শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰসংগ: ভক্তিসে পৰম লাভ জানি

শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰসংগ: ভক্তিসে পৰম লাভ জানি
  • 15 Nov, 2021

শ্রী নাৰায়ণে দুর্বাসা ঋষিক কৈছিল—

“ব্রহ্মা হৰ লক্ষ্মী জানা মোৰ কলেৱৰ।
ভকতক দেখোহো মঞি সৱাৰো শ্রেষ্ঠতৰ।”

ভগৱন্তই ভকতক সদায় শ্রেষ্ঠজ্ঞান কৰে। ভকতসকলৰ সময়ে সময়ে পৰীক্ষাও লয়। যেতিয়াই ভকতসকলে মায়া ত্যাগ কৰি তেওঁতেই শৰণ লয়, তেতিয়াই ভগৱন্তপুৰুষে তেওঁৰ চৰণপঙ্কজত ভকতক স্থান দিয়ে। আমাৰ ভকতিও তেনে ধৰণৰেই হ’ব লাগে। সেয়েহে শ্রীশ্রীমাধৱদেৱ পুৰুষজনাই কৈছে— “মায়া ছোড়ি ভকতি কৰু দানা।” ভক্ত-ভগৱন্তৰ তেনে এক ভক্তিপ্ৰেমৰ উজ্জ্বল নিদর্শন ৰাসলীলা।

গোকুলৰ গোপিকাসকলে শৰতৰ পূর্ণিমা নিশা ভগৱন্তৰ মুৰুলীৰ ধ্বনিত কামে উত্ৰাৱল হৈ বৃন্দাৱনলৈ গমন কৰিলে। ভগৱন্তপ্ৰেমত বিয়াকুল গোপিনীসকলে নিজৰ স্বামী-সন্তান, পিতৃ-মাতৃ, ভাতৃ সকলোকে পৰিহাৰ কৰি কেৱল কৃষ্ণতেই প্রাণ অর্পণ কৰি ভগৱন্তৰ সমীপত উপগত হ’ল। কদম্বৰ ডালত প্রভু ভগৱন্তই মুৰুলী বজাই গোপিনীসকললৈ যেন অপেক্ষা কৰিছিল। সেই গোপিনীসকল প্রকৃত কৃষ্ণপ্ৰেমত প্ৰভুৰ সমীপলৈ গৈছিল নে সেয়া তেৰাই পৰীক্ষা কৰিছিল।

দুৰ্ঘোৰ নিশা প্রেত, পিশাচ, হিংস্ৰ জন্তুৰে ভৰি থকা নিবিড় কাননত স্ত্রীসকল থকাটো উচিত নহয়— এনেকৈ গোপীসকলক ভগৱন্তই ভয় দেখুৱাই ঘৰলৈ উভতি যাবলৈ কৈছিল। উপপতিৰ লগত ক্রীড়া গৰহিত কর্ম। স্বামী শুশ্ৰূষাহে পত্নীৰ মহাধর্ম। শিশুসকলে কান্দিব লাগিছে, মাতৃয়ে স্তনপান কৰাব লাগে। এনেকৈ বিভিন্ন প্ৰকাৰে বুজাই ভগৱন্তই গোপীসকলক যাবলৈ কৈছিল। ভগৱন্তই সুন্দৰকৈ বৃন্দাৱনৰ বৰ্ণনা দিছিল—

“ভ্ৰমৰা সুৰভি গন্ধে গুঞ্জৰীয়া থাকে।
কুকিলৰ ধ্বনি যেন মদনক ডাকে।।”
জলবায়ু লাগিয়া কম্পাৱে কিশলয়।
হেন বৃক্ষ লতায়ো শোভিত অতিশয়।।”

তাৰ পাছত তেৰাই কৈছিল— ‘যদি তোমালোক বৃন্দাৱন চাবলৈ আহিছিলা, তেন্তে বৃন্দাৱন দেখিলা আৰু যদি মোক চাবলৈ আহিছিলা, তেন্তে মোকো দেখিলা। এতিয়া তোমালোক সকলো ঘৰাঘৰি যোৱাগৈ।’ ইমানকৈ কোৱাৰ পাছতো কোনো প্রকাৰেই গোপিনীসকল গোকুললৈ নাযায়। তেওঁলোকে সকলো ত্যাগ কৰি কেৱল কৃষ্ণপ্রেমত আকুল। ভকতৰ আকুলতাই ভগৱন্তৰ হৃদয় জিনিলে। সেয়ে গুৰুপুৰুষে লিখিছে—

“গোপীৰ শুনিয়া আকুল বাণী।
ভৈলন্ত সদয় শাৰঙ্গপাণি।।”

ভগৱন্তপুৰুষ আত্মাৰাম হৈয়ো ব্রজৱালাসকলক ৰমণ কৰিলে। তেওঁ পূর্ণকাম হৈয়ো ভকতৰ প্রীতি সাধিবৰ নিমিত্তে ৰমণ কৰিলে। কিন্তু এয়া ৰমণ কামজনিত প্রকৃত ৰমন নহয়। গুৰুজনাই লিখিছে—

“ইটো ৰাস ক্রীড়া কেলি নামে কামজয়।
কৰিলা ভৃত্যৰ পদে কৃষ্ণ কৃপাময়৷৷”

এই ৰাস ক্রীড়াই কামক জয় কৰিলে। যেতিয়াই যেতিয়াই গোপীসকলৰ অহম্মম ভাব জাগিছিল, তেতিয়াই ভগৱন্তই অন্তর্ধান হৈ তেওঁলোকক পৰীক্ষা কৰিছিল আৰু সেই পৰীক্ষাতো গোপীসকল সফল হৈছিল। কৃষ্ণপ্ৰেমত গোপীসকল ইমানেই আকুল হৈছিল যে কৃষ্ণক পাবলৈ প্রত্যেকেই কৃষ্ণ ভাৱনা কৰিছিল। ‘কেলিগোপাল’ নাটত গুৰুজনাই লিখিছে— ‘মঞি কৃষ্ণ বুলি কৰে ভাৱনা।’ গোপীসকলে চকুলো নিগৰাই দুখত ভাগি পৰিছিল— ‘আৰ নেদেখিবো ৰে জীৱৰ জীৱন বনমালী।/ কোথা গেল গোপাল হৃদয়ে অগ্নিজ্বালি।।’ বুলি।

ভগৱন্তই লীলা কৰাৰ নিমিত্তেই এগৰাকী গোপীক হৃদয়ত বান্ধি অন্তর্ধান হৈছিল। কামাতুৰ পুৰুষৰ দৰে আচৰণো কৰিছিল। “স্ত্রী ভেল ৰাজা, কামাতুৰ উনিকৰ দাস।” (কেলিগোপাল) যেতিয়াই গৰ্বভাৱ ওপজে, তেতিয়াই তেওঁ বিভিন্ন ধৰণে লীলা কৰি ভকতক উপলব্ধি কৰোৱাই যে ভকতি কি! ভগৱন্ত কেৱল ভকতিতহে তুষ্ট হয়। ভক্তি কৰিবলৈ দেৱ, দ্বিজ, ঋষি হ’ব নালাগে। বিস্তৃত শাস্ত্রও জানিব নালাগে। নিস্কাম ভকতিতে প্রভু ভগৱন্ত সুপ্রসন্ন হয়।

কেলিগোপাল

মধ্য অসমৰ ৰাসলীলা (কেলিগোপাল) ভাওনা

গোকুলৰ গোপিকাস্বৰূপ ভকতসকল আৰু ভগৱন্তপুৰুষৰ অনঙ্গ কেলিত দেৱনাৰীগণো মোহিত হৈ বিমানত ঢলি ঢলি পৰিছিল। অতিশয় কামত বিমোহিত হৈ চন্দ্ৰদেৱে ৰথ ৰখাই থৈছিল। গুৰুজনাই লিখিছে—

“ক্রীড়া দেখি চন্দ কামে বিমোহিত আতি।
স্তম্ভইলন্ত ৰথ নুপুহায় সিটো ৰাতি ৷৷”

ভকতৰ ভকতিত ভগৱন্ত বশ্য হয়। তেনে বহু নিদর্শন শাস্ত্ৰত পোৱা যায়। ব্রজৰ গোপিনীসকলৰ এনে ভকতিত পৰমপুৰুষ ভগৱন্ত বশ্য হৈ গোপীসকলৰ কামপীড়া দূৰ কৰিলে। এয়াই হ’ল ৰহস্য ভকতি। গুৰুজনাই সেয়ে কৈছে—

“পূর্ণকাম হৰি ভৈলা ভকতৰ বশ্য।
হৰি হৰি বুলি তৰা কহিলো ৰহস্য।।”

❧ | আৰু পঢ়ক: অংকীয়া নাটৰ উৎপত্তি আৰু বৈশিষ্ট্য

পূর্বতেও ভগৱন্তই দুর্বাসা ঋষিক কৈছিল—

“শুনিয়োক দ্বিজ মই নোহো স্বতন্ত্রৰ।
কেৱলে অধীন মই ভক্ত বৈষ্ণৱৰ ৷৷”

ভক্ত-বৈষ্ণৱৰ অধীন সেইজন ঈশ্বৰপুৰুষ আৰু গোপিকাসকলৰ কামজয় কৰা এই কেলিৰ ৰহস্য যিজনে উপলব্ধি কৰিব, তেওঁ মুকুতিৰ সুখ পাব। ভকতিত পৰে সংসাৰত আন ধর্ম নাই। চাৰি বেদৰ সাৰতত্ত্বও এয়াই। ভক্তিধনহে পৰম লাভ। সেয়ে ঈশ্বৰ কৃষ্ণৰ শ্ৰীচৰণত তেনে পৰম লাভ ভক্তিধনহে বাঞ্ছা কৰিব লাগে। এয়াই মানৱ জীৱনৰ শ্রেষ্ঠ ধর্ম।

ছবি: লেখকৰ সৌজন্যত

শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰসংগ: ভক্তিসে পৰম লাভ জানি | শ্বাৱন কুমাৰ মহন্ত

Follow Nilacharai on Facebook