নাঙেলী গীতৰ ৰূপ-ৰস

নাঙেলী গীতৰ ৰূপ-ৰস
  • 23 May, 2026

লো কজীৱনৰ আশা-আকাংক্ষা, সুখ-দুখ, হৰ্ষ-বিষাদ, বিভিন্ন বিশ্বাস, অনুভূতি আৰু জীৱন যাত্ৰাৰ পৰা আহৃত অভিজ্ঞতাৰ আৱেগ-উদ্বেলিত গীতিময় অভিব্যক্তিয়েই লোকগীত। লোকগীত লোকসংস্কৃতিৰ অন্যতম মুখ্য উপাদান। ভিন্ন বিষয় আৰু ভিন্ন ৰূপৰ লোকগীতসমূহে সমকালীন একো-একোখন সমাজৰ প্ৰতিচ্ছবি প্ৰতিফলিত কৰি আহিছে। লোকজীৱনৰ সৈতে নৃত্য-গীতৰ সম্পৰ্ক অংগাংগী, সেইবাবে লোকগীত বা লোকনৃত্যত অকুটিল, নিৰভিমান, সৰল লোকজীৱনৰ চিত্ৰ অভিব্যঞ্জিত হয়। কথা আৰু সুৰৰ বৰ্ণময় আংগিকেৰে সমৃদ্ধ অসমৰ লোকগীতৰ ক্ষেত্ৰখনি অতিকে বিশাল। বিহুগীত, বনগীত, হুঁচৰি, আইনাম, বিয়ানাম, থিয়নাম, নাগাৰা নাম, ওজাপালি, শীতলা গোসাঁনীৰ নাম, দুৰ্গা গোসাঁনীৰ নাম, মহ খেদা গীত, চিয়া গীত, ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত, কমলা কুঁৱৰীৰ গীত, মণিৰাম দেৱানৰ গীত, জিকিৰ, জাৰী, নাওখেলৰ গীত, টোকাৰী গীত আদি অজস্ৰ সুৰীয়া, প্ৰাণপৰশা লোকগীতে অসমৰ সাংস্কৃতিক জীৱন বৰ্ণাঢ্য আৰু বৈচিত্ৰ্যপূৰ্ণ কৰি ৰাখিছে।

লোকজীৱনৰ ভাৱোচ্ছ্বাসৰ স্বতঃস্ফূৰ্ত প্ৰকাশ এনে বহু লোকগীত বা লোকনৃত্য কালৰ কুটিল গৰ্ভত জাহ গ’ল, যিবোৰৰ উদ্ধাৰ বা সংৰক্ষণ আজি সুদূৰ পৰাহত। পিছে বিলুপ্তিৰ গ্ৰাসত ককবকাই থকা এনে বহু সাংস্কৃতিক সমল বা সম্পদো আছে—যিবোৰৰ মৃত্যু-কাতৰ আৰ্তনাদ আজি অসমৰ আকাশে-বতাহে অনুৰণিত হৈছে। সেইবোৰে যেন আমাক হাত বাউলি মাতিছে, সেইবোৰে যেন ৰিঙিয়াই কৈছে—আমাক বচোৱা, আমাক বচোৱা। বিলুপ্তিৰ গৰ্ভত ক্ৰমাৎ নিশ্চিন্ন হ’বলৈ ধৰা লোকসংগীতৰ এনে এটি ৰূপ হ’ল— ৰং অঞ্চলত প্ৰচলিত লালিলাং বা নাঙেলী গীত। লোককৃষ্টিৰ বিশাল ভাণ্ডাৰ দৰঙৰ অজস্ৰ লোকসংগীতে দৰঙী সমাজ জীৱনক প্ৰাণোচ্ছল কৰি ৰাখিছে। নাঙেলী গীত গৰখীয়া গীত। নাঙেলী গীত পথৰুৱা গীত। পথাৰেই ইয়াৰ উৎস— পথাৰেই জীৱন।

উদ্দাম যৌৱনৰ উন্মাদনা আৰু উৰণীয়া মনৰ অসীম কল্পনাৰে একালত দৰঙৰ গৰখীয়াসকলে গছ-লতিকা, ফুল-পখিলা, নৈ-বিল, চৰাই-চিৰিকটিৰে পৰিপূৰ্ণ বিনন্দীয়া প্ৰকৃতিৰ মাজত, গো-চৰণীয়া পথাৰৰ মুক্ত পৰিৱেশত গোৱা উন্মুক্ত আৱেগৰ আদি ৰসাত্মক গীতবোৰেই লালিলাং বা নাঙেলী গীত। নাঙেলী গীতবোৰ নগ্ন প্ৰকৃতিৰ বাবে নগ্ন বা নাঙঠ শব্দৰ পৰা নাঙেলী শব্দৰ উৎপত্তি হোৱা বুলি কোনো কোনোৱে ক’ব খোজে। আন এচামৰ মতে, সদা-সবৰ্দা কৃষিকৰ্মৰ সৈতে জড়িত গৰখীয়া বা কৃষকসকলৰ কৃষি সঁজুলি নাঙল-যুঁৱলিৰ নাঙল শব্দৰ পৰাহে নাঙেলী অভিধা উদ্ভূত।

নাঙেলী গীত গৰখীয়াসকলে দলৱদ্ধভাৱে পৰিৱেশন কৰে। এটা দলত চাৰি-পাঁচগৰাকীৰ পৰা দহ-বাৰগৰাকীলৈ গৰখীয়া থাকে। গৰখীয়াসকলে আঁঠুৰ মূৰত চুৰিয়া পিন্ধে। কেতিয়াবা গামোচাও পিন্ধে। গাত গেঞ্জি বা বনিয়ন চোলা অথবা হাত কটা ডিঙিত কলাৰ নথকা চোলা পিন্ধে। কোনোৱে আকৌ কুৰ্তা-চোলাও পৰিধান কৰে। মূৰত কোনো কোনোৱে গামোচাৰে সাধাৰণ পাগুৰি মাৰে। দুই-একে টঙালি বন্ধাৰ দৰে কঁকালত গামোচা বান্ধি লয়। সচৰাচৰ দুটা দলৰ মাজতহে নাঙেলী গীতৰ প্ৰকোপ চৰে। প্ৰথমে এটা গৰখীয়া দলে নদী বা জান-জুৰিৰ সিপাৰে থকা নাইবা অন্য এখন পথাৰত থকা আন এটা দলক ঠাট্টা-মস্কৰাযুক্ত গীতেৰে জোকাই লয়:

নাঙেলী গীত

পথৰৰ মাঝৰে ক’ৰে ঐ গুৰখীয়া
নাঙেলী নামাৰা কিয়া,
নাঙেলী নাজানা জোঙেলী নাজানা
দেখেই দিম বাপেৰেৰ বিয়া।

তেতিয়া দ্বিতীয় দলৰ গৰখীয়াহঁতেও গীতেৰেই দিয়ে উচিত প্ৰত্যুত্তৰ:

হাইদি কুঁইহাৰ শাল ঠেলো ঐ জহৰা
হাইদি কুঁইহাৰ শাল ঠেলো,
গুৰখীয়া বাপেৰেক ঝোকেই তই নলবি
নাঙেলীৰ পেৰাটো মেলো।

আৰম্ভণিতে দীঘলীয়া সুৰেৰে বিলম্বিত লয়ত, পিছলৈ ক্ৰমে মধ্য আৰু দ্ৰুত লয়ত তথাকথিত নগ্ন আৰু অশালীন ভাষা সমৃদ্ধ নাঙেলী গীতে শীৰ্ষ বিন্দু লাভ কৰে। কেতিয়াবা বৰ গৰখীয়াৰ হস্তক্ষেপতহে দুয়ো পক্ষৰ সাংগীতিক বাদানুবাদ বা কাজিয়াৰ অন্ত পৰে। কৃষি উবৰ্ৰতা বিশ্বাসৰ যাদুমূলীয় ধাৰণা সম্ভূত নাঙেলী গীতৰ কাজিয়া গৰখীয়াসকলৰ স্ফূৰ্তি বা আনন্দ লাভৰ কাজিয়া— শ্ৰম লাঘৱৰ কাজিয়া।

প্ৰথম দল:
ওপৰৰ কুৰুৱাই ৰৌমাছ ধৰি খায়
ভৈয়ামত পেলেই গে’ল ফিচা,
বাপেৰ বিটেলীয়াই মৰা গৰু টানেই
সমাজত মাতেই যায় মিছা।

দ্বিতীয় দল:
ওপদ্দি উৰি গে’ল ৰাইমণি শালিকা
ধৰি আন কি বাতৰি আছেই,
কি সুধিম কি সুধিম বৈনেৰে বাতৰি
ৰাতি দোভাগক লেগি নাচেই।

নাঙেলী গীত

শাওণমহীয়া পথাৰৰ বোকা-মাটিৰ গোন্ধত গৰখীয়াৰ প্ৰাণ অজান পুলকেৰে ভৰি পৰে। তাতে আকৌ কোঢ়া চৰাই আৰু বালিমাহীজাকৰ চিঞৰ। গৰখীয়াৰ মন উখল-মাখল হয়। মৈ দিয়া পথাৰত ভূঁই ৰুবলৈ অহা গাভৰু ৰোৱনীহঁতক কেতিয়াবা জোকাই চাবলৈ মন যায় সিহঁতৰ। সেয়ে ভূঁই ৰুব নাজানে বুলি মিছা অভিযোগত অভিযুক্ত কৰে ৰোৱনীহঁতক:

হাল বাই এৰিলো বগা মুইহৰ চানা
ৰ’দ পাই লৱেই যায় লেটি,
ভদীয়াৰ ঝীয়াকে ভূঁই ৰুবা নাজানেই
দুইহাতে আঝোৰেই খেতি।

পিছে ৰোৱনীহঁতো জানো কম? গীতেৰেই দিয়ে প্ৰত্যুত্তৰ:

লাউৰ পাত লেহেৰা ফলৰপো জহৰা
বেলা চাই মেলিবি হাল,
ৰান্ধি থৈ আহিছোঁ বাৰি তই খাগেই
কুকুৰৰ শুখুনা ছাল।

আজিৰ নৈতিকতাৰ মানদণ্ডত নাঙেলী গীতবোৰ অৱশ্যেই অশ্লীল। পিছে আমাৰ সংস্কৃতিও শ্লীল-অশ্লীলৰ সমন্বয়ৰ ভেটিতহে উৎকৰ্ষিত। তদুপৰি লোককৃষ্টিৰ বিচাৰ প্ৰসংগত পাহৰি যোৱাটো উচিত নহ’ব যে নৈতিকতাৰ বিধানসমূহ শাশ্বত নহয়— দেশ, কাল-ভেদে ই পৰিৱৰ্তনশীল। এশ বছৰ আগৰ সমাজ ব্যৱস্থা আজিৰ সমাজ ব্যৱস্থাৰ সৈতে একে নাছিল। নিশ্চিতভাৱে নৈতিকতাৰ ধাৰণাও আছিল আজিতকৈ পৃথক।

শিল্পীৰ তুলিকাত জীৱন্ত হৈ পৰা নগ্ন চিত্ৰ, মঠ-মন্দিৰ বা দেৱালয়ৰ মৈথুনৰত ভাস্কৰ্যসমূহে আনকি আধ্যাত্মিক জীৱনৰ অংগৰূপে চিহ্নিত হোৱা ভালেমান ধৰ্মগ্ৰন্থৰ উৎকট আদি ৰস বৰ্ণনাই যুগ-যুগান্তৰলৈ সম্ভোগ বা শৃংগাৰৰ বাৰ্তা বহন কৰি আহিছে। পূৰ্বেই কোৱা হৈছে যে এই গীতবোৰ কৃষি উবৰ্ৰতা বিশ্বাসৰ সৈতে সম্পৃক্ত। গৰখীয়াসকল মূলতঃ কৃষক। সেয়ে যৌন-ক্ষুধাকেন্দ্ৰিক গীতেৰে বসুমতীক উত্তেজিত কৰিলে সূৰ্যৰ সৈতে বসুমতী মিলনৰত হ’ব আৰু সন্তান সম্ভৱা বা শস্য সম্ভৱা হ’ব। এনে বিশ্বাসৰ আধাৰতেই অধিকাংশ নাঙেলী গীত আদি ৰসৰ ধলেৰে ওপচি পৰা।

আহুতলীৰ চপৰা বাপেৰে হ’ল দমৰা
মাৰে হ’ল কাজেলী গাই,
বৰডোভাৰ কাষেইদি চেখুৰি চেখুৰি
মাৰেক খেদি লৈ যায়।
এডেলি সৰুৱা দুডেলি সৰুৱা
তিনডেলি সৰুৱাৰ শাৰী,
শাৰীৰে তলতে বৈনেৰেক ঝোকালো
আলিৰে ঢেঁকীয়া পাৰি।

নাঙেলী গীত

চাৰিত্ৰিক বৈশিষ্ট্যলৈ লক্ষ্য কৰিলে, নাঙেলী গীতবোৰ দ্বন্দ্বমূলক আৰু যৌন-ক্ষুধাকেন্দ্ৰিক— এই দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি। বিষয় বৈচিত্ৰ্যলৈ লক্ষ্য কৰিলে দুয়ো শ্ৰেণীৰ গীততেই গ্ৰাম্য সমাজ জীৱন আৰু প্ৰকৃতিৰ চিত্ৰ প্ৰতিফলিত হয়। তাঁতশাল, মাকো, যঁতৰ, ঢেঁকী, থোৰা, নাঙল, যুঁৱলি, ছৈ দিয়া গৰু গাড়ী, ম’হৰ গাড়ী, ঢাৰি, পীৰা, কাঁহী, বাটি, ঘটি, লোটা, দা, কুঠাৰ, থোহা, বহা, জাকৈ, খালৈ, তুঁহৰ জুই, ধানখেৰ, টোকন, টাঙোন, পেৰা, জপা, ওৰণি, সেন্দূৰ ইত্যাদি গ্ৰাম্য সমাজৰ নিত্য ব্যৱহাৰ্য সঁজুলি বা সা-সৰঞ্জামৰ উপৰিও গৰু, ম’হ, ছাগলী, ভেৰা, কুকুৰ, গাহৰি আদি পোহনীয়া জন্তু; বাঘ, শিয়াল, শহা, কুমটি, আমৰলি, গুই, পিপৰা ইত্যাদি জীৱ-জন্তু; শগুন, চিলনী, বগলী, কুকুৰা, শালিকা, ভাটৌ, কুপেতী, বাদুলি, বাঁহমৈৰা, কৈৰা, কুলি, কুৰুৱা আদি চৰাই-চিৰিকটি; ৰৌ, বৰালি, পাভ, গৰৈ, মাগুৰ, পুঠি, শিঙী, বেচা, কাৱৈ, কেঁকোৰা, কাছ, ভেকুলী আদি মাছ-মগৰ নাঙেলী গীতৰ মূল উপজীব্যৰ অনুষংগ।

গৰখীয়াসকলৰ সৰল প্ৰাণতো প্ৰকৃতিয়ে দোলা দিয়ে। সেয়ে বিনন্দীয়া প্ৰকৃতিৰ নান্দনিক ৰূপ নাঙেলী গীততো মূৰ্ত হৈ উ‌ঠে। স্বভাৱ-কবিৰ প্ৰাণত শৰতৰ কঁহুৱা বনখিনি যেন এজাক বগলী— ‘ভাদৰে মাহতে/ কাঁহী বোন ফুলিলে/ বগাকে বগলী হৈ..’। গৰখীয়া মনে ননৈৰ বালিত জাকি মাৰি উৰা বালিমাহীজাকৰো ছবি আঁকে— ‘ননেইৰে বালিতে/ বালিমাহী উৰেই/বালিতে বান্ধিলা বাহা’। আলিবাটৰ দূবৰিৰ দলিচা আৰু ভূঁইতলী পথাৰৰ কোমল দূবৰি বনেও গৰখীয়াৰ হিয়া স্পন্দিত কৰে। নাঙেলী গীতত তাৰ প্ৰতিফলন ঘটে— ‘আলিৰে দুবেৰি/ কেকোৰা-কেকুৰি/ ভূঁইতলীৰ দুবেৰি পোন…’।

শিমলু, সৰুৱা, হিদল, বগৰী, ঢোপ, আম, জাম, শিলিখা, কঁঠাল, উৰিয়াম, কৰৈ, তেঁতেলী, থেকেৰা, অমৰা, তামোল, পাণ, ঢেঁকীয়া, দূবৰি, কঁহুৱা, বিৰিণা, কুঁহিয়াৰ, কলমৌ, লাও, কোমোৰা, টঙা বন আদি গ্ৰাম্য জীৱনৰ লাগতিয়াল গছ-বিৰিখ, তৰু-তৃণৰ উল্লেখে নাঙেলী গীতৰ নৈসৰ্গিক ৰূপ অধিক প্ৰকট কৰি তোলে।

নাঙেলী গীতত আহুতলী, শালিতলীত ভূঁই ৰোৱা, ধান কটা, কাপোৰ বোৱা, নৈৰে নাও বাই যোৱা, মাহ বা সৰিয়হ তোলা আৰু জাকৈয়া ছোৱালীৰ মাছ মৰাৰ চিত্ৰ অনুপম। বিশেষকৈ বলান, ডোবা, বিল, পুখুৰী আদিত মাছ মৰা জীয়ৰী-বোৱাৰীক কেতিয়াবা কোনো কোনো ডেকা গৰখীয়াই যৌন ইংগিত সুচক গীতেৰে জোকাই লোৱা আৰু জীয়ৰী-বোৱাৰীহঁতেও থিতাতে প্ৰত্যুত্তৰ স্বৰূপে গোৱা গীতবোৰ অতি ৰসাল।

দেওমৰণেই ঝাৰৰে পকা বগুৰী
খাবা খুদছা ঝেতি দেওঁ ঝোকেৰি,
বৰকুৰৰ মাছুৱেই চাৱেই ৰৈ ৰৈ
বগুৰী পাৰি দিওঁ ঝেতি বোলা পৈ।

জাখেইখান বুইছিলো জাতি বাহৰ দৈ
খখৰা গুৰখীয়াক কোনে বোলবো পৈ,
মাছ মাৰবা আইছিলো মাছ পালো কৱেই
জহৰা গুৰখীয়াই আগে ঝোকেই লৱেই।

নতুনত্বৰ প্ৰতি মানুহৰ আকাংক্ষা চিৰন্তন। আস্বাদনৰ অভিলাষো মানৱ প্ৰকৃতি। কেতিয়াবা নতুনৰ সোৱাদ বিচাৰি বাট এৰি অবাটে যোৱাৰ দুই-এটি চিত্ৰ নাঙেলী গীতত স্পষ্ট হয়:

আমলৈয়ে বুলি ফৰ্মুটি মাৰিলো
কি বুলি তেঁতেলী সৰেই,
আহিল বৈনী জোঁৱেই দিলো ঢাৰি পাৰি
কি বুলি গালতে ধৰেই।
ধৰকে ধৰকে আমাৰ বৈনী জোঁৱেই
কি বুলি কি দিমে খাবি,
ইহাতে দাঙি দিম ওৰেণী ঘূৰেণী
সিহাতে দাঙি দিম চাবি।

কোনো কোনো গীতত ধনী-দুখীয়াৰ অৰ্থনৈতিক বৈষম্য প্ৰকট হৈ পৰে। দৰিদ্ৰতাৰ বাবেই মনৰ মানুহগৰাকীৰ প্ৰেম-ভালপোৱাৰ পৰা বঞ্চিত, লোকৰ ঘৰত গৰু চাৰি পেট প্ৰবৰ্তোৱা গৰখীয়াৰ বেদনা বিধুৰ গীতবোৰ বৰ মৰ্মস্পৰ্শী।

ননেই কাষেৰীয়া মাটি পলসুৱা
বাঙানাৰ ঢেপেলা পাত,
দুখীয়া গুৰখীয়াক কোনে মৰম দিবো
খাবালে নোজোৰে ভাত।

দুই-এটি গীতত সামাজিক বৈষম্যৰ ছবিও চিত্ৰিত হয়:

চৈততে ৰাও দিলা চৈতেলী কুকুৰা
বৈহাগত ৰাও দিলা কুলি,
বাপেৰ বিটেলীয়াই মোলে তোক নেদিলা
অজাতিৰ লিকিৰা বুলি।

নাঙেলী গীতৰ দুই-এটি কলিত নিশা অভিসাৰৰ উমান পোৱা যায়। কামনা-বাসনাৰ আকূতি, হেৰুওৱাৰ বেদনাৰে মূৰ্ত এনে কলিবোৰো অভিমান আৰু বেদনাৰে সিক্ত।

চাৰি খুঁটি মাৰি আঁঠুৱা তৰিলো
বহলকে পাৰিলো পাটি,
এনেহেন পাটিতে শুবলে নাহিলি
কাৰ লগত খপিলি ৰাতি।

পিছে আশ্চৰ্যজনকভাৱে এই গীতবোৰ সামাজিক অনুশাসনৰো আহিলা আছিল। কাৰোবাৰ অবৈধ যৌন সম্পৰ্কৰ বিষয়ে কোনো গৰখীয়া ডেকা অৱগত হ’লে ভোগালী বিহুৰ উৰুকাৰ নিশা তেওঁ অবৈধ যৌন সম্পৰ্কত লিপ্তসকলৰ নামত গীত ৰচি ওচৰ-চুবুৰীয়াক সদৰী কৰাৰ ভাবুকি দিছিল অথবা উৰুকাৰ নিশা ভেলাঘৰত ভোজ-ভাত খোৱাৰ পিছত নাঙেলী মাৰি সকলোৱে জনাকৈ ৰজনজনাই দিছিল। ফলত সমাজত হেয় হোৱাৰ আশংকাত আত্মসন্মানবোধ থকাসকলে তেনে কাৰ্যৰ পৰা বিৰত হ’বলৈ বাধ্য হৈছিল।

নাঙেলী গীত

এই গীতসমূহ আমাৰ সামাজিক পৰম্পৰাৰো প্ৰতিচ্ছবি। একালত আমাৰ সমাজত প্ৰচলিত ঘৰজোঁৱাই বা ঢোকা ৰখা প্ৰথা, ছোৱালীয়ে উপযাচি নিজৰ পচন্দৰ ল’ৰাৰ ঘৰ সোমোৱা বা ঢেমেনী প্ৰথা আদি সামাজিক পৰম্পৰাসমূহৰ উপৰিও মৃতকৰ দহদিনীয়া সংস্কাৰ দহা কৰ্ম, কাম বা শ্ৰাদ্ধ, সপিণ্ডন, এৱা-পিঠাগুড়ি খোৱা আৰু গঞা-জ্ঞাতিক ভোজ খুওৱা আদি পৰম্পৰাগত আচাৰ-অনুষ্ঠানসমূহে নাঙেলী গীতৰ কথা মালিকাক বৈচিত্ৰ্য দান কৰিছে।

অ’ হিদলতলী এলেঙা কহককৈ লহককৈ
হিদলতলী পেলেঙা কহককৈ লহককৈ
হিদলতলীত আছিলি কহককৈ লহককৈ কি কহককৈ লহককৈ চাই,
অ’ বাপেৰেৰ মুখতে কহককৈ লহককৈ
মাৰে ঐ হাগিলা কহককৈ লহককৈ
আৱা পিঠাগুড়ি কহককৈ লহককৈ কি কহককৈ লহককৈ খায়।

আতিয়াত মাৰিলো শহা ঐ খখৰা আতিয়াত মাৰিলো শহা
আজি আমাৰ লগত লাগবা নৰা ঝেতি খাগেই যা বাপেৰেৰ দহা।
আতিয়াত মাৰিলো গোজে ঐ জহৰা আতিয়াত মাৰিলো গোঁজ
আজি আমাৰ লগত লাগবা নৰা ঝেতি খাগেই যা বাপেৰেৰ ভোজ।

দেউল উৎসৱ দৰঙৰ পৰম্পৰাগত লোক উৎসৱ। বিয়া-সবাহ বা পূজা-পাৰ্ৱণৰ দৰে দেউল উৎসৱেও দৰঙী লোক জীৱনক বিশেষভাৱে প্ৰভাৱান্বিত কৰি আহিছে। অৱধাৰিতভাৱে নাঙেলী গীততো দেউলৰ প্ৰৱেশ অপ্ৰতিৰুদ্ধ।

ঔৰে গাছতে মৌৱে বাহা ললা
দাদা মোক পাৰি দি খাওঁ,
অঠৰহেতীয়া ৰিহাখান কিনি দি
ঘোপাৰ দেউল চাবালে যাওঁ।

কোনো কোনো গীতত দৰঙৰ ঐতিহ্যমণ্ডিত স্থানসমূহৰ বিশেষত্ব প্ৰকাশে নাঙেলী গীতসমূহক এক নতুন আয়তন দান কৰিছে:

কালেইগাঁও বজাৰত পাভ মাছ কিনিলো
থেকেৰা টেঙাইদি ৰান্ধো,
ওঝাগাঁৱৰ ওঝাই কিনো ৰাগ টানেই
ধৰো কি নধৰো কৰেই।

বলদেউ পুখুৰীৰ পুঠি ঐ বাগাৰা
বলদেউ পুখুৰী পুঠি…।

দৰঙৰ কথিত ভাষাত ৰচিত এই গীতবোৰৰ প্ৰকাশভংগী তেনেই সৰল আৰু অনাড়ম্বৰ যদিও গীতবোৰ সাহিত্য-গুণ বিবৰ্জিত নহয়। প্ৰায়বোৰ গীতেই প্ৰতীকধৰ্মী আৰু ত্ৰিপদী ছন্দত ৰচিত। গীতবোৰৰ আন এটি উল্লেখযোগ্য বিশেষত্ব হ’ল— অধিকাংশ গীতৰেই প্ৰথম দুটা শাৰী কেৱল ছন্দ মিলাবলৈহে গোৱা হয়। মূল বক্তব্য বা অৰ্থ পৰৱৰ্তী শাৰী দুটাতহে ব্যক্ত হয়।

পৰ্বতৰ দূবেৰি কেকোৰা-কেঁকুৰি
ভৈয়ামৰ দূবেৰি পোন,
পথৰৰ মাঝতে নাঙেলী মাৰিছোঁ
আমাক বেয়া বোলা কোন?

নাঙেলী গীত

অনেক প্ৰবচন, জঁতুৱা ঠাচ আৰু খণ্ডবাক্য প্ৰয়োগে নাঙেলী গীতক সৰস আৰু উপভোগ্য কৰি তুলিছে— আহু হ’লে আহুকাল, তিৰী হ’লে জঞ্জাল, আমালৈ আমাৰা, নুনলৈ থেকেৰা, বাপেৰেৰ ভোজ খোৱা, লাউৰ আগ বাঢ়া দি বাঢ়া, ফলৰ পো জহৰা, গুক্‌ খাৱাৰ পো, গোলামৰ জাত, গজলা পৈ, ভোথেৰি যাৱা, তিয়ঁহৰ জালি, মায়া ডোল, শতৰু শালা, তিনি বাটৰ মূৰ ইত্যাদি। তদুপৰি কুমলীয়া ঔৰ সৈতে কুমলীয়া যৌৱনৰ সৰল ৰিজনি দীপক অলংকাৰৰ প্ৰকৃষ্ট নিদৰ্শন:

ঔ কুমলীয়া খাবাকে নোৱাৰি
তিতিকি তিতিকি লাগেই,
যৌৱন কুমলীয়া দিবা ঐ নোৱাৰি
শহুৰৰ পুতাকক লাগে।

ইডাল-সিডালকৈ বহুডাল শিমলু গছ— ‘সকলোৱে কটা’টো আৰু তহঁতৰ ভনীয়েৰই চহৰ ঘূৰি ফুৰা কথা— ‘সকলোৱে জনা’টো দৃষ্টান্ত অলংকাৰৰ অপূৰ্ব নিৰ্দশন:

ইওডাল শিমেলি সিয়োডাল শিমেলি
কোনেনো নাকাটাই আছেই।
তহঁতৰ বৈনেৰে চহৰ ঘূৰি ফুৰেই
কোনেনো নাজানাই আছেই।

নাঙেলী গীতৰ সুৰত গৰখীয়া প্ৰাণৰ সৰলতা প্ৰতিধ্বনিত হয়। স.জ্ঞ. (কোমল গা) ম.প. আৰু ণ. (কোমল নি) স্বৰেৰে ইয়াৰ মূল ৰূপটি ৰচিত। স্বৰ বিন্যাসত জ্ঞ (কোমল গা)ৰ এক বিশেষ ভূমিকা পৰিলক্ষিত হয়। নাঙেলী গীতত কাহৰবা, খেমটা, দীপছন্দী আদি তালৰ ব্যৱহাৰ হয়। গীত পৰিৱেশন কৰোঁতে গৰখীয়াসকলে কোনো বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা নাছিল। অৱশ্যে দুই-এক দলে কাশ্চিৎ বাঁহীটো আৰু পেপুৰি নামৰ মাটিৰ বাদ্য বিশেষ সংগত কৰিছিল বুলি জনা যায়। তদুপৰি কোনো কোনো দলে লৰুত লৰুৰে কোবাই তাল ৰক্ষা কৰিছিল।

বৰ্ণময় আংগিকেৰে সমৃদ্ধ একালৰ দৰঙী লোকজীৱনৰ আশা-আৱেগৰ স্বতঃস্ফূৰ্ত প্ৰকশ এই নাঙেলী গীতসমূহ পৰিমাৰ্জিত ৰূপত আজিৰ সময়ৰ উপযোগীকৈ পৰিৱেশন কৰি ক্ৰমাৎ বিলুপ্তিৰ গৰ্ভত জাহ যাবলৈ ধৰা এই অনন্য সংগীতশৈলীক অসমৰ জনমানসত চিৰসেউজীয়াকৈ ৰাখিব নোৱাৰিনে? আহক, আমাৰ লোক-সংস্কৃতি সংৰক্ষণ কৰোঁ, প্ৰচাৰ-প্ৰসাৰৰ যথাৰ্থ পদক্ষেপ গ্ৰহণ কৰোঁ। অসমৰ বৰ্ণাঢ্য আৰু বৈচিত্ৰ্যপূৰ্ণ লোক-সাংস্কৃতিক প্ৰাণ-প্ৰাচুৰ্যৰে আমাৰ জাতীয় জীৱনক ছন্দময় কৰি ৰাখোঁ।

অধিক নাঙেলী গীত শুনক: নাঙেলী গীতৰ প্লে’লিষ্ট

❧ | আৰু পঢ়ক:

নাঙেলী গীতৰ ৰূপ-ৰস | তৰুণ আজাদ ডেকা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক