অঙ্কীয়া ভাওনাৰ পৰম্পৰা ৰক্ষাত আহাৰ্য

অঙ্কীয়া ভাওনাৰ পৰম্পৰা ৰক্ষাত আহাৰ্য
  • 15 Jun, 2026

হাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কৃষ্ণভক্তিৰ মাহাত্ম্য প্ৰচাৰ, ধৰ্মীয় শিক্ষা প্ৰদান আৰু চৰিত্ৰ গঠনৰ অৰ্থে সৃষ্টি কৰা ব্ৰজাৱলী ভাষাত ৰচিত এক অঙ্কবিশিষ্ট নাট্যৰূপেই হৈছে অঙ্কীয়া নাট। অৱশ্যে মহাপুৰুষৰ ৰচনা কালত এই নামটোৰ প্ৰচলন হোৱা নাছিল। দুয়োজনা মহাপুৰুষে তেখেতসকলৰ নাটসমূহক নাট, নাটক, যাত্ৰা আদি নামেৰেহে অভিহিত কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ পৰৱৰ্তী কালত আতা-পুৰুষসকলেও ভালেমান নাট ৰচনা কৰিছিল। ইয়াৰো পাছত বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰসকলকে মুখ্য কৰি আন কিছু প্ৰতিভাসম্পন্ন নাট্যকাৰেও মহাপুৰুষ দুজনাৰ আৰ্হিত নাট ৰচনা কৰিবলৈ ল’লে যদিও এই নাটসমূহ দুয়োজনা মহাপুৰুষে ৰচনা কৰা নাটকৰ বৈশিষ্ট্যসমূহৰ পৰা কিছু পৰিমাণে আঁতৰি অহা পৰিলক্ষিত হ’বলৈ ধৰিলে। সেয়েহে এই পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি মহাপুৰুষ দুজনাৰ নাটসমূহক উচ্চ মৰ্যাদা দিয়াৰ উদ্দেশ্যেৰেই চৰিতকাৰ আৰু আন আন সন্তসকলে কেৱল মহাপুৰুষ দুজনাৰ ৰচিত নাটসমূহকহে ‘অঙ্কীয়া নাট’ অভিধাটিৰে অভিহিত কৰিছে। অৱশ্যে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ‘অৰ্জুন-ভঞ্জন’ নাটভাগিৰ বাদে বাকী নাটসমূহক ঝুমুৰা বোলা হৈছে। অঙ্কীয়া নাটৰ মঞ্চায়নকেই সহজ ভাষাত ‘ভাওনা’ বোলা হয়। ভাওনাৰ আভিধানিক অৰ্থ ভাও ধৰা কাৰ্য। চৰিত পুথিত উল্লেখ আছে—

সৰ্বকালে সৰ্বক্ষণে ভাবনা মিলয়।
এতেকেসে সৰ্বজনে ভাওনা বোলয়॥

ভাৱৰ পৰা ৰস আৰু ৰসৰ পৰা অভিনয় হয় আৰু সেই অভিনয়েই হৈছে ভাওনা। গতিকে ভক্তি আন্দোলনৰ অংশ স্বৰূপ অঙ্কীয়া নাটসমূহক ভাওনা হিচাপে নামঘৰত প্ৰদৰ্শন কৰি জনসাধাৰণৰ মাজত ধৰ্মীয় আৰু সাংস্কৃতিক শিক্ষাৰ প্ৰচাৰ চলোৱা হয়।

অঙ্কীয়া নাট-ভাওনাৰ পৰম্পৰাত ভৰত মুনিৰ নাট্যশাস্ত্ৰই উল্লেখ কৰা আঙ্গিক, বাচিক, আহাৰ্য আৰু সাত্ত্বিক— এই চাৰি প্ৰকাৰ অভিনয়েই সন্নিহিত হৈছে। এই চাৰি প্ৰকাৰ অভিনয়ৰ ভিতৰত আমাৰ আলোচ্য বিষয় হৈছে আহাৰ্যাভিনয়। অঙ্কীয়া ভাওনাৰ পৰম্পৰাত আহাৰ্যাভিনয় প্ৰয়োগৰ ব্যাপকতা মন কৰিবলগীয়া। শঙ্কৰদেৱে প্ৰচুৰ আৰু বিচিত্ৰ প্ৰকাৰৰ আহাৰ্য সামগ্ৰী প্ৰয়োগ কৰি দৰ্শকক আমোদ দানৰ যোগেদি নাটসমূহ অধিক উপভোগ্য কৰি তুলিছিল। সহজ ভাষাত ক’বলৈ গ’লে, ভাৱৰীয়াৰ সাজ-পোছাক, অলঙ্কাৰ, গাত লগোৱা ৰং, অস্ত্ৰ-শস্ত্ৰ, মুখা, বহা আসন আদি সামগ্ৰীসমূহেই ভাওনাৰ আহাৰ্যৰ ভিতৰত পৰে। অঙ্কীয়া নাট-ভাওনাত সাহিত্যৰ আলঙ্কাৰিকসকলে দেখুওৱা নৱ-ৰসৰ লগতে চৰিতকাৰে আৰু সাতবিধ ৰসৰ কথা উল্লেখ কৰিছে। এই সাতবিধ ৰসৰ ভিতৰত এবিধ বিশেষ ৰস হৈছে— “ছোঁ-মুখা দেখি বুজিবেক মূঢ় লোক।” এইবিধ ৰসে (ছোঁ মুখা) আমাক অঙ্কীয়া ভাওনাত প্ৰয়োগ হোৱা আহাৰ্যৰ বিষয়ে বিশেষভাৱে অৱগত কৰায়। সেয়েহে গুৰুজনাই ‘চিহ্নযাত্ৰা’ নাট পৰিৱেশন কৰোঁতে সৰ্বপ্ৰথমে অঙ্কীয়া নাট-ভাওনাৰ পৰম্পৰাত ছোঁ-মুখা আদি আহাৰ্য ব্যৱহাৰ কৰি অঙ্কীয়া ভাওনাক ঐশ্বৰ্যশালী কৰি থৈ গৈছে।

আহাৰ্যৰ সুপ্ৰয়োগ নহ’লে অভিনয় কেতিয়াও অৰ্থপূৰ্ণ, প্ৰকাশময় আৰু উপভোগ্য হ’ব নোৱাৰে। আহাৰ্যৰ সম্পদ বা সমলসমূহক প্ৰধানতঃ চাৰিটা ভাগত ভাগ কৰা হৈছে— ছোঁ-মুখা, অলঙ্কাৰ, অঙ্গ ৰচনা আৰু সঞ্জীৱ।

ছোঁ-মুখা হৈছে অঙ্কীয়া ভাওনাৰ আহাৰ্য অভিনয়ৰ এবিধ গুৰুত্বপূৰ্ণ আহিলা। পৰ্বত, গছ আদি নিৰ্জীৱ বস্তু; দৈত্য, দানৱ, সৰ্প, বান্দৰ আৰু ব্ৰহ্মাৰ দৰে দেৱ চৰিত্ৰ আদিৰ উপস্থাপন কৰিবৰ বাবে ছোঁ-মুখাৰ ব্যৱহাৰ কৰা হয়। ছোঁ-মুখাসমূহ বাঁহ-বেতৰ কাঠী, ঢৰা, কাপোৰ আদিৰ সহযোগত নিৰ্মাণ কৰি ইয়াৰ ওপৰত গোবৰ-মাটিৰ প্ৰলেপ দিয়া হয়। সাধাৰণতে গোটেই শৰীৰক আৱৰি পিন্ধা আকৃতিক ‘ছোঁ’ আৰু কেৱল মুখমণ্ডলত পৰিধান কৰা আকৃতিক ‘মুখা’ বোলা হয়। মুখাও আকৌ বিভিন্ন প্ৰকাৰৰ পোৱা যায়। অঙ্কীয়া ভাওনাৰ পৰম্পৰাত বহুলভাৱে ব্যৱহৃত কিছুমান ছোঁ-মুখা হৈছে— ব্ৰহ্মাৰ মুখা, গড়ুৰপক্ষীৰ মুখা, ৰাৱণৰ মুখা, কালিনাগৰ মুখা, তাৰকা, মাৰীচ, সুবাহু আদি ৰাক্ষসৰ মুখা, জটায়ু পক্ষীৰ মুখা, নৰসিংহৰ মুখা আদি। ইয়াৰ উপৰিও ভাওনাত ব্যৱহৃত ধনু, গদা, কুঠাৰ, শূল আদি অস্ত্ৰ-শস্ত্ৰসমূহ; ৰথ, ঘোঁৰা আৰু বিভিন্ন প্ৰকাৰৰ যান আদিকো ছোঁ বুলি ধৰা হয়। এই ছোঁ-মুখাসমূহ ভাওনা আৰম্ভ হোৱাৰ আগতে সযতনে এটি ঘৰত সুমুৱাই থোৱা হয়। ইয়েই হৈছে ছোঁ-ঘৰ। এই ছোঁ-ঘৰতেই নাটৰ ভাৱৰীয়া, গায়ন-বায়ন, কলা-কুশলীসকলে ভাওনাত ব্যৱহৃত অস্ত্ৰ-সস্ত্ৰ, সাজ-পোছাক আদি ৰখাৰ লগতে অভিনেতা-অভিনেত্ৰীসকলে ৰূপসজ্জা আৰু সাজ-পোছাক পৰিধান কৰে। নাট পৰিৱেশনৰ ক্ষেত্ৰত ছোঁ-ঘৰৰ প্ৰয়োজন অত্যাৱশ্যকীয়।

অঙ্কীয়া ভাওনাৰ পৰম্পৰাত আঁৰকাপোৰ, অগ্নিগড়, আঁৰিয়া আৰু চন্দ্ৰাতপো বিশেষ উল্লেখযোগ্য আহাৰ্য হিচাপে পৰিগণিত। কিয়নো ছোঁ-ঘৰৰ পৰা ভাওনা ঘৰলৈ অভিনেতাসকলক আনোতে এখন আঁৰকাপোৰেৰে আঁৰ কৰি আনে। এই আঁৰকাপোৰখনক মায়াৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। মায়াৰ আৱৰণ ভেদ কৰি ন-বিধ ভক্তিৰ প্ৰতীক অগ্নিগড়ৰ তলত সেৱা জনাইহে প্ৰতিজন ভাৱৰীয়াই নাটঘৰত প্ৰৱেশ কৰে। ন-বিধ ভক্তিৰ ভিতৰত শ্ৰেষ্ঠ শ্ৰৱণ আৰু কীৰ্তন। অঙ্কীয়া ভাওনাত এই দুবিধ ভক্তিক শ্ৰেষ্ঠ বুলি প্ৰতীকী ৰূপত প্ৰকাশ কৰে দুডাল আঁৰিয়াই। অঙ্কীয়া ভাওনা পৰিৱেশন হোৱা স্থানক বৈকুণ্ঠৰ লগত তুলনা কৰা হয়। সেয়ে ঈশ্বৰ কৃষ্ণৰ লীলা স্থান ভাওনা হোৱা ঠাইৰ ওপৰত এখনি চন্দ্ৰাতপ আঁৰি দিয়া হয়। এয়ে অঙ্কীয়া ভাওনাৰ আহাৰ্য হিচাপে আঁৰকাপোৰ, অগ্নিগড়, আঁৰিয়া আৰু চন্দ্ৰাতপৰ তাৎপৰ্য।

অঙ্কীয়া ভাওনাৰ আন এবিধ বিশেষ আহাৰ্য হৈছে অলঙ্কাৰ। অঙ্কীয়া ভাওনাৰ অভিনেতা-অভিনেত্ৰীসকলে নিজ নিজ চৰিত্ৰ অনুযায়ী অলঙ্কাৰ পৰিধান কৰে। নাট্যশাস্ত্ৰত উল্লেখ থকা অলঙ্কাৰ আহাৰ্য অবিহনে ভাওনাৰ অভিনয় কাৰ্য কেতিয়াও সম্ভৱ নহয়। দৰ্শকক আকৰ্ষিত কৰাৰ লগতে ভাওনাৰ (নাটকৰ) বিষয়বস্তু যাতে সঠিক আৰু শুদ্ধ ৰূপত প্ৰকাশ কৰিব পৰা যায়— এই উদেশ্য আগত ৰাখিয়েই ভাৱৰীয়াসকলে অলঙ্কাৰ আৰু সাজপাৰ পৰিধান কৰে। গায়ন-বায়ন তথা সূত্ৰধাৰকে আদি কৰি সকলো ভাৱৰীয়াই চৰিত্ৰ অনুযায়ী অলঙ্কাৰ আৰু সাজপাৰ পৰিধান কৰি নাট্যমঞ্চত প্ৰৱেশ কৰে। চৰিত্ৰ অনুযায়ী শিৰস্ত্ৰাণ (মূৰত পিন্ধা আভৰণ) বেলেগ বেলেগ। আনকি গায়ন-বায়ন আৰু সূত্ৰধাৰৰ শিৰস্ত্ৰাণো সুকীয়া।

গায়ন-বায়নত অংশগ্ৰহণ কৰোঁতাসকলে শিৰস্ত্ৰাণ হিচাপে ব্যৱহাৰ কৰে এটি খেকেৰুপতীয়া পাগ। সাজপাৰ হিচাপে গায়ন-বায়নসকলে বগা ধূতি, চাপকন, চেলেং চাদৰ, গামোচা আৰু মলামণি পৰিধান কৰে। অলঙ্কাৰ হিচাপে গায়ন-বায়নসকলে কপালত চন্দনৰ ফোঁট লয়। সূত্ৰধাৰৰ আহাৰ্য বিশেষ বৈশিষ্ট্যপূৰ্ণ। সূত্ৰধাৰে ভৰিৰ পৰা গোৰোহালৈকে পৰা বৰঘূৰি পিন্ধে, কঁকালত এখন টঙালি থাকে যাতে নাচোঁতে অসুবিধা নহয়। গাত কঁকাললৈকে আৱৰা জালিকটা চোলা আৰু পাটৰ চেলেং চাদৰ আদিৰে এটি সাত্ত্বিক সাজ পৰিধান কৰে। অলঙ্কাৰ হিচাপে কাণত কেৰু, ডিঙিত মলামণি, হাতত গামখাৰু আৰু কপালত এটি বগা চন্দনৰ ফোঁট লয়। সূত্ৰধাৰৰ শিৰস্ত্ৰাণ অৰ্থাৎ পাগটো বিশেষ মন কৰিবলগীয়া। সূত্ৰধাৰে পিন্ধা পাগ দুই প্ৰকাৰৰ— একপ্ৰকাৰ হ’ল খেকেৰুপতীয়া পাগ, সন্মুখৰ পিনে সামান্য ওলাই অহা। আনটো প্ৰকাৰ হ’ল— মোগল সম্ৰাটসকলে পিন্ধা মোগল টুপীৰ আৰ্হিৰ পাগ, পিছৰফালে কিছু আগবাঢ়ি যোৱা। ঠাই বিশেষে এই দুয়োবিধ পাগেই সূত্ৰধাৰে পৰিধান কৰে। ঠিক তেনেদৰে গাণিকা পৰিৱেশনত গায়ন-বায়নসকলে ধূতি আৰু ঘূৰি দুয়োবিধেই পৰিধান কৰে।

শ্ৰীকৃষ্ণৰ চৰিত্ৰটিত পৰিধান কৰিবলগীয়া সাজপাৰ, অলঙ্কাৰ আদিৰ ভিতৰত শিৰত ম’ৰা পাখিযুক্ত কিৰীটি; কেতিয়াবা কিৰীটি থাকে, কেতিয়াবা নাথাকে, কিন্তু ময়ূৰ পাখি লগোৱা কপালি থাকিবই। নীল আকুঞ্চিত কেশ, কাণত মকৰ কুণ্ডল, কণ্ঠত কৌস্তুভ, বৈজয়ন্তী মালা, আপাদলম্বিত বনমালা, শ্যাম বৰ্ণৰ নিমাই, বক্ষত ভৃগুপদ, কটিত মেখলা, কিঙ্কিণী, পীতবস্ত্ৰ, পাৱত নেপূৰ, উঝণ্টি (ভৰিৰ আঙুলিত পিন্ধা আঙুঠি) আদিয়েই প্ৰধান। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে তেৰাৰ ৰচিত নাটসমূহত শ্ৰীকৃষ্ণৰ আহাৰ্যৰ সুন্দৰ বৰ্ণনা প্ৰকাশ কৰিছে এনেদৰে—

শ্যাম মুৰুতি দিপিত পীতবাস।
কণ্ঠে কদম্বমালা কয়ো লয়লাস॥
হাৰ মুকুত মণি কুণ্ডল ডোল।
কৃষ্ণ কিঙ্কৰ ওহি শঙ্কৰ বোল॥ (পত্নী প্ৰসাদ)

শ্যাম মূৰুতি দীপিত পীতবাস।
মুকুট কুণ্ডল মণি মুখ পৰকাশ॥
কৰ কঙ্কণ বনমালা উৰে লোলে।
চৰণক মাঝে মঞ্জিৰ কৰু ৰোলে॥ (পাৰিজাত হৰণ)

নয়ন পঙ্কজ ভূজ লম্বিত জানু।
কণ্ঠে কৌস্তুভ নৱ শোভিত ভানু॥
হাৰ মুকুট মণি কুণ্ডল দোলে।
চৰণ পঙ্কজ মহ মঞ্জিৰ ৰোলে॥ (ৰুক্মিণী হৰণ)

শ্ৰীৰামবিজয় নাটত শ্ৰীৰামচন্দ্ৰৰ বৰ্ণনাত পোৱা যায়—

শ্যাম ৰুচিৰ চিৰ পীত পৰকাশ।
পঙ্কজ নয়ন বয়ন মন্দ হাস॥
মণিময় মুকুট কুণ্ডল গণ্ড ডোলে।
হেৰি মুকুতি মন মনমথ ভোলে॥
মাণিক মোতি জ্যোতি হেমহাৰা।
গগন উজোৰ যৈচন ৰুচি তাৰা॥

মহাপুৰুষজনাৰ ৰচিত শ্ৰীৰামবিজয় নাটভাগিৰ বাহিৰে বাকী কেইভাগি নাটৰ মূল নায়ক হৈছে শ্ৰীকৃষ্ণ। একমাত্ৰ শ্ৰীৰামবিজয় নাটৰ মূল নায়কহে শ্ৰীৰামচন্দ্ৰ। এই দুটি মূল চৰিত্ৰৰ উপৰিও মূল নায়িকা ৰুক্মিণী, সীতাৰ লগতে বিশ্বামিত্ৰ, পৰশুৰাম, তথা আন আন ব্ৰাহ্মণসকলৰ আহাৰ্য অৰ্থাৎ সাজপাৰ, সা-সৰঞ্জাম, আ-অলঙ্কাৰ আদিৰো বৰ্ণনা নাটসমূহত পোৱা যায়। উদাহৰণ স্বৰূপে ৰুক্মিণী হৰণ নাটত নায়িকা ৰুক্মিণীৰ অলঙ্কাৰ আৰু ৰূপসজ্জাৰ বৰ্ণনা পোৱা যায় এনেদৰে—

কৰ কঙ্কণ কেয়ূৰ ঝনকাৰ।
মাণিক কাঞ্চি ৰচিত হেমহাৰ॥
চলাইতে চৰণ মঞ্জিৰ কৰোঁ ৰোল।
ৰূপে ভুৱন ভুলে শঙ্কৰ বোল॥

আকৌ ৰুক্মিণীয়ে পৰিধান কৰা সাজপাৰৰ বৰ্ণনাত উল্লেখ আছে—

পহ্ৰিয়ে পট্টাম্বৰ লহু লহু ধাই।
মত্ত গজগামিনী কামিনী মাই॥

পত্নী প্ৰসাদ নাটকত কৰ্মগৰ্বী ব্ৰাহ্মণসকলৰ বৰ্ণনাত উল্লেখ কৰিছে—

হাতে গলে শিৰে ৰুদ্ৰাক্ষৰ ঝোণ্টাঝোট।
ভোৱকাৰ দাড়ি-গোফ চৰাচৰ ফোট॥

ৰুক্মিণী হৰণ নাটত বেদনিধি চৰিত্ৰটিৰ বৰ্ণনাত পোৱা যায়—

ৰঞ্জে তিলক কপালক ছানি।
ধৌতবাস কুশ শোভিত পাণি॥

শ্ৰীৰামবিজয় নাটত দশৰথ আৰু বিশ্বামিত্ৰৰ আহাৰ্যৰ বৰ্ণনাত পোৱা যায় এনেদৰে—

আৱে দশৰথ পৃথিৱীনাথ।
ঢুলে চামৰ ছত্ৰ ধৰু মাথ॥
আৱে কৌতুকে কৌশিক চণ্ড।
মালা মাথে হাতে ধৰু দণ্ড॥
শোহে সুললিত তিলক কপাল।
হেৰত কোপে যৈচে যমকাল॥

অঙ্কীয়া ভাওনাৰ পৰম্পৰা অনুযায়ী নাৰদমুনি, পৰশুৰাম আৰু বিশ্বামিত্ৰৰ আহাৰ্যসমূহৰ ভিতৰত শিৰস্ত্ৰাণ হৈছে জঁটাধাৰ। সাজপাৰৰ ক্ষেত্ৰত নাৰদমুনিৰ ধৌত বসন আৰু বিশ্বামিত্ৰ পৰশুৰামৰ গেৰুৱা বসন। নাৰদমুনিৰ হাতত বীণা, পৰশুৰামৰ কুঠাৰ আৰু বিশ্বামিত্ৰৰ দণ্ড কমণ্ডলু।

নাৰদ

পুৰুষ চৰিত্ৰসমূহে গুণ অনুসৰি দুপহীয়া বা চাৰিপহীয়া মুকুট, পাগ, নিমা, বক্ষবন্ধ, পা-টেপা, কুৰমণি, পাৱতৰা বা পয়ৰা আদি আহাৰ্য হিচাপে পৰিধান কৰে। দশৰথ,জনক, ভীষ্মক আদি ৰজা-মহাৰজাসকলৰ ৰাজ আভৰণ হিচাপে দীঘল হাতৰ ৰঙীন চাপকন, ৰঙীন ধুতি, বক্ষবন্ধ, পাৱতৰা আদি ব্যৱহৃত হয়। শিৰস্ত্ৰাণ হিচাপে বিশেষভাৱে নিৰ্মিত কিৰীটি ব্যৱহাৰ কৰে। মন্ত্ৰী, পাত্ৰমন্ত্ৰী অথবা পাৰিষদসকলে কিৰীটি ব্যৱহাৰ কৰিব নোৱাৰে। ইয়াৰ পৰিবৰ্তে এইসমূহ চৰিত্ৰই পাগ ব্যৱহাৰ কৰে। অন্যান্য অলঙ্কাৰসমূহ সকলোৰে ক্ষেত্ৰত প্ৰায় একেই থাকে। শিৰস্ত্ৰাণ মুকুটৰো আকৌ তিনিটা প্ৰধান ভাগ আছে, সেয়া হৈছে— ৰাজমুকুট বা মণিমুকুট, বীৰৰ মুকুট আৰু দেৱী মুকুট। মুকুটসমূহৰ লগত চৰিত্ৰসমূহে স্ত্ৰী-পুৰুষ উভয়ে কৃত্ৰিম চুলি ব্যৱহাৰ কৰে। অঙ্কীয়া ভাওনাৰ পৰম্পৰাত চুলিও আহাৰ্য অলঙ্কাৰৰ এক অবিচ্ছেদ্য অঙ্গ।

অঙ্কীয়া ভাওনাৰ পৰম্পৰা ৰক্ষাত আহাৰ্যৰ আন এটি উপকৰণ হৈছে অঙ্গৰচনা বা ৰূপসজ্জা। চৰিত্ৰ অনুযায়ী অভিনেতা-অভিনেত্ৰীসকলৰ অঙ্গৰচনা বেলেগ বেলেগ। উদাহৰণস্বৰূপে শ্ৰীকৃষ্ণ বা শ্ৰীৰামচন্দ্ৰৰ গাৰ বৰণ শ্যাম। অৱশ্যে শ্ৰীকৃষ্ণৰ গাৰ বৰণ নৱঘন শ্যাম আৰু শ্ৰীৰাচন্দ্ৰৰ গাৰ বৰণ দূৰ্বাদল শ্যাম। ঋষি, মুনিসকলৰ গাৰ বৰণ গৌৰ। ৰাক্ষস আদি ভয়ানক বা বীভৎস ৰসৰ চৰিত্ৰসমূহৰ বৰণ সাধাৰণতে ক’লা হয়। ৰজা-মহাৰজা, পাত্ৰমন্ত্ৰী, পাৰিষদ আদি চৰিত্ৰসমূহে ঈষৎ গোলাপী ৰং ব্যৱহাৰ কৰে। ভাওনাৰ এদিন আগৰে পৰাই অঙ্গৰচনাৰ বাবে খনিকৰে বৰণ প্ৰস্তুত কৰাত লাগে। অঙ্গৰচনাৰ বাবে প্ৰয়োজনীয় ৰঙৰ প্ৰধান উপাদান সমূহ হৈছে— সেন্দূৰ, নীল, হেঙুল, হাইতাল, খৰিমাটি, কেঁচু-ৰস, হাঁহকণী আৰু বেলৰ এঠা। এই সকলোবোৰ উপাদানেৰে বৰণ প্ৰস্তুত কৰে। সাধাৰণতে অঙ্গসজ্জা বা ৰূপসজ্জাৰ বাবে ব্যৱহৃত প্ৰধান ৰং চাৰিটা— বগা, নীলা, হালধীয়া আৰু ৰঙা। এইসমূহ ৰঙৰ সংমিশ্ৰণত বিভিন্ন ৰং সৃষ্টি কৰি খনিকৰে ভাৱৰীয়াসকলক সজায়। মৰাপাট আৰু মেকুৰীৰ নোমেৰে ভাৱৰীয়া সজাবৰ বাবে খনিকৰে ৰং তুলিকা প্ৰস্তুত কৰে। অঙ্গৰচনা বা ৰূপসজ্জাৰ ক্ষেত্ৰত খনিকৰগৰাকীয়ে বিশেষ ভূমিকা পালন কৰে। সেয়ে খনিকৰগৰাকী অঙ্কীয়া ভাওনাৰ এক অপৰিহাৰ্য অঙ্গ।

অঙ্কীয়া ভাওনাত নাট্যশাস্ত্ৰৰ বিধি অনুসৰি আহাৰ্যৰ এটি বিশেষ ভাগ হৈছে সঞ্জীৱ। ভাওনাত কৃত্ৰিমভাৱে প্ৰস্তুত কৰি উলিওৱা জীৱ-জন্তুৰ সমাৱেশকেই সঞ্জীৱ বুলি কোৱা হয়। উদাহৰণ স্বৰূপে, গৰু-গাইৰ সঞ্জীৱ, ঘোঁৰা-হাতী আদিৰ সঞ্জীৱ অঙ্কীয়া ভাওনাত ব্যৱহাৰ হোৱা দেখা যায়। অঙ্কীয়া ভাওনাৰ পৰম্পৰাত চাৰিঠেঙীয়া জন্তু, চৰাই, সাপ আদি মঞ্চত দেখুৱাবলৈ যি কৌশল প্ৰয়োগ কৰা হয়, সেইবিলাক আৰু কৃত্ৰিমভাৱে তৈয়াৰী অস্ত্ৰ-শস্ত্ৰ আদি সঞ্জীৱৰ ভিতৰত পৰে।

অঙ্কীয়া ভাওনাৰ পৰম্পৰাত আহাৰ্য ৰক্ষাৰ ক্ষেত্ৰত যোৱা প্ৰায় পাঁচটা শতিকাৰ ভিতৰত যথেষ্ট পৰিৱৰ্তন হৈছে। অৱশ্যে প্ৰধান চৰিত্ৰসমূহৰ আহাৰ্যৰ মূল বৈশিষ্ট্য এতিয়াও একেই আছে। এতিয়াও গায়ন-বায়ন বা সূত্ৰধাৰে পৰিধান কৰা আহাৰ্যসমূহ ওপৰত উল্লেখ কৰাৰ দৰে একেই আছে। সময়ৰ সোঁতত সকলো ক্ষেত্ৰলৈকে পৰিৱৰ্তন অহাটো স্বাভাৱিক। ভাওনাও ইয়াৰ ব্যতিক্ৰম নহয়। এসময়ত ভোটা আৰু হেছেক লাইটৰ সহায়ত পোহৰ উলিয়াই ভাওনা কৰা হৈছিল। বৰ্তমান সময়ত ইয়াৰ সহায়ত কোনেও ভাওনা পৰিৱেশন নকৰে আৰু কৰাৰো যুক্তি নাই। আধুনিক বিজুলী বাতিৰ সহায়ত সুন্দৰ পোহৰ আৰু উন্নত মানৰ শব্দযন্ত্ৰৰ ব্যৱহাৰ সকলো লোকেই কৰিছে। কিন্তু বৰ্তমান মহাপুৰুষ দুজনাৰ ৰচিত নাট-ভাওনাত ড্ৰামচেট, পেড, কী-বৰ্ড আদিৰ ব্যৱহাৰ হোৱাটো অক্ষমণীয় অপৰাধ। সময়ৰ পৰিৱৰ্তনৰ লগে লগে অঙ্কীয়া ভাওনাৰ আহাৰ্যৰো পৰিৱৰ্তন হোৱা দেখা যায়। বৰ্তমান সময়ত ভাওনাসমূহত এনে কিছুমান অতি উজ্জ্বল প্ৰতিফলক সামগ্ৰীৰে তৈয়াৰ কৰা সাজ-পাৰ ভাৱৰীয়াই ব্যৱহাৰ কৰে, যাৰ অতিমাত্ৰা উজ্জ্বলতাই অভিনেতাজনে প্ৰকাশ কৰা অভিনয় বা শৰীৰৰ ভাষা দৰ্শকৰ দৃষ্টিগোচৰ হোৱাত বাধাৰ সৃষ্টি কৰে। অতীজতে ভাৱৰীয়াৰ পোছাকসমূহ থলুৱাভাৱে কপাহী আৰু পাট-মুগাৰ কাপোৰেৰে বৈ-কাটি তৈয়াৰ কৰিছিল। গছ-ফুল বা গছা-ফুল আৰু লতা-ফুলৰ নক্সাৰ উপৰিও কিংখাপ বা সিংখাপ ব্যৱহাৰ কৰা হৈছিল। শিৰস্ত্ৰাণসমূহ সাধাৰণতে সাঁচিপাত আৰু কুঁহিলাৰে তৈয়াৰ কৰিছিল। হেঙুল-হাইতালৰ লগত উজ্জ্বল সামগ্ৰী হিচাপে বালিছন্দা ব্যৱহাৰ কৰিছিল। এয়া আছিল অঙ্কীয়া ভাওনাৰ পৰম্পৰাগত আহাৰ্য। কিন্তু ঊনবিংশ শতিকাৰ চতুৰ্থ দশকত অসমলৈ বঙালীসকলৰ আগমনৰ লগে লগে অঙ্কীয়া ভাওনাৰ আহাৰ্যসমূহত বঙলুৱা প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিলে। ফলত মণি-মুকুতা খোদিত কলিকতীয়া ভেলভেটৰ পোছাকে আমাৰ ভাওনা গ্ৰাস কৰি পেলালে। ফলত অঙ্কীয়া ভাওনাৰ আহাৰ্যত উল্লেখ নথকা শ্ৰীকৃষ্ণৰ চৰিত্ৰত পিঠিয়া ব্যৱহাৰ কৰিবলৈ ল’লে। শ্ৰীকৃষ্ণৰ পিঠিয়াৰ ব্যৱহাৰ অঙ্কীয়া ভাওনাত অবিধেয়। শ্ৰীকৃষ্ণ চৰিত্ৰটিৰ আহাৰ্য অৰ্থাৎ সাজ বা বেশ-ভূষাৰ যি বৰ্ণনা মহাপুৰুষজনাই নাটত বা বিভিন্ন শাস্ত্ৰত উল্লেখ কৰিছে, ক’তো পিঠিয়াৰ বৰ্ণনা নাই। আনহাতে শ্ৰীকৃষ্ণ ব্ৰহ্মৰ সগুণ-সাকাৰ ৰূপ। গতিকে নিৰ্গুণ ব্ৰহ্মক সূচিত কৰা ‘ওঁ’ আখৰযুক্ত পিঠিয়া শ্ৰীকৃষ্ণৰ ক্ষেত্ৰত ব্যৱহাৰ যোগ্য হ’ব নোৱাৰে। ইয়াৰ পাছতে আকৌ কুৰি শতিকাৰ ৯ৰ দশকৰ মাজ ভাগত দূৰদৰ্শনত প্ৰচাৰিত ৰামায়ণ, মহাভাৰত আদি ধাৰাবাহিকৰ সাজপাৰে অঙ্কীয়া ভাওনাৰ পৰম্পৰাগত আহাৰ্য ৰক্ষাত বাধাৰ সৃষ্টি কৰিলে। ফলত ৰূপসজ্জাকাৰসকলে জকমকীয়া সাজপাৰেৰে ভাওনাৰ অসুৰ-ৰাক্ষসসমূহক এনেধৰণে সজাই তুলিলে যে ভাওনাত দেখা পোৱা অসমীয়া অসুৰ-ৰাক্ষসজনক বিচাৰি নোপোৱা হ’ল। ইয়াৰ পৰিবৰ্তে দক্ষিণ ভাৰতৰ যক্ষগানৰ যক্ষক হে বিচাৰি পোৱা গ’ল। আটাইতকৈ ডাঙৰ কথা হ’ল, আজি অলপ দিনৰ পৰা ৰাস উৎসৱসমূহত অতি অশালীন বেশভূষাৰে, হিন্দী চলচ্চিত্ৰৰ বাঈজী নৃত্যৰ আৰ্হিত পূতনা ৰাক্ষসীক উপস্থাপন কৰা কাৰ্য অতি চিন্তনীয় বিষয় হৈ পৰিছে। কাৰণ এইসমূহ পৰিৱেশন শৈলী অঙ্কীয়া ভাওনাৰ পৰম্পৰাগত আহাৰ্যৰ সম্পূৰ্ণ পৰিপন্থী। প্ৰণিধানযোগ্য যে এই ক্ষেত্ৰত গভীৰ চিন্তন আৰু গৱেষণামূলকভাৱে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ আৰু অসম সত্ৰ মহাসভাই অংকীয়া ভাওনাৰ পৰম্পৰাগত আহাৰ্য ব্যৱহাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিছে।

সুখৰ বিষয় এই যে বৰ্তমান অঙ্কীয়া ভাওনাৰ আহাৰ্য তথা পৰম্পৰাগত সাজপাৰ ৰক্ষাৰ ক্ষেত্ৰত নৱপ্ৰজন্মৰ কিছু সংখ্যক লোকে এক আশাৰ বতৰা কঢ়িয়াই অনাটো পৰিলক্ষিত হৈছে। উদাহৰণ স্বৰূপে নগাঁৱৰ ধিং অঞ্চলৰ কেইজনমান স্বাভিমানী অসমীয়া যুৱকে ‘প্ৰগতি আহাৰ্য’ নামেৰে ভাওনাৰ পৰম্পৰাগত সাজপাৰ তৈয়াৰ কৰি বিভিন্ন অঞ্চলৰ ভাওনালৈ ভাৰাত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে ডিব্ৰুগড়ত ‘আহাৰ্য প্ৰদাকচন, ডিব্ৰুগড়’, আমগুৰিত ‘সৃষ্টিকামী শিল্প উদ্যোগ’, যোৰহাটত ‘ত্ৰিনয়ন পোছাক ভাণ্ডাৰ’, নগাঁৱত ‘প্ৰগতি আহাৰ্য’, কলিয়াবৰত ‘গোস্বামী পোছাক ভাণ্ডাৰ’ আদি প্ৰতিষ্ঠানসমূহে থলুৱা সামগ্ৰীৰে ভাওনাৰ সাজপাৰ তৈয়াৰ কৰি অঙ্কীয়া ভাওনাৰ আহাৰ্য পৰম্পৰা ৰক্ষা কৰাত মনোনিৱেশ কৰিছে।

অতীতত সূত্ৰধাৰে ভাৱৰীয়াৰ পাছে পাছে নাট লৈ ফুৰা দৃষ্টিকটু দৃশ্যৰ পৰিবৰ্তে বৰ্তমান সময়ত স্মাৰক বিহীন ভাওনা পৰিৱেশন ভাওনা সংস্কৃতিৰ এটা ইতিবাচক দিশ। নৱপ্ৰজন্মৰ এচাম যুৱকে অন্তঃকৰণেৰে নিজকে ভাওনা সংস্কৃতিৰ লগত সংপৃক্ত কৰিবলৈ আগবাঢ়ি অহাৰ বাবেই এই কাৰ্য সম্ভৱ হৈ উঠিছে। ভাওনা সংস্কৃতিৰ বাবে ই অতিকৈ শুভ লক্ষণ। সাম্প্ৰতিক সময়ত এচাম যুৱকে অঙ্কীয়া ভাওনা পৰিচালনাত মনোনিৱেশ কৰিছে। ইয়াত আমাৰ দ্বিমত একো নাই, মাথোঁ পৰামৰ্শ এয়ে যে অঙ্কীয়া ভাওনা পৰিচালনা সম্পৰ্কীয় সকলো অধ্যয়ন তেখেতসকললে কৰে যেন। ‘হ’ব আৰু চলি যাব’ মনোভাবেৰে নাট পৰিচালনা কৰিলে কেতিয়াও শুদ্ধ পৰিৱেশন ন’হব। পৰিচালকজন ভাওনা এখনৰ গায়ন-বায়নৰ পৰা কল্যাণ-খৰমানলৈকে সম্পূৰ্ণ নাটভাগিৰ সামগ্ৰিক উপস্থাপনৰ বাবে দায়বদ্ধ।

বৰ্তমান সময়ত অঙ্কীয়া নাটকেইভাগিৰ বিষয়ে আমি অধ্যয়ন কৰাটো অতি জৰুৰী হৈ পৰিছে। বিশেষকৈ পৰিচালকসকলে অঙ্কীয়া নাটৰ বৈশিষ্ট্যসমূহৰ লগতে অঙ্কীয়া ভাওনাৰ পৰম্পৰা ৰক্ষাত চৰিত্ৰসমূহৰ আহাৰ্যৰ বিষয়ে অধ্যয়ন কৰি সঠিক প্ৰয়োগ নকৰিলে ভাওনা সংস্কৃতিত বিসঙ্গতিয়ে দেখা দিব। সাংস্কৃতিক দিশটোত গুৰুত্ব নিদি কেৱল ধৰ্মীয় দিশটো আগত ৰাখি ভাওনা কৰিলে অঙ্কীয়া ভাওনাৰ পৰম্পৰা ৰক্ষা কৰাত অসুবিধা হোৱাটোৱেই স্বাভাৱিক। গতিকে মহাপুৰুষ দুজনাৰ ৰচিত অঙ্কীয়া নাটসমূহৰ বিষয়ে নজনাকৈ বা অধ্যয়ন নকৰাকৈ এই ভাওনা সাংস্কৃতিক পৰিশুদ্ধ ৰূপত আগুৱাই নিয়াটো সম্ভৱ নহয়। আমি আশা কৰিম যে অসমৰ বিদ্বৎমণ্ডলী একত্ৰ হৈ অঙ্কীয়া ভাওনাৰ পৰম্পৰা ৰক্ষাত আহাৰ্য বিষয়ত এক গভীৰ মননশীল আলোচনা তথা সিদ্ধান্তৰে অসমৰ এই আপুৰুগীয়া সাংস্কৃতিক সম্পদক প্ৰকৃত ৰক্ষণাবেক্ষণ দিব।

সহায়ক গ্ৰন্থ:
ক. ৰামচৰণ ঠাকুৰ বিৰচিত গুৰু চৰিত
খ. খোল অঙ্ক (প্ৰথম আৰু দ্বিতীয় খণ্ড), শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ
গ. বৈকুণ্ঠ দুতয় (স্মৃতিগ্ৰন্থ, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৮৫ সংখ্যক বাৰ্ষিক অধিৱেশন
ঘ. ভকতি ধাৰা (স্মৃতিগ্ৰন্থ, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন

অঙ্কীয়া ভাওনাৰ পৰম্পৰা ৰক্ষাত আহাৰ্য | সমীৰণ জ্যোতি হাজৰিকা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক