দৰঙী লোক-পৰিৱেশ্য কলা: খুলীয়া ভাউৰীয়া

দৰঙী লোক-পৰিৱেশ্য কলা: খুলীয়া ভাউৰীয়া
  • 30 Oct, 2021

বি ভিন্ন জনগোষ্ঠীৰ আবাসভূমি দৰং। ইতিহাসৰ পাতত বিচাৰিলে আমি¸ জানিব পাৰোঁ যে দৰং জিলাখন মঙ্গোলীয় জনগোষ্ঠী আৰু আৰ্যসকলৰ মাজত হোৱা সমন্বয়ৰ প্ৰক্ৰিয়াৰ ফলত এক স্বকীয় সংস্কৃতিৰ ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে।

প্ৰাচীন কামৰূপ ৰাজ্যৰ মধ্যভাগত অৱস্থিত এই ‘দৰঙ্গ দেশ’ সেই সময়ৰ স্বৰ্ণপীঠৰ অন্তভুৰ্ক্ত আছিল বুলি পণ্ডিতসকলে সহমতত উপনীত হৈছে। দৰং জিলাখন উত্তৰে কামেং সীমান্ত আৰু দক্ষিণৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত। ২৬.৪২০ আৰু ৯৩.৪০০ উত্তৰ অক্ষৰেখা আৰু ৯১.৪২০ আৰু ৯৩.৪৭০ পূব দ্ৰাঘিমাৰ মাজত অৱস্থিত ৩৩৬৬.৯ বৰ্গ মাইল মাটিকালিৰে দীঘলীয়া সমভূমি অঞ্চলটো ঊনবিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা দৰং নামে পৰিচিত আছিল (হৰগৌৰী সংবাদ)। ১৯৮৩ চনত অসম চৰকাৰে মঙলদৈ মহকুমাক দৰং জিলা আৰু তেজপুৰ মহকুমাক শোণিতপুৰ জিলা হিচাপে পুনৰ্গঠন কৰে। পৰৱৰ্তী সময়ত দৰং জিলাখনক দুখন জিলা— দৰং আৰু ওদালগুৰি হিচাপে পুনৰ্গঠন কৰা হয়।

শৈৱ, শাক্ত ধৰ্মৰ লগে লগে বিষ্ণু বা বাসুদেৱ পূজাৰ প্ৰচলন দৰঙৰ এটি অন্যতম বৈশিষ্ট্য। কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত দৰঙত সাহিত্য আৰু সংস্কৃতিয়ে এটি নতুন দিশৰ উন্মেষণ ঘটাইছিল। দৰঙী ৰজা বলিনাৰায়ণ ওৰফে ধৰ্মনাৰায়ণে প্ৰসিদ্ধ পণ্ডিতসকল, যেনে— ৰাম সৰস্বতী, দামোদৰ দ্বিজ, পীতাম্বৰ সিদ্ধান্ত বাগীশ, গোপীনাথ পাঠক প্ৰমুখ্যে কবিমণ্ডলীক নিজ ৰাজসভাত যথাযোগ্য স্থান দি ভাষা-সাহিত্য চৰ্চাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। যাৰ ফলত দৰঙী কলা-কৃষ্টিয়ে এক বিশেষ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছিল। দৰঙী ৰজাসকলৰ পৃষ্ঠপোষকতাতেই দৰঙৰ ঐতিহ্যমণ্ডিত পৰিৱেশ্য কলাই এটি গুৰুত্বপূৰ্ণ সন্মানীয় আসন লাভ কৰিবলৈ সক্ষম হৈছিল। আনকি ভূটান, তিব্বতৰ বৌদ্ধ বিহাৰত বিশেষভাৱে সমাদৃত তৌৰ্যতিক মুদ্ৰা সংগ্ৰহ কৰি ব্যাসৰ ওজাক প্ৰদানেৰে ৰাজকীয় সন্মান দি এই কলাটিত সুকীয়া মৰ্যাদা প্ৰদান কৰিছিল।

ওজাপালিৰ লগতে পুতলা নাচ, জালি পুতলা ভাউৰীয়া, বৰ ঢুলীয়া, চেপা ঢুলীয়া আদি পৰিৱেশ্য কলাই দৰঙৰ সাংস্কৃতিক ঐতিহ্য বহন কৰি আহিছে।

পটভূমি

দৰঙৰ এক বিশিষ্ট লোক নাট্যানুষ্ঠান খুলীয়া ভাউৰীয়াৰ উৎপত্তিৰ ক্ষেত্ৰত ওজাপালি, পুতলা নাচ, ঢুলীয়া আদি অনুষ্ঠানৰ অৰিহণা অনস্বীকাৰ্য। খুলীয়া ভাউৰীয়া দৰঙী সংস্কৃতিৰ অন্যতম লেখত ল’বলগীয়া পৰিৱেশ্য কলা। ‘খুলীয়া’ আৰু ‘ভাউৰীয়া’ শব্দ দুটাৰ সংযোগত ‘খুলীয়া ভাউৰীয়া’ শব্দযুগলৰ সৃষ্টি হৈছে। খুলীয়া শব্দটিৰ অৰ্থ হৈছে খোল বজাওঁতা অৰ্থাৎ খোলবাদক। ভাউৰীয়া পদটিৰ অৰ্থ হৈছে ভাও দিওঁতা। নাট্যৰ আৰম্ভণিৰ পৰা সামৰণিলৈ খোলৰ বাজানাৰ জৰিয়তে দৰ্শকক কাহিনীৰ অগ্ৰগতি, ঘটনাৰ অগ্ৰগতি আৰু সামৰণিৰ ইঙ্গিত জনাই আহে। ‘খোল’ৰ লগত ‘ঈয়া’ প্ৰত্যয় যোগ হৈ ‘খুলীয়া’ পদৰ সৃষ্টি হৈছে। তেনেদৰে ‘ভাও’ৰ পৰা ‘ভাৱৰীয়া’ আৰু ‘ভাউৰীয়া’ পদৰ সৃষ্টি হৈছে। দৰঙত ‘ভাওনা’ পদৰ পৰিৱৰ্তে ‘ভাউৰীয়া’ পদৰ ব্যৱহাৰ অধিক।

খুলীয়া ভাউৰীয়া দৰঙত প্ৰচলিত এক প্ৰকাৰৰ লোকনাট্য। খুলীয়া ভাউৰীয়াত অভিনয়, সংলাপ, গীত, নৃত্য আৰু কৌতুকৰ সমাহাৰ ঘটে। ‘অসমৰ লোকনাট্য’ গ্ৰন্থত ৰাম গোস্বামীদেৱে কৈছে– “খুলীয়া ভাওনা বুলি ক’লে দৰঙী সংস্কৃতিৰ একক প্ৰতিনিধিত্বমূলক লোকধৰ্মী অনুষ্ঠান।” ‘অসমৰ লোক-সংস্কৃতিৰ আভাস’ গ্ৰন্থত ড° নবীন চন্দ্ৰ শৰ্মাই খুলীয়া ভাউৰীয়াৰ উৎপত্তি সন্দৰ্ভত উল্লেখ কৰিছে যে শংকৰদেৱৰ অংকীয়া ভাওনাৰ প্ৰভাৱত খুলীয়া ভাউৰীয়াৰ জন্ম হোৱা নাই; বিয়াহৰ ওজাপালিৰ প্ৰভাৱতহে খুলীয়া ভাউৰীয়াৰ জন্ম। এই প্ৰসঙ্গত নৱকান্ত বৰুৱাদেৱৰ মন্তব্য এটি মন কৰিবলগীয়া। তেখেতৰ মতে শঙ্কৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ মাধ্যম হিচাপে ব্ৰজাৱলী ভাষা, অংকীয়া ভাওনা আদি গ্ৰহণ কৰিছিল। শঙ্কৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ সময়ত অসমৰ ধৰ্মীয় পটভূমি উৰ্বৰ আছিল। মাধৱ কন্দলিৰ দৰে কবিয়ে সাৱলীল ভাষাত ৰামায়ণ ৰচনা কৰিছিল। প্ৰাক্‌শঙ্কৰী যুগৰ কবিসকলৰ হাতত গঢ় লোৱা অসমীয়া ভাষাৰ কেইবাখনো গ্ৰন্থত সেই সময়ৰ সাংস্কৃতিক অনুষ্ঠান ওজাপালিৰ বিষয়ে পোৱা যায়। দৰঙত থকা মনসা গোৱা ওজাপালিও তেখেতৰ মতে শংকৰ-পূৰ্ব অনুষ্ঠান, ব্যাস গোৱা ওজাপালিৰ কথাই নাই।

উল্লেখিত বিচাৰ ধাৰা আৰু মন্তব্যই খুলীয়া ভাউৰীয়াৰ উৎপত্তি সন্দৰ্ভত প্ৰাকশঙ্কৰী যুগৰ কথাকে বুজায়। ইয়াৰ পৰিৱেশৰ অনুসংগৰ বিষয়ে আলোচনা কৰিলেও ইয়াৰ প্ৰমাণ পোৱা যায়। খুলীয়া ভাউৰীয়া পৰিৱেশন কৰা হয় দৰঙৰ প্ৰাচীনতম তথা জনপ্ৰিয় ধৰ্মীয় অনুষ্ঠান গোন্ধচৌপৰী (বাসুদেৱ পূজা)ত অথবা জীৱনবৃত্তৰ লগত জড়িত অনুষ্ঠানৰ অধিবাস অথবা ৰাজহুৱা উৎসৱত। বিষ্ণু ওৰফে বাসুদেউ (বাসুদেৱ) পূজাৰ অিধবাসৰ দিনা ওৰে ৰাতি গীত, নৃত্য, বাদ্য, অভিনয়ৰ সংযোগত বাসুদেৱক উপাসনা কৰা হয়। ড° মহেশ্বৰ নেওগদেৱে ‘সত্ৰীয়া নৃত্য আৰু সত্ৰীয়া নৃত্যৰ তাল’ গ্ৰন্থত বিয়াহৰ ওজাপালি নৃত্যৰ আলোচনা প্ৰসঙ্গত কৈছেঃ “সম্ভৱতঃ বিয়াহৰ ওজাপালি অনুষ্ঠানৰ লগত বাসুদেউ পূজাৰ তান্ত্ৰিক পদ্ধতিৰ কিবা সম্বন্ধও আছিল। এই বাসুদেৱক অষ্টভুজ সৰ্বশুক্লৰূপে মঙ্গলদৈ অঞ্চলত ধ্যান কৰা হয়। বাসুদেৱ পূজাৰ সময়তে আৰতিৰে আৰম্ভ কৰি ওজাপালিসকলৰ নৃত্য গীত হয়।” ‘অসমৰ বৈষ্ণৱ দৰ্শনৰ ৰূপৰেখা’ গ্ৰন্থত আচাৰ্য মনোৰঞ্জন শাস্ত্ৰীদেৱে বাসুদেৱ পূজাৰ বিধি প্ৰণেতা বেদাচাৰ্যৰ ‘স্মৃতি ৰত্নাকৰ’ গ্ৰন্থৰ উল্লেখ কৰি উক্ত গ্ৰন্থত বিষ্ণুক ‘গীতং- নৃত্যং-বাদ্যং সম্পূজয়েৎ’ বুলি কৈছে। এই গীত, নৃত্য বাদ্যৰ একত্ৰ সমাবেশ ঘটিছে ওজাপালি, খুলীয়া ভাউৰীয়া আদি অনুষ্ঠানত। কপিলা বাৎসায়নে ‘পৰম্পৰাগত ভাৰতীয় নাট্য’ নামৰ গ্ৰন্থত উল্লেখ কৰিছে – “বৈদিক পৰ্বৰ পিছত বেদান্ত দাৰ্শনিক আৰু বৌদ্ধিক কৰ্মকাণ্ডৰ ভিত্তিক– এই দুয়ো পৰম্পৰাই দুটা সমান্তৰাল ধাৰাৰ জন্ম দিয়ে; প্ৰাণ শক্তিৰ এক একীভূত বিমূৰ্তিকৰণ আৰু একে সময়তে কলাৰীতিৰ প্ৰতীকমূলক মূৰ্ত ৰূপ দান।” ইয়াৰ পৰা এই কথা প্ৰতীয়মান হৈছে যে বাসুদেউ পূজাৰ উৎপত্তিৰ সময়ৰে পৰা বিয়াহৰ ওজাপালিৰ উপৰিও খুলীয়া ভাউৰীয়া এই পৰম্পৰাৰ লগত জড়িত হৈ আছে।

সাধাৰণ বৈশিষ্ট্য

খুলীয়া ভাউৰীয়াৰ দল একোটিত এজন ওঝা বা ওজা থাকে। তেওঁ একেধাৰে মঞ্চ নিৰ্দেশক, পৰিচালক আৰু অন্যতম গায়ক। বিয়াহৰ ওজাপালিৰ ওঝা বা ওজা আৰু অংকীয়া ভাওনাৰ সূত্ৰধাৰৰ লগত খুলীয়া ভাউৰীয়াৰ ওজা বা ওজাৰ সাদৃশ্য চকুত লগা। ওজাৰ সহায়ক ৰূপে চাৰি-পাঁচজন পালি থাকে। পালিসকলে ওজাই লগাই দিয়া গীত-পদ দোহাৰে। চাৰিয ছয়জন খুলীয়া বা খোল বাদকৰ স্থানো খুলীয়া ভাউৰীয়াত লক্ষ্য কৰা যায়। ওজা আৰু পালিৰ লগে লগে খুলীয়াই নৃত্যসহ খোল বজায়। দুই-তিনিজন তালুৱৈ বা তাল বাদক থাকে। তেওঁলোকে খোলৰ ছেৱৰ লগত সংগতি ৰাখি তাল বজায়। ইয়াৰ বাহিৰেও একোটি দলত বিশ-পঁচিশজন ভাৱৰীয়া থাকে।

খুলীয়া ভাউৰীয়াৰ উপভোগ্যতা নিৰ্ভৰ কৰে বহু সময়ত বহুৱা বা কৌতুক অভিনেতাৰ ওপৰত। ‘অসমীয়া নাট্য সাহিত্যৰ জিলিঙণি’ত উল্লেখ কৰা মতে ভাউৰীয়া শব্দটিৰ মুখ্য অৰ্থ ভাও লোৱা মানুহ, গৌণ অৰ্থ ‘বহুৱা’ অৰ্থাৎ কৌতুক প্ৰদৰ্শন কৰা মানুহ। বহুৱা মূল নাটকৰ লগত জড়িত নহয় যদিও কোনো কোনো নাটৰ মূল কাহিনীৰ অংশ হৈ পৰে। ইয়াৰ উপৰিও সামাজিক সমস্যা, সামাজিক বিসংগতি, সামাজিক আচৰণৰ বিৰুদ্ধাচৰণ কৰা লোকৰ কাৰ্য আদিৰ কৌতুকপূৰ্ণ অভিনয় কৰে। বহুৱাৰ মূল কাৰ্য দৰ্শকৰ মাজত হাস্যৰসৰ সৃষ্টি কৰা।

খুলীয়া ভাউৰীয়াৰ কাহিনীভাগ মূলতঃ ৰামায়ণ, মহাভাৰত, পুৰাণ, উপ-পুৰাণ আদিৰ পৰা গ্ৰহণ কৰা হয়। তদুপৰি সামাজিক আৰু ঐতিহাসিক কাহিনীৰ নাট্যৰূপো প্ৰদৰ্শন কৰা হয়।

খুলীয়া ভাউৰীয়াৰ সাজ-সজ্জা

খুলীয়া ভাউৰীয়াৰ সাজ-পোছাক ব্যাস গোৱা ওজাপালিৰ ওঝাৰ বা ওজাৰ সাজপাৰৰ দৰে, মাথোনমূৰত পিন্ধে বাঁহৰ দৈৰে সজা নৌকাকৃতিৰ টুপি। টুপিত ৰং-বিৰঙৰ কাপোৰ, মণি-মালা মেৰিয়াই লোৱা হয়। ৰং হিচাপে প্ৰাকৃতিক বস্তু, যেনেঃ পূৰৈশাকৰ গুটি, পিঠাগুৰি, ছাই আদি ব্যৱহাৰ কৰা হয়। চৰিত্ৰ অনুযায়ী মুখাৰো ব্যৱহাৰ কৰা হয়। সহ অভিনয়ৰ স্থান এইবিধ নাট্যানুষ্ঠানত নাই। পদ পৰিচালনাৰ সময়ত ওজাজনৰ এখন হাতত ছোঁৱৰ আৰু আনখন হাতত এখন ৰুমাল থাকে। খুলীয়া আৰু তালুৱৈসকলৰ পিন্ধনত ধুতি আৰু কামিজ, মূৰত বিশেষ ধৰণৰ পাগুৰি, কঁপালত থাকে ফোঁট। ভাউৰীয়াসকলে বিশেষ ধৰণৰ সাজ-পাৰ পৰিধান কৰে।

ভাউৰীয়া পৰিৱেশনৰ সময়

দৰঙীয়া উপভাষাত ভাউৰীয়া পৰিৱেশন কৰা কাৰ্যক ‘ভাউৰীয়া উঠা’ বুলি কোৱা হয়। এইবিধ কলা ৰাতি দহমান বজাৰ পৰা ৰাতিপুৱালৈ পৰিৱেশন কৰা হয়। ৰাতিৰ ভিতৰতে কোনো নাটৰ সামৰণি পৰিলে আন নাট প্ৰদৰ্শন কৰিবলগীয়া হয়। কোনো কোনো ঠাইত দিনৰ ভাগতো ভাউৰীয়া উঠা দেখা যায়।

ভাউৰীয়াৰ থলী

আহল-বহল মুকলি ঠাই নাইবা গোসাঁই ঘৰৰ সন্মুখত ভাউৰীয়া উঠা ঠাই নিৰ্ধাৰণ কৰা হয়। ভাউৰীয়া উঠা ঠাইক আচাৰ খোলা বা খলা বোলা হয়। আচাৰ খোলাত কাছৰ পিঠিৰ আকৃতিৰ এখন ৰভা দিয়া হয়। ৰভাখন পূবা-পশ্চিমাকৈ সজা হয়। ৰভাৰ দক্ষিণ-পশ্চিম কোণত ছোঁ ঘৰ (চোং ঘৰ) থাকে। ৰভাখনৰ মাজ অংশ অভিনয়ৰ স্থান হিচাপে নিৰ্ণয় কৰা হয়। তাৰ দুয়োফালে অভিনেতাসকল ওলোৱা-সোমোৱা কৰিবলৈ বাট ৰখা হয়।

অভিনয়ৰ বাবে নিৰ্দিষ্ট কৰি ৰখা ঠাইৰ দক্ষিণ-পূব কোণত আঠিয়া কলৰ গুৰিডোখৰ ওপৰমুৱাকৈ নাভিৰ সমান ওখকৈ পুতি ভোটা (ডাঙৰ চাকি) জ্বলাবলৈ ৰখা হয়। ভোটাৰ বাবে ৰখা কলগছজোপাৰ চাৰিওফালে বাঁহৰ দৈৰে বেঢ়ি দিয়া হয়। ভাউৰীয়া আৰম্ভ হোৱাৰ আগে আগে বাসুদেউ পূজাৰ মন্ত্ৰ মাতি ভোটা জলোৱা হয়। ভোটাক ‘বৰ প্ৰদীপ’ বুলিও কোৱা হয়।

পোহৰৰ ব্যৱস্থা

খলাখন পোহৰাই ৰাখিবৰ বাবে আৰিয়া ব্যৱহাৰ কৰা হয়। বৰপ্ৰদীপৰ সংখ্যা পৰিৱেশ সাপেক্ষে বঢ়োৱা হয়। আৰিয়া হ’ল কেঁচা বাহৰ চুঙাত কেৰাচিন ভৰাই তাত মৰাপাটৰ দীঘল শলিতাদি জ্বলোৱাৰ ব্যৱস্থা। খুলিয়া ভাউৰীয়াৰ আন আন চৰিত্ৰৰ লগতে ‘আৰিয়া ধৰা’ এটা মুখ্য চৰিত্ৰ। তেওঁৰ কাম হ’ল মঞ্চত আৰিয়া ধৰি অভিনেতাসকলৰ মুখবোৰ দৰ্শকে দেখাকৈ পোহৰাই ৰখা। আৰিয়া ধৰাৰ সাজ-সজ্জা সাধাৰণ। সাধাৰণতে বগা ধুতি-চোলা তেওঁ পৰিধান কৰে।

দৰ্শকৰ আসন

খোলাৰ উত্তৰ-পূব কোণটো বিশেষভাৱে ৰখা হয় গোসাঁই আৰু পুৰোহিতৰ বাবে। খোলাৰ পূবফালে বয়সীয়ালসকলৰ, দক্ষিণ দিশত ডেকা আৰু কিশোৰসকলৰ আৰু উত্তৰ দিশত মহিলাসকলৰ বাবে আসন ৰখা হয়। সাধাৰণতে আসন হিচাপে ধান খেৰ ব্যৱহাৰ কৰা হয়।

পৰিৱেশন ৰীতি

‘খোল ঘাতা’ অৰ্থাৎ খোল বাদনৰ জৰিয়তে খুলীয়া ভাউৰীয়া অনুষ্ঠানৰ আৰম্ভ কৰা হয়। ইয়াৰ পাছতে সোঁহাতেৰে চোঁৱৰ নচুৱাই বিভিন্ন নৃত্যভঙ্গী প্ৰদৰ্শন কৰি ওজাই ৰংগমঞ্চত প্ৰৱেশ কৰে। তেওঁৰ প্ৰৱেশৰ আগমুহূৰ্তত খুলীয়া আৰু তালুৱৈৰ খোল আৰু তালৰ বাজানাৰে ওজাৰ প্ৰৱেশৰ সূচনা দিয়ে। কেইমুহূৰ্তমান সময় নৃত্যভংগী প্ৰদৰ্শন কৰাৰ অন্তত ওজাই বন্দনা গীত লগাই দিয়ে আৰু পালিসকলে সেই গীত দোহাৰে। উদাহৰণ স্বৰূপে—

দিহা: অ’ হৰি প্ৰভু বাসুদেউ নাৰায়ণ।
পদ: বন্দিম মই কৃষ্ণৰ চৰণে মনে ধৰোঁ।
প্ৰথমে বন্দো আমি মাৱ সৰস্বতী।।
তাৰ পিছে বন্দো আমি লক্ষ্মীপতি।
গণেশক বন্দো গৌৰীৰ চৰণ।
প্ৰণাম কৰোঁ শিৱ সনাতন।।

ওজাৰ পিছে পিছে এজন খুলীয়া আৰু এজন তালুৱৈয়ে খোল আৰু তাল সংগত কৰি নৃত্য কৰে। ইয়াৰ আগেয়ে দৰ্শক বা ভাউৰীয়া দলৰে এজনৰ প্ৰশ্নৰ উত্তৰ হিচাপে ৰভাৰ মালিতা, খোলৰ মালিতা আৰু তালৰ মালিতা গোৱা হয়।

চৰিত্ৰসমূহৰ আগে আগে আৰিয়া ধৰাই হাতত আৰিয়া লৈ চৰিত্ৰৰ লগে লগে বিভিন্ন নৃত্যভংগী দেখুৱাই মঞ্চত প্ৰৱেশ কৰে। চৰিত্ৰসমূহৰ বিভিন্ন প্ৰদৰ্শনৰ লগত সংগতি ৰাখি ওজা আৰু পালিয়ে গীত-পদ আবৃত্তি কৰে আৰু বাদ্য বাদকসকলে খোল আৰু তাল সংগত কৰে। এই গীত-পদ সমূহৰ উপৰিও অভিনয়ত সহায়ক হোৱাকৈ নেপথ্য কণ্ঠত মাজে-সময়ে ‘আকাশ বাণী’ৰ প্ৰয়োগ হয়। ‘আকাশ বাণী’য়ে প্ৰতিপাদ্য বিষয়ৰ আঁত উলিয়াই নতুন নাটকীয় সংঘাতৰ মুখামুখি হোৱাত বিশেষভাৱে সহায় কৰে।

❧ | আৰু পঢ়ক: খটৰা সত্ৰৰ ঐতিহ্য আৰু পৰম্পৰা

এটা সময়ত খুলীয়া ভাউৰীয়াৰ নাটকসমূহ মৌখিকভাৱে প্ৰচলিত আছিল। পৰৱৰ্তী সময়ত ই লিখিত ৰূপ পালে। দৰঙৰ প্ৰায় প্ৰতিখন গাঁৱতে একোটাকৈ ভাউৰীয়াৰ দল আছিল। বৰ্তমান জনমাধ্যমসমূহে আধুনিক মনৰ মানুহক সহজে মনোৰঞ্জন দিব পৰা হোৱা হেতুকে এই নাট্য দলসমূহৰ সমাদৰ কমি আহিছে। এই লোক নাট্যসমূহে গাঁওসমূহৰ নিজা সাংস্কৃতিক পৰিচয় দাঙি ধৰাৰ উপৰিও গাঁৱৰ মাজত পৰস্পৰৰ ঐক্য, সংহতি বজাই ৰাখি জনসাধাৰণৰ মাজত আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰাত অৰিহণা যোগাইছিল। বৰ্তমান সময়ত বিদ্বৎ সমাজে এনে ধৰণৰ কলাৰ পতি আগ্ৰহান্বিত হৈ বিদ্যায়তনিক চিন্তা-চৰ্চা কৰিবলৈ লৈছে। এয়া শুভ লক্ষণ।

সহায়ক গ্ৰন্থ:
১। অসমৰ লোক সংস্কৃতিৰ আভাস, ড° নবীন চন্দ্ৰ শৰ্মা
২। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ লোকসংস্কৃতি, ড° নবীন চন্দ্ৰ শৰ্মা
৩। অসমৰ লোকনাট: খুলীয়া ভাউৰীয়া, ড° বিজয় কুমাৰ শৰ্মা
৪। অসমৰ লোকনাট্য আৰু দৰঙৰ খুলীয়া ভাউৰীয়া, ড° পৰমানন্দ ৰাজবংশী (সম্পা), দৰং জিলা সাহিত্য সভা

ফিচাৰড ইমেজ: মঙলদৈৰ গধীয়াপাৰাত অনুষ্ঠিত খুলীয়া ভাউৰীয়াৰ দৃশ্য, ছবি সৌজন্য: ইউটিউব/Culture of অসম

Follow Nilacharai on Facebook
দৰঙী লোক-পৰিৱেশ্য কলা: খুলীয়া ভাউৰীয়া | ড° মোহিনী গোস্বামী

Follow Nilacharai on Facebook