাখি দ্ৰুত নৃত্তযোগে প্ৰৱেশ কৰি গীত, পদ, সূত্ৰৰ ব্যাখ্যা আৰু বচনযোগে নাটকক গতি দিয়ে (‘নৃত্য’ আৰু ‘নৃত্ত’ দুটা পৃথক শব্দ)। যক্ষগানতো তদ্ৰুপ অভিনয় হয়।
আমি এই অতি চমু টোকাটিৰে অংকীয়া নাট আৰু যক্ষগানৰ তুলনামূলক অধ্যয়ন কৰিব খোজা নাই এইবাবেই যে ই এক গৱেষণাৰ দ্বাৰাহে সম্ভৱ। কাৰণ যক্ষগান বা দক্ষিণ ভাৰতৰ অন্যান্য নৃতা-নাট্যৰ আহাৰ্য বা বেশ-ভূষা, অংগসজ্জা আদি কাৰ্য ইমান বিশাল আৰু নিকপকপীয়া যে সেইভাগ আলোচনা কৰিবলৈকে এক সুকীয়া প্ৰবন্ধৰ প্ৰয়োজন। বাদ্য আৰু গীতৰ ৰাগসমূহৰ বিষয়েও তদ্ৰুপ তুলনামূলক আলোচনা হ’ব পাৰে। তথাপি এই চমু আলোচনাত প্ৰবৃত্ত হোৱাৰ কাৰণ হ’ল ‘এৰা আৰু ধৰা’ কাৰ্যৰ বাবে। অৰ্থত আজি অসমত বেছি সংখ্যক লোকে বিশেষকৈ তথাকথিত শিক্ষিত লোকে অংকীয়া এৰিছে বা অন্যান্য ভাওনাও এৰিছে। যক্ষগানক কিন্তু কৰ্ণাটক, অন্ধ্ৰ, তামিলনাডুৰ লোকসকলে ধৰিছে, গৱেষণা কৰিছে, বিশুদ্ধতা আনিছে, ভাৰতৰ বাহিৰত প্ৰদৰ্শিত হৈছে, বিশ্বৰ বিভিন্ন প্ৰান্তত গৱেষকসকলে গৱেষণা কৰিছে। আধুনিক কালৰ কাহিনী লৈয়ো যক্ষগান ৰচিত হৈছে। যিখিনি অংকীয়া নাটৰ ক্ষেত্ৰত হোৱা নাই। অন্যান্য গীতি-নাট্যৰ যিবোৰত মুখাৰ প্ৰয়োগ হয়, সেইবোৰত মুখাৰো উৎকৰ্ষ সাধিত হৈছে, কিন্তু অসমত মুখাশিল্পৰ অৱনতি ঘটিছে। কৰ্ণাটকত যক্ষগানৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন হৈছে। এই নাটৰ নৃত্যৰ তাণ্ডৱ কিংবা লাস্যভাগক প্ৰয়োগ কৰি আবদ্ধ মঞ্চৰ বাবে ৰচিত নাটকক জাতীয় ৰূপ প্ৰদানৰ প্ৰচেষ্টা হৈছে।
আমাৰ ভাওনাৰ ক্ষেত্ৰত তদ্ৰুপ কাৰ্য হোৱা দূৰৈত থাওক, যথাযথভাৱেও ভাওনা মধ্য অসমতহে তিষ্ঠি আছে। নগাঁও, শোণিতপুৰ, লখিমপুৰ আদি জিলাতেহে বিশুদ্ধ অংকীয়া (?) বৰ্তি আছে। ৰাগভিত্তিক গীতৰ বিশুদ্ধতা, নৃত্য আৰু নৃত্তৰ বিশুদ্ধতা আৰু বিশেষকৈ বেশ-ভূষাৰ বিশুদ্ধতা বিলুপ্তিৰ পথত। বেংগলৰ ‘ৰয়েল’ আহি ‘ৰয়েল বেংগল’ হৈ আমাৰ বেশ-ভূষাক গ্ৰাস কৰিছে।
আমি আশাবাদী। অসমীয়া সাহিত্য-সংস্কৃতিয়ে বিশুদ্ধ ৰূপ পৰিগ্ৰহ কৰিবলৈ ওলাইছে। সত্ৰীয়া নৃত্যই, বৰগীতে ভাৰতৰ ৰসিকসকলৰ মন মুহিছে। এয়াই উৎকৃষ্ট সময়— অংকীয়া নাট-ভাওনাৰ বেশ-ভূষা, গীত-ৰাগ, বিশেষকৈ নৃত্ত আৰু নৃত্যভাগৰ বিশুদ্ধতাৰে পৰিৱেশন কৰিবলৈ যুৱশক্তি আগবাঢ়ি অহাৰ।
সহায়ক পুথি:
- Yakshagana: Martha Bush Ashton & Bruce Christie, Melbourne, Australia
- Traditional Indian Theatre (পৰম্পৰাগত ভাৰতীয় নাট্য): Dr Kapila Vatsyayan (ড° কপিলা বাৎসায়ন)।
ফিচাৰড্ ইমেজ:
যক্ষগান: Sandeepkdeepu (ৱিকিমিডিয়া কমন্স CC4)
সত্ৰীয়া: অনজন ডেকা
অংকীয়া নাটৰ উৎপত্তি আৰু বৈশিষ্ট্য
নবীন বৰঠাকুৰ

দৰঙী লোক-পৰিৱেশ্য কলা: খুলীয়া ভাউৰীয়া
ড° মোহিনী গোস্বামী

শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰসংগ: ভক্তিসে পৰম লাভ জানি
শ্বাৱন কুমাৰ মহন্ত
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক





