আ মাৰ ৰাজ্যখনত নিতৌ নতুন নতুন সমস্যাই ৰাইজক জুৰুলা কৰি আহিছে। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ জুই-ছাই দাম, সন্দেহযুক্ত অবৈধ নাগৰিকৰ অবাধ ভিৰ, নাৰী নিৰ্যাতন, সীমা সমস্যাৰ জটিল ৰূপ, ভেজাল ঔষধৰ পয়োভৰ, বিদ্যালয়ত শিক্ষকৰ অভাৱ, অনিয়মিত বিদ্যুৎ যোগান, বিদ্যুৎ কৰ্তন আদি এশ-এবুৰি সমস্যাই জনসাধাৰণক অৱশ কৰি তুলিছে। এনে অনেক সমস্যাৰ কথা আলোচনা কৰিব পাৰি, সমস্যাবিলাকৰ কথা বাতৰি কাকতত লিখিব পাৰি, দিল্লী-দিছপুৰত ধৰ্ণা দিব পাৰি, প্ৰতিবাদ কৰিব পাৰি; কিন্তুু কোনোটো সমস্যাৰ বিপৰীতে সাধাৰণতেই কৰ্তৃপক্ষৰ সঁহাৰি পোৱা নাযায়। চৰকাৰৰ গা নলৰে। সমস্যা সমাধানৰ বাবে চিঞৰি চিঞৰি জনসাধাৰণৰ প্ৰতিবাদী কণ্ঠ অৱশ হৈ পৰিছে।
আমাৰ সমাজৰ বিভিন্ন স্তৰত যিসমূহ সমস্যা আৰু দুৰ্নীতিয়ে দৈনন্দিন জীৱনত জটিলতাৰ সৃষ্টি কৰিছে, তাৰ ভিতৰত অন্যতম ভুক্তভোগী হ’ল গ্ৰাহক আৰু উপভোক্তাসকল। বিভিন্ন বয়বস্তু তথা সা-সামগ্ৰীৰ ওজন, পৰিমাপ আদিৰ নামত অসাধু ব্যৱসায়ীয়ে ঠগবাজী কৰি মুনাফা লুটাৰ কুট-কৌশলেৰে গ্ৰাহক ৰাইজক কৰি অহা প্ৰতাৰণা সম্পৰ্কত আলোচনা কৰাই হ’ল আমাৰ এই লেখাৰ মূল উদ্দেশ্য।
সাম্প্ৰতিক সময়ছোৱাত নিত্য প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত গ্ৰাহকসকল প্ৰায়ে প্ৰতাৰিত হোৱা দেখা যায়। এইটো স্পষ্ট যে আমাৰ দেশত অধিকাংশ লোকেই অজ্ঞ আৰু অশিক্ষিত। গতিকে তাৰ গইনা লৈ অসাধু ব্যৱসায়ীসকলে তেওঁলোকক ঠগিবলৈ চেষ্টা চলায়। চাহ বাগিচাকে ধৰি কল-কাৰখানাৰ সহজ-সৰল শ্ৰমিকসকল, গ্ৰাম্য অঞ্চলৰ কৃষক তথা দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা বনুৱা শ্ৰেণী সততে এনে শোষণৰ বলি হোৱা দেখা যায়। সাধাৰণতে আমাৰ দেশত খাদ্য সামগ্ৰীকে ধৰি প্ৰায়বোৰ সামগ্ৰীৰ ভেজালকৰণ, সুবিধা বুজি মূল্য লোৱা, বিজ্ঞাপনৰ চমক সৃষ্টিৰে প্ৰতাৰণা কৰা আদি অনেক দিশৰ পৰা প্ৰতাৰিত হৈ জনসাধাৰণে দুৰ্ভোগ ভুগিবলগা হৈ আহিছে।
সচৰাচৰ নিম্নবিত্ত আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ মূল আয়ৰ আধাতকৈ বেছি অংশ ব্যয় হয় সাজ-পোছাক আৰু খাদ্যত। এনে শ্ৰেণীৰ লোকসকলে কম মূল্যত অধিক সামগ্ৰী বিচৰাৰ বিপৰীতে ব্যৱসায়িক শ্ৰেণীটোৱে আৰ্থিক লাভালাভৰ প্ৰতি অধিক দৃষ্টি দিয়ে। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিততেই গঢ় লৈ উঠিছে খাদ্য ভেজালকৰণ প্ৰক্ৰিয়া। কাপোৰ বা সাজ-পোছাক বিক্ৰীৰ ক্ষেত্ৰতো বহুত কাপোৰ দেখুৱাই গ্ৰাহকক বিবুধিত পেলাই কথাৰ ফুলজাৰিৰে নিম্ন মানৰ কাপোৰ অধিক দামত দিয়া, একে সামগ্ৰীকে দুজন গ্ৰাহকক দুটা বেলেগ বেলেগ দামত বিক্ৰী কৰা, ভাল বুলি পতিয়ন গৈ কিনি অনা কাপোৰ এবাৰ ধুই দিয়াৰ পাছতে ফিচিকি যোৱা আদি অভিযোগসমূহ সাধাৰণ কথাত পৰিণত হৈছে। কিনি অনা বস্তুটো জোখত কম, গুণত কম, ওজনত কম। কিন্তু গ্ৰাহকে কোনো ওজৰ-আপত্তি নকৰাকৈ কিনি আনে। কিনি অনাৰ পাছত ‘হ’ব লগাই আছিল’ বুলি মনে মনে আশ্বাস লয়। গতিকে এজন গ্ৰাহক দোকানলৈ গ’লেই চলে-বলে-কৌশলে কেনেকৈ কিবা সামগ্ৰী বিক্ৰী কৰিব পাৰি সেই মানসিকতাই ব্যৱসায়ীসকলৰ মাজত গঢ় লৈ উঠিছে। যাৰ বাবে দোকানে-পোহাৰে, হাটে-বজাৰে গ্ৰাহকসকলে প্ৰায়ে ঠগ খাই আহিছে।
কেৱল কাপোৰ-কানি বা খাদ্য সামগ্ৰীয়েই নহয়, খোৱা পানী যোগান, বিজুলী যোগান, পৰিবহণ, চিকিৎসা-সেৱা আদি ব্যৱস্থাৰ লগত জড়িত একাংশ কৰ্মচাৰীৰ দুৰ্নীতিমূলক কাৰ্যৰ কাৰণেই প্ৰকৃত সেৱা প্ৰাপ্তিৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থ ক্ষুণ্ণ হৈছে। এনে ব্যৱস্থাৰ পৰা হাত সাৰিবৰ বাবেই গ্ৰাহকসকলৰ শিক্ষা আৰু সচেতনতাৰ নিতান্তই আৱশ্যক। গ্ৰাহকৰ সচেতনতাইহে গ্ৰাহকসকলক সুৰক্ষিত কৰিব পাৰে। এইটো ঠিক যে সকলো গ্ৰাহকেই সচেতন হোৱাটো সম্ভৱ নহয়। কিন্তুু কিছু গ্ৰাহক সচেতন হ’লে অৱস্থাৰ পৰিৱৰ্তন যে নিশ্চিতভাৱে ঘটিব, তাত দ্বি-মত হ’বলগা নিশ্চয় নাই।
আমাৰ দেশত উল্লিখিত ধৰণৰ অসৎ কাৰ্য প্ৰতিৰোধৰ বাবে গ্ৰাহক সুৰক্ষা আইনৰ প্ৰৱৰ্তন আছে যদিও এই দিশত গ্ৰাহকসকল সচৰাচৰ উদাসীন হৈ আছে। বহু লোক এতিয়াও গ্ৰাহক সুৰক্ষা আইন সম্পৰ্কে জ্ঞাতও নহয়। ১৯৮৬ চনত ক্ষতিপূৰণ দিয়াৰ বিধানেৰে আমাৰ দেশত গ্ৰাহক সুৰক্ষা আইন প্ৰৱৰ্তন কৰা হৈছে। গ্ৰাহকৰ স্বাৰ্থ ৰক্ষাৰ্থে প্ৰণয়ন কৰা গ্ৰাহক সুৰক্ষা আইনৰ মুখ্য উদ্দেশ্য হৈছে গ্ৰাহকক অধিক সুৰক্ষা প্ৰদান কৰা। অন্যান্য উদ্দেশ্যসমূহ হ’ল:- স্বাস্থ্য হানিকৰ খাদ্য সামগ্ৰীৰ বজাৰ বন্ধ কৰা।- সাগ্ৰীৰ পৰিমাণ, গুণাগুণ আৰু মূল্যৰ বিষয়ে গ্ৰাহকক অৱগত কৰি অসৎ ব্যৱসায় ৰোধ কৰা।- আৱশ্যকীয় সামগ্ৰী প্ৰতিযোগিতামূলক দৰত গ্ৰাহকৰ বাবে সহজসভ্য কৰি তোলা- উপযুক্ত স্থানত গ্ৰাহকৰ সকলো অভাৱ-অভিযোগ নিষ্পতি কৰি গ্ৰাহকৰ স্বাৰ্থৰ সুৰক্ষা দিয়াৰ লগতে অনৰ্থক শোষণৰ পৰা ৰক্ষা কৰা।- গ্ৰাহকক নায্য-প্ৰাপ্তিৰ বিষয়ে শিক্ষিত কৰি তোলা।
গ্ৰাহক সুৰক্ষা আইনে গ্ৰাহকক ছটা অধিকাৰ প্ৰদান কৰিছে। এই অধিকাৰ ছটা হৈছে:
- (১) সুৰক্ষাৰ অধিকাৰ: গ্ৰাহকে ক্ৰয় কৰা সামগ্ৰী ব্যৱহাৰৰ উপযোগী হ’ব লাগিব। জীৱন আৰু স্বাস্থ্যৰ বাবে হানিকৰ হ’ব নোৱাৰিব।
- (২) সবিশেষ জনাৰ অধিকাৰ: সামগ্ৰী কিনাৰ আগতে কিনিব বিচৰা সামগ্ৰীবিধৰ গুণাগুণ, দাম আদি আগতেই গ্ৰাহকজনে জনাৰ সুবিধা থাকিব লাগিব।
- (৩) পছন্দ কৰাৰ অধিকাৰ: কিনিব বিচৰা সামগ্ৰীবিধ পছন্দ-অপছন্দৰ বিষয়টো গ্ৰাহকজনৰ নিজা কথা।
- (৪) ওজৰ-আপত্তি কৰাৰ অধিকাৰ: যিকোনো এবিধ সামগ্ৰী কিনাৰ পাছত কিবা অভিযোগ থাকিলে তাৰ বিচাৰৰ বাবে গ্ৰাহকজনে বিনা মাচুলে বিচাৰালয়ত আপত্তি দিব পাৰে।
- (৫) ক্ষতিপূৰণ পোৱাৰ অধিকাৰ: কোনো সামগ্ৰী কিনি ঠগ খালে লোকচানৰ ক্ষতিপূৰণ বিচাৰালয়ে নিৰ্ধাৰণ কৰি দিয়াৰ পাছত বিক্ৰেতাই সেই পৰিমাণৰ ক্ষতিপূৰণ গ্ৰাহকজনক দিব লাগিব।
- (৬) শিক্ষাৰ অধিকাৰ: গ্ৰাহক হিচাপে জানিব লগা বিষয় জনাৰ অধিকাৰ প্ৰতিজন গ্ৰাহকেই লাভ কৰিব।
গ্ৰাহক সুৰক্ষা আইনৰ অধীনত গ্ৰাহকক সুৰক্ষা দিয়াৰ কাৰণে তিনি তৰপীয়া আইনী ব্যৱস্থাও আছে। কেন্দ্ৰ আৰু ৰাজ্য পৰ্যায়ত গ্ৰাহক সুৰক্ষা পৰিষদ, জিলা পৰ্যায়ত জিলা গ্ৰাহক সুৰক্ষা সন্থা বা ‘ফৰাম’, লগতে গ্ৰাহক বা উপভোক্তাৰ বিবাদ বা অভিযোগ নিষ্পত্তিৰ কাৰণে কেন্দ্ৰ, ৰাজ্য আৰু জিলাত তিনি খলপীয়া বিচাৰ ব্যৱস্থাৰ গঠন কৰা হৈছে। গ্ৰাহকসকলে কোনোধৰণৰ মাচুল নভৰাকৈ এগৰাকী অধিবক্তাৰ সহায়ত অভিযোগ দাখিল কৰিব পাৰে। তিনি মাহৰ ভিতৰত বিবাদৰ নিষ্পত্তি কৰাৰ নিয়মো এই আইনী ব্যৱস্থাত ৰখা হৈছে। যদি কোনো গ্ৰাহকৰ সামগ্ৰী বা সেৱাৰ মূল্য আৰু ক্ষতিপূৰণৰ মূল্য সৰ্বমুঠ বিশ লাখ টকাৰ অধিক নহয়, তেন্তে তেওঁ জিলা গ্ৰাহক সুৰক্ষা আদালতত, আকৌ যদি গ্ৰাহকৰ সামগ্ৰী বা সেৱাৰ মূল্য আৰু ক্ষতিপূৰণৰ মূল্য সৰ্বমুঠ বিশ লাখ টকাৰ অধিক কিন্তুু এক কোটি টকাতকৈ কম হয় তেতিয়া তেওঁ ৰাজ্যিক গ্ৰাহক সুৰক্ষা আদালতত গোচৰ তৰিব পাৰে। গ্ৰাহক সুৰক্ষা আইনৰ অধীনত তৰা গোচৰৰ ভিত্তিত গ্ৰাহকগৰাকী যদি বিজয়ী হয়, তেন্তে জিলা, ৰাজ্যিক বা ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা আদালতে বিক্ৰেতা বা সেৱাৰ যোগান ধৰোঁতাজনক—
(ক) ক্ষতিপূৰণ
অথবা (খ) সামগ্ৰী বা সেৱাৰ মূল্য ওভতাই দিয়া
অথবা (গ) ত্ৰুটি আঁতৰোৱাৰ বাবে নিৰ্দেশ
অথবা (ঘ) ত্ৰুটিপূৰ্ণ সামগ্ৰী সলনি কৰি ভাল সামগ্ৰী যোগানৰ নিৰ্দেশ দিব পাৰে।
যদি কোনো গ্ৰাহকে জিলা পৰ্যায়ৰ গ্ৰাহক সুৰক্ষা আদালতৰ ৰায়ত সন্তুষ্ট নহয়, তেন্তে তেওঁ পৰ্যায়ক্ৰমে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা আদালতত গোচৰ তৰিব পাৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ আদালতৰ ৰায়তো অসন্তুষ্ট হ’লে ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা আদালতৰ ৰায়দানৰ ত্ৰিশ দিনৰ ভিতৰত মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব পাৰে। এই আইনৰ অধীনত শাস্তি প্ৰদানৰো ব্যৱস্থা আছে। যদি কোনো বিক্ৰেতাই আদালতে দিয়া নিৰ্দেশ পালন নকৰে, তেন্তে—
(ক) ন্যূনতম এমাহৰ পৰা সৰ্বাধিক তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড
অথবা (খ) ন্যূনতম দুই হাজাৰ টকাৰ পৰা সৰ্বাধিক বিশ হাজাৰ টকাৰ জৰিমণা
অথবা (গ) কাৰাদণ্ড আৰু জৰিমনা উভয় শাস্তি প্ৰদান কৰিব পাৰে।
জিলা আৰু ৰাজ্যিক উভয় আদালতেই একোজনকৈ সভাপতি আৰু সৰ্বাধিক দুজন সদস্যৰে গঠিত হোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা আদালত এজন সভাপতি আৰু সৰ্বাধিক চাৰিজন সদস্যৰ দ্বাৰা গঠিত হয়। গ্ৰাহক সুৰক্ষা আইনৰ আন এটা মন কৰিবলগা দিশ যে ইয়াত নাৰীৰ ভূমিকাক বিশেষ মৰ্যাদা দিয়া হৈছে। গ্ৰাহক সুৰক্ষা আইনখন ১৯৯৩ চনত আংশিকভাৱে সংশোধন কৰা হৈছিল। গ্ৰাহক সুৰক্ষা আইন মতে পেকেট কৰা প্ৰতিটো বস্তুৰ পেকেটৰ ওপৰত বস্তুৰ ওজন, মূল্য, কোন তাৰিখত প্ৰস্তুত কৰা হৈছে আৰু কিমান দিনলৈ ব্যৱহাৰৰ উপযোগী হৈ থাকিব, সেয়া উল্লেখ থকাটো বাধ্যতামূলক।
দৰাচলতে কেন্দ্ৰীয় চৰকাৰে ১৯৮৬ চনত গ্ৰহণ কৰা গ্ৰাহক সুৰক্ষা আইনৰ পূৰ্বতেই গ্ৰাহকৰ সুৰক্ষাৰ হেতু কেইবাখনো আইন প্ৰৱৰ্তন কৰিছিল। এই আইনবোৰৰ ভিতৰত অত্যাৱশ্যকীয় সামগ্ৰী আইন, অত্যাৱশ্যকীয় সামগ্ৰী যোগান আৰু চোৰাং বজাৰ ৰোধ আইন, একচেতীয়া আৰু সীমিত ব্যৱসায় প্ৰথা আইন, ঔষধ আৰু প্ৰসাধন সামগ্ৰী আইন আদি। একেদৰে খাদ্যবস্তু ভেজালকৰণৰ দিশত ১৯৫৪ চনতে খাদ্যবস্তু ভেজাল নিষিদ্ধকৰণ আইন গ্ৰহণ কৰা হৈছিল আৰু এই আইনখন ১৯৫৫ চনৰ পৰাই বলবৎ কৰা হয়। পৰৱৰ্তী সময়ত এই আইনখন কেইবাবাৰো সংশোধন কৰি জনসাধাৰণক সুৰক্ষা দিবলৈ যত্ন কৰা হৈছে যদিও বাস্তৱ ক্ষেত্ৰত ভেজালকাৰীসকলে নিকৃষ্ট প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ সদায়েই যত্ন কৰি আহিছে। আনহাতে একচেতীয়া ব্যৱসায় নিয়ন্ত্ৰণ আইনৰ জৰিয়তে ভ্ৰান্তিমূলক বিজ্ঞাপন, দাম-দৰ আদি কাৰ্যৰ দ্বাৰা গ্ৰাহকক প্ৰৱঞ্চনা কৰিলে গ্ৰাহকক ক্ষতিপূৰণ দিয়া, কাৰাদণ্ড বিহা আদি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়।
গ্ৰাহকৰ বাবে অতিকে প্ৰয়োজনীয় বিষয়টো হ’ল যিকোনো সামগ্ৰী ক্ৰয় কৰোঁতে পাবলগা ৰচিদখন। দেখা যায়, প্ৰায় ক্ষেত্ৰতেই দোকানীয়ে গ্ৰাহকক ৰচিদখন নিদিয়ে আৰু গ্ৰাহকেও ৰচিদ নিবিচাৰে। গ্ৰাহকক সুৰক্ষা দিবলৈ হ’লে আৰু ঠগ খোৱা সামগ্ৰীৰ বাবে ক্ষতিপূৰণ দাবী কৰিবলৈ হ’লে সামগ্ৰী কিনাৰ ৰচিদ (কেশ্ব্ মেমো) খন অতি প্ৰয়োজন। সেই ৰচিদখনৰ জৰিয়তেহে গ্ৰাহকজনে আদালতত অভিযোগ উত্থাপন কৰিব পাৰে। গতিকে গ্ৰাহকে নিজে সচেতন হৈ দোকানীৰ পৰা ৰচিদ লোৱাটো প্ৰয়োজন।
আনহাতে এখন ঘৰৰ চাৰিসীমাৰ ভিতৰত ৰন্ধা-বঢ়াৰ পৰা আদি কৰি সকলো দিশ পৰিচালনাৰ দায়িত্ব যিহেতু ঘৰখনৰ গৃহিনীগৰাকীৰ ওপৰত ন্যস্ত থাকে, সেয়ে বজাৰৰ পৰা কিনি অনা সামগ্ৰীসমূহো পোনপতীয়াকৈ গৃহিনীগৰাকীৰ আয়ত্তলৈ আহে। সেয়ে প্ৰতিগৰাকী গৃহিনীয়ে সচেতনতাৰে সামগ্ৰী কিনোতে দিয়া মূল্য আৰু সামগ্ৰীৰ গুণাগুণ ৰিজাই চালে কেৰোণ থকা সামগ্ৰী সহজতে দৃষ্টিলৈ আহিব আৰু সংশ্লিষ্ট পক্ষৰ ওচৰত আপত্তি দৰ্শাবলৈও সহজ হ’ব। এইক্ষেত্ৰত আন এটা আৱশ্যকীয় দিশ হ’ল সামগ্ৰীৰ মান চিনিব পৰা অৰ্হতা আৰু প্ৰতাৰিত হোৱা বুলি বুজি পালে প্ৰতিবাদ কৰিব পৰা মনোবল থকাটো।
গ্ৰাহক সুৰক্ষা আইনে গ্ৰাহকসকলক প্ৰদান কৰা অধিকাৰ মতেই যিকোনো সামগ্ৰী কিনিবলৈ যাওঁতে সামগ্ৰীবিধৰ গুণাগুণ, প্ৰস্তুতকৰণৰ সময়, মূল্য আদি সকলো তথ্য বিক্ৰেতাই গ্ৰাহকগৰাকীক জনাবলৈ বাধ্য থাকে। গ্ৰাহকগৰাকীৰ মনঃপুত নহ’লে সেই সামগ্ৰী এৰি অন্য বিক্ৰেতাৰ ওচৰলৈ গৈ তেনে সামগ্ৰী কিনাত বাধা দিয়াৰ অধিকাৰ কোনো লোকৰে নাই।
এক কথাত, গ্ৰাহকসকলৰ আগ্ৰহ আৰু সজাগতাৰ ওপৰতে প্ৰচলিত ঠগ-প্ৰৱঞ্চনা আৰু দুৰ্নীতি ৰোধ কৰিব পৰা যাব। কাৰণ আমি প্ৰতিদিনে কৰি অহা খৰচ আমাৰ উপাৰ্জনৰ ওপৰতেই নিৰ্ভৰ কৰে আৰু আমাৰ সচেতনতাইহে জমা আৰু খৰচৰ মাজত সমতা ৰক্ষা কৰিব পাৰিব। সেয়ে প্ৰতিগৰাকী সচেতন ব্যক্তিয়েই নিজে সজাগ হৈ, অজ্ঞ ব্যক্তিসকলকো এনে ঠগ-লুণ্ঠনৰ বিপক্ষে সচেতন কৰি তোলা অত্যন্ত প্ৰয়োজনীয়। তেতিয়াহে আমি পকেটৰ ধন খৰচ কৰি কিনা সামগ্ৰীসমূহৰ প্ৰকৃত মূল্যৰ বিপৰীতে উপযুক্ত সেৱা লাভ কৰিবলৈ সক্ষম হ’ম।
❧ | আৰু পঢ়ক: